সাম্প্ৰতিক অসমৰ পৰিৱেশ

(সম্পাদকীয় টোকাঃ অকব-ত যোৱা মাহটোত অসমৰ পৰিস্থিতি সম্পৰ্কে বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে আৰু সেইবাবে গোটৰ নিজা একাউণ্টৰ পৰা তলত দিয়া কথাখিনি প’ষ্ট কৰা হৈছিল৷ তাত গোটৰ বিভিন্ন সদস্য-সদস্যাই মন্তব্য আগবঢ়াইছিল৷ তাৰে নিৰ্বাচিত অংশ ইয়াত তুলি দিয়া হ’ল৷)

অসমীয়াত কথা- বতৰা
এইকেইদিনত বহুজন সচেতন সদস্যৰ পৰা পোৱা কে’তবোৰ অনুৰোধ এনেধৰণৰ–
অ.ক.ব.ৰ মজিয়াত ইমান সস্তীয়া বিষয়ৰ আলোচনা ইমান দীঘলীয়ায়াকৈ চলাটো জৰুৰী নেকি?…
বিশেষ জ্ঞান নথকাকৈ কেবল জনপ্ৰিয়তাৰ কাৰণে কৰা এনেকুৱা পোষ্টবোৰ হয় মতামত দিয়া বন্ধ কৰক নহয় পোষ্টটোৱেই ‘ডিলিট’ কৰক’…
একেবাৰেই লেতেৰা কৰি পেলাইছে পৰিৱেশটো…
এই পোষ্টটোৱে শালীনতাৰ সীমা চেৰাই গৈছে…
এই পোষ্টবোৰ পঢ়ি বিৰক্ত লাগিছে, কিবা এটা কৰক…
প্ৰশাসক মহোদয় অলপ কঠোৰ হওক… ইত্যাদি

মাননীয় সদস্যসকলক গুৱাহাটীত এগৰাকী যুৱতী নিগ্ৰহ আৰু তাৰ পাচৰ ঘটনাৰাজীৰ লেতেৰা কথাবোৰ আনি অসমীয়াত কথা-বতৰাৰ মঞ্চ কলুষিত নকৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ’ল৷ প্ৰত্যেকৰে মতামতক সন্মান জনাই ইচ্ছা হ’লে এই বিষয়ৰ চিন্তা, মতামত, বিভিন্ন সম্ভাৱনীয়াত আদি গোটৰ ‘ৱাল’ৰ পৰিৱৰ্তে নিজৰ ‘ৱাল’ত লিখিবলৈ আহ্বান জনালো৷ এই মঞ্চ সৃষ্টিশীল, গঠনমূলক চিন্তাৰ উমৈহতীয়া মঞ্চ৷ গোটৰ ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে এই বিষয়টোৰ অধিক নতুন পোষ্ট কৰি আন গুৰুত্বপূৰ্ণ আলোচনা বা পোষ্ট সমূহক মূল্যহীন কৰি নেপেলাবলৈ আহ্বান জনালো৷ এই সম্পৰ্কীয় নতুন যিকোনো পোষ্টেই মোহাৰি পেলোৱা হ’ব৷
সহযোগিতাৰ কামনাৰে আগতীয়া ধন্যবাদ!

আজিজ-উল-হক : সঠিক পদক্ষেপ।

ৰুমি বৰা : সুখী হৈছো।আগলৈও এনে পদক্ষেপ আশা কৰিলো।ধন্যবাদ।

ধ্ৰুৱজ্যোতি শৰ্ম্মা : সেই বিষয়টোৰ ওপৰতেই যদি সকলো প’ষ্ট মচি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে তেন্তে সেয়া ভাল হৈছে বুলি নকওঁ| সেই বিষয়টোৰ ওপৰতো সুন্দৰ বিশ্লেষণ সম্ভৱ| এনে ঘটনাৰ আলমতো সমাজলৈ সুন্দৰ বাৰ্তা আগবঢ়াব পাৰি| অৱশ্যে লিখোতায়ো শালীনতাবোধ ৰক্ষা কৰি মাৰ্জিত ভাষাৰে গঠনমূলক চিন্তাৰে সুগভীৰ আলোচনা আগবঢ়াব পাৰে| আৰু লিখোতাই যদি এইবোৰ মানিব‍ই নোখোজে, তেন্তে যিকোনো প’ষ্টতে এনেকুৱা বিতৰ্ক বা বেমেজালি হোৱাটো অসম্ভৱ নহব| এই ক্ষেত্ৰত প্ৰশাসক সকলেও নজৰ ৰাখি থাকিব লাগিব| আগতে নদীবান্ধ, মাতৃভাষাৰ প্ৰয়োগ, অসমীয়া নকোৱা আদি বিতৰ্কিত বিষয় লৈও অকব ত আলোচনা হোৱা নাই জানো? গুৱাহাটীৰ বিস্ফোৰণেও দেখোন সুন্দৰ মৰ্য্যদা পাইছিল| তেন্তে আজি প’ষ্ট আঁতৰাব লগা পৰিস্থিতিৰ আঁৰত নিশ্চয় কৰবাত কাৰোবাৰ কিবা ভুল বা এলাহে ঠাই লৈছে| প্ৰশাসকসকলে কথাবোৰ এবাৰ বিশ্লেষণ কৰি চাব বুলি আশা ৰাখিছো| আমি আগৰ সেই অকব বিচাৰো যাক যিকোনো বিষয়েই সুন্দৰকৈ আলোচনা কৰাৰ মঞ্চ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰিছিলো আৰু য’ত এতিয়াৰ দৰেই “কিবা কাজিয়ায়েই লাগে নেকি” ভয় ভাৱেৰে আমি প’ষ্ট কৰিব লগা হোৱা নাছিল|

