সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য

৷৷সপ্তৱিংশ খণ্ড৷৷

৷৷ভাগৱত-তাৎপৰ্য্য৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷ কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত৷

নাম ধৰ্ম্ম কৰিলা বিদিত৷৷১৬৭৷৷

পদ৷৷ সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱ যত

হৰিনাম কৰিলা গুপুত৷

কিনো কৃপাময় হৰি নামক বেকত কৰি

কলি পাপ কৰিলা লুপুত৷৷

যিটো মহা ম্লেছজাতি সিয়ো শুদ্ধ হোৱৈ আতি

মুখে মাত্ৰ হৰিনাম লয়৷

কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া

ৰহিল সমস্ত ধৰ্ম্মচয়৷৷২০১৯৷৷

ইটো কলিকাল ঘোৰ পাপৰ নাহিকে ওৰ

আত হিত চিন্তিলা প্ৰজাৰ৷

জগতৰে পাপ হৰৈ স্মৰণে নিস্তাৰ কৰৈ

হেন নাম কৰিলা প্ৰচাৰ৷৷

দোষৰ সাগৰ কলি আত হৰিনাম লই

ধৰ্ম্ম অৰ্থ পাৱৈ মোক্ষ কাম৷

সমস্তকে দায়াতৰে আৱে দেৱ দামোদৰে

বিদিত কৰিলা হৰিনাম৷৷২০২০৷৷

মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপ তীৰ্থ কোটি শত

হৰিনাম অধিক সৱাতে৷

কিনো ভাগ্য কিনো ভাগ্য হেন হৰিনাম লাগ

পাইলা লোক মুখত সাক্ষাতে৷৷

যিটো নাম নেৰৈ মুখে পাইলে মোক্ষ মহাসুখে

জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ৷

গুৰু ভৈল জগতৰে কৰিলেক সিটো নৰে

কোটি কোটি পুৰুষ উদ্ধাৰ৷৷২০২১৷৷

পাতক শুখান বন হৰিনাম হুতাশন

ক্ষেণেকতে দহি কৰৈ ছন্ন৷

হেন নাম প্ৰচাৰিলা পাতকীক নিস্তাৰিলা

পৰম কৃপালু নাৰায়ণ৷৷

দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি

লৈয়ো এক শৰণ সাক্ষাত৷

যাৰ ইছা মোক্ষ পাইবে নলাগে দূৰক যাইবে

আছা হৰি সৱাৰো হিয়াত৷৷২০২২৷৷

কৃষ্ণৰ কিঙ্কৰে কহে হৰি নামে পাপ দহে

ৰামনাম সৱাতো অধিক৷

যিটো জনে নাম স্মৰৈ সকল পাতক হৰৈ

অনায়াসে পাৱৈ মুকুতিক৷৷

জগত নিস্তাৰ হেতু কৰিলা গৰুড়কেতু

ইবাৰ বিদিত হৰিনাম৷

আয়ু যায় আলেজালে কেতিক্ষণে ধৰে কালে

নিৰন্তৰে বোলা ৰাম ৰাম৷৷২০২৩৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

