সুঁতি ( উৎপল জোনাক হাজৰিকা )

তুলসী তলত চাকি জ্বলিছে
জ্বলিছে গেঁৰ ধৰা ধানৰ মাজত
আকাশত

বন ফৰিংবোৰ উৰিছে
আন্ধাৰবোৰে চুচুক-চামাক কৰিছে

হেঁপাহ
হেঁপাহ এডলা উঠলি উঠিছে
পদুলিৰ পৰা গাধৈলৈ
সেমেকা নিয়ৰত তিতি থকা পথাৰৰ পৰা
উধানলৈ

চোতাল
কঁকাল
বিৰিয়া
তমাল

মুখবোৰ চাকিৰ পোহৰত
জান-নিজানকৈ উজলি উঠিছে

‘মুক্তিত নিস্পৃহ যিটো…’

পচা শৰীলত মায়াই বাহ বান্ধিছে

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!