প্ৰদ্যুত্‍ জ্যোতি শইকীয়া : নকৈ নোৱাৰো ফটা মুখ | দুজনমান আছে | দেখি আছো | অনাহকত বিতৰ্ক বিচাৰি থাকে |সাম্প্ৰতিক ঘটনাৰ ওপৰত কিবা এটা পোষ্ট কৰিলেই হ’ল আৰু | আৰম্ভ হৈ যায় | বিষয়টোৰ ওপৰত ভালকৈ অধ্যয়ন নকৰেই | কিয় বা পোষ্ট কৰাজনে বিষয়টো উত্থাপন কৰিছে ? পোষ্টবোৰৰ ওপৰত কৰা ধাৰাবাহিক পৰ্য্যবেক্ষণৰ পৰা এটা কথা ধৰা পেলাইছো কথাবোৰে ৰাজহুৱা মন্তব্য বা আলোচনাতে সীমাবদ্ধ নাথাকি ব্যক্তিগত পৰ্য্যায় পাইছেগৈ | এটা পোষ্টৰ আলোচনাত ব্যক্তিগত পৰ্য্যায়ৰ মন্তব্য কৰাৰ পাছত আকৌ যদি সিজনে বেলেগ পোষ্ট দিয়ে তেন্তে তাতো গৈ প্ৰত্যাক্ৰমণ কৰাও দেখিছো |তেনেকুৱা ধৰণৰ মন্তব্য কৰাৰ আঁৰত আৰু এটা কাৰণ দেখিছোঁ |তেওঁলোকে ভাবিব পাৰে অ.ক.ব এটা ফেচবুক গ্ৰুপহে | সেইটো মনলৈ ননাই শ্ৰেয় | কাৰণ এতিয়া অ.ক.ব কেৱল এটা ফেচবুক গ্ৰুপ হিচাপে সীমাবদ্ধ হৈ থকা নাই | মাটিত খোজ পেলাইছে | সাহিত্য.অৰ্গৰ দৰে এখন অতি সোনকালে জনপ্ৰিয় হোৱা অনলাইন আলোচনীৰ জন্মস্থলী, কীৰ্তনৰ ইউনিকডকৰনৰ দৰে কামৰ লগত জড়িত, পুৰণি অসমীয়া নাটকৰ শ্ৰব্য ৰূপ সৄষ্টি আৰু সংৰক্ষণ আদিৰ দৰে কামৰ লগত জড়িত | গতিকে তেনেকুৱা ধাৰণা মনলৈ নানিবলৈ অনুৰোধ জনালোঁ |

মন্তব্যবোৰৰ মাজতে আকৌ এবাৰ দেখিলো কিবা বোলে কংগ্ৰেছী-অকংগ্ৰেছী বুলি মন্তব্য | ৰাইজ, এইটো কোনো ৰাজনৈতিক সংগঠনৰ তলত থকা অনুষ্ঠান নহয় বুলিয়েই জানো | এটা কথা লক্ষ্য ৰাখিব এই মঞ্চত বহুত প্ৰতিষ্ঠিত ব্যক্তি জড়িত | কেইবাজনো লেখকৰ পৰা আৰম্ভ কৰি আই এ এছ বিষয়া, উচ্চ পৰ্য্যায়ৰ চৰকাৰী বিষয়া, সমাজ কৰ্মী, না্ট্যকাৰ, অভিনেতা, সম্পাদক পৰ্যন্ত | গতিকে এনেকুৱাধৰণৰ মন্তব্যৰ পৰা বিৰত থকাই ভাল বুলি ভাবো | ৰাইজক কাকূতি কৰিছোঁ যাতে তেনেকুৱা ধৰণৰ ব্যক্তিগত মন্তব্য নকৰে যেন |

এইখন মঞ্চৰ পৰা বহুতজনে বহুত কিবাকিবি পাইছে | বহুত কিবাকিবি মানে টকা প‍ইচা বা প্ৰতিষ্ঠা লাভ নহয়, মানসিক তৃপ্তিহে | সাহিত্য ভালপোৱা মানুহৰ মানসিক তৃপ্তি | দেশৰ পৰা আঁতৰি থকা সকলৰ কথা নক’লোৱেইবা, আমাৰ স্থানীয় সদাব্যস্ত জীৱনত জীয়াই থকা বহুতে লাভ কৰিছে | সেয়ে সকলোৱে সাহিত্য সৃষ্টিত সকলোকে উত্‍সাহ দিয়ক | সেই বুলি কেৱল সাহিত্যহে ৰচনা হ’ব সেইটো নহয় | সাম্প্ৰতিক ঘটনাৰাজি আলোচনা কৰক, তৰ্ক কৰক কিন্তু সেয়াই শালীনতা চেৰাই বিতৰ্কলৈ যাব নালাগে | গঠনমূলক আলোচনা কৰক | গঠনমূলক আলোচনা কৰাৰ আঁৰতো এটা উদ্দেশ্য আছে | কিয়নো কোনো ভাল বিষয়বস্তু হ’লে আলোচনাখিনি ইয়াৰ পৰা তাক বিভিন্ন বাতৰি কাগজলৈ প্ৰেৰণ কৰা হয় | গতিকে শালীনতা বজাই ৰাখি মন্তব্য দিয়ক | তেনেকৈ যিমানেই আলোচনা নহওক কিয়, কোনো ধৰণৰ অসুবিধা হ’ব নোৱাৰে | এজন সদস্য হিচাবে সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনালোঁ | ধন্যবাদ |(কথা কেইটাই বহুত দিন খু দুৱাই আছিল, কৈ পেলালোঁ শেষত, কিবা ভুল ক’লে ক্ষমাহে আৰু )

