সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান

 

৷৷ সপ্তম খণ্ড৷৷

৷৷ গজেন্দ্ৰ উপাখ্যান ৷৷

৷৷ প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম ৰাম ৰাম৷ হৰি ৰাম ৰাম৷৷৩৯৷৷

পদ৷৷

ৰাজাক সাদৰি মুনি বুলিলা বচন৷

শুনা পৰীক্ষিত কুৰুকুলেৰ নন্দন৷৷

পৰম মধুৰ মাধৱৰ গুণচয়৷

শুনা সাৱধানে হৌক পাপৰ প্ৰলয়৷৷৪৭৩৷৷

ক্ষীৰ সাগৰৰ মাজে ত্ৰিকূট পৰ্ব্বত৷

প্ৰকাশন্তে আছে তিনি লোকত বেকত৷৷

সুৱৰ্ণ ৰজত লোহা জ্বলৈ তিনি শৃঙ্গ৷

চক্ষুত চমক লাগৈ দেখিতে বিৰিঙ্গ৷৷৪৭৪৷৷

আনো যত শৃঙ্গ ৰত্নে কৰৈ তিৰিমিৰি৷

দশোদিশ প্ৰকাশিয়া শৌভৈ শুক্লগিৰি৷৷

অযুত যোজন জুৰি জ্বলৈ গিৰিবৰ৷

উছিত দেখিয় দশ হাজাৰ প্ৰহৰ৷৷৪৭৫৷৷

ক্ষীৰ সাগৰৰ ঢৌ চৌভিতি উথলে৷

পখালে পৰ্ব্বত সুশীতল দুগ্ধজলে৷৷

থানে থানে আছে ভূমি অনেক উদ্যান৷

ফুলে জকমক গন্ধে নাহিকে সমান৷৷৪৭৬৷৷

নদী নদ অশেষ বিশেষ সৰোবৰ৷

স্ফটিক নিৰ্ম্মল জল দেখি মনোহৰ৷৷

বিদ্যাধৰীসৱে তাতে নামি কৰৈ স্নান৷

পখালে শৰীৰ বৱৈ সুগন্ধিত ঘ্ৰাণ৷৷৪৭৭৷৷

পৰম আমোদ গন্ধ উথলে সদায়৷

দশোদিশ জুৰি তাৰ বায়ু বহি যায়৷৷

দেখি সুশোভন বৰুণৰ৫০ উপবনে৷

যাত নিতে ক্রীড়ে দেৱ দিৱ্য নাৰীগণে৷৷৪৭৮৷৷

শাল তাল তমাল মন্দাৰ পাৰিজাত৷

চম্পক অশোক আনো পুষ্প অসংখ্যাত৷৷

আম জাম লেবু জৰা জামীৰ খাজুৰি৷

বেল নাৰিকল তাল তাম্বূল পাকড়ি৷৷৪৭৯৷৷

অগৰু চন্দন পদ্ম সৰল সোণাৰু৷

আনো যত তৰুতৃণ সৱে কল্পতৰু৷৷

ছয় ঋতু এক কালে বসন্ত উদয়৷

ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয়৷৷৪৮০৷৷

বহয় মলয়া বায়ু আমোদিত মন৷

নৃত্য গীত কৰৈ তৈতে অপেস্বৰাগণ৷৷

হৰি গুণ গীত গাৱৈ গন্ধৰ্ব্ব কিন্নৰে৷

পাপ দূৰ হৌক হৰি বোলা নিৰন্তৰে৷৷৪৮১৷৷

 

