সম্পাদকলৈ চিঠি: প্ৰাণজিৎ বৰুৱা

মাননীয় শিক্ষা মন্ত্ৰী মহোদয় ,
অসমৰ শিক্ষা ক্ষেত্ৰ বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্রত পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আৰু আমি দেখি অহা কিছু সমস্যা আৰু তাৰ সমাধান হিচাপে আমাৰ মত ব্যক্ত কৰিছো । আশা কৰোঁ আপুনি এবাৰ চকু ফুৰাই চাই বিহীত ব্যৱস্থা লব ।

চৰকাৰী বিদ্যালয়ৰ উত্তৰণ হব ,
আগতকৈ হৈছেও ,
আমি আশাবাদী ।

(১) মাত্ৰ কেইজনমান শিক্ষকৰ বাবে সকলো  শিক্ষকক নাকী লগোৱাৰ দৰে শব্দৰ ব্যৱহাৰ কৰিবলৈ নিদিব লাগিলে সংবাদ মাধ্যমেই কিয় নহওঁক ।

(২)
শিক্ষক সকলক অলপমান স্বাধীনতা দিয়ক , পাঠদানৰ পৰিৱেশ এটা দিয়ক অতিৰঞ্জিত দায়িত্ব বোৰ নিদিব ।

(৩)শিক্ষকৰ কাম কেৱল ছাত্ৰ ছাত্ৰীক মানুহ কৰোৱাতেই সীমাবদ্ধ ৰাখক অফিচ , বিল ,মধ্যাহ্ন ভোজন এইবোৰৰ বোজা মূৰত লৈ পঢ়োৱাটো টান ।

(৪) পাৰিলে ৰান্ধনী সমূহক কোনো ঠাইত একগোট কৰি কেইখনমান বিদ্যালয় একগোট কৰি মধ্যাহ্ন ভোজন তৈয়াৰ কৰি সেই খিনি বিতৰণৰ  দায়িত্ব বেলেগ অনুষ্ঠানক প্ৰদান কৰক ।

(৫) ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকৰ সুবিধাৰ প্ৰতিও অলপমান গুৰুত্ব দিয়ক জোৰ জবৰদস্তি কৰি আপুনি বিদ্যালয়ত উপস্থিত কৰাব পাৰিব কিন্তু তেওঁৰ পৰা ছাত্ৰী ছাত্ৰীক সেইখিনি দিয়াব নোৱাৰে যিখিনি তেওঁ নিজে সন্তুষ্ট হোৱাৰ পিচত দিব পাৰিব ।

(৬)ট্ৰেইনিং বোৰ যাতে ভেকো ভাওনা নহৈ ফলপ্ৰসু হয় তাৰ প্ৰতি ধ্যান দিয়ক । বিশেষকৈ বছৰত দুবাৰকৈ গণিত আৰু ইংৰাজীৰ ব্যৱহাৰিক পাঠদান সম্পৰ্কে  প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক অভিজ্ঞ শিক্ষকৰ দ্বাৰা ।

(৭)পাঠ্যক্ৰম বোৰ যাতে একঘেয়ামী হৈ নপৰে তাৰ দৃষ্টি ৰাখক ।

(৮) অনুত্তীৰ্ণ ব্যৱস্থাৰ সংশোধন কৰক ।

* (৯)গুৰুত্বপূৰ্ণ কথা শ্ৰেণী অনুযায়ী শিক্ষক নিযুক্তি দিয়ক অন্যথা বেচৰকাৰী আৰু চৰকাৰী মাধ্যমৰ মাজত তুলনা কৰি সময় কটাই  লাভ নাই । ৩০:১  অনুপাত  প্ৰথম কথা নহয় প্ৰথম কথা প্ৰতিটো শ্ৰেণীতে শিক্ষক থকাটো ।

*** (১০)এই সকলো কথা ফলবতী হব তেতিয়া যেতিয়া সমাজৰ সচেতন লোক সকল চৰকাৰী শিক্ষা ব্যৱস্থাৰ লগত পোনপটীয়াকৈ জৰিত হব । আৰু এই কাম তেতিয়াই হব যেতিয়াই সকলো চৰকাৰী কৰ্মচাৰীৰ সন্তান মন্ত্ৰী বিধায়কৰ পৰা পিয়ন চকীদাৰলৈকে চৰকাৰী বিদ্যালয়ত পঢ়াটো বাধ্যতামূলক হব ।

এই ব্যৱস্থাৰ প্ৰধান লাভ হব বিদ্যালয়ৰ আন্তঃ গাঠনিৰ পৰা গুণগত শিক্ষা প্ৰদান সকলো বিষয়তে এক নৱ জাগৰণ আহিব আৰু সেয়া আনিব স্বয়ং চৰকাৰী কৰ্মচাৰী সকলেই । ইয়াৰ দ্বাৰা শিক্ষাৰ ক্ষেত্রত ধনী দুখীয়া সকলো ভেদ ভাব নাইকীয়া হব । শিক্ষাৰ সম বিতৰণ আৰু উচ্চ মান বিশিষ্ট হব ।

দুজনতকৈ বেছি সন্তান জন্ম দিলে চৰকাৰী চাকৰি কৰিব নোৱাৰা নিয়ম বনাব পাৰিলে এই নিয়মো বনোৱাৰ সাহস  কৰিব লাগিব । তেহে কিবা এটা হব । এই নিয়মৰ বিৰোধিতা কৰা চৰকাৰী কৰ্মচাৰী সকল আপোনাৰ সন্তানক বেচৰকাৰী মাধ্যমত লাখ টকাত পঢ়োৱাতকৈ সেই টকা বচাই আপোনাৰ সচেতনতাৰে লাখ লাখ শিক্ষাৰ্থীৰ জীৱন পোহৰাওক । শিক্ষাক বেপাৰ হোৱাৰ পৰা ৰক্ষা কৰক ।

কথাখিনিত গুৰুত্ব দিলে আমি সুখী হম । আপোনাৰ পৰা এটা দৃঢ় পদক্ষেপ কামনা কৰিলোঁ ।

ধন্যবাদেৰে

প্ৰাণজিৎ বৰুৱা
(সহ: শিক্ষক )
উত্তৰ লখিমপুৰ
অসম ।
EMAIL :- [email protected]
ফোন :৯৭০৬১২৯৩৬৯

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!