সামূহিক তথ্যচিত্ৰ আৰু ডিজিটেল অন্তৰ্ভুক্তিকৰণ — মনস্বিনী মহন্ত


১৯৫০-৬০ৰ দশকত কম ওজনৰ লগতে সহজতে ব্যৱহাৰ কৰিব পৰা কেমেৰা তথা অন্যান্য দৃশ্যগ্ৰহণৰ সজুঁলিবোৰ সুলভ মূল্যত বজাৰত উপলব্ধ হোৱাৰ সমান্তৰালভাৱে ফৰাচী নব্য তৰংগ আৰু ইটালীয়ান নব্য বাস্তৱবাদৰ দৰে বৌদ্ধিক কচৰতৰ ধাৰাসমূহৰ উপস্থিতিৰ প্ৰভাৱত, ইউৰোপ আৰু আমেৰিকাৰ ক্ষেত্ৰবিশেষে দৃশ্য-শ্ৰাব্যিক লেখীকৰণৰ কিছুসংখ্যক কালজয়ী প্ৰচেষ্টা ব্যক্তিগত স্তৰত হাতত লোৱা হৈছিল। ৰীলৰ পৰা আহি ডিজিটেল পৃথিৱীৰ বিপ্লৱে দৃশ্য-শ্ৰাব্য মাধ্যমৰ লেখীকৰণৰ প্ৰক্ৰিয়াবোৰ আৰু কম খৰচী কৰি দিয়াৰ লগে লগে বৰ্তমান সময়ত বিশ্বযুৰি এনেধৰণৰ ব্যক্তি পৰ্যায়ৰ লেখীকৰণৰ প্ৰচেষ্টা অতি সুলভ হৈ পৰিছে। চিনেমেটিক কথনৰীতিৰ প্ৰতি আগ্ৰহী বহুতো ন-কথকে আজি নিজৰ কাহিনীসমূহ বা নিজে কথনযোগ্য বুলি ভবা কাহিনীসমূহ ক’বলৈ অত্যন্ত কম খৰচী আৰু সহজবোধ্য দৃশ্য-শ্ৰাব্য মাধ্যমসমূহকে চয়ন কৰিছে আৰু ইণ্টাৰনেটৰ পৃথিৱীত এনে চিনেমেটিক আলেখৰ ভাইৰেল প্ৰসাৰতে ইয়াৰ প্ৰতিফলন বাৰুকৈয়ে চকুত পৰিছে। ডিজিটেল তথা নব্য মাধ্যমৰ এই উত্তৰণে, অনাদি কালৰ পৰা মানৱ সমাজত কাম কৰি থকা সামূহিক গণমাধ্যমৰ ক্ষেত্ৰখন( community media)তো প্ৰভাৱ বিস্তাৰ কৰিছে। এই প্ৰবন্ধটোত সামূহিক গণ মাধ্যমৰ পাৰম্পৰিক ক্ষেত্ৰখনত ডিজিটেল মাধ্যমৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত এনে চিনেমেটিক কথনৰীতি, বিশেষভাৱে তথ্যচিত্ৰই আনিব পৰা সম্ভাব্য সামাজিক উত্তৰণ সন্দৰ্ভত আলোকপাত কৰা হৈছে।

