সপোন -(ইন্দ্রানী বুঢ়াগোঁহাই)

সপোন

-ইন্দ্রানী বুঢ়াগোঁহাই

সপোন দেখাৰ অধিকাৰ সকলোৰে আছে ৷ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ সপোনবোৰো বাঢ়ি আহে ৷ আমি ডাঙৰ ডাঙৰ সপোন দেখিবলৈ লওঁ ৷ ই জানো অপৰাধ হ’ব পাৰে?

এতিয়া মোৰ কথাকে ধৰক, পঞ্চম-ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে সপোন দেখিছিলোঁ ফেশ্যন ডিজাইনাৰ হ’ম ৷ উস্! কি ডেডিকেশ্যন ৷ ক্লাছৰ বহীৰ শেষ পৃষ্ঠাবোৰ ভৰি পৰিছিল বিভিন্ন কাপোৰৰ ডিজাইনেৰে ৷

বয়স বাঢ়িল ৷ অষ্টম-নৱম শ্ৰেণীত পঢ়ি থাকোঁতে ভাবিলোঁ মই ষ্টাৰ নিউজত ক্ৰাইম ৰিপ’ৰ্টাৰ হ’ম ৷ দীপক চৌৰাছিয়াৰ ভক্ত হৈ পৰিছিলোঁ ৷

উচ্চতৰ মাধ্যমিক শ্ৰেণীত থাকোঁতে এটা নতুন সপোনে পোখা মেলিলে ৷ ইংৰাজীত এম এ কৰি মই পি এইচ ডি কৰিম ৷ মানুহে হাঁহিব বুলি সপোনটোৰ বিষয়ে কাকো নক’লোঁ ৷ আৰু স্নাতকত যেনেতেনে এণ্ট্ৰেন্স ক্লিয়েৰ কৰি ইংৰাজী সাহিত্যৰ ছাত্ৰী হ’লোঁ ৷ প্ৰভু অ’!! পানী খাই গ’লোঁ ৷

এই সুযোগতে পুৰণা সপোন এটাই এইবাৰ অলপ নতুন ৰূপত সাৰ পাই উঠিল ৷ মই বাতৰিকাকত নাইবা আলোচনীত কাম কৰিম! কৰিমেই!! সেয়ে স্নাতকোত্তৰত গৈ এইবাৰ সাংবাদিকতাৰ ছাত্ৰী হ’লোঁ ৷ এটা ভাল পাৰ্চেণ্টেজ লৈ বিশ্ববিদ্যালয়ৰ শিক্ষাও সামৰণি মাৰিলোঁ ৷

ওহোঁ!

চিধাচিধি সপোনটো পূৰ নহয় হে নহয় ৷ টুকুৰা টুকুৰিকৈ সপোনটো পূৰ কৰাত ব্যস্ত হৈ থাকোঁতেই চিন্তিত সম্পৰ্কীয়সকলে উপদেশেৰে মোক বুৰাই পেলায় ৷ নেট দে, পি এইচ ডি এণ্ট্ৰেন্স দে, বেংকৰ পৰীক্ষা দে, ইউ পি এছ ছি দে, এ ছি এছ দে ৷

উফ্! কিদৰে এখেতসকলক বুজাওঁ মই? শৈশৱৰ সপোনটো জোৰা টাপলি মাৰি জীয়াই ৰখাতেই মোৰ সুখ ৷ আন কোনো কামে মোক ইয়াৰ সমান সুখ দিব নোৱাৰে ৷ আপোনালোকৰ মোৰ পৰা যি আশা আৰু তাৰ যি হেঁচা সি হে মোক ভাৰাক্ৰান্ত কৰে ৷ মোক সপোনটো জীয়াই ৰাখিবলৈ দিয়কচোন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!