সম্পাদকীয় – শিল্পী ভূঞা গোস্বামী৷

উমি উমি জ্বলি আছিল জুইকুঁৰা তাইৰ মাজত ক’ৰবাত৷ ফলস্বৰূপে ২০১৮ চনৰ ২০ আগষ্টৰ দিনা, চুইডেনৰ ’গ্ৰেটা থুনবাৰ্গ’ নামৰ নৱম শ্ৰেণীৰ কিশোৰীগৰাকীয়ে বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে পৰিৱেশৰ খাতিৰত প্ৰতিবাদ কৰিবলৈ ওলাই যোৱাৰ সিদ্ধান্ত ল’লে৷ তাই বৰ বেছিকৈ অনুভৱ কৰিলে যে পৃথিৱী নামৰ তাইৰ মৰমৰ ঘৰখনক ৰক্ষণাবেক্ষণ দিয়াত তাইৰ পূৰ্বপ্ৰজন্ম লজ্জাজনকভাৱে ব্যৰ্থ হৈছে৷ জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীখনে নিত্য নতুন বিভীষিকাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিশেষকৈ সুন্দৰ পৰিৱেশৰ কাৰণে বিখ্যাত তাইৰ ধুনীয়া দেশখনত বনজুই আৰু গৰম বতাহৰ প্ৰভাৱে গ্ৰেটাৰ কোমল মনটোত বাৰুকৈয়ে আঘাত কৰিলে৷ ক্ষমতাত থকা সকলে বা আন কোনেও যেতিয়া সেই বিষয়ে বিশেষ একো পদক্ষেপ লোৱা নাই তেনেক্ষেত্ৰত তাই অন্ততঃ কিবা এটা কৰিবই লাগিব৷ প্ৰতিবাদ কৰিব লাগিব আৰু সেই প্ৰতিবাদৰ কণ্ঠ পৃথিৱীবাসীক শুনাবই লাগিব৷ অকলেই আগবাঢ়িল গ্ৰেটা৷ সেই কাৰণেই সেই দিনা বিদ্যালয়ৰ পাঠ বাদ দি চুইডেনৰ চৰকাৰৰ কাণ চোৱাবলৈ হাতত (Skolstrejk för klimatet) ’School strike for the climate’ অৰ্থাৎ ’পৰিৱেশৰ কাৰণে স্কুল বৰ্জন’ বুলি লিখা প্ল্যেকাৰ্ড লৈ চুইডেনৰ সংসদৰ (parliament) সন্মুখত বহি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে৷

দিনৰ পাছত দিন একেদৰেই গ্ৰেটাই বহুদিন ধৰি নিয়মীয়াকৈ বিদ্যালয়ৰ পাঠ ত্যাগ কৰি পৰিৱেশৰ খাতিৰত নিজাববীয়া অহিংস বিপ্লৱ অব্যাহত ৰাখিলে৷ এজনী কণমানি কিশোৰীৰ এনে গভীৰ চিন্তা বিশ্বই আওকাণ কৰিব নোৱাৰিলে৷ জুইৰ দৰে গ্ৰেটাৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ খবৰ গোটেই বিশ্বতে বিয়পি পৰিল৷ বিভিন্ন ঠাইৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী গ্ৰেটাৰ সমৰ্থনত আগুৱাই আহিল৷

উল্লেখযোগ্য যে ২০১৯ চনৰ ১৫ মাৰ্চৰ দিনা পৃথিৱীৰ ২০০০খন চহৰত প্ৰায় ১.৪ নিযুত প্ৰতিবাদীয়ে স্কুল বৰ্জনৰ জৰিয়তে প্ৰতিবাদ কৰি গ্ৰেটাৰ আন্দোলনক বিশেষ স্বীকৃতি দিয়াত সহায় কৰে৷ সেইদিনা আনকি এণ্টাৰ্কটিকাত কোনো স্কুল নথকা সত্ত্বেও সাতজনমান বিজ্ঞানী একেলগ হৈ গ্ৰেটাৰ আন্দোলনক পূৰ্ণ সমৰ্থন জনায়৷

