সুগন্ধি বতৰা -ৰাজশ্ৰী বৰ্মন।

বেনী জেফিন।১৯৯০চনত জন্মগ্রহণ কৰা এগৰাকী ছোৱালী।বৰ্তমানে গাভৰু হ’লেও কিন্তু তেঁও জন্মৰ পৰাই অন্ধ।১০০% অন্ধ এইগৰাকী গাভৰুৱে ২০১৩ ছনৰ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৩৪৩ সংখ্যক স্থান লৈ উত্তীৰ্ণ হৈছিল।

দক্ষিণ ভাৰতৰ তামিলনাডুত জন্ম গ্রহণ কৰা এই গৰাকী গাভৰু আজি সকলোৰে বাবে আদৰ্শ , অনুপ্রেৰণা আৰু সাহস। বেনীৰ ওচৰ-চুবুৰীয়া,আত্মীয়-কুতুম্ব সকলে বেনীক মাক –দেউতাকৰ বোজা বুলি ভবাৰ বিপৰী্তে তেঁওৰ মাক দেউতাকে তেঁওক দিছিল অন্তহীন প্রেৰণা আগবাঢ়ি যোৱাৰ বাবে,জীৱনত কৃতকাৰ্য হবৰ বাবে।ৰেলৱে বিভাগৰ কর্মচাৰী পিতৃ আৰু গৃহিনী মাতৃয়ে তেঁওৰ ওপৰত অপৰিসীম আস্থা আৰু বিশ্বাস ৰাখিছিল।সৰুৰে পৰা বেনীৰ মানসিকতাক তেঁওলোকে এনেভাবে গঢ়ি তুলিছিল যাতে তেঁৱো আন ১০ গৰাকী সমবয়সীয়াৰ দৰেই সপো্ন দেখে, সেই সপোন পূৰ কৰিবলৈ আহোপুৰুষাৰ্থ কৰে, যত্নপৰ হয়।তাৰ বাবে তেঁওলোকেও বৰণ কৰি লৈছিল অপৰিসীম ত্যাগ আৰু কষ্ট।বেনীয়ে কোৱা মতে, মাকে তেঁওৰ প্রস্তুতিৰ সময়ত নিতৌ কেবাখনো তামিল আৰু ইংৰাজী বাতৰিকাকত পঢ়ি শুনাইছিল।ইয়াৰ বিপৰীতে দেউতাকে সকলো যাৱতীয় সা- সামগ্রীৰ যোগান ধৰিছিল।সাধাৰণতে অন্ধ লোকে ব্রেইলী পদ্ধতিৰে পঢ়া-শুনা কৰে যদিও বেনীয়ে পঢ়িবলৈ JAWS (job access with speech) নামৰ এক চফটৱেৰ ব্যবহাৰ কৰিছিল। এই চফটৱেৰটো কম্পিউটাৰ বা স্মার্টফোনৰ সহায়ত চলাব পাৰে আৰু কম্পিউটাৰ স্ক্রীণৰ পৰাই পঢ়িব পাৰে।এই পদ্ধতি চকুৰে নেদেখা লোক সকলৰ বাবে অতি উপকাৰী বুলি প্রমানিত হৈছে।
যদিও ২০১৩ চনতে তেঁও লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হৈছিল আৰু বৈদেশিক সেৱাৰ বাবে নিৰ্বাচিত হৈছিল, তথাপিও কিন্তু তেঁওৰ নিযুক্তি স্থগিত ৰখা হৈছিল।কাৰণ ভাৰতীয় বৈদেশিক সেৱাৰ বাবে ১৯৬৯ বছৰীয়া ইতিহাসত কোনো জন্মান্ধ নিৰ্বাচিত হোৱা নাছিল।একে সময়তে তেঁও ষ্টেট ব্যাংক অফ ইন্দিয়াৰ প্রৱেশ্বনাৰী অফিচাৰ হিচাপেও নিযুক্তি পালে আৰু সেই ছাকৰিত যোগদান কৰিলে।লোকসেৱা আয়োগৰ নিযুক্তি নোপোৱালৈকে বেঙ্কৰ ছাকৰিতে কর্মৰত হৈ আছিল।
বেনী সৰুৰেপৰাই আগৰণুৱা। আকস্মিক বত্তৃতা,তৰ্ক প্রতিযোগীতা আদিবোৰত তেঁও সৰুৰেপৰাই পুৰস্কাৰ আদি লাভ কৰিবলৈ সক্ষম হৈছিল।আনকি ২০১৫ ছনত নৰেন্দ্র মোডী চৰকাৰে বহু আলোচনা-বিলোচনাৰ পাছত তেঁওক নিযুক্তিপত্র প্রেৰণ কৰাৰ সময়তো তেঁও জল সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে এখন স্কুলত ভাষণ দি আছিল।জল সংৰক্ষণৰ বিষয়ে সজাগতা ধৰিত্রীৰ আয়ুসৰ বাবে অতি প্রয়োজন।এই কথাৰ পৰা বেনীৰ সামাজিক চেতনাৰ মহানুভৱতাও প্রকাশ পাইছে। বেনীৰ আন এক কথাই থিতাতে আকৰ্ষণ কৰে যে তেঁওৰ জীৱনত কোনো ৰোল মডেল বা আদৰ্শ ব্যক্তি নাই।তেওঁ নিজেই নিজৰ আদৰ্শ।তেওঁৰ মতে, মানুহ নিজেই নিজৰ পোহৰ হব লাগে।
এটা সাক্ষাৎকাৰত বেনীয়ে কৈছে হেলেন কেলাৰে কোৱা এক বিখ্যাত উক্তি যে আমি কোনেও সকলো কৰিব নোৱাৰোঁ কিন্তু আমি সকলোৱে কিবা অলপ কৰিব পাৰোঁ।আমি কোনেও সেই কিবাখিনি কৰিবলৈ অস্বীকাৰ কৰা উচিত নহয়।
সাধ্য মতে কৰিব পৰাখিনি কৰিয়েই বেনীয়ে মানৱজাতিৰ বাবে ইতিহাস গঢ়িলে।বহুতৰ বাবে আৰ্হি আৰু অণুপ্রেৰণা হৈ ৰ’ল।
হো্মেন বৰগোহাঞিৰ “শৰীৰ ,হৃদয় আৰু অন্যান্য ৰচনা”ত এটা কথা পঢ়িবলৈ পাইছিলোঁ— “আদৰ্শবোৰ হ’ল আকাশৰ তৰাৰ নিচিনা।এসময়ত নাবিকসকলে যেনেকৈ আকাশৰ তৰাবোৰ চাই চাই দিকচিহ্নহীন সমুদ্রত দিশ বিছাৰি উলিয়াছিল।ঠিক তেনেকৈ উচ্চ আদৰ্শবোৰ মানুহে ঢুকি নাপালেও তাৰ পোহৰতে মানুহে নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাব পাৰে।” মনৰ বিশ্বাসে ইয়াকে কয় যে বেনীৰ জীৱনৰ আলোকেও বহু লোকক আলোকিত কৰিব।
ইতিমধ্যে ভাৰতীয় বৈদেশিক সেৱাৰ উচ্চপদস্থ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বেনী জেফিনলৈ আন্তৰিক শুভকামনা থাকিল।
উৎসঃ ইন্টাৰনেট

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!