সপোনৰ ৰাজকুমাৰ (কাটুৰ হাতত): মৌচুমী বৰি

মাথোঁ এটি পদশব্দৰ বাবে
কাণ উনাই ৰৈছিলোঁ প্ৰতিপল ৷
কোঠাৰ খিৰিকি খুলি ভাবি ৰৈছিলোঁ
জোনাক সিঁচা বাটেৰে সপোনৰ ৰাজকুমাৰ আহিব
সোণৰ কাঠিৰে,ৰূপৰ কাঠিৰে মোক জগাব
ৰজনীগন্ধাৰ সুবাসেৰে উন্মনা হ’ব হৃদয়।
 
শুকুলা ঘোঁৰাত উঠি খট খট খট খট……..
মোৰ সপোনৰ ৰাজকুমাৰ আহিব !
 
(ৰাজকুমাৰৰ সপোন দেখা দিনবোৰত লিখা কবিতা)
 

One thought on “সপোনৰ ৰাজকুমাৰ (কাটুৰ হাতত): মৌচুমী বৰি

  • July 20, 2013 at 12:05 am
    Permalink

    বেচ ৰমান্তিক কবিতা ।ভাল লাগিছে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!