সুৰক্ষিত হোলী (ডা: ধৰ্মকান্ত কুম্ভকাৰ)

হোলী ৰঙৰ উৎসৱ। আনন্দৰ উৎসৱ। অতীজত হোলীত ব্যৱহাৰ কৰা ৰং আছিল প্ৰাকৃতিক। কিন্তু বৰ্তমান প্ৰাকৃতিক ৰঙৰ স্থান বিভিন্ন কৃত্ৰিম ৰাসায়নিক পদাৰ্থই অধিকাৰ কৰিছে। চক, মিহি মাটি, মিহি বালি, ডলমাইট আদিৰ সৈতে কৃত্ৰিম ৰং তাৰামাইন, ৰ’ডামাইন, মিথাইল ভায়োলেট, মিথিলিন ব্লু, মাৰকিউৰিক অক্সাইড, মাৰকিউৰিক ছালফাইড, কপাৰ ছালফেট, ক্ৰমিয়াম আদি মিহলাই কৃত্ৰিম ফাকুৱা তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও কিছুমান ঠাইত পানী, বোকা আদিও হোলীত ব্যৱহাৰ কৰা যায়। এই ৰাসায়নিক দ্ৰৱ্য আৰু লেতেৰা পানী-বোকা আদিয়ে শৰীৰৰ বহুতো ক্ষতি সাধন কৰিব পাৰে। এইবোৰ শৰীৰৰ ছাল, চুলি, নখ আৰু চকুৰ বাবে ক্ষতিকাৰক। কৃত্ৰিম ফাকুৱাৰ ৰাসায়নিক দ্ৰৱ্যত থকা লেড অক্সাইডে কিডনীৰ সমস্যা, শিশুৰ মানসিক আৰু বৌদ্ধিক ক্ষমতা হ্ৰাস কৰা, ক্ৰমিয়ামে শ্বাস-তন্ত্ৰৰ ৰোগ কৰা, মাৰকিউৰিয়ে দৃষ্টি শক্তি হ্ৰাস কৰা আৰু মানসিক ৰোগ কৰা, ব্ৰমাইডে কৰ্কট ৰোগ পৰ্যন্ত সৃষ্টি কৰিব পাৰে। ফাকুৱাৰ ৰং উচ্চ মান বিশিষ্ট আৰু প্ৰাকৃতিক দ্ৰৱ্যৰে তৈয়াৰী হোৱা উচিত।

কৃত্ৰিম ৰঙৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হয় আমাৰ ছালখন। হোলীত এনে ৰং ব্যৱহাৰ কৰাৰ পিছতে ছালৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হোৱা, খজুৱতি হোৱা, ছাল উখহি উঠা, ছাল শুকাই যোৱা, খহতা হোৱা, ছাল এৰাই যোৱা, ছালৰ জ্বলন, ছালৰ ঘা হোৱা, আঘাত পোৱা, ফোঁহা হোৱা, বেক্টেৰীয়া বা ভেঁকুৰৰ দ্বাৰা ছালৰ সংক্ৰমণ হোৱা, মুখত শালমইনাৰ পৰিমান বঢ়া, ছালৰ এলাৰ্জী হোৱা আদি হ’ব পাৰে। হোলীৰ ৰং ব্যৱহাৰ কৰাৰ আগতে গাত তেল বা ভেছলিন জাতীয় পদাৰ্থ ঘঁহি লব লাগে। এনে কৰিলে ছালৰ ভিতৰলৈ ৰং সোমাব নোৱাৰে আৰু ছালত ৰং সৰহকৈ লাগি নাথাকে। মহিলা সকলে নেইল পলিচ আৰু ওঠত লিপষ্টিক ঘঁহি ল’ব লাগে। হোলী শেষ হোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ভালদৰে শৰীৰ পৰিষ্কাৰ কৰি লৈ তেল বা মইশ্বাৰাইজাৰ ঘঁহিব লাগে। নখ, আঙুলীৰ ফাঁক, কাণৰ কাষ আদি ভালদৰে ধুব লাগে। গাত কটা-চিঙা বা ঘাঁ আদি থাকিলে ৰং ব্যৱহাৰ কৰিব নালাগে। ৰং গুচাবলৈ স্পিৰিট ব্যৱহাৰ কৰা আৰু জোৰকৈ ঘঁহা অনুচিত। টেঙা জাতীয় পদাৰ্থৰে ৰং এৰাব পাৰি। এলাৰ্জী অনুভৱ হ’লে লগে লগে ধুই দিব লাগে।

