সাম্প্ৰতিক সময়ৰ কেইখনমান নাৰী সৱলীকৰণ আঁচনি – কলচুম বিবি

“এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহগৰাকী ব্যক্তিক শিক্ষা দিয়া, এটা পৰিয়ালক শিক্ষিত কৰা, এখন সমাজক শিক্ষিত কৰা৷ “

– ওপৰুক্ত উক্তিটো আছিল মহাত্মা গান্ধীৰ৷ তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে যেতিয়ালৈকে নাৰী শিক্ষিত নহয় তেতিয়ালৈকে নাৰী কুসংস্কাৰ, অন্ধবিশ্বাস, ঘৰুৱা হিংসা, ধৰ্ষণ আদিৰ বলি হৈয়ে থাকিব৷ সমাজ অন্ধকাৰতেই ডুবি থাকিব৷ আমাৰ দেশত এতিয়াও নাৰী বিভিন্ন ধৰণে শোষিত হৈ আছে৷ প্ৰশাসনে নাৰী সুৰক্ষা তথা নাৰী শিক্ষাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে৷ কিন্তু আঁচনিসমূহ সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই যাৰ বাবে একবিংশ শতিকাতো ডাইনী হত্যাৰ দৰে জঘন্য ঘটনা ঘটি আছে, সোপাধৰাৰ নামত নিৰীহ লোকৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলি আছে৷

স্বাধীনতাৰ ৭১ বছৰ পাৰ হোৱাৰ উপক্ৰম হ’ল অথচ ভাৰতবৰ্ষৰ পিছপৰা অঞ্চলবোৰত এতিয়াও ছোৱালী সুৰক্ষা নহয়৷ ভ্ৰুণ হত্যাৰ দৰে ঘটনা নিতৌ ঘটি থাকে৷ ভাৰত চৰকাৰে প্ৰণয়ন কৰা “ বেটী বচাও বেটী পঢ়াও“ যোজনাখনে ছোৱালীৰ শিক্ষা আৰু সুৰক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে৷ এই আঁচনিখন লিংগ অনুসৰি ০-৬ বছৰ বয়সৰ ল’ৰা- ছোৱালীৰ মাজত থকা অসমানুপাত দূৰীকৰণৰ হেতু কেন্দ্ৰ চৰকাৰে ২০১৫ চনৰ ২২ জানুৱাৰীত হাৰিয়ানাৰ পানীপত জিলাত শুভাৰম্ভ কৰাৰ বাবে ঘোষণা কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ সমানে ৰাজ্যসমূহেও এই আঁচনিখন গ্ৰহণ কৰে৷ লিংগ বৈষম্য দূৰীকৰণ, কন্যা শিশুক সুৰক্ষা প্ৰদান তথা ভ্ৰুণ হত্যা বন্ধ কৰা আৰু ছোৱালী শিক্ষা সুনিশ্চিত কৰা আঁচনিখনৰ মুখ্য উদ্দেশ্য৷

২০১৫ চনৰ ২১ জানুৱাৰী তাৰিখে “বেটী বচাও বেটী পঢ়াও “ আঁচনি খনৰ অন্তৰ্গত “সুকন্যা সমৃদ্ধি যোজনা“ নামৰ এখন আঁচনি আৰম্ভ কৰা হৈছিল আৰু ২০১৮ চনৰ ২৩ জুলাই তাৰিখে এই আঁচনিখনৰ কিছুক্ষেত্ৰত পৰিবৰ্তন কৰা হয়৷ আঁচনি অনুসৰি দহবছৰতকৈ সৰু ছোৱালী এজনীৰ অভিভাবক বা পিতৃ – মাতৃয়ে সেই ছোৱালীজনীৰ নামত নিকটবৰ্তী ডাকঘৰ বা বেংকত ২৫০ টকাৰে এটা একাউণ্ট খুলিব পাৰিব৷ আৰম্ভণিতে জমাৰ পৰিমাণ ১০০০ টকা আছিল৷ এতিয়া সেই পৰিমাণ কমি ২৫০ টকা হৈছে৷ প্ৰতিমাহে ১০০০ টকাকৈ জমা কৰিলে ১৪ বছৰলৈ সেই পৰিমাণ বৃদ্ধি হৈ ৬ লাখ হ’ব৷ এই ধন ১৪ বছৰ বয়সলৈ জমা কৰিব পাৰিব আৰু ছোৱালীজনীৰ ২১ বছৰ পূৰ্ণ হ’লেহে মেচিঅ’ৰিটি হ’ব৷ তদুপৰি অভিভাৱকে সেই জমাধনৰ বাবে কোনোধৰণৰ কৰ দিব নালাগে৷ এনেকৈয়ে এই আঁচনিখনে আৰ্থিকভাবে কন্যাশিশু এজনীক সহায় কৰাৰ লগতে ভবিষ্যত জীৱন সুৰক্ষিত কৰিব৷