পংকজ নেওগ : সদস্যসকলে নীতি-নিয়ম সমূহ মানি নচলিলে প্ৰশাসকে ব্যৱস্থা লোৱা উচিত যদিও প্ৰতিজনৰ প্ৰতিটো পোষ্ট চাই থকাটোও সম্ভৱ নহয়। গতিকে তেনে কিবা পোষ্ট দেখাৰ লগে লগে প্ৰশাসকক জনোৱাটো প্ৰতিজন সদস্যৰে দ্বায়িত্ব হব লাগে যাতে অধিক বাক-বিতন্দা হোৱাৰ পূৰ্বেই প্ৰশাসকে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সীমা অতিক্ৰম কৰিলে আপত্তিজনক মন্তৱ্য মোহাৰি পেলাব পাৰে। পিছে বিষয় এটা মোহাৰি পেলাগে বহুতো গুৰুত্বপূৰ্ণ বক্তৱ্য আৰু আলোচনাও নোহোৱা হব, এই কথাটোও মনত ৰাখিব লাগে। উদাহৰণ স্বৰূপে আজি যদি জিএছ ৰোড কাণ্ডৰ আলমতেই এটা ধনাত্মক সিদ্ধান্ত কোনো পক্ষই সমাজৰ বাবে আগবঢ়ায় সেই বিষয়েও আলোচনা আগবঢ়াব পৰা নহব!! … ইমানেই। ধন্যৱাদ!

ময়ুৰ চেতিয়া : ‎”বিশেষ জ্ঞান নথকাকৈ কেবল জনপ্ৰিয়তাৰ কাৰণে কৰা এনেকুৱা পোষ্টবোৰ হয় মতামত দিয়া বন্ধ কৰক নহয় পোষ্টটোৱেই ‘ডিলিট’ কৰক’…” এই কথাখিনি লৈ মই একমত। কিন্তু সেইবুলি বিতর্ক বন্ধ হ’ব নালাগে। গুৱাহাটীৰ ঘটনাটো আৰু তাৰ প্রতিবাদ স্বৰুপে হোৱা কার্যসূচীসমূহে আচলতে আমাৰ সমাজত লুকাই থকা কেতবোৰ কদর্য ৰূপ সম্পর্কে ভাবিবলৈ সূযোগ দিছে। বহুলোকে ভবাৰ দৰে এয়া কোনো সস্তীয়া বিষয় নহয়। যেনেদৰে সাম্প্ৰদায়িকতাবাদ সম্বন্ধে হোৱা আলোচনা ইত্যাদিক সাম্প্রদায়িকতাবাদী বুলি কব পৰা নাযায়, ঠিক তেনেকৈয়ে যৌন নির্যাতনৰ দৰে ঘৃণ্য বিষয় সম্পর্কে কৰা আলোচনাও ঘৃণাৰ বিষয় হব নোৱাৰে। এই বিষয়সমূহ সম্পর্কে কেনেদৰে ৰুচিসন্মত ভাৱে আলোচনা কৰিব পৰা যায়, সেয়াহে চিন্তাৰ বিষয় হোৱা উচিত। এই ক্ষেত্রত কেতবোৰ নিয়ম নির্দেশনা ইত্যাদিও বিকশিত কৰিব পাৰি।

আশীষ মজুমদাৰ : সমাজক বাদ দি সাহিত্য নহয়। অসমীয়া সমাজক আলোড়িত কৰা জি এছ ৰোড কাণ্ডৰ ওপৰত গঠনমূলক আলোচনা হোৱাত আপত্তি থাকিব নালাগে। বিশ্ব দৰবাৰত অসমীয়াৰ সন্মান হানিৰ পিছত সেই সন্মান পুনৰুদ্ধাৰৰ বাবে আলোচনাৰ প্রয়োজন আছে। অশালীন পোষ্ট থাকিলে আঁতৰাই দিলেই হ’ল। মানুহৰ বাক স্বাধীনতাত হস্তক্ষেপ কৰাটো বাঞ্ছনীয় নহয়। সন্দেহ অমূলক নহয়- অদৃশ্য হেচাঁ অহা নাই তো?

