সাঁথৰ

সংগ্ৰাহক: পংকজ বৰা
  • “চুই চা চুই চা, চুই দিলে পইছা”=কেৰেলুৱা
  • “ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ” =আমৰলি পৰুৱা।
  • “টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় ” =বৰল।
  • “মাকে বৰশী বায়, পুতেকে সৰগ চায়” = বাঁহ গছ আৰু বাঁহ গাজ।
  • “মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?”=জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)।
  • “টুপ টুপ টুপলি, সময় গ’ল উকলি”/”টুপ টুপ টুপলি পানী পালে মুকলি”=জাল
  • “বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে”=দিয়াচলাই (জুইশলা)
  • “কাণত ধৰি নাকত বহে?”=বিতচকু,চশমা
  • “এজনী কলী গাই ঘাটে ঘাটে পানী খায়?”=বৰশী
  • “ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহ গিলা”=
  • “ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ’ল গাভিনী”=আঠুৱা
  • ” কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ?”=বিড়ি
  • “কি বস্তু কাটিলে দীঘল হয়?”=নলা (drain)
  • “চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা. ” =হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু
  • “এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সর্বতিকাল”=কলাপাত
  • ‘হাবিত কাঁহে ওলাই নাহে’=কুঠাৰ
  • “ৰজাৰ লাঠি ঘন ঘন গাঠি”=কুহিয়াঁৰ
  • “এঠেঙীয়া বগলী,নিতৌ নাচে গধু্লি”= বিচনী
  • “এডাল খেৰে ঘৰটো বেৰে” =চাকি নাইবা মমবাতি
  • “ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত” =জোনাকী পৰুৱা
  • “আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ”=কুহিয়াৰ
  • ওপজিয়ে লৰ মাৰে কোন=’জেঠী পোৱালি
  • ওপজিয়ে জপিয়ায় কোনে? = আখৈ
  • এনু এনু এনু, ধৈইৰবান্নাই ঠেনু=ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)
  • মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই= ৰেডিঅ’
  • উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকলী্= কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)
  • ‘কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা” =কঁঠাল
  • “জলত জন্ম স্থলত বাস, মাকে চুলে হয় সর্বনাশ?”=নিমখ
  • “পেট আছে পেটু নাই, মুখ আছে জিভা নাই”= কলহ
  • তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে?=চৌকা
  • ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি
  • “এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে?”=ওকণি
  • “গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়?”=যঁতৰ
  • “আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগো্ৰ?” =দুৱাৰডলি
  • “ৰজাৰ দলিছা…..দুয়োফালে বাগিছা”=ৰাস্তা?
  • “২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল?”
  • “ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন=বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি”
  • “উপজিয়ে বুঢ়া হয় কোন, উপজিয়ে ৰঙা হয় কোন?=বুঢ়া আঙুলি, ৰঙআ বেলি
  • “ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি “= জিভা
  • “২ গছৰ গছৰ ২ ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ?”=তামোল-পান
  • “ইয়াতে মাৰিলো টিপা, গড়গা ঁও পালেগে শিপা” =ভূ ঁইকপ/ অনাতা ঁৰ
  • “কৈ মৰিল কোন নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন”=কৈ মৰিল জটায়ু (সীতাৰ বার্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল’ৰা ৰজাক), দি মৰিল দধিচী (বৃত্রাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুর্যোধন (ৰাজ্য পাণ্ডৱক)
  • “উপি উপি বাটত আছে চুপি”=জোক
  • “ৰজাৰ আলিবাট মেলিব পাৰি জপাব নো ঁৱাৰি” = চোতাল
  • “পেট আছে পেটু নাই, মুখ আছে জিভা নাই”= কলহ/টেকেলী
  • “কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে”=দমকল/টিউবেল (নলবৰী অঞ্চলত প্ৰচলিত)
  • “খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল”= নাৰিকল
  • “য’লৈ যোৱা মোক লগত লৈ যোৱা”=ছাঁ/ছাঁয়া
  • “নদী আছে পানী নাই, চহৰ আছে মানুহ নাই”= মানচিত্ৰ
  • “ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ”= আঁঠুৱা
  • “ক’লৈ যোৱা মোক মাৰি থৈ যোৱা”= দুৱাৰ
  • “লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত”= তামোল গছ
  • “গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি”=-আনাৰস/মাটিকঁঠাল/সফুঁৰিকঠাল/কেতেকীকঁঠাল ।
  • “আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই”=কেচুঁৱাৰ দাঁত
  • “ইলিলিত্‍ চৰাইটোৱে বিলিলিত্‍ কৰে,সাগৰ দেখিলে পাংখা মেলে”=জাল
  • “কেচাত তাল তোল পকাত গৰম, কবা নৰা যদি গালত চৰম৷”=

 

Don`t copy text!