সম্পাদকলৈ চিঠি (ইন্দ্ৰনীল গায়ন)

কাব্য আৰু কথা শিল্পৰ সাধক নৱকান্ত বৰুৱা দেৱৰ জন্মদিন (২৯ ডিচেম্বৰ) উপলক্ষে উদ্‌যাপিত কবিতাৰ দিনৰ শ্ৰদ্ধাৰ্ঘ্য যাঁচি ইন্দ্ৰনীল গায়নৰ সশ্ৰদ্ধ নিবেদন—

 

সম্পাদকলৈ চিঠি

ইন্দ্ৰনীল গায়ন

প্ৰতি

মাননীয় সম্পাদক,

সাহিত্য ডট অৰ্গ

অসমীয়াত কথা-বতৰা

মাননীয় সম্পাদক,
আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা দেৱৰ ওপজা দিন| ওপজা দিনত আমি সকলোৱে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।

নৱকান্ত বৰুৱাদেৱ একেৰাহে কবি, ঔপন্যাসিক, শিশু সাহিত্যিক, গীতিকাৰ, চিত্ৰকৰ আৰু শিক্ষাবিদৰূপে জনাজাত। অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ বৰঙণিৰ বাবে জীৱিত কালতে তেওঁ আমাৰ সাহিত্যত প্ৰবাদ পুৰুষ আখ্যায়িত হৈছে।

কবিৰূপে নৱকান্ত বৰুৱা অসমীয়া সাহিত্যত অধিক প্ৰসিদ্ধ। তেওঁ অসমীয়া সাহিত্যলৈ কেইবাখনো মূল্যৱান কবিতাৰ পুথি আগবঢ়াইছে। সেই কবিতা পুথিসমূহৰ ভিতৰত ‘হে অৰণ্য, হে মহানগৰ (১৯৫১)’, ‘এটি দুটি এঘাৰটি তৰা (১৯৫৭)’, ‘যতি আৰু কেইটামান স্কেচ্ছ (১৯৬১)’, ‘সম্ৰাট (১৯৬২)’, ‘এখন স্বচ্ছ মুখাৰে’ আদি উল্লেখযোগ্য ।

নৱকান্ত বৰুৱাৰ এখন বিখ্যাত উপন্যাস আৰু লগতে মোৰ অতিকৈ প্ৰিয় গ্ৰন্থখন হৈছে “ককা দেউতাৰ হাড়” ( ১৯৭৩)। উপন্যাসখনৰ বাবে তেওঁ ১৯৭৫ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল | তাৰ উপৰিও তেওঁৰ আন কেইখনমান জনপ্ৰিয় আৰু বিশেষ ৰীতিৰ উপন্যাস হ’ল:- কপিলীপৰীয়া সাধু (১৯৫৪), মানুহ আটাইবোৰ দ্বীপ (১৯৮১) আৰু অ-পদাৰ্থ (১৯৮২) ।

সেইদৰে তেওঁ শিশু সাহিত্যলৈও যথেষ্ট অৱদান আগবঢ়াইছে | অসমীয়া শিশু সাহিত্যৰ ইতিহাসত তেখেতৰ এক বিশেষ স্থান আছে। তেওঁ শিশু উপযোগী উপন্যাস, শিশু উপযোগী গীতিনাট্য, কাহিনী আদিৰ লগতে শিশুসকলৰ বাবে শিশু আলোচনীও সম্পাদনা কৰিছিল । তাৰে ভিতৰত কেইখনমান হ’ল ‘শিয়ালী পালেগৈ ৰতনপুৰ’, ‘আখৰৰ জখলা’ আৰু শিশু উপযোগী গীতিনাট্য কেইখনমান হ’ল ‘মাখনৰ কুকুৰা পোৱালি’, ‘মই টুন টুনালো’, ‘গোলাপ’ আদি ।

অসমীয়া গীতি-সাহিত্যলৈও নৱকান্ত বৰুৱাৰ অৱদান প্ৰাতঃস্মৰণীয়। তেওঁ ৰচনা কৰা আৰু ড০ ভূপেন হাজৰিকা দেৱৰ সুধাকন্ঠৰে নিগৰা “নিয়ৰৰে ফুল…” গীতটি মোৰ অতিকৈ প্ৰিয়। মোৰ বোধেৰে তেওঁৰ অপূৰ্ব কথাৰে লিখা এই গীতটি সকলোৰেই ভাল লগা। তেওঁৰ ৰচিত গীতসমূহৰ কথাই আশাৰ, প্ৰেমৰ আৰু বিষাদৰ বাৰ্তা বহন কৰে ।

সাহিত্যকৃতিৰ বাবে ১৯৭৬ চনত নৱকান্ত বৰুৱাদেৱক ভাৰত চৰকাৰে পদ্মভূষণ উপাধিৰে সন্মানিত কৰে | লগতে তেওঁ অসম উপত্যকা বঁটা আৰু সম্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰা “গংগাধৰ বঁটা’ও লাভ কৰিছিল।

অসমীয়া সাহিত্যৰ ইতিহাসত নৱকান্ত বৰুৱাদেৱৰ সৃষ্টিৰাজি সদায়ে অমৰ হৈ থাকিব ।

আপোনালোকৰ কুশল কামনাৰে…

ইতি—

ইন্দ্ৰনীল গায়ন
নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!