চিনেমেটিক কথনৰীতিৰ কথা আলোচনা কৰিলে আমি সাধাৰণতে সকলোধৰণৰ চিনেমা প্ৰচেষ্টা বা দৰ্শন অভিজ্ঞতাকে সূচাও যদিও এই প্ৰবন্ধৰ ক্ষেত্ৰত বিশেষকৈ তথ্যচিত্ৰৰ কথাহে আলোচনাৰ আওটালৈ অনা হৈছে। চিনেমা ইতিহাসৰ সবাটোকৈ পুৰণি তথা আটাইতকৈ বেছি চৰ্চিত-সম্পৰিক্ষিত ক্ষেত্ৰখনেই হৈছে তথ্যচিত্ৰ। লুমিয়াৰ ভ্ৰাতৃদ্বয়ে উনবিংশ শতিকাৰ শেষভাগৰ পৰা যিসমূহ দৃশ্য-শ্ৰাব্য পৰীক্ষাৰে বিশ্ব চলচ্চিত্ৰ ইতিহাসৰ সূচনা কৰিছিল, সেইসমূহকো সহজভাৱে চুটি আৰু নিৰ্বাক তথ্যচিত্ৰই বুলিব পৰা যায়। কাহিনীচিত্ৰ, চিনেমা চৰ্চাৰ ক্ষেত্ৰখনত বহু পিছৰ কালৰ সংযোজন। আনকি হলীউড তথা ইয়াৰ অনুকৰণত বিশ্বৰ অন্যান্য ঠাইসমূহতো সৃষ্টি হোৱা বক্সঅফিচ কেন্দ্ৰিক ব্যৱসায়িক আৰ্হিটোৱে কাহিনী চিত্ৰৰ হাতত ধৰি চিনেমাৰ জগতখনত খোপনি পুটি উত্থান আৰু প্ৰসাৰণ যাত্ৰা আৰম্ভ কৰাৰ পিছতো তথ্যচিত্ৰৰ চৰ্চাই, সমাজজীৱনৰ বিভিন্ন অনুসংগৰ বাস্তৱসন্মত প্ৰতিলেখনৰ মাধ্যমত, স্বকীয়তাৰে গুৰুত্ব বজাই ৰাখিবলৈ সক্ষম হয়।

কিম্বদন্তী স্কটিচ তথ্যচিত্ৰ নিৰ্মাতাজন গিয়েৰ্চনে ৰবাৰ্ট ফ্লাহাৰ্টিৰ ‘ম’না’ শীৰ্ষক চিনেমাখনৰ বিষয়ে আলোচনা কৰোঁতে তথ্যচিত্ৰৰ ইংৰাজী documentary প্ৰতিশব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। সকলো চিনেমাই এক নিৰ্দিষ্ট সমাজ জীৱনকে প্ৰতিনিধিত্ব কৰে যদিও, তথ্যচিত্ৰৰ ক্ষেত্ৰত এই সম্পৰ্ক অধিক পোনপটীয়া। জন গিয়েৰ্চনৰ তথ্যচিত্ৰসমূহৰ বিষয়ে আলোচনা কৰোঁতে ডেনিচ ডি নিটোৱে তথ্যচিত্ৰ আৰু এইসমূহৰ সমাজৰ সৈতে তিনিতৰপীয়া সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছিল-১) সামাজিক বৰ্ণনাৰ কাৰণে তথ্যচিত্ৰ ২) সামাজিক সমালোচনাত্মক তথ্যচিত্ৰ আৰু ৩) সামাজিক প্ৰতিবাদৰ কাৰণে নিৰ্মিত তথ্যচিত্ৰ। পামেলা য়েটচ আৰু পাকো ডে অনিচে তেখেতসকলৰ গৱেষণা লেখনি Reflections on Getting Real: Debunking Five Myths That Divide Usত তথ্যচিত্ৰ নিৰ্মাতাৰ সামাজিক দায়বদ্ধতা তথা তেখেতসকলৰ সৃষ্টিৰ বিশ্বজনীনতা সম্পৰ্কে উল্লেখ কৰি কৈছে যে, ‘We give equal weight to being artists as well as human rights defenders. We know that as we get better and better as artists, we create wider audiences with far greater impact…Our canvas is global; our palette, the human condition.’

সামূহিক গণ মাধ্যম আৰু বিভাজিত সবলীকৰণ

উন্নয়নশীল ৰাষ্ট্ৰসমূহত ‘ICT for development’, ‘Rural market e-hub’, ‘E-Choupal’ৰ দৰে ইণ্টাৰনেট বা নব্য গণমাধ্যমৰ মঞ্চসমূহ ব্যৱহাৰ কৰি আৰম্ভ কৰা উন্নয়নমুখী প্ৰকল্পসমূহৰ বিফলতাৰ আঁৰৰ এটা মুখ্য কাৰণ হৈছে ডিজিটেল বিভাজন। এতিয়া যেতিয়া আমি ডিজিটেল বিভাজনৰ কথা কওঁ, ইয়াৰ তিনিটি মুখ্য দিশ থাকে-