মাধৱ বান্ধৱ উদ্ধাৰা বাপ৷

কতনো সহিবো সংসাৰ তাপ৷৷১৬৮৷৷

পদ৷৷

বোলন্ত শুকে শুনা নৃপবৰ্য্য৷

বাঢ়য় স্কন্ধৰ যি তাতপৰ্য্য৷৷

কৃষ্ণ বিনে নাই অপৰ দেৱ৷

জানিয়া কৃষ্ণক কৰিয়ো সেৱ৷৷২০২৪৷৷

যাহাৰ আছে পুণ্য অসংখ্যাত৷

সিসে পাতে কাণ কৃষ্ণ কথাত৷৷

সেহিসে কৃষ্ণক বোলৈ আপোন৷

শুনিয়ো কৃষ্ণ দেৱতাৰ গুণ৷৷২০২৫৷৷

ভকতে যত লৱৈ গুণ নাম৷

তাহাৰ মালা গান্থি অনুপাম৷৷

পিন্ধন্ত কণ্ঠত কৰি উৎসৱ৷

হেনসে ভকত বন্ধু মাধৱ৷৷২০২৬৷৷

যি জনে যায় হৰিনাম সেৱি৷

পাছত ফুৰৈ যত দেৱ দেৱী৷৷

যতেক তীৰ্থে তাক তুতি কৰৈ৷

তাৰ বায়ু পাপ সমস্ত হৰৈ৷৷২০২৭৷৷

যিজনে ফুৰৈ নাম উচাৰি৷

তাৰ পাছে পাছে ভ্ৰমন্ত হৰি৷৷

বৎসক স্নেহে যেন ধেনু ধায়৷

ভজিয়ো জানি হেন হৰি পায়৷৷২০২৮৷৷

একজনে যদি নাম উচৰে৷

শুনে মানে পাপ সৱাৰো হৰে৷৷

হেনসে আশ্চৰ্য্য দেৱতা হৰি৷

যাহাৰ নাম লৈলে মাত্ৰ তৰি৷৷২০২৯৷৷

অনিছাতো যিটো বিষ্ণুক কহে৷

তাহাৰো সমস্ত পাতক দহে৷৷

প্ৰেমে ভজে যিটো কৃষ্ণৰ পাৱ৷

কহিবো তাহাৰ কত প্ৰভাৱ৷৷২০৩০৷৷

সংসাৰ গৰ্ত্তে পৰি আছৈ লোক৷

মোহত অন্ধ নেড়ায় দুঃখ শোক৷৷

কাল ভুজঙ্গে দংশি লৱৈ প্ৰাণ৷

কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ৷৷২০৩১৷৷

যতেক দেখা খোজ সমুদায়৷

হস্তীৰ খোজত সৱে লুকায়৷৷

এহিমতে যত বিশ্ব সমস্ত৷

কৃষ্ণতে জানা সৱে যায় অস্ত৷৷২০৩২৷৷

আতি পাতকীও কৰি হৰিষ৷

ধিৱাৱৈ কৃষ্ণক এক নিমেষ৷৷

ভৈল পুণ্যশালী সিয়ো বিচিত্ৰ৷

পৱিত্ৰকাৰীকো কৰে পৱিত্ৰ৷৷২০৩৩৷৷

সম্পদকো জানা নুহি সম্পদ৷

জানা আপদকো নুহি আপদ৷৷

পৰম সম্পদ হৰি ভকতি৷

আপদ জানা হৰি বিৰকতি৷৷২০৩৪৷৷

মহাপাপী আতি অধম জাতি৷

তাকো নামে কৰে পৱিত্ৰ আতি৷৷

হেনসে নাম ধৰ্ম্ম শিৰোমণি৷

পাপ অৰণ্যৰ যেন অগনি৷৷২০৩৫৷৷

কলিত পৰম উপায় নাম৷

একেদায়ে সিজৈ ত্ৰিতয় কাম৷৷

উপজৈ পুণ্য পাপ হোৱৈ দূৰ৷

মিলৈ মহামোক্ষ সুখ প্ৰচুৰ৷৷২০৩৬৷৷

কলিত লোকৰ মলিন মতি৷

নোপজয় আন পুণ্য সম্প্ৰতি৷৷

নামেসে মৰণ সম্বল কলিত৷

নামেসে পৰম ধৰ্ম বিত৷৷২০৩৭৷৷

হেনজানি তেজি বিষয় ধান্ধা৷

হৰিৰ নামক গলত বান্ধা৷৷

কতপুণ্যে পাই মনুষ্য তনু৷

ইহাক বিফল নকৰা পুনু৷৷২০৩৮৷৷

মোহ নিদ্ৰা এড়ি লোৱা চেতন৷

কৃষ্ণৰ সেৱাত কৰা যতন৷৷

সত্বৰে কৰা পৰলোক কাম৷

ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম৷৷২০৩৯৷৷

৷৷ভাগৱত-তাৎপৰ্য্য সমাপ্ত৷৷২৭৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!