মহিলাসকলৰ ৰোজগাৰ ব্যৱস্থাৰ বাবে অসম
চৰকাৰৰ সমাজ কল্যাণ বিভাগে মহিলা সমৃদ্ধি যোজনা নামৰ এখন আঁচনি ৰূপায়ণ কৰিছিল৷ এই আঁচনিখনৰ উদ্দেশ্য হ’ল আত্মসহায়ক গোটবোৰক আৰ্থিক সাহায্য প্ৰদান কৰা৷ ক্ষুদ্ৰ ঋণ প্ৰদান কৰি গ্ৰাম্য মহিলাসকলক স্বাবলম্বী কৰি গ্ৰাম্য অৰ্থনীতিৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিয়া হয়৷ এই আঁচনিৰ অধীনত উপলব্ধ ঋণ ৪ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগে৷ এই আঁচনিখন দুখীয়া, বিধবা তথা আৰ্থিকভাবে পিচপৰা মহিলাসকলক সাহায্য প্ৰদানৰ নিমিত্তে ৰূপায়ণ কৰা হৈছিল৷ অবশ্যে এই আঁচনিখনৰ জৰিয়তে বহুসংখ্যক মহিলা স্বাবলম্বী হ’বলৈ সক্ষম হৈছে৷

মহিলা সমৃদ্ধি যোজনাৰ দৰেই আন এখন আঁচনি কণকলতা মহিলা সৱলীকৰণ আঁচনি৷ ১ এপ্ৰিল ২০১৮ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সৰুসজাই ষ্টেডিয়ামত হাজাৰ হাজাৰ মহিলাৰ উপস্থিতিত কণকলতা মহিলা সবলীকৰণ আঁচনিৰ শুভাৰম্ভ কৰে৷ এই আঁচনিখনৰ অধীনত একলাখ আত্মসহায়ক গোট গঠন কৰি ১০ লাখ মহিলাক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ একলাখ আত্মসহায়ক গোটক ২৫০০০ কৈ টকা দিয়া হব আৰু যিসকলে ১৫ হাজাৰ ঘূৰাই দিছিল চৰকাৰে তেওঁলোকক অতিৰিক্ত ১০ হাজাৰ টকা প্ৰদান কৰিব৷ এইদৰে দুৰ্বল, দৰিদ্ৰ আৰু অসহায় মহিলাসকলক নিম্ন হাৰত ঋণ প্ৰদান কৰি স্বাবলম্বী হোৱাৰ পথ দেখুৱাইছে৷ যাৰ বাবে মহিলাসকল আত্মনিৰ্ভৰশীল হৈ আৰ্থিকভাবে সচ্ছল জীৱন যাপন কৰাৰ লগতে আনকো সহায় কৰিব পাৰিব৷

ডিজিটেল ভাৰতে সামৰি লোৱা “মহিলা- ই – হাট“ যোজনাৰ মূল উদ্দেশ্য হৈছে সেইসকল গৃহিনী যিসকলে কামে-কাজে নিপুণ হোৱা সত্ত্বেও স্বাবলম্বী নহয়৷ গৃহিনীসকলৰ ওপৰত দৃষ্টি ৰাখিয়েই মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে এনেকুৱা এখন ই – মঞ্চ তৈয়াৰ কৰিছে য’ত মহিলাসকলে ঘৰত বহিয়েই নিজৰ কৌশল খটুৱাই উপাৰ্জন কৰি আত্মনিৰ্ভৰশীল হ’ব৷ যাৰ বাবে এই আঁচনিখনৰ নাম “ই – হাট “ দিয়া হৈছে৷

দেশ কঁপাই যোৱা “নিৰ্ভয়া কাণ্ড“ ৰ পিছতে এখন আঁচনি ৰূপায়ণ কৰা হৈছিল৷ সেই আঁচনিখনৰ নাম আছিল “ ৱান ষ্টপ চেণ্টাৰ আঁচনি ৷“ এই আঁচনিখন ভাৰতবৰ্ষৰ বিভিন্ন নগৰ -মহানগৰত প্ৰণয়ন হৈ আছে৷ এই আঁচনিখনে হিংসা বা অত্যাচাৰৰ বলি হোৱা মহিলাসকলক সুৰক্ষা প্ৰদান কৰাৰ উপৰিও তেওঁলোকক আৰক্ষী, আইন, চিকিৎসা তথা পৰামৰ্শ সেৱা আগবঢ়োৱা হয়৷ ইয়াৰ বাবে হেল্পলাইন নম্বৰ হ’ল ১৮১৷ এই আঁচনিখনে বিশেষকৈ কৰ্মৰত মহিলাসকলক লাভান্বিত কৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া কাৰ্যত হৈ উঠা৷ এতিয়াও মহিলাসকল সুৰক্ষিত নহয়৷ দিনক দিনে নাৰীজনিত ঘটনা কমক চাৰি বৃদ্ধি পাবলৈ ধৰিছে৷