  • প্ৰযুক্তিগত বা উপযোগিতাজনিত বিভাজন
  • অৰ্থনৈতিক কাৰণজনিত বিভাজন
  • সামাজিক বা সবলীকৰণজনিত বিভাজন।

সাক্ষৰতাৰ অভাৱৰ ফলত, বিশেষকৈ ইলেক্ট্ৰনিক সাক্ষৰতাৰ অভাৱত প্ৰযুক্তিগত দিশৰ ডিজিটেল বা ইলেক্ট্ৰনিক বিভাজনৰ সৃষ্টি হোৱাৰ বিপৰীতে ডিজিটেল বিভাজনৰ সামাজিক দিশটোৰ বিভিন্ন সমাজ-মনস্তাত্বিক তথা ৰাজনৈতিক কাৰণ থাকে। এই কাৰণসমূহৰ সমাজৰ সকলো স্তৰতে অবাধ অৱস্থিতিৰ পৰিপ্ৰেক্ষিতত, মহিলাৰ লগতে সমাজৰ অন্যান্য প্ৰান্তীয় অৱস্থিতিৰ গোট অথবা পৰিচিতিসমূহে অধিক পৰিমাণে ডিজিটেল বিভাজনৰ সন্মুখীন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰীজনিত বিষয়ৰ বিভাগ, ইউ এন ৱমেন আৰু ৱৰ্ল্ড পাল্চ সংস্থাই প্ৰস্তুত কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ডিজিটেল বিভাজনৰ মাজত এক লৈংগিক বিভাজনেও সামাজিক দিশত কাম কৰে। পুৰুষৰ তুলনাত ইণ্টাৰনেট বা নব্য গণ মাধ্যমৰ ব্যৱহাৰ আৰু উপযোগিতাৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ ২৫শতাংশ কম বুলি উল্লিখিত প্ৰতিবেদনত দাখিল কৰা বিশ্বজোৰা পৰিসংখ্যাই সূচাইছে। উপ-চাহাৰীয় আফ্ৰিকা আৰু এছিয়াৰ কিছুসংখ্যক দেশত এই পাৰ্থক্যৰ পৰিসাংখ্যিক লেখ ৪০শতাংশলৈকে বৃদ্ধি হোৱাও পৰিলক্ষিত হৈছে।

অৰ্থনৈতিক বিভাজন আৰু প্ৰযুক্তিগত বিভাজন অৰ্থনৈতিক উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰদ্বাৰা ৰোধিব পাৰিব বুলি বিশ্বাস কৰিব পাৰিলেও, সামাজিক বিভাজন বা সবলীকৰণৰ ক্ষেত্ৰত আহি পৰা পাৰ্থক্য নোহোৱা কৰাটো যথেষ্ট কঠিন হৈ পৰে। এইখিনিতে সামূহিক গণমাধ্যমসূহৰ প্ৰসংগটো আকৌ তাৎপৰ্যপূৰ্ণভাৱে আহি পৰে।

পাৰম্পৰিকভাৱে ব্যৱহৃত সামূহিক গণ মাধ্যমসমূহ যেনে লোক নাট আৰু নৃত্য, গীতি ইত্যাদি ব্যতিৰেকে যোৱাটো শতিকাৰ পৰা ৰেডিঅ’ই বিভিন্ন উন্নয়নকামী, সচেতন সামাজিক গোটসমূহৰ কাৰণে মূল সূঁতিৰ গণমাধ্যমসমূহৰ বিপৰীতে এক বিকল্পৰ সন্ধান দিছে। ডিজিটেল সন্নিবিষ্টকৰণ (digital inclusion)ৰ ক্ষেত্ৰতো সামূহিক ৰেডিঅ’ ব্যৱস্থাসমূহে ভাৰতবৰ্ষ, নেপাল, বাংলাদেশ, পাকিস্তান ইত্যাদি এছীয় আৰু উগাণ্ডা, মালি, লিম্প’প’ ইত্যাদি আফ্ৰিকান ৰাষ্ট্ৰসমূহত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিগত, ব্যৱহাৰিক অথবা উপযোগিতা জনিত তথা অৰ্থ-সামাজিক সকলো বিভাজনৰ ক্ষেত্ৰতে সামূহিক ৰেডিঅ’ কেন্দ্ৰসমূহৰ কাৰ্যপ্ৰণালী, বিভাজন বিমুখী খোজ পেলোৱাত সহায়ক হিচাপে প্ৰতিপন্ন হৈছে। . ক্ষুদ্ৰ পৰিসৰৰ গণমাধ্যমৰ গোট হিচাপে এই ৰেডিঅ’ কেন্দ্ৰসমূহে স্থানীয় সমস্যাসমূহৰ চৰ্চা তথা সমাধানৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰী অনুসংগ (participatory element) হিচাপে কাম কৰি আহিছে।

