সাধাৰণ নবীনৰ অসাধাৰণ কাণ্ড

১) ব্রেকিং নিউজ-মনজিৎ

এই মাত্র যাষ্ট পোৱা খবৰ অনুসৰি দিল্লী ক’লকাতা মুম্বাই বাংগালুৰুকে ধৰিক’তোৱেই অসম বন্ধ হোৱা নাই বা অসম বন্ধৰ তিল মানো প্রভাৱ পৰা নাই যাৰ বাবে অসমীয়া চেন্তিৰে সদায় চেন্টিমেন্টেল হৈ থকা নৱীনে খংত একো নাই হৈ জকাইচুকৰ ৰাজপথত আহি বন্ধ দিয়া সংগঠন কেইটাক চিঞৰি চিঞৰি উধাই মুধাই গুৱাল গালি পাৰিব ধৰি কৈছে-
“চাল্লা খেকাৰ খোৱাৰ জাত তঁহত হাইজাত নাযাওঁ কিয় হা ? তহঁতে হকে বিহকে মন মর্জিত অসম বন্ধ ঠিকেই দিয় ,পিছে প্রভাৱটো গোটেইখনতে কিয় পেলাব নোৱাৰ?? যদি দম আছে অসমবন্ধটো দিল্লী লৈকে বিয়াপাই দেখা.. । মাথো অসমতে বৰমতা দেখুৱাই মানুহ বোৰক হাৰশাস্তি কৰি কিয় মাৰ?…তঁহতৰটো চিন্তানাই ,তঁহতেটো দেশ উদ্ধাৰৰ নামত চান্দা তুলি নিজ নিজ পকেট ,বেংক একাউন্ট সকলোবোৰ ৰমৰমিয়া কৰি থৈছ । পিছে হাজিৰা কৰি খোৱা দীন কাইটি ,পাছলি দোকান দিয়া মহিৰাম কোৱাইদেউ হঁতে যে আজি এবেলা পানী খায়েই কটালে তাৰ খবৰ তঁহতে ৰাখিছ নে । হচপিতেলত থকা কোষেশ্বৰ পেহাৰ আজি পুৱা অপাৰেছন আছিল কিন্তু ডাক্টৰ হেনো আবেলি হে আহিব পাৰিব । পেহাৰ কিবা এটা হ’লে কনমানি ল’ৰা ছোৱালীহালৰ দ্বায়িত্ব তঁহতে ল’বি নে বাৰু ? দেশ উদ্ধাৰৰ নামত ভণ্ডামি এৰ । বহুত হ’ল, এই পন্থাৰে কাহানিও সমস্যা সমাধান হোৱা নাই নাহয়ও । বৰঞ্চ সোণৰ অসমক ই দিনক দিনে ৰসাতললে হে লৈ গৈ আছে। বন্ধ বুলি শুনিলেটো আমাৰ খাৰখোৱা গালে ভালেই পাই ,এনেই এলেহুৱা সদায় সুবিধাহে বিছাৰি ফুৰে । তহতেই সেই সুবিধাতে অসম খন তঁহতৰেই বুলি ভাবি ললি আৰু ,মন গ’লে তলা লগাৱ আৰু মন গ’লেই খুলি দিয় । যাক সুনাবলে বা বুজাবলে এই প্রতিবাদী ভেকো ভাওঁনা কৰ ,তেঁও লোকতো যুগ যুগান্তৰৰ পৰা টোপনিৰ ভাওত । গতিকে একেই খেলা পাতি একো লাভ নাই । নতুন কিবা ভাবিবৰ হ’ল । খোৱা কামোৰা এৰি নিজ কামেৰে জগত জিনিবৰ হ’ল । বন্ধ কৰ এই বিজতৰীয়া বন্ধ সংস্কৃতি, বন্ধ কৰ প্রগতিৰ পথ ৰুদ্ধ কৰা এই অসাধু অসাধু খেলা । দুখোজ আগুৱাই চাৰিখোজ পিছলে আৰু কিমান যাম । ৰাইজ আপোনালোকো ওলাই আহক বন্ধৰে নহয়, মিলি জুলি এক হৈ হেযুজঁ দিও সমস্যাৰ সতে । কিয়নো বন্ধ কাহানিও কোনো সমস্যাৰ সমাধান নহয় বৰঞ্চ ইনিজেই এক জ্বলন্ত সমস্যাহে ।জহনীত যোৱাহঁত শুন এইটোৱেই যেন শেষ বন্ধ হয় ,এয়ে মোৰ অনুৰোধ সকলোকে শেষ অনুৰোধ তথা ৱার্ণিং । আঁহক ৰাইজ ওলাই আঁহক সুবিধাবাদক বাদ দি ,এলাহক একাসৰিয়া কৰি থৈ নিজ কামত লাগক । দিল্লীৰ পৰা শান্তনু, বাংগালুৰুৰ পৰা উজ্বল দাহঁতে ফোন কৰি কনর্ফাম কৰিছে যে সেই ফালেহেনো অসমবন্ধ অকনমানো হোৱা নাই । আমি মিছাতে ইয়াক উৎসৱ কিয় বানাও ? নে কি কয় ? আহল আহক সকলো ওলাও আহক”