৷৷ দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম দামোদৰ হৰে৷

সেৱকে কাতৰ কৰে৷৷৪০৷৷

পদ৷৷

বনৰ সিটো বিতোপন নাম৷

কহিতে যাহাৰ নাহি উপাম৷৷

তাহাৰ মাজে সৰোৱৰ এক৷

সাগৰ সঙ্কাশ দেখি প্ৰত্যেক৷৷৪৮২৷৷

সৱৰ্ণময় পদ্ম আছে জুড়ি৷

ভ্ৰমৰে মধু পিয়ৈ তাতে পৰি৷৷

ৰাজহংস আদি যতেক পক্ষী৷

পৰি পৰি থাকৈ নযায় উপেক্ষি৷৷৪৮৩৷৷

কুমুদ ইন্দু উতপল ফুল৷

ফুলি আছে গন্ধে নাহিকে তুল৷৷

চৌভিতি বেঢ়ি আছৈ তৰুবনে৫১৷

কহিবে নাম তাৰ কোনজনে৷৷৪৮৪৷৷

কদম্ব ৰঘু নাগেশ্বৰ গাছে৷

ফুলে ঝকমক বেঢ়িয়া আছে৷৷

মালতী মধাই জাঁই যূতি যত৷

পাৰিজাত মু্‌খ্য বৃক্ষ সমস্ত৷৷৪৮৫৷৷

বহৱৈ বসন্ত মলয়া বাৱ৷

কোকিলে তেজে সুললিত ৰাৱ৷৷

সেহি বনমাজে গজেন্দ্ৰ আছে৷

অনেক হস্তী ফুৰৈ আগে পাছে৷৷৪৮৬৷৷

যতেক বৃক্ষ বেত বাংশ খৰি৷

ফুৰন্তে ভাঙ্গি নেয় মড়মড়ি৷৷

যাৰ গন্ধ পাইলে সিংহো পলায়৷

যতেক পশু ডৰে জীৱ যায়৷৷৪৮৭৷৷

মদ জল ধাৰা বহিয়া যায়৷

ভ্ৰমৰে তাক সেৱৈ সৰ্ব্বদায়৷৷

চৰন্তে ফুৰন্তে ক্রীড়ন্তে যাই৷

ৰহিলা গজেন্দ্ৰ ভাগৰ পাই৷৷৪৮৮৷৷

দুগুণে পীড়িল ৰবি কিৰণে৷

লড়িল দুনাই জলপান মনে৷৷

পৰ্ব্বত কাম্পৈ গজেন্দ্ৰৰ ভিৰে৷

পদ্মগন্ধ পাইল জলৰ তীৰে৷৷৪৮৯৷৷

নামিল গৈয়া সৰোৱৰ মাজে৷

চৌভিতি হস্তীসমে গজৰাজে৷৷

পদ্মৰ ধূলায়ে সুগন্ধি জল৷

পিলেক তৃষ্ণায়ে হুয়া বিকল৷৷৪৯০৷৷

অগাধ জল আতিশয় জুৰ৷

গজেন্দ্ৰ পাৰৈ ঘনে ঘনে বুৰ৷৷

হস্তিনী সমে কৰৈ জলক্রীড়া৷

খণ্ডিল সমস্তে ৰৌদ্ৰৰ পীড়া৷৷৪৯১৷৷

হস্তী হস্তিনীক কৰাৱৈ স্নান৷

পিয়াৱৈ জল গৃহস্থৰ ঠান৷৷

দায়ায়ে পুত্ৰ ভাৰ্য্যা সমে ৰঙ্গে৷

গৰ্ব্বে জলক্রীড়া কৰৈ মাতঙ্গে৷৷৪৯২৷৷

বিষয় সুখত ভৈলেক ভোল৷

নেদেখে মৃত্যু আসি পাইলে কোল৷৷

জলত গজেন্দ্ৰে ক্রীড়ৈ উল্লাসে৷

দেখিল তাক পাছে মহাগ্ৰাসে৷৷৪৯৩৷৷

ক্রোধে ধায়া আসি দিলে কামোৰ৷

সিবেলা দুহানো ভৈল আজোৰ৷৷

গজেন্দ্ৰক গ্ৰাহে আজুৰি টানে৷

হস্তীয়ো গ্ৰাহক আজুৰি আনে৷৷৪৯৪৷৷

যতেক বল আছে মানে দিল৷

গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ মিলিল৷৷

দুইৰো অদভূত যুদ্ধ দেখিত৷

ত্ৰিদশ দেৱ ভৈলা ভয়ে ভীত৷৷৪৯৫৷৷

দেখন্তে আতিশয় অসদৃশ৷

যুজন্তে সহস্ৰ গৈল বৰিষ৷৷

জগতে আছে এক দৃষ্টি কৰি৷

শুনা সভাসদ ঘুৰিও হৰি৷৷৪৯৬৷৷

 