ইউনেস্ক’ৰ মত অনুযায়ী সামূহিক গণমাধ্যমৰ উপস্থিতি আৰু সঘন চৰ্চাই এখন ঠাইত গণ মাধ্যমৰ বহুধা বিভক্ত আৰু গণতান্ত্ৰিক উপস্থিতিৰে ইংগিত কৰে। আৰু এনে উপস্থিতিৰ ফলত মুকলি বিতৰ্ক, আলোচনা তথা এক স্বচ্ছ সামাজিক পৰিবেশৰ সূচনা হয়। এইসমূহ গণমাধ্যমে কণ্ঠহীন প্ৰান্তীয় অৱস্থিতিসমূহকো কণ্ঠদান কৰে। ফলত এনে গণমাধ্যমে প্ৰযুক্তিগত, অৰ্থনৈতিক তথা সামাজিক সকলো দিশৰ পৰাই ডিজিটেল বিভাজন প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়।

সামূহিক তথ্যচিত্ৰ: এক নতুন দৃষ্টিভংগী

সামূহিক গণমাধ্যমৰে এক দিশ হিচাপে তথ্যচিত্ৰৰ প্ৰসংগলৈ আকৌ ঘূৰি অহা যাওক। যদিওবা সাধাৰণতে সামূহিক গণমাধ্যমৰ নতুন ক্ষেত্ৰ বুলিলে ৰেডিঅ’ৰ বিষয়টোৱেই সঘনে চৰ্চিত হয়, কিন্তু দৃশ্য-শ্ৰাব্য প্ৰকল্পসমূহেও এইক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। ১৯৬০চনত দৃশ্য-শ্ৰাব্য মাধ্যমৰ যোগেদিয়েই কানাডাত সামূহিক গণমাধ্যমৰ সূচনা হৈছিল। চ’নীৰ পৰ্টা-পেক কেমেৰাৰ উদ্ভাৱনৰ লগে লগে সূচনা হোৱা চিনেমেটিক লেখীকৰণৰ নতুন যুগটোত ফ্ৰেডৰিক ৱাইজমেনে ‘ডাইৰেক্ট চিনেমা’ পদ্ধতি প্ৰয়োগ কৰি ‘হাইস্কুল’ শীৰ্ষক কালজয়ী তথ্যচিত্ৰখন নিৰ্মাণ কৰাৰ সেই সময়তে কানাডীয়ান ছবিনিৰ্মাতা বনী ক্লেইন আৰু ডৰথী হেনাৰ্টলিয়ে পৰিৱৰ্তনৰ কাৰণে দৃশ্য-শ্ৰাব্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰি স্থানীয় আৰু সমুদায়ভিত্তিক নাগৰিক সমস্যাসমূহলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কানাডাৰ নেশ্যনেল ফিল্ম বৰ্ডে আয়োজন কৰা পৰিৱৰ্তনমুখী প্ৰকল্পৰ বেনাৰত ক্লেইন আৰু হেনাৰ্টিলিয়ে পিছলৈ থলুৱা যুৱচামক প্ৰশিক্ষণ দি, তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰে স্থানীয় আৰ্থ-সামাজিক বিষয়ভিত্তিক কিছুসংখ্যক তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল।