প্রাপ্ত বাতৰি মতে নবীনৰ কথাত জকাইচুকবাসী ৰাইজ উৎসাহিত হৈ নিজ নিজ কামত লাগি গ’ল । প্রায় আগবেলাৰে পৰা তাৰ দোকান পোহাৰ সকলো খোলা আৰু ৰাইজেও বাকী সব আওকান কৰি নিজ নিজ কামত ব্যস্ত । জকাইচুকো এতিয়া বেংগালুৰু বা দিল্লীৰ দৰে অসমবন্ধৰ প্রভাৱ নপৰা ঠাই হৈ পৰিছে ।

নিজা প্ৰতিবেদক
ফিউজ লাইভ,জকাইচুক, অসম
::জয় আই অসম::

২) নবীনৰ প্ৰতিভা-শাৰদা শ্ৰেষ্ঠ

নবীনৰ উপস্থিত বুদ্ধি আৰু অভিনয় প্ৰতিভা দেখি মই একেবাৰে আচৰিত হোৱাই নহয় অভিভূতও হৈ পৰিলো । আপোনালোকেও তাৰ দক্ষতাৰ কথা শুনিলে তাৰ প্ৰতিভাক ১০০% ইস্বীকৃতি দিব বুলিয়েই মোৰ বিশ্বাস । কি হ’ল কওঁ শুনক । সিদিনা দেখিলো, নবীন এখন ফাৰ্মাচীলৈ ঢাপলি মেলিছে । ময়ো সেই ফাৰ্মাচী খনলৈকে গৈ আছিলো, কাফচিৰাপ ল’বলৈ বুলি । নবীনক ফাৰ্মাচীত বহি থকা মানুহজনে প্ৰশ্নবোধক চিহ্ন এটাচকু মুখত ওলোমাই লৈ সুধিলে – “কি লাগে ?” নবীনে মুখেৰে একো নামাতি মুৰটো খজুৱাবলৈ লাগিল । মই মনে মনে তাৰ কাণ্ড কাৰখানা চাই আছিলো । তাৰ পাছত অকণো পলম নকৰাকৈ “উ উ আ আ” কৰিবলৈ ধৰিলে । দোকানীজনে পুণৰ নবীনলৈ চোৱাত নবীনে এপাকত নিজৰ সোঁহাতৰ তৰ্জনী আঙুলিটো বাওঁহাতৰ আঙুলি এটাৰে দেখুৱালে আৰু নাকৰএটা ফুটা বাওঁহাতৰ আঙুলিৰে টিপা মাৰি সোঁহাতৰ তৰ্জনী আঙুলিটো আনটো নাকৰ ফুটাৰ ওচৰলৈ নি দীঘল দীঘলকৈ শুঙিবলৈ ধৰিলে । এইবাৰ দোকানীয়ে যেন কিবা এটাবুজিলে, ক’লে -“অ’, ইন্হেলাৰ লাগে ?” একদম পাকৈত বেঙা এটাৰ নিচিনাকৈ মুখত একোমোৰা হাঁহি লৈ নবীনে মুৰ জোকাৰি হয়ভৰ দিলে । দোকানীয়ে ইন্হেলাৰটো উলিয়াইদি দামটো ইঙ্গিতেৰে দেখুৱাই দিলে । নবীনে দাম দি ফাৰ্মাচীৰ পৰা ওলাই আহিবলৈ ধৰাত মই মাত দিলো ।সি মোক সৰু দেখি দেখাই পোৱা নাছিল, মই যে তাৰ কাষতে ফাৰ্মাচীখনত ৰৈ তাৰ ৰেহৰূপ চাই আছিলো । মই তাক মাত দিয়াত সি অলপ অপ্ৰস্তুত হ’ল যদিও সোনকালেই সহজ হৈ হাঁহিলে । মই সুধিলো – “এইবোৰ কি কাৰবাৰহে ?” ”কাৰবাৰ মানে ?” নবীনে মোকেই ঘূৰাই প্ৰশ্ন কৰিলে । মই ক’লো – “অ’,…মাত ফুটিছে দেখোন !ফাৰ্মাচীখনত পাকৈত বোবাৰ একটিং কিয় কৰিলাহে ? আজিকালি ক’ৰবাত অভিনয়ৰ ট্ৰেইনিং লৈ আছা নেকি ? বাহিৰতো ভাল প্ৰেক্টিছ আৰম্ভ কৰিছা কিন্তু ।অভিনেতা হ’ব পাৰিবা, কোনো সন্দেহ নাই ।” এইবাৰ নবীনে অলপ জোৰকৈয়ে হাঁহিলে, ক’লে – “নহয়হে আচলতে আজি মোৰ পেহীয়ে মোক ইন্হেলাৰ আনিবলৈ পাচিলে ।ফাৰ্মাচীখনত উপস্থিত হৈ মই ইয়াৰ নামটোকে পাহৰি থাকিলো । সেয়ে অলপ বুদ্ধিখটাই আনিলো আৰু । কেনে পালে মোৰ বুদ্ধি ?” আমালৈ অবাক হৈ আমাৰ কথা শুনি থকা দোকানী, মই আৰু নবীন তিনিও একেলগে প্ৰাণখুলি হাঁহিলো ।