ইমানেই নহয়, আনকি সংযুক্ত ৰাষ্ট্ৰৰ (UN) মহাসচিব এণ্টনিঅ গুটেৰেছে পৰিৱেশৰ বাবে সৃষ্টি হোৱা এই আন্দোলনৰ সমৰ্থনত ক’বলৈ বাধ্য হ’ল যে “My generation has failed to respond properly to the dramatic challenge of climate change. This is deeply felt by young people. No wonder they are angry.“

মুঠৰ ওপৰত কিছুদিনৰ ভিতৰতে গ্ৰেটা থুনবাৰ্গে অকলেই আৰম্ভ কৰা বিপ্লৱ গোটেই বিশ্বতে বিয়পি পৰিল৷ “School Strike for Climate“, “Fridays for Future“, “Youth for Climate“ আৰু “Youth Strike 4 Climate“ আদি নানান শ্ল’গানেৰে বিশ্বৰ বিভিন্ন ঠাইত প্ৰতিবাদী সমদল দেখা পোৱা গ’ল আৰু পৰিৱেশৰ চিন্তাত ছাত্ৰ ছাত্ৰীৰ বিপ্লৱ এতিয়াও সজোৰে চলিয়েই আছে৷ বিভিন্ন আঁচনিত গ্ৰেটা ব্যস্ত হৈ পৰিছে৷ মুহূৰ্ততে গ্ৰেটা হৈ পৰিল এনে এজনী অকণমানি কিশোৰী যাক বিশ্বৰ প্ৰতিজন নেতাই এবাৰ হ’লেও লগ ধৰিব খোজে৷ গোলকীয়কৰণ, বিশ্বায়নবাদ আৰু গণসংযোগ মাধ্যমৰ দিনত প্ৰকৃতিক সন্মান জনাই পৃথিৱীখন ৰক্ষা কৰিবলৈ গা কৰি উঠা এই প্ৰচেষ্টাই বৰ্তমানলৈকে অভূতপূৰ্ব সাফল্য লাভ কৰিছে বুলিয়ে ক’ব পাৰি৷

১৯২৯ চনৰ ১২ জুনত জাৰ্মানীত গ্ৰেটাৰ দৰেই আন এজনী ব্যতিক্ৰমী ছোৱালীৰ জন্ম হৈছিল৷ তায়ো নিজৰ মনৰ কথাবোৰ লিখি ৰাখিছিল ডায়েৰীৰ পাতত সযত্নে আৰু সংগোপনে! সেইখন ডায়েৰীয়ে আজি পৰ্য্যন্ত পৃথিৱী কঁপাই আছে৷ সেই ছোৱালীজনীৰ মনৰ কথাবোৰেও স্বীকৃতি পাইছিল কিন্তু তাইৰ মৃত্যুৰ পাছত!

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া বৃটিছ সৈন্য প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ বাৰ্গেন নামৰ চহৰখনত প্ৰৱেশ কৰিছিল, তেওঁলোকে স্বাভাৱিক চহৰ এখনেই দেখা পাইছিলে৷ ঘাঁহবোৰ সেউজীয়া, আকাশত চৰাইৰ কলকলনি, পথাৰবোৰত পশু-পক্ষী, মানুহ- এই সকলোবোৰ এখন চহৰত যিদৰে হ’ব লাগে ঠিক তেনেদৰেই আছিল কিন্তু তাৰ মাজতো যেন অদ্ভুত কিবা ষড়যন্ত্ৰ চলি আছিল চহৰ খনত! সকলো স্বাভাৱিকতাৰ অন্তৰালত কিবা যেন ভাল নলগা সংকটজনক পৰিৱেশৰ উপস্থিতি!
তেওঁ লোকৰ সন্দেহ মিছা নাছিল৷ শীঘ্ৰেই চহৰখনৰ গাতে লাগি থকা প্ৰথমটো বন্দীশিবিৰ (concentration camp) বৃটিছ সেনাৰ চকুত পৰিছিল৷ অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হৈ হতবাক হৈ পৰিছিল সকলো৷