৷৷ তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ৷

কৃষ্ণৰ চৰণে বন্দী ৰৌক মোৰ মাথ৷৷৪১৷৷

পদ৷৷

শুক নিগদতি কথা শুনা নৃপবৰ৷

মিলিল অদ্ভূত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ৷৷

আকাশত দেৱগণে দেখন্ত বিস্ময়৷

গ্ৰাহ গজেন্দ্ৰৰ কাৰো নাহি ভঙ্গ জয়৷৷৪৯৭৷৷

কতো কালে গজেন্দ্ৰৰ বল ভৈল হানি৷

গ্ৰাহৰ বাঢ়িল বল পিয়া স্বাদ পানী৷৷

শ্ৰান্ত ভৈল গজৰাজ যুজিতে নপাৰে৷

চিহঁৰৈ হস্তিনীসৱে বেঢ়ি চাৰি পাৰে৷৷৪৯৮৷৷

আনো যত দন্তাল স্বামীৰ ঘোৰ দুঃখে৷

ৰাখিত নপাৰি কাৰো বাক্য নাসৈ মুখে৷৷

দেখিয়া গজেন্দ্ৰে আপুনাৰ মৃত্যু ভয়৷

ৰাখন্তা নাহিকে আৰ পুত্ৰ ভাৰ্য্যাচায়৷৷৪৯৯৷৷

সঙ্কট বেলাত তাৰ সদবুদ্ধি ভৈল৷

কি ভৈল কি ভৈল বুলি গুণিবাক লৈল৷৷

আমি হেন গজেন্দ্ৰ জগতে যাক কহে৷

মহাগৰ্বে ভ্ৰমন্তে পাইলেক জলগ্ৰাহে৷৷৫০০৷৷

সহস্ৰ বৎসৰ যিটো যুজো অপ্ৰয়াসে৷

জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশে৷৷

আমাক ৰাখিৱে আৱে কমন বান্ধৱ৷

অন্তকালে গতি মোৰ কেৱলে মাধৱ৷৷৫০১৷৷

মহাবলৱন্ত কাল ভূজঙ্গক ভয়ে৷

যাক সেৱা কৰন্ত সদায়ে যোগীচয়ে৷৷

পলায় জগতৰে মৃত্যু যি প্ৰভুক ডৰে৷

যাক ভয়ে চন্দ্ৰ-সূৰ্য্য পৱন সঞ্চৰে৷৷৫০২৷৷

হেন জগন্নাথ অনাথৰ ইষ্টদেৱ৷

হৰি বিনে আৱৰ তাৰন্তা নাহি কেৱ৷৷

এহি বুলি মৰণত নভৈল বিকল৷

শুণ্ডে মেহাই ধৰিলন্ত সুৱৰ্ণ কমল৷৷৫০৩৷৷

পৰম আনন্দে মাধৱত দিয়া চিত্ত৷

গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত৷৷

যাক শুনি তৰৈ সুখে ঘোৰ নৰকক৷

অন্তকালে পাই হেন মাধৱ বন্ধুক৷৷৫০৪৷৷

শুণ্ডে মেহাই পদ্মগোট উপৰক তুলি৷

গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি৷৷

শুনি শীঘ্ৰে চৰি হৰি গৰুড়ৰ স্কন্ধে৷

ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে৷৷৫০৫৷৷

গৰুড়ৰ নামি হৰি পৰম বিক্রমে৷

শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে৷৷

চক্র ধৰি তেখনে ছিৰিলা গ্ৰাহ মুখ৷

হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ৷৷৫০৬৷৷

হস্তী গুচি তৈতে চতুৰ্ভূজ ৰূপ ভৈলা৷

গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা৷

কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি৷

পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লড়ি৷৷৫০৭৷৷

কৃষ্ণ পৰশনে গ্ৰাহো শাপক নিস্তৰি৷

দিব্য ৰূপ ধৰিয়া স্বৰ্গক গৈলা লড়ি৷৷

শুনা কৃষ্ণ কথা জন্ম নকৰিও বৃথা৷

হৰিৰ চৰিত্ৰ আত নাহিকে অন্যথা৷৷৫০৮৷৷

দুৰ্ল্লভ মনুষ্য জন্ম পাইবা কত ভাগে৷

সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে৷৷

যত দেখা ধন জন সৱে বিষ্ণুমায়া৷

আকাশত সঞ্চৰে মেঘৰ যেন ছায়া৷৫০৯৷৷

কৃষ্ণ কথা শ্ৰৱণ কীৰ্ত্তনে ভৱ তৰি৷

হেন জানি সদায়ে ঘুষিয়ো হৰি হৰি৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্বলোক৷৷

বোলা হৰি হৰি সৱে পাতক চাড়োক৷৷৫১০৷৷

৷৷ গজেন্দ্ৰ উপাখ্যান সমাপ্ত৷৷৷৷

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!