প্ৰতিম প্ৰতাপ বৰুৱা : ভাষাই শালীনতাৰ সীমা চেৰাই যোৱা, ব্যক্তিগত আক্ৰমণৰ ৰূপ লোৱা পোষ্ট/মন্তব্য প্ৰশাসকে আতঁৰাই দিয়া কথাটো সমৰ্থন কৰো | এটা গোটৰ মজিয়াখন নিকাকৈ ৰখাটো প্ৰশাসকসকলৰ দায়িত্ব আৰু কৰ্ত্তব্য | আৰু এটা কথা প্ৰতিজন সদস্যই যে প্ৰতিটো পোষ্টতেই নিজৰ মতামত দিবই লাগিব তাৰ কোনো মানে নাই |

নিবিৰ জোনাক : ব্যক্তিগত আক্রমণ প্রত্যাক্রমণত লিপ্ত নাথাকি সকলো বিষয়ৰ ওপৰতে যুক্তি যুক্ততাৰে নিজৰ মতামত দাঙি ধৰা উচিত। বহু সময়ত কাৰোবাৰ মতামত ভাল নালাগিলে তেওঁৰ প্রতি তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰা দেখা পোৱা যায় । সেয়া কোনোপধ্যেই সমৰ্থন যোগ্য নহয়।

হিমজ্যোতি তালুকদাৰ : প্ৰথমেই কৈ থওঁ ইয়াত যিকোনো ধৰণৰ আলোচনা হ’ব পাৰে। বাধা নাই। ধেমেলীয়া, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক ইত্যাদি ইত্যাদি। ৰাজনৈতিক আৰু সামাজিক কিছুমান ভাল প্ৰসংগও উত্থাপন হয়। কিন্তু আমি বস্তুবোৰ ভালদৰে যুক্তিৰে উপস্থাপন কৰোনে? প্ৰথমে ঠিকেই থাকে। শেষত গৈ ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ হৈ যায়| আমিও বিচাৰো আলোচনা হওঁক, কিন্তু যুক্তিৰে। আমি সাধাৰণতে ব্যক্তিগত আক্ৰমণ কৰি লিখা পোষ্ট সমূহ আঁতৰাই দিওঁ প্ৰথমে। কিন্তু যেতিয়া সীমা চেৰাই যায়, তেতিয়া গোটেই পোষ্টটোৱেই আঁতৰাবলৈ কেতিয়াবা বাধ্য হ’বলগীয়া হয়। ইয়াত ‘অদৃশ্য হেঁচা’ নাই একো। অকব গোটটো অখিল, কংগ্ৰেছ, বিজেপি, আদিয়ে চলাই থকা নাইতো, অদৃশ্য হেঁচা পাবলৈ। ই কেনেধৰণৰ মন্তব্য আকৌ? প্ৰশাসক কেইগৰাকীয়ে নিজৰ কিমান সময় এই গোটটোত দিয়ে কাৰোবাৰ হিচাব আছেনে? ব্যক্তিগত ভাবে কওঁ, প্ৰকৃততে মোৰ অকবৰ বহুতো লেখা ভালদৰে পঢ়াই নহয়, কোনোবাই কিবা ইংৰাজীত লিখিছে নেকি সেইবোৰ চাই চাফা কৰি থাকোতে। সকলো প্ৰশাসকে দেহেকেহে লাগি আছে গোটৰ উন্নতিৰ বাবে। ইমান বছৰ ধৰি সকলোৱে মিলিজুলি এই গোটতো চলাই আছে। আগতেওঁ কৈছো এতিয়াও কওঁ, সদস্য সকলে নিজেই কি পোষ্ট, মন্তব্য দিছে তাৰ ওপৰত সতৰ্ক হওঁক। সতৰ্ক হ’লে পোষ্ট/ মন্তব্য মোহাৰি দিয়াৰ প্ৰশ্নই নুঠে।

প্ৰণৱ জ্যোতি দাস : হিমজ্যোতি দাৰ মন্তব্যটো পঢ়ি মোৰ মনলে অহা এটা অনুভব- অকব-ত বাৰু কেইজন মান প্রশাসকৰ সহায়কৰ প্রয়োজন হৈছে নেকি? আচলতে অকব-ৰ পৰিসৰটো ইমান বৃদ্ধি পাইছে যে ৫ জন প্রশাসকে সকলো দিশ চোৱাটো জানো সম্ভৱ ?

