সুখ-দুখ (- অৰূপ শৰ্মা )

সুখ-দুখ
– অৰূপ শৰ্মা বৰভগীয়া
sukh
সুখৰ ভেটিত দুখৰ গজালি
দুখৰ ভেটিত সুখ৷
সুখৰ ৰাজঘৰত দুখৰ দলিছা
দুখৰ বাকৰিত সুখ৷ ৷
দুখৰ পৰিধিত সুখৰ বিন্দু
সুখৰ কেন্দ্ৰত দুখ,
সুখৰ বৃত্তই সাঙোৰে দুখক
সুখে-দুখে মিলি জীৱন-যুঁজ৷
সুখ-সুখ বুলি খায় হাবাথুৰি
নেলাগে কাকোৱে দুখ,
দুখৰ মাজতে লুকাই থাকে যে
হেজাৰ সুখৰ মুখ৷
সুখ আৰু দুখ মাথো অনুভৱ
ছাঁ-পোহৰৰ খেলা,
একালৰ সুখও যে হৈ পৰে দুখ
জীৱনৰ ভাটিবেলা৷
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!