সম্পাদকলৈ চিঠি: মনোহৰ দত্ত

মহোদয়।
নমস্কাৰ গ্ৰহণ কৰিব।
‘সাহিত্য ডট অৰ্গ’ৰ সম্পাদক হিচাপে এই সংখ্যাটো সজাবলৈ লোৱা দায়িত্বৰ বাবে প্ৰথমতে আপোনাক ওলগ জনালোঁ আৰু সফলতা কামনা কৰিলোঁ।
সময় বাকৰিত আমি এৰি থৈ যাম, আমাৰ চিন্তাধাৰাৰ স্বাক্ষৰ বা চিহ্ন। এই চিন্তাধাৰা যিমানে সাৰ্বজনীন হ’ব, সিমানেই সময়ৰ সোঁতত সি বৈ থাকিব। তাৰ বিপৰীতে থকা অসুস্থ চিন্তাধাৰা সমূহ হেৰাই যাব।
এই ক্ষেত্ৰত সাহিত্য ডট অৰ্গৰ প্ৰয়াস উজলি থাকিব বুলি ভাবো। আলোচনীখনৰ জন্মলগ্নৰে পৰা বহু কেইজন অ,ক,ব সদস্যই সম্পাদক হিচাপে ইয়াৰ দায়িত্ব বহন কৰিছে আৰু সিবোৰ সুন্দৰকৈ প্ৰকাশ কৰিছে।
তথাপি মোৰ মনলৈ প্ৰশ্ন আহে যে এনে আলোচনীয়ে, বহল ভিত্তিত নহ’লেও, ফে’চবুকৰ সদস্য বা গোটৰ সদস্য সকলক এতিয়াও যেন বিশেষভাবে আকৰ্ষিত কৰিব পৰা নাই। অৰ্থাৎ আলোচনীখনৰ সক্ৰিয় পাঠকৰ সংখ্যা বিশেষ বৃদ্ধি পাইছে যেন নালাগে। এই দিশত আলোচনীৰ সৈতে জড়িত সকলে বিশেষ উদ্যোগ লোৱাৰ প্ৰয়োজন আছে বুলি ভাবো। এই কথা এইবাবেই উনুকিয়াব বিচাৰিছোঁ যাতে আলোচনীখন প্ৰকাশৰ বাবে যি পৰিমাণৰ সময় আৰু চিন্তা ব্যয় কৰা হয়, সেই পৰিমাণে ইয়াক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ গুৰুত্ব নিশ্চয় আছে। মোৰ দৃষ্টিত গোটৰ সদস্য সকল গোটৰ মজিয়াৰ প্ৰতি যিমান আকৃষ্ট, সিমান পৰিমাণে আলোচনীৰ প্ৰতি আকৃষ্ট নহয় যেন লাগে। যি সকলে ইয়াত পোনপটীয়াকৈ ভাগ লয়, সেই সকলৰ বাহিৰেও অন্যান্য সদস্যৰ অংশগ্ৰহণৰ দিশটো পৰ্যালোচনা কৰি, ইয়াক পঢ়িবলৈ থকা অসুবিধা সমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰাটো যুগুত বুলি ভাবো।
সাহিত্য ডট অৰ্গ এখন সফল আলোচনী হৈ উঠাৰ স্বাৰ্থত ইয়াৰ পৰিসৰ আৰু বহল কৰাৰ বাট মুকলি কৰিবলৈ চিন্তা-চৰ্চা কৰাটো জৰুৰী যেন ভাব হয়। অৱশ্যে এয়া মোৰ ব্যক্তিগত ধাৰণা, সেয়ে আপোনাৰ জৰিয়তে এই ক্ষেত্ৰত সকলোৰে মতামত কামনা কৰিলোঁ।
মই জনাত অন্যান্য কিছু ই-আলোচনী অসমীয়া ভাষাত ইতিমধ্যে প্ৰকাশ হৈছে আৰু সেই সকলৰ ক্ষেত্ৰটো মোৰ ধাৰণা এনেকুৱাই।
যি হওক, সকলোৰে ইতিবাচক চিন্তা-চৰ্চাই আমাক নিশ্চয় সঠিক পথৰ সন্ধান দিব।
ধন্যবাদ।
ইতি
মনোহৰ দত্ত
নলবাৰী।
___________
০১ ফেব্ৰুৱাৰী ২০১৩

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!