জ্যোতি প্ৰকাশ নাথ : নকও নকও বুলিও কৈয়ে দিলো কাৰণ মনৰ কথা মনতে লুকাই নাৰাখি কৈ দিয়াতো ভাল……..
প্ৰথম কথা : “অ.ক.ব.ৰ মজিয়াত ইমান সস্তীয়া বিষয়ৰ আলোচনা ইমান দীঘলীয়াকৈ চলাটো জৰুৰী নেকি?”
অ.ক.ব. ৰ মজিয়াত আজিলৈকে কোনো সস্তীয়া বিষয়ৰ আলোচনা দীঘলীয়াকৈ চলা নাই, সকলো আলোচনাতে সমাজৰ বিভিন্ন বিষয়ৰ বা সমস্যাৰ প্ৰতিফলন ঘটিছে। মোৰ মতে, যি সকল সদস্যই কোনো এটা আলোচনাৰ কথা খিনি পঢ়িবলৈ বেয়া পায় বা পঢ়ি অশান্তি অনুভৱ কৰে তেওঁ বা তেওঁলোকে ব্যক্তিগত ভাৱে প্ৰশাসকক প’ষ্টটো আতৰাই দিবলৈ অনুৰোধ কৰিব পাৰে কিন্তু আন সদস্য সকলে সেই কথাখিনি সস্তীয়া বুলি নাভাৱিবও পাৰে।
দ্বিতীয় কথা : “বিশেষ জ্ঞান নথকাকৈ কেবল জনপ্ৰিয়তাৰ কাৰণে কৰা এনেকুৱা পোষ্টবোৰ হয় মতামত দিয়া বন্ধ কৰক নহয় পোষ্টটোৱেই ‘ডিলিট’ কৰক”
বিশেষ জ্ঞান নথকাকৈ কিবা প’ষ্ট দিলে সেই প’ষ্ট টোৰ তলত দীঘলীয়া আলোচনা হ’ব পাৰে বুলি মনে নধৰে। কাৰণ তাৰ সপক্ষে বিপক্ষে যদি প’ষ্ট দিয়া সদস্যজনে যুক্তি দি থাকিব পাৰে তেন্তে তেওঁৰ সেই বিষয়ৰ ওপৰত বিশেষ জ্ঞান নিশ্চয় থাকিব। আৰু জনপ্ৰিয়তাৰ বাবে কোনোৱে অকবত একো মন্তব্য নকৰে ছাগে, এই কথাটোৰ বিষয়ে প্ৰশাসকক উনুকিওৱা সকলেই অকবত প’ষ্ট দি ফেচবুকত জনপ্ৰিয় হোৱাৰ কামনা কৰে বুলি মোৰ ভাৱ হয়।
তৃতীয় কথা : “একেবাৰেই লেতেৰা কৰি পেলাইছে পৰিবেশটো”
এইটো সঁচা কথা….বহুতো প’ষ্টত তৰ্কৰ পৰা গৈ ব্যক্তিগত আক্ৰমণ হোৱাৰ বাবে পৰিবেশ লেতেৰা হয়। সেয়া মাননীয় সদস্য সকলৰ ভুল। বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কিছু সদাশয় ব্যক্তিয়ে আন সদস্যক সামাজিক ভাৱে অপদস্থ কৰি ভাল পায়। এনেকুৱা যি কোনো লেখা দেখাৰ লগে লগেই আঁতৰাই দিয়াৰ নিয়ম কৰিব লাগে কিন্তু তাৰ বাবে গোটেই প’ষ্ট টোৱে আঁতৰোৱা ভাল নহয়। এয়া গৰিহণাৰ যোগ্য, গোটত কিবা লিখাৰ আগতে গোটৰ নিয়ম নীতি পঢ়ি চাব লাগে।
চতুৰ্থ কথা : “এই পোষ্টটোৱে শালীনতাৰ সীমা চেৰাই গৈছে”
শালীনতাৰ সীমা চেৰাই যোৱা প’ষ্ট অকবত দেখা মনত নপৰে মোৰ।
পঞ্চম কথা : “এই পোষ্টবোৰ পঢ়ি বিৰক্ত লাগিছে, কিবা এটা কৰক”
বিৰক্ত লাগিলে নপঢিলেই হ’ল……আপুনি বিৰক্ত হৈছে বুলি সকলোৱে যে বিৰক্ত হ’ব সেইটো কথা মানি লব নোৱৰি।
ষষ্ঠ কথা : “প্ৰশাসক মহোদয় অলপ কঠোৰ হওক”
পাঁচ সহস্ৰাধিক সদস্য থকা গোট এটা মাত্ৰ এঘাৰজন প্ৰশসকে নিয়াৰিকৈ চলোৱা মুখৰ কথা নহয়। সেয়ে সদস্য সকলকো ভাল বেয়া আঙুলিয়াই দিবলৈ অনুৰোধ কৰা হয়। বেয়া দেখিলে কথাটো আঙুলিয়াই দিলেই হ’ল, প্ৰশাসকে ভাল বেয়া নিজেই বিচাৰ কৰিব। সেইবুলি প’ষ্ট এটা ডিলিট কৰিবলৈ প্ৰশাসকক কৈ থকাটো যুক্তিসঙ্গত নহয়।
শেহত কওঁ এয়া সামাজিক সংযোগৰ মাধ্যম আৰু কিছু ব্যক্তি সামাজিক ভাৱে লগ হ’লে সমাজৰ বিভিন্ন কথা আলোচনা হয় আৰু যদি আলোচনাত নিৰ্মম বাস্তব প্ৰতিফলন হয় তেতিয়া সেই আলোচনা দেখিবলৈ বা শুনিবলৈ আখজা হ’ব পাৰে সেইবুলি আলোচনা নকৰোঁ বুলি বহি থকাটোও ভাল নহয়। কোনো সমস্যাৰ আচল কাৰনটোক আওকান কৰি বাহিৰে বাহিৰে আলোচনা কৰি থাকিলে সঠিক সমাধান পোৱা আশা কম সেয়ে আলোচনা হ’ব লাগে সকলো বিষয়ৰ ওপৰতে কাৰণ আলোচনাৰ বিষয়বস্তুৰ সীমাবদ্ধতা থাকিলে সাহিত্যৰ বিষয়বস্তুতো সীমাবদ্ধতা আহি পৰিব।