১৯৪৫ চনৰ ১৫ এপ্ৰিলৰ দিনা সেই বাৰ্গেন চহৰত অৱস্থিত বাৰ্গেন বেলছেন নামৰ বন্দীশিবিৰটো মুকলি কৰোঁতে বৃটিছ সৈন্যই দেখা পোৱা বিভীষিকাময় কাহিনীবিলাক পঢ়িলে গা শিয়ৰি উঠাটো স্বাভাৱিক৷ শিবিৰটোত সোমায়েই বৃটিছ সৈন্যই দেখিছিল হাজাৰ হাজাৰ বন্দী ইহুদীৰ মৃত শৰীৰ খৰিৰ দৰে দ’ম কৰি পেলাই থোৱা আছিল৷ প্ৰায় ৬০,০০০ মান নৰ কংকাল সদৃশ বন্দী উদ্ধাৰ কৰি বৃটিছ সৈন্যও কঁপি উঠিছিল৷ আহাৰ, পানী আৰু ন্যূনতম পাৰিপাৰ্শ্বিক সুবিধাখিনিৰ অভাৱত দিনে ৫০০ জনৰ হাৰত শিবিৰত বন্দী ইহুদী সকলৰ মৃত্যু হৈছিল৷ এজন বৃটিছ সৈন্যই লিখিছিল, যেতিয়া তেওঁ লোকে বন্দী সকলক মুকলি কৰা আৰম্ভ কৰিলে তেতিয়া এজন বন্দীয়ে আহি তেওঁৰ জোতাযোৰত পৰি চুমা খাই কৃতজ্ঞতা প্ৰকাশ কৰিছিল৷ সেই বিশেষ বন্দীজন ইমানেই কংকাল যেন আছিল যে বৃটিছজনে গমেই নাপালে তেওঁ পুৰুষ আছিল নে মহিলা৷ মুকলি হোৱাৰ ফুৰ্ত্তিত বহুতে উঠি খোজ কাঢ়িবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল, কোনো কোনোৱে সমষ্ট শক্তি গোটাই নাচিছিল আৰু কোনো কোনোৱে ত্ৰাণকৰ্ত্তা হিচাপে যোৱা বৃটিছ সৈন্যসকলক সাৱতি ধৰিছিল৷ বহুসংখ্যকে কোনো ধৰণৰ অনুভূতি প্ৰকাশ কৰিব পৰা নাছিল৷ মন-প্ৰাণহীন খোলা এটাত বসবাস কৰি থকা জীৱ কিছুমানৰ দৰে হৈ পৰিছিল তেওঁলোক৷ বহুতে ফুৰ্ত্তিৰ পৰিৱৰ্তে পৰিয়ালৰ মৃত সদস্যৰ স্মৃতিত হিয়া উজাৰি কান্দিছিল৷

