সাক্ষাৎকাৰঃ ৰাতুল ভুঞা

 

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী এজনৰ ওচৰলৈ, হাতত চুঙা সদৃশ কেমেৰা এটা লৈ চেনেলৰ সাংবাদিক এজন আহিল৷ মুখাবয়বত ৰং বৰণ অকমান সানি প্ৰাৰ্থী চিকুণটো হৈ সাজু..
: কওকচোন ভাৰতৰ প্ৰধানমন্ত্ৰী কোন?
: সেইটো জানি কি হব? প্ৰধানমন্ত্ৰীৰ লগত আমাৰ কোনো মতলব নাই৷ পঞ্চায়ত মিনিষ্টাৰৰ লগতহে মতলব৷
: তেনেহলে পঞ্চায়ত মন্ত্ৰীৰ নামেই কওক৷
: তেওঁতো দিল্লীত থাকে৷ আমাৰ কাম ষ্টেটতহে৷
: ষ্টেটৰজনৰ নামকে কওক৷
: মিনিষ্টাৰে থোৰাই আমাৰ লগত সম্পৰ্ক ৰাখিব? আমাৰ কাম অফিচাৰৰ লগতহে৷
: তেন্তে পঞ্চায়ত পিডিৰ নাম কওক৷
: তেওঁ আমাক ক’ত পাত্তা দিব? আমাৰ ৰিলেছন তলৰ পৰ্যায়ৰ অফিচাৰৰ লগতহে৷
: তেন্তে ডিচি ৰ নামটো কওক৷
: ডিচি জিলাৰ সদৰতহে থাকে৷ আমি ঢুকি নাপাওঁ৷
: তেন্তে বিডিঅ’ৰ নামকে কওক৷
: তেওঁৰ নাম জনাৰ কি দৰকাৰ? মই জিকি সভাপতি হ’লে, তেৱেই মোক চাৰ বুলি মাতি চিনাকি হ’ব নহয়৷ আৰু কিবা বেলেগ প্ৰশ্ন আছে যদি সোধক৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!