সাম্প্ৰতিক সময়ত প্ৰযু্ক্তিগত উত্তৰণে হাতৰ তলুৱাতে দৃশ্যগ্ৰহণৰ পৰা সম্পাদনালৈকে সকলো ব্যৱস্থা সুলভ কৰি দিয়াৰ পিছত এনেধৰণৰ সামূহিক চিনেমেটিক আলেখৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। যদি এই পৰিঘটনাটিক ডেনিছ ডি নিটোৰ উল্লিখিত তথ্যচিত্ৰৰ শ্ৰেণীবিভাজনৰ আওটালৈ আনি চোৱা হয়, তেন্তে এনেধৰণৰ সামূহিক চিনেমেটিক আলেখসমূহ নিটোৰ তিনিতৰপীয়া শ্ৰেণীবিভাজনৰ অন্ততঃ এটাত সন্নিবিষ্ট হোৱা চকুত পৰে। স্থানীয়ভাৱে উদ্ভূত আৰু অনুভূত সামাজিক পৰিঘটনাৰ বৰ্ণনা, সমালোচনা অথবা এইসমূহৰ বিৰূদ্ধে প্ৰতিবাদ এই আলেখসমূহত কৰা দেখা যায়। আৰু এনে কৰোঁতে ছবি নিৰ্মাণ কৰোঁতাসকলে তিনিও প্ৰকাৰৰ বিভাজনৰে প্ৰথমতে সন্মুখীন হয় আৰু তাৰপিছত ক্ৰমাগতভআৱে তেনে বিভাজন ওফৰাই থিয় হ’বলৈয়ো সক্ষম হয়।

তেওঁলোকৰ তথ্যচিত্ৰ: তেওঁলোকৰ কণ্ঠৰ অন্তৰ্ভুক্তিকৰণ

সামূহিক গণমাধ্যমৰ দৃশ্য-শ্ৰাব্য প্ৰবিষ্টিটোৰ সফলতাৰ এক উদাহৰণ প্ৰবন্ধটোৰ এই অংশত আলোচনা কৰিবলৈ ওলাইছোঁ। আহমেদাবাদৰ দৃষ্টি নামৰ মিডিয়া সংস্থাটিয়ে ভাৰতবৰ্ষত সামূহিক তথ্যচিত্ৰ নিৰ্মাণ আৰু সামূহিক গণ মাধ্যম হিচাপে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰখনত কচ্ছ মহিলা বিকাশ মঞ্চ আথবা KMVS, Area Networking and Development Initiatives (ANANDI), কৰ্ণাটকৰ IT for Change ইত্যাদি বিভিন্ন স্বেচ্ছাসেৱী গোটসমূহ ৰ লগত একগোট হৈ কিছুমান দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত গণমাধ্যমৰ ব্যৱহাৰৰ বাবে কৌশলগত প্ৰশিক্ষণ প্ৰদান, তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ, অনাতাঁৰ ব্যৱস্থা পৰিচালনাৰ প্ৰশিক্ষণ ইত্যাদিবোৰ উল্লখযোগ্য। KMVSৰ নাৰীৰদ্বাৰা পৰিচালিত সামূহিক অনাতাঁৰ ব্যৱস্থাৰ প্ৰকল্পটোৰ সফল পৰিচালনাতো এওঁলোকৰ প্ৰভুত অৱদান আছে। ANANDIৰ ডাং অঞ্চলত চলি থকা সামূহিক অনাতাঁৰ ব্যৱস্থা আৰু তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰকল্পসমূহতো দৃষ্টিৰ কাৰিকৰী প্ৰশিক্ষণ আৰু সহযোগে এক বিশেষ ভূমিকা পালন কৰিছে।