মুক্তিদাতা সকলৰো মিশ্ৰিত অনুভূতি বিলাকো লিখি বা ৰেকৰ্ড কৰি সংৰক্ষণ কৰি থোৱা হৈছিল৷ বন্দী সকলৰ অৱস্থাৰ দেখি চকুপানী, দুখ, ভয়, হতাশা, দেশপ্ৰেম আৰু জাৰ্মান সকলৰ প্ৰতি খং আৰু ঘৃণাৰে ভৰি পৰিছিল তেওঁলোকৰ মনবিলাক৷ দ’ম দ’ম শৰীৰ জ্বলাই দিলে উৎপন্ন হোৱা ধোঁৱা আৰু গোন্ধ পাই থকাৰ পাছতো ঠাইখনত থকা সাধাৰণ জাৰ্মান নাগৰিক সকলে বন্দীশিবিৰ বিলাকৰ ভিতৰত চলি থকা বৰ্বৰতাৰ একো উমান পোৱা নাছিল বুলি কোৱাত ক্ষোভত জ্বলি উঠিছিল প্ৰতিজন মুক্তিদাতা সৈন্য৷ আমেৰিকান, ৰাছিয়ান, বৃটিছ আদি বিভিন্ন ফৌজে জাৰ্মানীৰ এখনৰ পাছত এখন চহৰত, এটাৰ পাছত আন এটাকৈ বন্দীশিবিৰ মুকলি কৰি জাৰ্মান প্ৰশাসনৰ নিকৃষ্ট মানসিকতা আৰু অমানৱীয়তা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল৷

সেই বাৰ্গেন বেলছেন বন্দী শিবিৰতে বন্দী হৈ আছিল ওপৰত উল্লেখ কৰা দ্বিতীয় গৰাকী সাহসী কিশোৰী- জগত বিখ্যাত “এন ফ্ৰেংক৷“ ভাবিলে মৰ্মাহত হওঁ যে বৃটিছ সৈন্যই বন্দীশিবিৰটো মুকলি কৰাৰ মাত্ৰ কেই সপ্তাহমান আগতেই টাইফাছ ৰোগত আক্ৰান্ত হৈ শিবিৰতে এন ফ্ৰেংকৰ মৃত্যু হৈছিল৷ পাছত এন ফ্ৰেংকে লিখা ডায়েৰীখন উদ্ধাৰ হোৱাত ডায়েৰীৰ পাতে পাতে পৃথিৱীবাসীয়ে দেখা পাইছিলে হিটলাৰৰ শাসনৰ দিনত ইহুদীসকলে সন্মুখীন হোৱা ভয়াবহ দিনবোৰৰ কিছু দৃশ্য- এন ফ্ৰেংকৰ চকুৰে৷ এন ফ্ৰেংকৰ বলিষ্ঠ লেখাৰ উমান তেওঁৰ ডায়েৰীৰ পৰা ভালদৰে পোৱা যায়৷ কিমান ব্যতিক্ৰমী চিন্তাধাৰাৰ হ’লে মাত্ৰ তেৰ বছৰ বয়সত এখন অসাধাৰণ ডায়েৰী পৃথিৱীক দি যাব পাৰি!

চুইডেনৰ ষোল্ল বছৰীয়া ’গ্ৰেটা’ আজিৰ বিশ্বত জন্ম হোৱা বাবেই হয়তো তেওঁৰ প্ৰতিবাদী কণ্ঠ গোটেই পৃথিৱীয়ে শুনিলে৷ আজি হাতৰ মুঠিতেই পৃথিৱীখন৷ সজাগতা- সচেতনতাও হাতৰ মুঠিত৷ পোন্ধৰ বছৰীয়া এন ফ্ৰেংকো গ্ৰেটাৰ দৰেই এজনী বুদ্ধিদীপ্ত কিশোৰী আছিল৷ আজিৰ দিনত হোৱা হ’লে এন ফ্ৰেংকেও হয়তো প্ৰতিবাদেৰে পৃথিৱী কঁপাব পাৰিলেহেঁতেন৷ ছয় নিযুত ইহুদী আৰু তদুপৰি অন্যান্য বহুতৰ সংহাৰলীলা হিটলাৰে ইমান সুকলমে আৰু গোপনে কৰিলে অথচ পৃথিৱীবাসীয়ে একো গমেই নাপালে৷ এনেকুৱা হয়তো আজিৰ দিনত সম্ভৱ নহ’লহেঁতেন৷ তেতিয়াৰ দিনত এন ফ্ৰেংকে প্ৰতিবাদ কি কৰিব, জীৱনৰ ভয়ত জাৰ্মান সৈন্যৰ পৰা লুকাই থকা দিনকেইটাত উশাহ ল’বলৈও চিন্তা কৰিব লগা হৈছিল যাতে কোনো শব্দ কোঠাটোৰ বাহিৰলৈ যাব নোৱাৰে৷ দুবছৰ এনেদৰেই লুকাই থাকি ধৰা পৰাৰ পাছত ফ্ৰেংক পৰিয়ালক কৰায়ত্ব কৰি বন্দীশিবিৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু পাছত তাতেই এনৰ মৃত্যুও হৈছিল- মাত্ৰ পোন্ধৰ বছৰ বয়সত৷

