সুন্দৰৰ সাধনা — বিকু বৰা
মূল – মিয়েৰ লিৰাজ (Meir Liraz)
ভাবানুবাদ- বিকু বৰা
এদিন এডাল পেঞ্চিলে ৰবৰক ক’লে, “মোক ক্ষমা কৰি দিবা…”
পেঞ্চিলৰ কথাত আচৰিত হৈ ৰবৰে সুধিলে, “কিয়? কি হ’ল? মই ক্ষমা কৰিবলগীয়া ভুল কৰা তোমাকটো মই দেখা নাই!”
তেতিয়া পেঞ্চিলে ক’লে, “মোৰ এইটো দেখি দুখ লাগে যে তুমি মোৰ কাৰণে শাৰীৰিক ভাৱে বহুত কষ্ট পাব লগা হয়৷ যেতিয়াই মই কিবা এটা ভুল কৰোঁ, তেতিয়া তুমি শুধৰাবলৈ আগবাঢ়ি আহা৷ মোৰ ভুলবোৰ মোহাৰোতে মোহাৰোতে তুমি সৰু হৈ যোৱা আৰু শেষত তুমি নিজকে হেৰুৱাই পেলোৱা৷”
ইয়াকে শুনি ৰবৰে পেঞ্চিলক ক’লে, “তুমি সত্য কথাই কৈছা, ইয়াত মোৰ কোনো অভিযোগ নাই৷ যিহেতুকে, মোৰ থকাৰ অৰ্থ এইটোৱেই৷ মোক এইকাৰণেই তৈয়াৰ কৰিছে যে, যেতিয়াই তুমি কিবা ভুল কৰা, মই তোমাক সহায় কৰিব পাৰো৷ মই জানো যে, মই এদিন যাব লাগিব আৰু তোমাৰ কাষলৈ মোৰ দৰে বেলেগ এজন আহিব৷ মই মোৰ কামক লৈ বহুত সুখী৷ মোৰ কাৰণে চিন্তা নকৰিবা৷ মই তোমাক উদাস হৈ থকা দেখিব নোৱাৰো৷”
বন্ধুসকল, গল্পটো অতি প্ৰেৰণাদায়ক৷ ইয়াত পেঞ্চিলে বাৰে বাৰে কৰি যোৱা ভুলবোৰক নিজ নিজ সন্তানসকলে কৰা ভুলৰ লগত তুলনা কৰি, এই ভুলবোৰক বাৰে বাৰে শুধৰণি কৰি কৰি জীৱন পাত কৰা পিতৃ-মাতৃ স্বৰূপে ‘ৰবৰ’ক প্ৰতীক হিচাপে লোৱা হৈছে৷
বাস্তৱ জগতত নিজ নিজ সন্তানৰ ভুলবোৰ শুধৰণি কৰি সিহঁতক মানুহ হিচাপে গঢ় দিবলৈ যাওঁতে, কিছুমান পিতৃ-মাতৃয়ে শাৰীৰিক আৰু মানসিক ভাবে বৰ পৰিশ্ৰান্ত আৰু ক্লান্ত হৈ পৰে৷ সন্তান সকলে এই কথাটোকে অনুভৱ কৰি কৃতজ্ঞতা হিচাপে পূৰ্বতে কৰা ভুল কৃতকৰ্মৰ বাবে পিতৃ-মাতৃক ক্ষমা খুজিলেহে পিতৃ-মাতৃয়ে তেওঁলোকৰ সুখত সুখী আৰু জীৱনৰ উন্নতি দেখি মনত অপাৰ আনন্দ তেতিয়াহে নিশ্চয় উপভোগ কৰিব৷