সাময়িক প্ৰসংগ (অজয় লাল দত্ত)

অসমত বিদ্যুতৰ নাটনিৰ পৰিপ্ৰেক্ষিতত ৰাইজে সকাহ পোৱাৰ উপায় বিচাৰিছে৷ সেই আপাহতে কেইষাৰ কথা কব বিচাৰিছো৷

১. উজনীৰ তৈল ক্ষেত্ৰত জ্বলাই দিয়া গেক কামত লগাই কোনোৱে বিদ্যুত উৎপাদন কৰাৰ কথা ধনাত্মক চিন্তাৰে আগবঢ়াইছে৷ কিন্তু ল’ প্ৰেচাৰ তথা কম্প্ৰেছ কৰিব নোৱাৰা বা কৰি লাভ নোহোৱা ধৰণৰ অতি কম গেছহে ফ্লেয়াৰ কৰা হয়৷ যাক টেকনিকেল ফ্লেয়াৰিং বুলি কোৱা হয়৷ আজিকালি তৈল উদ্যোগত নতুন প্ৰযুক্তিৰে এই কম চাপৰ গেচকনটো কম্প্ৰেচৰলৈ পঠোৱাৰ নতুন আইডিয়া উলিয়াইছে৷ আৰু গেচৰ দাম বাঢ়ি যোৱাৰ পৰা নোৱাৰাতহে ফ্লেয়াৰ কৰাটো বৰ্তমানৰ নীতি৷ মইয়ো প্ৰথমে “জ্বলাই দিয়া” খিনি বৰ কামৰ বা তামাম সূদূৰ প্ৰসাৰী সমস্যা সমাধানৰ কাৰক বুলি ভাবিছিলো৷ কিন্তু বৰ সহায়ক নহয় প্ৰকৃততে৷

২. সৰু বিদ্যুত উৎপাদকাৰী জল-বিদ্যুত প্ৰকল্প, লগতে সৌৰ শক্তিক চৰকাৰী পৃষ্ঠপোষকতাত সস্তা কৰি তুলিলে সকলো সম্ভৱ হব৷(মাছ প্ৰডাকচন হ’লে কষ্ট কমিব)

৩. বিশেষকৈ বিদ্যুত পৰিষদ হ’ল আনৰ পৰা কিনি বিক্ৰী কৰা পৰিবহন তথা মাৰ্কেটিঙ কোম্পানীয়ে মূলতঃ৷ নিজা উৎপাদন অতি কম৷ গতিকে চাহিদাৰ কথা জানিও নিকিনাকৈ থাকি, ৰাইজক গেলা গৰমত আওমৰণে মৰ, টাইপৰ শিক্ষা দিবৰ বাবে জল-বিদ্যুতক অবিহনে অসমৰ নিস্তাৰ নাই…নীতিশিক্ষাটো দিবৰ বাবে বৃহৎ নদী-বান্ধৰ পৃষ্ঠপোষক সকলৰ এইয়া এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি মোৰ ব্যক্তিগত অনুভৱ!

৪. বাহিৰৰ ৰাজ্যত বিদ্যুত মাচুল অসমতকৈ বেছি৷ প্ৰাইভেট কোম্পানীয়ে উৎপাদন তথা সৰবৰাহ কৰে৷ সেয়ে লাভজনক ৰূপত কামটো কৰা বাবে বেছি দৰতো উৎপাদন সংস্থাৰ পৰা বিদ্যুত কিনি আনিব পাৰে৷ ব্যক্তিগত খণ্ডৰ বাবে চৰকাৰী কাৰ্যালয় বা উদ্যোগেও বিল অনাদায় ৰাখিব নোৱাৰে৷ সেয়াও এক গুৰুত্ব-পূৰ্ণ কথা৷

৫. অসমত চৰকাৰী অফিচ, উদ্যোগ, বিষয়া, ধনী মানুহৰ পৰা বিলৰ বকেয়া আদায় কৰিবলৈ থকাৰ পৰিমানেই চাগৈ হাজাৰ কোটি মান হব৷ ৰাজহুৱা বাবে, বল দিওতাৰ অভাৱত সকলো ৰাজহুৱা শ বাহী হোৱাৰ অৱস্থা হৈছেগৈ, বা জানি শুনি কৰা হৈছে৷
যাতে অসমৰ বিদ্যুত ক্ষেত্ৰত আমূল পৰিবৰ্তনৰ প্ৰয়োজন বুলি, বৃহৎ নদী-বান্ধৰ সকলো প্ৰতিবাদক মখিমূৰ কৰি নিব পাৰি৷ গৰমত থকা গৰম অসমীয়াক এইবোৰ আন্দোলন কৰিলে লাইট ক’ত পাব বুলি শিক্ষা দিব পাৰি! লগতে এচিয়ান ডেভেলপমেণ্ট বেংক আদিৰ পৰা টকা আনি কামধেনু প্ৰজেক্ট কৰিব পাৰি৷ ভিন্ন জনৰ আশা লক্ষ্য, ভিন্ন৷

কিন্তু গঢ়-গতি গমি-পিতি চালে গোটেই কাৰবাৰটো যে গণ্ডগোলীয়া আৰু বেয়া অভিসন্ধি মূলক, সেয়া পৰিস্কাৰ হৈ উঠে৷ ৰাইজ সজাগ হবৰ হ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!