সুখৰ সংজ্ঞা : অঞ্জল বৰা

সুখৰ সংজ্ঞা

অঞ্জল বৰা

 

এজন মাছমৰীয়াই এদিন সাগৰৰ পাৰৰ এজোপা গছৰ ছাঁত বহি বিড়ি হুঁপি আছিল৷ হঠাতে এজন ধনী ব্যৱসায়ী তেওঁৰ কাষেৰে পাৰ হৈ গ’ল আৰু তেওঁক দেখি কিয় তেনেদৰে কাম নকৰি বিড়ি হুঁপি গছৰ ছাঁত বহি আছে সুধিলে৷ তেতিয়া দুখীয়া মাছমৰীয়াজনে ক’লে যে তেওঁ ইতিমধ্যে দিনটোৰ বাবে প্ৰয়োজনীয় মাছখিনি সংগ্ৰহ কৰিলে৷

কথাষাৰ শুনি ধনী মানুহজনে খঙেৰে তেওঁক ক’লে: তুমি গছৰ ছাঁত এনেদৰে বহি সময় নষ্ট কৰাতকৈ কিয় অধিক মাছ সংগ্ৰহ কৰা নাই?

মাছমৰীয়াজনে সুধিলে: মই অধিক মাছ সংগ্ৰহ কৰিলেনো কি হ’ব?

ব্যৱসায়ীজন: তুমি অধিক মাছ সংগ্ৰহ কৰি, তাক বজাৰত বিক্ৰী কৰিব পাৰিবা আৰু অধিক টকা লাভ কৰি এখন ডাঙৰ নাও কিনিব পাৰিবা৷

মাছমৰীয়াজন: তাৰপিছত মই কি কৰিম?

ব্যৱসায়ীজন: তেতিয়া তুমি সাগৰৰ গভীৰতালৈ গৈ অধিক মাছ মাৰিব পাৰিবা আৰু অধিক টকা লাভ কৰিবা৷

মাছমৰীয়াজন: তাৰপিছত মই কি কৰিম?

ব্যৱসায়ীজন: তুমি সেই টকাৰ কেইবাখনো নাও কিনিব পাৰিবা আৰু কৰ্মচাৰীক নিয়োগ কৰি মাছমৰা কামত লগাই আৰু অধিক টকা লাভ কৰিব পাৰিবা৷

মাছমৰীয়াজন: তাৰপিছত মই কি কৰিম?

ব্যৱসায়ীজন: তাৰপিছত তুমি মোৰ দৰে এজন ধনী ব্যৱসায়ী হ’ব পাৰিবা৷

মাছমৰীয়াজন: তাৰপিছত মই কি কৰিম?

ব্যৱসায়ীজন: তেতিয়া তুমি তোমাৰ জীৱনটো শান্তিৰে উপভোগ কৰিব পাৰিবা৷

মাছমৰীয়াজন: তুমি এতিয়া মই কি কৰি আছোঁ বুলিনো ভাবিছা??

তুমি জীৱনটো উপভোগ কৰিবলৈ বা সুখী হ’বলৈ কালিলৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই৷ তুমি জীৱনটো উপভোগ কৰিবলৈ অধিক ধনী আৰু শক্তিশালী হোৱাৰো প্ৰয়োজন নাই৷ জীৱনৰ প্ৰতিতো সময়েই তোমাৰ, ইয়াক প্ৰাণভৰি উপভোগ কৰা৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!