৩) নিৰুপায় নবীন ! ড.ভূপেন্দ্ৰ শইকীয়া

*নবীনে হাতত আধলিটোলৈ ভাবিলে- “হে’ড আহিলে কামলৈ যাম আৰু টে’ল আহিলে জিচম-২ চাবলৈ যাম৷”
অৱশেষত সি কামলৈ নগৈ জিচম-২ চাবলৈ গ’ল৷
কিয়নো আধলিটো আঠবাৰ টচ কৰাত টে’ল পৰিল৷

* নবীনে লগৰ বন্ধু এজনৰ কথা কৈছে – তাৰ নিচিনা ৰাম চিকটা আৰু পৃথিবীত নাই।
সি গালি এটা খৰচ কৰিবলৈও টান পায় !

৪) নবীনৰ প্ৰতিশোধ-ৰাজীৱ ৰঞ্জন

নবীনৰ মাথা নষ্ট হৈ আছে। এনেই কাৰেণ্ট নাই, তাতে আকৌ আঠুৱাৰ ভিতৰত মহ। তাক কামুৰি উখহাই দিছে। তিনি বেটেৰী টৰ্চটো জ্বলাই প্ৰায় ৪৫ মিনিট মান লাগি লাগি সি মহটো জিন্দা ধৰিলে। তাৰ পাছত নবীনে ল’লে ভয়ংকৰ প্ৰতিশোধ।

টৰ্চটো নুমুৱাই প্ৰথমে আধা ঘণ্টামান সময় সাৰ সুৰ নোহোৱাকৈ মহটো দুই আঙুলিৰ মাজত আলসুৱাকৈ ধৰি ৰাখিলে। তাৰ পাছত নিজৰ মুখখন সুহুৰি বজোৱাৰ নিচিনা জোঙা কৰি মহটোৰ ওচৰলৈ নি আৰম্ভ কৰি দিলে: ভোঁ ভোঁ ভোঁ ভোঁ। মনৰ ভিতৰতে সন্তুষ্টিৰ হাঁহি এটাৰে নিজকে ক’লে এতিয়া শুই দেখাছোন মহৰ বাচ্ছা ছাল্লা!!

৫)মদাহী আৰু নবীন –বিক্ৰমজিৎ কাকতী

এবাৰ নবীন আৰু তেওঁৰ পত্নী টোপনিত লালকাল ৷ মাজৰাতি কোনোবাই দুৱাৰত ঢকিয়াবলৈ ধৰিলে ৷ নবীনে দুৱাৰ খুলি দেখে সন্মূখত এজন মদাহী ৷

মদাহী,‘নমস্কাৰ, বেয়া নাপাই যদি মোক অলপ ঠেলা মাৰি দিব নেকি?’

কথা শুনি নবীনৰ টেমা খোল খাই গ’ল ৷

নবীন,‘ঠেলা!!!!!!!! ৰাতি দুটা বজাত?? কেতিয়াও নেঠেলো ৷’

সজোৰে দুৱাৰখন বন্ধ কৰি নবীন উভতি আহি বিচনাত উঠিল ৷

শ্ৰীমতী নবীনে সুধিলে,‘ কোন আছিল ?’