প্ৰতিম প্ৰতাপ বৰুৱা : এই পোষ্টটোত প্ৰশাসকসকলে বিতৰ্ক হব নোৱাৰিব/নালাগে বুলি কোৱা নাই | মাত্ৰ শালীনতা ৰক্ষা কৰি পোষ্ট/মন্তব্য দিবলৈহে আহ্বান কৰিছে | এই কথাটোত সকলোৱে একমত প্ৰকাশ কৰা উচিত |
আৰু পোষ্টটোৰ ওপৰতে দিয়া বাক্যকেইটা প্ৰশাসকসকলৰ নিজৰ নহয় | সেইকেইটা অ.ক.ব.ৰ সচেতন সদস্যই প্ৰশাসকসকলক ব্যক্তিগতভাবে জনোৱা অনুৰোধহে | সেই কথাকেইটা প্ৰশাসকসকলে উদ্ধৃতি হিচাপেহে ব্যৱহাৰ কৰিছে |
ইয়াতো অদৃশ্য হেঁচা দেখা পালে উপায় নাই আৰু |
এটা কথা কওঁ – এইটো আমাৰ সকলোৰে মৰমৰ গোট | এই গোটৰপৰা বহুত কাম কৰা হৈছে ইতিমধ্যে, বহুত কাম কৰিবলৈ আচনি লোৱা হৈছে | আমি সদস্যসকলে প্ৰশাসকসকলক গোটটো সুকলমে চলাই নিবলৈ যোগাত্মকভাবে সহযোগ কৰা উচিত |

উচ্চজিৎ কলিতা : ‎”অ.ক.ব.ৰ মজিয়াত ইমান সস্তীয়া বিষয়ৰ আলোচনা ইমান দীঘলীয়াকৈ চলাটো জৰুৰী নেকি?…
বিশেষ জ্ঞান নথকাকৈ কেবল জনপ্ৰিয়তাৰ কাৰণে কৰা এনেকুৱা পোষ্টবোৰ হয় মতামত দিয়া বন্ধ কৰক নহয় পোষ্টটোৱেই ‘ডিলিট’ কৰক’…
একেবাৰেই লেতেৰা কৰি পেলাইছে পৰিবেশটো…
এই পোষ্টটোৱে শালীনতাৰ সীমা চেৰাই গৈছে…
… এই পোষ্টবোৰ পঢ়ি বিৰক্ত লাগিছে, কিবা এটা কৰক…
প্ৰশাসক মহোদয় অলপ কঠোৰ হওক… ইত্যাদি”
…………..ৰাইজ, এই কথাখিনি অ.ক.ব-ৰ প্ৰশাসকসকলৰ নহয় । অ.ক.ব-ৰ কোনো কোনো সদস্যই প্ৰশাসকলৈ পঠোৱা বাৰ্তাৰ কিয়দাংশহে । প্ৰশাসকে মাথোঁ কথাবোৰ অইন সদস্যসকলৰ জ্ঞাতাৰ্থে জনাইছে । আৰু এই গোটত যে কোনো অদৃশ্য হেঁচা নাই তাত মই নিশ্চিত । অ.ক.ব-ৰ মজিয়াত সদায় গঠনমূলক আলোচনা হৈছে । আৰু বিষয়ৰ আলোচনা কৰাত ইয়াত বাধা নাই । কিন্তু ব্যক্তিগত আক্ৰমণযুক্ত পোষ্ট বা মন্তব্য মোহাৰি পেলোৱাটো ভাল কথা ।