দুৰ্বল আৰু পীড়িত মহিলাসকলৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি থকা বিভিন্ন সংস্থা তথা মহিলাসকলক উদ্গনি দিবৰ বাবে আন এখন আঁচনি প্ৰবৰ্তন কৰা হৈছে৷ সেইখন হৈছে “ নাৰী শক্তি পুৰস্কাৰ “ আঁচনি৷ ১৯৯৯ চনত এই আঁচনিখন গ্ৰহণ কৰা হৈছিল৷ এই আঁচনিৰ জৰিয়তে নগদ পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে৷

মহিলা সবলীকৰণ আৰু শিশু সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি সময়ে সময়ে ৰূপায়ণ কৰা হৈছে৷ বিভিন্ন আঁচনিৰ জৰিয়তে নাৰীক সুৰক্ষা আৰু স্বাবলম্বী কৰিবলৈ বিচৰাৰ লগতে শিক্ষিত কৰিবলৈও বিচৰা হৈছে ৷ যদিও বিভিন্ন কাৰণত সম্পূৰ্ণৰূপে এই আঁচনিসমূহ সফল হৈ উঠিব পৰা নাই৷ শিক্ষাৰ অভাব আৰু আঁচনিসমূহৰ প্ৰতি থকা অজ্ঞতাৰ বাবে বহুসময়ত মহিলাসকলে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই ৷
শিক্ষাই নাৰীক সবলীকৰণ দিশত আগবঢ়াই লৈ যোৱাত গুৰুত্বপূৰ্ণভূমিকা পালন কৰে৷ শিক্ষাই এগৰাকী নাৰীক বহু ক্ষেত্ৰত আৰ্থিকভাবে স্বাবলম্বী হোৱাতো সহায় কৰে৷ অৰ্থনৈতিক স্বাবলম্বিতাই মনলৈ আত্মবিশ্বাস কঢ়িয়াই আনে৷ যাৰ বাবে প্ৰতিকুল পৰিস্থিতিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিবলৈ সক্ষম হয়৷ কুসংস্কাৰ, অন্ধবিশ্বাস, যৌতুক প্ৰথা আদি সমাজৰ পৰা নিৰ্মূল কৰিবলৈ নাৰী শিক্ষিত হবই লাগিব৷ তাৰবাবে আঁচনিসমূহৰ সফল ৰূপায়ণ হোৱাতো জৰুৰী৷

প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা, জন ধন যোজনা, অটল পেঞ্চন যোজনা, কৌশল্যা যোজনা, স্বৰোজগাৰ আদি বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰি মহিলাসকলে নিজৰ লগতে সমাজৰ পিচপৰা দৰিদ্ৰ মহিলাসকলকো সহায় কৰিব পাৰে৷ এই আঁচনিবোৰৰ দ্বাৰা আত্মনিৰ্ভৰশীল হৈ এটি সচ্ছল জীৱন অতিবাহিত কৰাৰ লগতে অন্যায় – অত্যাচাৰৰ বিৰুদ্ধে থিয় হৈ নাৰী শক্তিৰ পৰিচয় দিয়া বহুতো মহিলা আজিৰ সমাজত দেখিবলৈ পোৱা যায়৷ আত্মসহায়ক গোটসমূহৰ জৰিয়তে জাম – জেলি, পাপৰ, হস্তনিৰ্মিত সামগ্ৰী, চিলাই, হাঁহ -মূৰ্গী পালন, কৃষি আদিৰ জৰিয়তে স্বাবলম্বী হোৱা মহিলাই খবৰ কাকত দখল কৰাও দেখা যায়৷ এয়া নিতান্তই সুখবৰ৷ আঁচনিসমূহৰ সৎ ব্যবহাৰ কৰি নিজকে সমাজত প্ৰতিষ্ঠা কৰিলেহে নাৰী সবলীকৰণ আঁচনিসমূহৰ লক্ষ্য পূৰ্ণ হ’ব৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!