সমালোচক- গৌতম ডেকা

ডেভিদৰ ভাস্কৰ্যটো সাজি উঠি মাইকেল এঞ্জেলোৱে সেই সময়ৰ বিখ্যাত সমালোচক এজনক নিমন্ত্ৰণ জনালে। উদ্দেশ্য আছিল- সমালোচনাৰ দ্বাৰা প্ৰচাৰ কৰা৷
যথাসময়ত সমালোচক ডাঙৰীয়া আহি পাই ভাস্কৰ্যটো নিৰীক্ষণ কৰিবলৈ ধৰিলে। অলপ পৰ পাছত তেৰাই গুৰুগম্ভীৰ কণ্ঠৰে মন্তব্য দাঙি ধৰিলে যে মূৰ্তিটোৰ নাকটো হেনো অলপ ডাঙৰ হৈ আছে।
মাইকেলেও বিলম্ব নকৰি হাতুৰী-বটালি লগত লৈ জখলা ডালেৰে বগাই মূৰ্তিটোৰ ওচৰ পালে আৰু এনেয়ে ঠুং-ঠাংকৈ কোবাই মনে মনে লৈ যোৱা চিমেণ্ট-বালি অলপ অলপকৈ পেলাবলৈ ধৰিলে। কিছু সময় পিছত নামি আহি সমালোচকক ভাল হৈছেনে সুধিলে।
সমালোচকৰ মুখত সন্তোষৰ হাঁ‌হি ফুটি উঠিল। ইফালে সমালোচকে নেদেখাকৈ মাইকেল এঞ্জেলোৱে বক্ৰ হাঁ‌হি এটা মাৰিলে।
*****************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!