সকলো স্তৰৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰবল যুদ্ধ ঘোষণা কৰাৰ সময় সমাগত -পংকজ বৰা

অসম লোকসেৱা আয়োগৰ লজ্জাজনক নিয়োগ কেলেংকাৰীৰ বিৰুদ্ধে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে গ্ৰহণ কৰা সাহসী পদক্ষেপত সন্তোষ পাইছো, আৰু অভিনন্দন জনাইছো৷ পিছে অসমৰ চুকে কোণে বহু চৰকাৰী কাৰ্য্যালয়ত বিষয়া কৰ্মচাৰীয়ে এতিয়াও অবাধে দুৰ্নীতি চলাই গৈছে৷ বহুতেই ভুক্তভোগী৷ পিছে অজানিত ভয়ৰ বাবেই হওক বা অজ্ঞতাৰ বাবেই হওক কোনেও মাত নেমাতে৷ সকলো আতিশয্য নিৰৱে সহ্য কৰে৷ বহুতেই আকৌ বেলেগৰ যি হয় হওক, নিজৰ কামফেৰা সমাধা হ’লেই হয় বুলি প্ৰয়োজন সাপেক্ষে নিজেই দুই এপইচা দি দুৰ্নীতিক আওপকীয়াকৈ সাৰ-পানী যোগায়৷
আধুনিক প্ৰযুক্তি যেনে স্মাৰ্ট ফোন, ইণ্টাৰনেট, ছ’ছিয়েল মিডিয়া আৰু তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত সৰু বৰ এই সকলোবোৰ দুৰ্নীতিৰ বিৰুদ্ধে অসম জুৰি এক সংগঠিত যুদ্ধৰ প্ৰয়োজন হৈছে৷ আপুনি বা মই যদি আজি ভুক্তভোগী হোৱা নাই বুলি হাত সাৱতি বহি থাকো, কাইলৈ ভুক্তভোগী হ’লে আমাৰ হৈ মাত মাতিবলৈও কোনো নোলাব৷
সেয়ে অসমৰ চুকে কোণে এনে দুৰ্নীতিৰ বলি হৈ জীয়াতু ভোগা সাধাৰণ ৰাইজ, চৰকাৰী কৰ্মচাৰী, তথা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক সকলক শিক্ষিত সকলে, ছাত্ৰ-ছাত্ৰী সকলে সহায় কৰিব পাৰে৷ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ কুকৰ্মৰ ভিডিঅ’, অডিঅ’, বা আন তথ্য ছ’ছিয়েল মিডিয়া যোগে ৰাজহুৱা কৰিব পাৰি৷ সকলোৱে একেলগ হৈ আগবাঢ়ি আহিলে সকলো সকলো স্তৰৰ দুৰ্নীতিৰ বিৰুদ্ধে এক প্ৰবল যুদ্ধ ঘোষণা কৰিব পাৰি৷ সাপৰ যিদৰে কোনো সৰু বৰ নাই, দুৰ্নীতিৰ কোনো সৰু বৰ নাই৷ অসম লোকসেৱা আয়োগৰ নিয়োগ কেলেংকাৰীও যিদৰে শাস্তিৰ যোগ্য, কোষাগাৰ অফিচত পেন্সনাৰ এজনৰ ফাইলটো অবাবত ৰাখি থৈ ১০/২০ টকাৰ কাৰণে হাৰাশাস্তি কৰা কৰ্মচাৰী জনো সমানেই শাস্তিৰ যোগ্য৷
কেনেকৈ কৰিব পাৰি তাৰ এক উদাহৰণঃ-
“আপোনাক বা বা আপুনি জনা কাৰোবাক কোনো চৰকাৰী অফিচত কিবা কামৰ বাবে হাৰাশাস্তি কৰি আছে৷ আপুনি অফিচত সোমাওঁতেই নিজৰ স্মাৰ্ট ফোনটোৰ ভিডিঅ’ ৰেকৰ্দিং অন কৰি হাতত বা চোলাৰ জেপত লৈ লওক৷ নতুবা ফোন যোগে কথা বতৰা হ’লে ফোনৰ ৰেকৰ্দিং বিকল্পটো অন কৰি কথোপকথন ৰেকৰ্দ কৰক৷ সকলো তথ্য প্ৰমাণ ৰেকৰ্দ কৰি কৰি ছ’ছিয়েল মিডিয়াত আপল’দ কৰক৷ তাৰ পিচত ssam.MyGov.in বা দুৰ্নীতি নিবাৰণ শাখালৈ ইণ্টাৰনেটৰ যোগেদি তাৰ লিংক পঠাওক৷“ এই পদ্ধতি মই ব্যক্তিগত ভাৱে বহুবাৰ ব্যৱহাৰ কৰিছোঁ আৰু আন বহুতেই কৰিছে৷
নিজৰ বাবে যিদৰে কৰিব, ওচৰৰ নজনা জনৰ বাবেও আপুনি সহায় কৰক৷ দুৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় দিয়ক৷ যদি প্ৰয়োজন হয়, ইয়াৰ বাবে এক পৃঠক মঞ্চ গঠন কৰিব পাৰি৷ মুঠৰ ওপৰত দুৰ্নীতিক প্ৰশ্ৰয় নিদি সকলো স্তৰৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰবল যুদ্ধ ঘোষণা কৰাৰ সময় সমাগত৷ ৰাইজে মতামত আগবঢ়ালে ভাল পাম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!