নবীন,‘এহ কোনোবা মদাহী হয়, ঠেলা মাৰি দিব লাগে হেনো এই ৰাতিখন ৷’

শ্ৰীমতী নবীনে,‘তুমি সহায় কৰিলা নে ?’

নবীন,‘হেৰা এতিয়া ৰাতি ২ বাজিছে আৰু বাহিৰত বৰষুণ দি আছে ৷’

নবীনৰ কথা শুনি শ্ৰীমতী নবীন বিচনাত বহি ল’লে,‘নবু, তোমাৰ স্মৃতিশক্তি কমি আহিছে ৷ মনত নাই এবাৰ বৰুৱাদাদাৰ পাৰ্টীৰ পৰা ঘুৰি আহোতে তুমি আউট হৈআছিলা আৰু আমাৰ গাড়ী বেয়া হৈছিল ৷ কিন্তু বৰষুণৰ মাজতো সেইৰাতি ৩ বজাত দুজন ভদ্ৰলোকে আমাৰ গাড়ী ঠেলি দিছিল ৷ নবু, তুমি সহায় কৰা উচিত ৷’

শ্ৰীমতীৰ কথা শুনি নবীন মাজৰাতি বৰষুণৰ মাজতো ওলাই গ’ল, গামবুটযোৰ পিন্ধি ৷

আন্ধাৰত কাকো নেদেখি নবীনে চিঞৰিলে,‘বোলো আছে নে আপুনি?’

‘হয় আছো’, উত্তৰ আহিল ৷

‘আপোনাক ঠেলা মাৰি দিব লাগিব নেকি?’, নবীনে আকৌ সুধিলে ৷

‘হয় হয় ’, আন্ধাৰফালি এটা সকাহভৰা উত্তৰ ভাহি আহিল ৷

‘আপুনি আছে ক’ত ?’, নবীনৰ প্ৰশ্ন ৷

’মই আপোনাৰ ঝুলনাখনতে বহি আছো ৷’

৬) নবীনৰ দৃষ্টিত বন্ধৰ উপকাৰিতা :বিক্ৰমজিৎ কাকতী

নবীনৰ মতে বন্ধৰ অপকাৰিতা বহুত যদিও সৰু সুৰা দুটা মান উপকাৰিতাও আছে যেনে :
১. পৰিবেশ প্ৰদূষন হ্ৰাস পায় |
২. শব্দ প্ৰদূষন হ্ৰাস পায় |
৩. খাৰুৱা তেলৰ ব্যৱহাৰ কমে
৪. দুৰ্নীতিকমে |
৫. পৰিয়ালটোৰ লগত সম্পূৰ্ন দিনটো কটাব পৰা যায় |
৬. দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মানুহ বোৰে বন্ধৰ দিনত কাম বেছিকৈ পায় |
৭. পথ দুৰ্ঘটনা হ্ৰাস পায়
৮. বিদ্যুত খৰচ কমে
নবীনৰ মতেতেওঁ২ মাহ মান মাহৰ মূৰত এটা বন্ধ পালে ভাল পায় |….

৭) নবীনৰ বিদেশ ভ্ৰমণ  : ৰাজীৱ ৰঞ্জন

আমাৰনবীন বিদেশলৈ গৈছিল ফুৰিবলৈ। অষ্ট্ৰেলিয়া। নবীনে হোটেলৰ ফোন নাম্বাৰটো ঘৰত দিলে। আমাৰ থোলোকৰ আকৌ নবীনলৈ বৰ মনত পৰিল। বোলে ফোন এটা কৰা যাওক। নবীনৰ ভনীয়েকৰ পৰা নম্বৰটো লৈ আই.এছ.ডি. পিচিঅ’ এটাত সোমাই থোলোকে ফোন লগালে।নম্বৰ ভুল হৈ লাগিলগৈ আফ্ৰিকাৰ কোনোবা দেশত। থোলোকে বোলে “হেল্ল'”….সিফালৰ পৰা নিগ্ৰো এজনৰ মাত “হেল্ল”।

ৰং নাম্বাৰবুলি গম পাই ফোন কাটি দিলে সিফালৰ পৰা। থোলোকে পিচিঅ’ৰ ল’ৰাটোক সুধি কোনঠাইত ফোন লগিছিল উলিয়ালে। তাৰ পাছত থোলোক তামাম খুছ!!!বোলে দেখিছ, আমিহে ইংৰাজী ভাষাটোক লৈ ইমান হুলস্থুল কৰি থাকো। আফ্ৰিকাৰ মানুহেও অসমীয়াতে হেল্ল’ কয়!!!!!

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!