সংখ্যাটোৰ আঁৰত

‘সাহিত্য ডট্ অৰ্গ’ৰ দৰে এখন মানবিশিষ্ট আলোচনীৰ মে’, ২০১৭ সংখ্যাটোৰ সম্পাদকৰ দায়িত্ব মোৰ ওপৰত ন্যস্ত হোৱাৰে পৰা এই আলোচনীখনৰ সম্পাদনাৰ কালছোৱাত ‘সাহিত্য ডট্ অৰ্গ’ৰ সদাশয় পঢ়ুৱৈবৰ্গ তথা ‘অসমীয়াত কথা বতৰা গোট’ৰ শ্ৰদ্ধাৰ সদস্যসকলৰ আশীষ তথা সহায় সহযোগিতা লাভ কৰিছো৷

এই সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত মোক বিভিন্ন সময়ত বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা সৰ্বশ্ৰী ৰূপাংকৰ চৌধুৰী, মৃদুল কুমাৰ শৰ্মা, ভাস্কৰজ্যোতি দাস, দীপজ্যোতি বৰা, মিতালী বৰ্মন, মৌচুমী বৰি, ধ্ৰুৱজ্যোতি শৰ্মা, গীতাৰ্থ বৰদলৈ, অমিতাভ মহন্ত, উৎপলা কৌৰ, প্ৰাণজ্যোতি নাথ, প্ৰিয়ংকা দাস আৰু অঞ্জল বৰাক আন্তৰিক ধন্যবাদ জনালো৷

এই সংখ্যাটিৰ বাবে অসমৰ যশস্বী লেখক তথা জ্যেষ্ঠ সাংবাদিক শান্তনু কৌশিক বৰুৱাদেৱে আগবঢ়োৱা বিষয়ভিত্তিক সমল আৰু দিহা পৰামৰ্শই মোক বিশেষভাৱে কৃতাৰ্থ কৰিলে৷ তেখেতলৈ এই চেগতে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷

ইয়াৰ বাহিৰে মোৰ প্ৰতিজন শুভাকাংক্ষী, ‘অসমীয়াত কথা বতৰা’ গোটৰ সমূহ সদস্যবৃন্দ তথা ‘সাহিত্য ডট্ অৰ্গ’ৰ শ্ৰদ্ধাৰ পঢ়ুৱৈসকলক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালো৷

ধন্যবাদেৰে,

জ্যোতিৰূপম দত্ত
সম্পাদক, সাহিত্য ডট অৰ্গ
মে’,২০১৭

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!