আজিৰ দিন আৰু তেতিয়াৰ দিনৰ মাজৰ ব্যৱধানৰ উমান ল’বলৈ পৃথিৱীত এনেকুৱা আৰু বহুত উদাহৰণ আছে৷ সজাগ আৰু সচেতন হ’বলৈ আজি আমাৰ হাতে হাতে স্মাৰ্ট ফ’নৰ দৰে আহিলা৷ বিশ্বায়ন আৰু গণসংযোগ মাধ্যমৰ সময় এয়া৷ তেনেক্ষেত্ৰত এই মাধ্যম সমূহৰ যোগাত্মক দিশ বিলাক আঁকোৱালি লৈ সমাজৰ হিতাৰ্থে সজাগতা আৰু সচেতনতাৰ সৃষ্টি কৰাটো প্ৰত্যেকজন পৃথিৱীবাসীৰ দায়িত্ব৷ যিদৰে সজাগ আৰু সচেতনজনৰ মৰণ নাই, ঠিক তেনেদৰেই সজাগ আৰু সচেতন সমাজ এখনেহে উন্নতিৰ জখলাডাল বগাব পাৰে৷

ইচ্ছা কৰিলে ঘৰত বহি বহি পৃথিৱীত আলোড়নৰ সৃষ্টি কৰিব পৰা বিশ্বায়নৰ দিনত প্ৰতিজন পৃথিৱীবাসী সজাগ আৰু সচেতন হ’ব লাগিব৷ নজনাখিনি আনৰ পৰা শিকিব লাগিব আৰু নিজে জনাখিনি শিকাব লাগিব৷ প্ৰতিজন ব্যক্তিয়েই বিভিন্ন দিশত পৃথিৱী নামৰ ঘৰখনৰ বাবে আনলৈ ৰৈ নাথাকি নিজৰ কৰণীয়খিনি কৰি যাব লাগিব৷ ঠিক গ্ৰেটা থুনবাৰ্গে কৰাৰ দৰেই আৰু ঠিক এন ফ্ৰেংকে কৈ যোৱাৰ দৰেই——–

“How wonderful it is that nobody need wait a single moment before starting to improve the world.“

শিল্পী ভূঞা গোস্বামী৷

4 thoughts on “সম্পাদকীয় – শিল্পী ভূঞা গোস্বামী৷

  • June 17, 2019 at 3:43 pm
    Permalink

    আপ্লুত হ’লো..সুন্দৰ সম্পাদকীয়…

    Reply
  • June 17, 2019 at 10:33 pm
    Permalink

    ভাল লাগিল পঢ়ি ৷ তথ্য সমৃদ্ধ সুন্দৰ সম্পাদকীয়

    Reply
  • June 18, 2019 at 10:52 am
    Permalink

    অত্যন্ত সময় সাপেক্ষ আৰু বালিষ্ঠ সম্পাদকীয় । সজাগতা আৰু সচেতনতাৰ জাগৰণ এই লেখা । আমি গৌৰবান্বিত।

    Reply
  • June 18, 2019 at 8:37 pm
    Permalink

    শিল্পী ,সুন্দৰ সময় সাপেক্ষ তথ্যসমৃদ্ধ গম্পাদকীয়ৰে আপ্লুত কৰিলা ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!