এটা সাধাৰণ ম’বাইল বাৰ্তাৰ মাধ্যমত সামাজিকভাৱে পৰিত্যক্ত ব্যক্তি বা ব্যক্তিগোটসমূহৰ মূলসূঁতিত অন্তৰ্ভুক্তিকৰণৰ ঘটনাসমূহ ‘আঙুলিৰ টিপত অধিকাৰ’ৰ (হক মাৰো উংগৰী পৰ) ধাৰণাক বাস্তৱায়িত কৰিবলৈ দৃষ্টি, ANANDI আৰু KMVSৰ নিচিনা সংগঠনসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহ ডিজিটেল অন্তৰ্ভুক্তিকৰণৰ (digital inclusion) ক্ষেত্ৰত তিনিতৰপীয়া বিভাজন প্ৰতিহত কৰা সাফল্যৰ এক উদাহৰণ বুলিব পাৰি। এটা বিশেষ ঘটনা এইখিনিতে উদাহৰণ হিচাপে উনুকিয়াব বিচাৰিছোঁ। ২০১৪চনত গুজৰাটৰ ভাৱনগৰ জিলাৰ শীহোৰ অঞ্চলত ঘটা এই ঘটনাটি পোনতে সৰ গাঁৱৰ এগৰাকী দলিত মহিলাৰ ব্যক্তিগত শ্ৰেণী উত্থান(? )ৰ পৰিঘটনা হিচাপেই পৰিগণিত হৈছিল, কিন্তু পিছলৈ ই এক সামূহিক শ্ৰেণী অন্তৰ্ভুক্তিকৰণৰ পৰিঘটনালৈ পৰ্যবসিত হৈছিল। সেইসময়ত ANANDIৰ সামূহিক বাৰ্তা প্ৰেৰণৰ প্ৰকল্পৰ মাধ্যমত শীহৰ অঞ্চলৰ বিভিন্ন গাওঁসমূহৰ মহিলাসকললৈ গ্ৰাম সভাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল যে এই একক বাৰ্তা প্ৰসাৰৰ (Single message dissemination)ৰ কৰ্ম সম্পাদন কৰা মহিলাসকলৰ ক্ষেত্ৰতো, আনুষ্ঠানিক শিক্ষাৰ মানদণ্ডত, আটাইতকৈ শিক্ষিতাগৰাকীও মাত্ৰ দশম শ্ৰেণীৰ দেওনা গৰকাহে আছিল। সি যি নহওক ANANDIৰ বেনাৰত এই স্বল্পশিক্ষিত কিন্তু প্ৰযুক্তিগতভাৱে প্ৰশিক্ষিত তথা ব্যৱহাৰিক বিভাজনৰ ক্ষেত্ৰত সবলীকৃত এই মহিলা সকলে পঠিওৱা, এনে এক বাৰ্তাৰ মাধ্যমত সৰ গাঁৱৰ সৰিতা বেনে নিজৰ গাঁৱত হ’বলগীয়া গ্ৰামসভাৰ বিষয়ে জানিব পাৰিছিল। এই কথা নক’লেও হ’ব গাঁও পঞ্চায়তৰ সকলো ভোটদাতাৰ উপস্থিতিত হ‘বলগীয়া গ্ৰামসভালৈ সৰিতা বেনৰ দৰে দুতৰপীয়া ‘প্ৰান্তীয় পৰিচিতি’ৰ (জাতিগতভাৱে অস্পৃশ্য, তাতে আকৌ মহিলা! )জীৱসমূহক নিমন্ত্ৰণ কৰা হোৱা নাছিল। সেয়া গুজৰাটৰ সমাজব্যৱস্থাত এক নিতান্তই সাধাৰণ পৰিঘটনা হিচাপেই গ্ৰহণ কৰা হৈছিল। কিন্তু সৰিতা বেনো বেলেগ ধাতুৰে গঢ়া মানুহ আছিল, সেয়েহে তেওঁ অকলে এটা অসাধাৰণ কাম কৰিবলৈ আগবাঢ়ি গৈছিল। চৰপঞ্চ আৰু দুজনমান মুখিয়ালৰ (নক’লেও হ’ব কেওজনেই আছিল উচ্চ জাতৰ আৰু পুৰুষ) উপস্থিতিত হোৱা সেই গ্ৰামসভাত সৰিতাবেনৰ উপস্থিতিয়ে সৃষ্টি কৰা অসন্তুলনৰ দৃশ্য কেমেৰাৰ মাধ্যমত হোৱা প্ৰতিফলনৰ প্ৰচাৰ আৰু প্ৰসাৰে, শীহৰ অঞ্চলৰ অন্যান্য বহুতো গাঁৱৰ গ্ৰামসভাত, আৰু বহুতো সৰিতাবেনৰ প্ৰবেশৰ বাট কাটি দি এক বৃহৎ স্তৰৰ সন্তুলনৰ সৃ্ষ্টি কৰিছিল।

