সমন্বয়ৰ গান – চাও নাম টি লাও

তুমি টাই হোৱা বা
কাৰবি হোৱা_
বড়ো হোৱা বা
মিচিং হোৱা_!
সোঁৱৰাই দিছোঁ এটি কথা
ময়ো জানো তুমিও জানা!
আমি অসমীয়া লুইতপৰীয়া
পাহৰি নাযাবা__
খিলঞ্জীয়া আমি শৰাইঘটীয়া
আমি আমাৰ পৰিচয়!
তুমি টাই____
হিড়িম্বাপুৰৰ কছাৰী ৰাজ
তুমি ডিমাচা_
কুণ্ডিল নগৰৰ বিদৰ্ভ ৰাজ
তুমি চুটীয়া__
নহয় জানো অসমীয়া
নহয় জানো খিলঞ্জীয়া__
নিজক এবাৰ সুধি কোৱা!
তুমি টাই____
মৰাণ, মটক, চিংফৌ, দেউৰী
হাজং, ৰাভা, লালুং, ভূঞা
গোঁসাই, ব্ৰাহ্মণ, কলিতা
একেডাল জৰীৰে নহয় জানো বন্ধা
গৰীয়া তুমি অসমীয়া
মৰিয়া তুমি অসমীয়া__
আহা সবে মিলি কৰোঁ এটি পণ
ৰাখিম জননীৰ মান!
তুমি টাই___
হীৰা শৰণীয়া খামতি, দুৱনীয়া
নদীয়াল কেওঁট তুমিয়েই কৈৱৰ্ত
কোঁচ-ৰাজবংশী __
চিলাৰায়ৰ বংশধৰ তুমি
ইতিহাসে আজিও কয় চিঞৰি
পশ্চিম অসমৰ প্ৰহৰী তুমি
নহয় জানো অসমীয়া
নহয় জানো খিলঞ্জীয়া
নিজক এবাৰ সুধি কোৱা!
তুমি টাই—–

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!