অচিন্ত বৰঠাকুৰ : একঘেয়ামি বর্জিত সুস্থ আৰু ইতিবাচক চিন্তা চর্চাৰ পৰিবেশ এটা বর্তি থাকিলেহে অকব গোটটোৰ মূল আদর্শ পথভ্রষ্ট নাইহোৱা যেন লাগিব ।
এইখিনিতে এই পোষ্টটোৰ বিৰোধিতা কৰা সকললৈ কিছুমান প্ৰশ্ন আগবঢ়াব পাৰি, জি এছ ৰোড কাণ্ডৰ সম-সাময়িক ভাবে শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলতো এগৰাকী ভদ্রমহিলাৰ শ্লীলতা হানি সম্পর্কীয় এক দুর্ঘটনা ঘটি গ’ল, এই ঘটনাৰ বিষয়ে তেওঁলোকৰ কিমান সংখ্যক লোক অবগত? নে মহানগৰীৰ পৰা কেইবা শ মাইল আঁতৰৰ হোৱা বাবে বা মদ খাই দোভাগ নিশা ৰাজপথত মাতলামি কৰিবলৈ ওলাই নোযোৱা বাবে অথবা বেছি কাপোৰ পিন্ধি থকা গাঁৱলীয়া মহিলা হোৱা বাবে এইগৰাকী মহিলাৰ শ্লীলতা আপোনালোকৰ বাবে, মহিলা কংগ্রেছৰ বাবে অথবা ৰাষ্ট্রীয় নিউজ চেনেলৰ বাবে সিমান গুৰুত্বপূর্ণ নহয়?
আমাৰ বোধেৰে জি এছ ৰোডৰ অভদ্র মহিলা গৰাকীৰ শ্লীলতা হানিৰ অপচেষ্টা চলোৱা দোষী সকলতকৈ ডিমৌবাসী এইগৰাকী ভদ্র মহিলাৰ অপৰাধী সকলৰ বিৰুদ্ধে অসমৰ ৰাইজ, ফে’ছবুক ব্যৱহাৰকাৰী অসমীয়া/অসম দৰদী সমাজ সচেতন লোক সকল আৰু সংবাদ মাধ্যম অধিক সৰব হোৱা দৰকাৰী আছিল যাতে অসমীয়া নাৰীৰ ওপৰত অনা-অসমীয়া সেনা জোৱানে যোৱা দুই দশক ধৰি চলাই অহা অত্যাচাৰৰ কথা দেশৰ সকলো নাগৰিকে জানক, তেওঁলোকক ধিক্কাৰ দিয়ক আৰু ঐক্যবদ্ধ হৈ পৰা বৃহত্‍ অসমীয়া জাতিৰ কোনো নাৰীৰ প্রতি কোনো পুৰুষেই দুনাই এনে কার্য কৰিবলৈ সাহস নকৰক।
এইকেইদিনত বিহাৰ বা দিল্লীত নানা অত্যাচাৰৰ সন্মুখীন হোৱা মেধাবী অসমীয়া ছাত্র ছাত্রী সকলৰ প্রতিও তেওঁলোক ইমান উদাস কিয়? ভগৱান কণিকাৰ আবিষ্কাৰৰ আৰু সম্যক জ্ঞানৰ প্রতি তেওঁলোক কিমান সচেতন, অকবত প্রকাশ পোৱা সেই সম্পর্কীয় পোষ্টটোৰ বিষয়ে তেওঁলোক অবগত নে? নে তেওঁলোক জি এছ ৰোডৰ বিশিষ্ট মদাহী পুৰুষ মহিলা সকলৰ দুখ-দুর্দশাক লৈ এইকেইদিন নিজৰ বহুমূলীয়া মন্তব্য য’তে পায় ত’তে প্রকাশ কৰি সমাজ শুধৰোৱাত ব্যস্ত হৈ থাকিব লগীয়া হোৱা বাবে এইবিলাকলৈ চকু দিবলৈ সময়েই পোৱা নাই ?!
দুই এটা নিউজ চেনেলে যিটো বিষয় লৈ ৰাইজক ব্যস্ত ৰাখিবলৈ যত্ন কৰে, অকব ও সেই বিষয়তে সীমাবদ্ধ থাকিব লাগিব বুলি কোনো নিয়ম নাই বা থকাটোও অনুচিত। অকব নিজৰ বিশিষ্ট ছন্দত চলি থাকক, ইয়াত সস্তীয়া বিষয়ত যে অধিক আলোচনা হোৱাটো উচিত্‍ নহয় , সেই বিষয়ে কাৰোবাৰ আপত্তি থকাটো একেবাৰেই অনুচিত।

উচ্চজিৎ কলিতা : আমি অসমৰ নিউজ চেনেলবোৰৰ দৰে বোকা চটিওৱা কামত লিপ্ত নোহোৱাটোৱে শ্ৰেয় । আমাৰ চিন্তাশক্তিক নিউজ চেনেলক অপহৰণ কৰিবলৈ দিয়াও উচিত নহয় ।

ধীৰাজ কলিতা : গোটেই কেইটা কমেন্ট পঢ়িব সময়/ধৈৰ্য্য নহল |বহুত দীঘলীয়া, কপি কৰি থলোঁ পিছত পঢ়িম |যি কি নহওক মইও অনুভৱ কৰিছো বহু ধৰনৰ অদৰকাৰী পোষ্ট অ.ক.ব.ৰ মজিয়াত |দৰকাৰী-অদৰকাৰী পোষ্ট বিছাৰ কৰি পোষ্ট মোহাৰি দিলে মহাযুদ্ধ এখন হয় |মোহাৰি দিয়াৰ কাৰন বিৱৰি কব লগা হয় তাৰ পিছত তৰ্ক-বিতৰ্ক-যুক্তি |বহুত পোষ্ট দেখিছো কোনো দিশৰ পৰাই অ.ক.ব.ত পোষ্ট নকৰিবলগীয়া পোষ্টো কৰে আৰু তাত ধেমালিৰ চলেৰে হলেও বহু মত-অভিমত |সকলোৱে নিজ জ্ঞানে সচেতন নহলে সমাধান কৰা টান |নহলে মোৰ বোধেৰে অ.ক.ব ৰ মূল মজিয়াত অকল গল্প,কবিতা…………….বিভিন্ন ধৰণৰ সৃষ্টিমুলক লেখনিৰ কাৰণে ৰাখি আলোচনা আদিৰ কাৰনে ইয়াৰ লগত সংলগ্ন আন এটা গোট খুলিব পাৰি, যদি পৰিচলনা বা কাৰিকৰী একো অসুবিধা নাথাকে |কাৰন বাৰাম্বাৰ কৈ অহাৰ পিছতো এই সমস্যাটো শাম কটা নাই | নহলে দুদিন মান ঠিক হব তাৰ পিছত আকৌ সেই একেই জাবৰ-জোথৰ |

ময়ুৰ চেতিয়া : এইক্ষেত্রত এটা কাম কৰিব পৰা যায়। একেধৰণৰ যুক্তি কেইবাজনো ব্যক্তিয়ে দিলে মাত্র এজন ব্যক্তিৰ কথাখিনি ৰাখি বাকীখিনি কাটি দিব পৰা যায়। ৰাইজে বা কি বোলে?