সৰিতাবেন আৰু ANANDIৰ ম’বাইল ৰেক’ৰ্ডিং বা তদনুৰূপ অন্যান্য সামূহিক গোট ৰেক’ৰ্ডিং সমূহক চলচ্চিত্ৰ বুলিব পৰা যায় নে নাই এই সম্পৰ্কত বৌদ্ধিকমহলত এক বিতৰ্ক সঘনাই উত্থাপিত হোৱা দেখা যায়। যদি এইধৰণৰ ৰেক’ৰ্ডিং, নিতান্তই ৰেক’ৰ্ডিংহে মাত্ৰ, সম্পাদনাৰ অনুপস্থিতিত চলচ্চিত্ৰ বা তথ্যচিত্ৰ নহয় বুলি ধৰা যায় তেন্তে একেই যুক্তিৰ পৰিপ্ৰেক্ষিতত লুমিয়াৰ ভ্ৰাত্ৰৃদ্বয়ৰ প্ৰথম চলচৈত্ৰিক পৰীক্ষণ সমূহকো চলচ্চিত্ৰ বুলিব পৰা নেযায়। অৱশ্যে সৰ্বাংগসুন্দৰ সম্পাদনাৰ উদাহৰণ দাঙি নধৰিলেও ANANDIৰ পৰৱৰ্তী অথবা তদনুৰূপ অন্যান্য গোটসমূহৰ সমকালীন দৃশ্য-শ্ৰাব্য আলেখ(Video Documentation) সমূহত সম্পাদনাৰ যথেষ্ট নিদৰ্শন পোৱা যায়। আৰু সেয়েহে তথ্যচিত্ৰৰ প্ৰাথমিক আৰু প্ৰাৰম্ভিক উত্পত্তিগত ধাৰণা অনুযায়ী এই ৰেক’ৰ্ডিংসমূহক এই লেখনিত তথ্যচিত্ৰৰ সংজ্ঞাৰ পৰিসীমাৰ ভিতৰতে ৰখা হৈছে আৰু তথ্যচিত্ৰ বুলিয়েই উল্লেখ কৰা হৈছে। আৰু সৰ্বোপৰি এইসমূহ পূৰ্ণাংগ তথ্যচিত্ৰ হওক বা নহওক, এইসমূহে মূলসূঁতিৰ গণমাধ্যমৰ চহৰকেন্দ্ৰিকতাৰ বিপৰীতে এনে এক বিকল্পৰ কাম কৰিছে, য’ত পৰিবেশকসকল সমাজখনৰ অভিন্ন অংগ হোৱা সূত্ৰে সেই সমাজৰ নাড়ীৰ গতিকো ভালদৰে বুজি পায় আৰু তদনুৰূপ সমস্যা তথা সমাধানৰ পৰিকল্পনাসমূহৰ সুস্থ প্ৰতিলেখন কৰিব পাৰে।

২০১৪চনত শীহৰ জিলাত অনুষ্ঠিত হোৱা আৰু ৪লাখৰো অধিক সামূহিক গণ মাধ্যমৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা এক সভাত ভাগ লৈ UN Womenৰ তদানীন্তন কাৰ্যকৰী নিৰ্দেশক ফুমজিলে মাম্ব’-নাচুকা (Phumzile Mlambo-Ngcuka)য়ে কোৱা কথা এষাৰ এইক্ষেত্ৰত মন কৰিবলগীয়া, “এই কৌশলসমূহ কেৱল গণ মাধ্যমৰ কৌশল নহয়, এইবোৰ হৈছে আত্মপ্ৰকাশৰ মাধ্যম। যেতিয়া এগৰাকী তথাকথিত অশিক্ষিত মহিলাই সীমিত সুবিধাৰ মাজত, মই, পৃথিৱীত পাব পৰা সকলোবোৰ সুবিধা পোৱাৰ পিছতো বুজি নোপোৱা ধাৰণা কিছুমানৰ ইমান সুন্দৰ বাস্তৱ প্ৰয়োগ কৰি দেখুৱায়, মই ভাবো ই এক আত্মসন্মানৰ আহিলা হিচাপেও কাম কৰে, যি আত্মসন্মানে আপোনাক এই গণমাধ্যম বা কৌশলসমূহৰ ব্যৱহাৰৰ যোগেদি নিজৰ অধিকাৰসমূহৰ বাবে যুঁজিবলৈ শিকায়। আৰু আপোনালোক তাত সফলো হৈছে। মই ভাবো গান্ধীৰ দেশৰ মানুহ হিচাপে এই আত্মসন্মান আৰু সচেতনতাই আপোনালোকক গান্ধীজীৰ সেই এক শ্ৰেণীবিহীন সমাজ গঠনৰ সপোন ৰূপায়ণত সহায়তা কৰিব।”