ভাস্কৰ ডেকা : অকবৰ বহু সদস্যৰে এটা ভুল ধাৰণা আছে যে কোনো এজন ব্যক্তিয়ে যদি এটা গ্ৰুপৰ জন্ম দিয়ে বা গ্ৰুপটোৰ প্ৰশাসকসকলক বহু জানে বুলি ভাবি লয় আৰু সেই প্ৰশাসকসকলৰ সকলো কথাতেই হয়ভৰ দিয়ে ৷কিন্তু দৰাচলতে তেনে নহয়, এই প্ৰশাসকসকলো আমাৰ নিচিনাই এজন সাধাৰণ সদস্য হিচাবে পৰিচিত ৷ গ্ৰুপটোৰ পৰিচালনাৰ দায়িত্বত থাকে যদিও প্ৰশাসকসকলৰ সকলো সিদ্ধান্তই সঠিক নহবও পাৰে ৷ তেখেতসকলো আমাৰ নিচিনা অইন সদস্যসমূহৰ পৰা শিকি বুজি থকা মানুহ, সেয়েহে সকলো কথাই তেখেতসকলৰ জ্ঞাত বুলি ধৰি লোৱাটো আমাৰ পক্ষে ভূল ৷ আমি জানো, যে অকবৰ সদস্যসমূহে এনে ধৰণৰ ভূল ধাৰণাত থকা বাবে গ্ৰুপটোৰ প্ৰশাসকসকল খুবেই দুখিত ৷ সেয়েহে অকবৰ সমূহ সদস্যৰে দায়িত্ব যে গ্ৰুপটোৰ প্ৰশাসকসকলক ভুল পথত পৰিচালিত নকৰি উচিত দিশত গ্ৰুপটো গতি কৰাবলৈ বাধ্য কৰাব লাগে ৷ এতিয়া কিছুমান সদস্যৰ প্ৰচলিত বাক্য হৈছে “ব্যক্তিগত আক্ৰমণ” ৷ অলপ জোৰকৈ সোধা সকলো কথাকে এটা চামে ব্যক্তিগত আক্ৰমণ বুলি কৈ বিপথে পৰিচালিত কৰা দেখা গৈছে ৷ আগতে অকবৰ সদস্য সংখ্যা ৫০ আছিল আৰু এতিয়া ৫০০০ ৷ সেয়েহে সকলোৰে চিন্তাধাৰাবোৰ বেলেগ বেলেগ হোৱাটো স্বাভাৱিক ৷ কাইলৈ ১০০০০ হলে চিন্তাধাৰাবোৰ ইয়াতকৈ আৰু বেলেগ হ’ব ৷ সেয়েহে এনেবোৰ (ব্যক্তিগত আক্ৰমণ) কথাই কাৰো দৈনন্দিন জীৱনত প্ৰভাব নেপেলায় ৷ সেইবোৰ কথাত গুৰুত্ব নিদিয়াই ভাল যেন পাও ৷

আশীষ মজুমদাৰ : কোনো সদস্যৰ পোষ্ট এটা মনঃপূত নহ’ল বুলিয়েই আতঁৰ কৰি দিব নালাগে। প্রশাসকসকল অলপ সহনশীল হব লাগে। সদস্যসকলৰ পোষ্টৰ বাবেই এই গোটটোৱে জনপ্রিয়তা অৰ্জন কৰা নাই জানো ? মই তিনিকুৰিমান গোটৰ সদস্যভুক্ত হৈ আছো যদিও অকবৰ দৰে পোষ্ট আঁতৰ কৰা প্রক্রিয়া আনবোৰ গোটত দেখা নাই। কাকো ব্যক্তিগত আক্রমণ কৰি পোৱা নাই, অশালীন পোষ্ট কৰি পোৱা নাই, তথাপিও মোৰ বহু পোষ্ট কেৱল প্রশাসকৰ পছন্দ নোহোৱা বাবেই নোহোৱা কৰা হৈছে। বেজাৰ পাইছো। গোটটোৱে অসমীয়া ই-সাহিত্যলৈ বৰঙনি আগবঢ়োৱা বাবে ভাল লাগে। মাতৃভাষা প্রেম বুলি কব পাৰি। এজন সদস্যৰ পোষ্ট নাইকিয়া কৰাৰ আগত ব্যক্তিগত ভাবে জনালে তেওঁ অন্তত: আঘাত নাপায়। গোটটোৰ প্রতি মৰম বাঢ়িব হে। আশা কৰোঁ প্রশাসকসকলে কথাটো উপলব্ধি কৰিব।

প্লাৱন বিজয় শইকীয়া : ‎”অসমীয়াত কথা বতৰা” কথাষাৰৰ তাৎপৰ্য্য প্ৰত্যেক সদাশয় সদস্যই ভালকৈ ভাৱি অনুধাৱন কৰি লওক । এইখন ৰাজনীতি কৰা মঞ্চ নহয় । খোৱা কামোৰা কৰি থাকি লাভ নাই । অসমীয়া লিপিৰ মাধ্যমেৰে অসমীয়াৰ হৈ অসমৰ জনসাধাৰণৰ বৌদ্ধিক উৎকৰ্ষ সাধনত মনোনিবেশ কৰক । বাকী মঞ্চত (ফেচবুকৰ অবিহনেও) হোৱা অশৃ্ংখল পৰিবেশ সৃষ্টি নকৰিবলৈ মই আহ্বান জনালো ।

Bottom of Form

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!