গুজৰাটৰ সৰিতা বেনৰ প্ৰতিবাদক সাৰথি কৰি ANANDIএ আৰম্ভ কৰা বিকল্প গণ মাধ্যমৰ দৃশ্য-শ্ৰাব্য আলেখসমূহে সততে অৱদমিত হৈ থকা প্ৰান্তীয় অৱস্থিতিৰ পৰিচিতিসমূহৰ কণ্ঠক You Tubeৰ দৰে মাধ্যমৰ সহযোগত বিশ্ব দৰবাৰৈ লৈ যাবলৈ সক্ষম হৈছে। ফুমজিলেই মত প্ৰকাশ কৰাৰ দৰেই এনে তথ্যচিত্ৰৰ নিৰ্মাতাসকলে ডিজিটেল বিভাজনৰ তিনিতৰপীয়া শ্ৰেণীবিভাগৰ প্ৰতিটো বিভাগকে প্ৰতিহত কৰিবলৈ সুযোগ পোৱাৰ লগতে তেখেতসকলৰ অৱৰু্দ্ধ তথা সততে অৱহেলিত কণ্ঠৰ আলেখৰ কাৰণেও এক মঞ্চ আৰু সঁজুলিৰ সৃ্ষ্টি কৰিছে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোক সেইখন সমাজৰ অংগ হিচাপে স্বীকৃত হ’বলৈ সক্ষম হৈছে, যিখন সমাজে তেওঁলোকক ইয়াৰ পূৰ্বে সেই স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল। এইখিনিতে আৰু এটা কথা মন কৰিব লাগিব যে এই স্বীকৃতিৰ প্ৰক্ৰিয়াটো কিন্তু সাংবিধানিক, (সৰৰ সৰিতা বেনৰ গ্ৰাম সভাৰ উদাহৰণটোলৈ মনত পেলাওঁক) আৰু সেয়েহে এই সাংবিধানিক অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়াটোৱে তেওঁলোকক অন্যান্য সেই সকলো সাংবিধানিক অধিকাৰৰ প্ৰতিও সচেতন কৰি তুলিছে যিসমূহৰ বিষয়ে তেওঁলোকে ইয়াৰ পূৰ্বে অৱগত নাছিল।

এই তথ্যচিত্ৰসমূহে, প্ৰান্তীয় পৰিচিতিৰ ব্যক্তি তথা গোটসমূহক সামাজিক আৰু সাংবিধানিক অধিকাৰসমূহৰ বিষয়ে অৱগত হোৱাৰ সুযোগ দিয়াৰ লগতে সেই অধিকাৰজনিত সুবিধাসমূহ আদায় কৰিবলৈ সক্ষম হ’ব পৰাকৈ ডিজিটেল তথা সামাজিক বিভাজন প্ৰতিহত কৰি তেওঁলোকৰ সবলীকৰণৰ হকেও কাম কৰিছে। সাম্প্ৰতিক সময়ত হাতৰ তলুৱাত পৃথিৱীখন আহি পৰা সময়ৰ পৰিপ্ৰেক্ষিতত, কিঞ্চিৎ প্ৰশিক্ষণৰ সুবিধা কৰিব পাৰিলেই তথ্যচিত্ৰৰ ক্ষেত্ৰখনে সামূহিক গণমা্ধ্যমৰ অন্য মাধ্যমসমূহতকৈ ব্যৱহাৰিক ক্ষেত্ৰত তিনিতৰপীয়া ডিজিটেল অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়া তৰান্বিত কৰিব পাৰিব বুলি সৰিতা বেনৰ উদাহৰণটোৱেই প্ৰমাণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!