কৃত্ৰিম ফাকুৱা ব্যৱহাৰ কৰিলে চুলিৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হোৱা, চুলি শুকান আৰু খহতা হোৱা, চুলি দুৰ্বল হৈ সৰিব ধৰা, চুলি ফটা, চুলিৰ জোঁট বন্ধা, খজুৱতি, উফি হোৱা আদি হব পাৰে। মুৰৰ ছালৰো ক্ষতি সাধন কৰিব পাৰে। সেয়েহে হোলীত ৰং ব্যৱহাৰ কৰাৰ আগতে চুলিত তেল ঘঁহি লৈ মূৰটো কাপোৰেৰে বান্ধি ল’ব লাগে অথবা টুপি পিন্ধি ল’ব লাগে। হোলী শেষ হোৱাৰ পিছতে ভালদৰে চুলি আৰু মুৰ ধুই শুকাব লাগে আৰু চুলিত তেল দিব লাগে।

নখৰ গুৰিত কৃত্ৰিম ফাকুৱা জমাহৈ নখৰ বিভিন্ন ৰোগ হ’ব পাৰে। নখৰ গুৰি ফুলি উঠা, ৰঙা পৰা, বিষোৱা, সংক্ৰমণ হৈ পুঁজ ওলোৱা আদি হ’ব পাৰে। পাৰিলে ৰং ব্যৱহাৰ কৰাৰ আগতে হাতত গ্লোভ পিন্ধি ল’ব লাগে। হোলী শেষ হোৱাৰ পিছতে ভালদৰে নখৰ গুৰিবোৰ পৰিষ্কাৰ কৰি পানীৰে ধুই ক্ৰীম লগাব লাগে।

ফাকুৱাৰ ৰং চকুত পৰি চকুৰ কনজাংটিভাইটিছ ৰোগ হ’ব পাৰে। চকুৰ এলাৰ্জী হ’ব পাৰে। চকুৰ খজুৱতি, চকু ৰঙা পৰা, চকুৰে পানী ওলোৱা, চকুৰ পতা ফুলি উঠা আদি দেখা দিয়ে। কেতিয়াবা চকুত আঘাত হ’লে দৃষ্টি শক্তি পৰ্যন্ত হেৰাব পাৰে। সেয়েহে হোলীত সদায় চশমা বা গগলছ্ পিন্ধি লব লাগে। কন্টেক্ট লেন্স ব্যৱহাৰ কৰা ব্যক্তিয়ে লেন্স খুলি থ’ব লাগে। চকুত ৰং পৰিলে ভালদৰে পৰিষ্কাৰ পানী মাৰি ধুই ল’ব লাগে।

ইয়াৰ উপৰিও হোলীৰ সময়ত বহু লোকে ৰাগিয়াল দ্ৰৱ্য (বিশেষকৈ সুৰা আৰু ভাং) সেৱন কৰাৰ ফলত নানা সমস্যাৰ সৃষ্টি হয়। সুৰা, ভাং আদি সেৱন কৰি হোলী পতিলে কাজিয়া বেছিকৈ হৈ সামাজিক পৰিৱেশ নষ্ট কৰে। কেতিয়াবা হতা- হতি হৈ লোকৰ মৃত্যু পৰ্যন্ত হোৱা দেখা যায়। নিচাসক্ত হৈ মটৰ চাইকেল, গাড়ী আদি চলোৱাৰ ফলত দূৰ্ঘাটনা হৈ পংগু হ’ব পাৰে আনকি মৃত্যুও হোৱা দেখা যায়। তাৰোপৰি নিচাসক্ত হৈ দ, সোঁত থকা নৈ বা বিলত গা ধুবলৈ গৈ বহু সময়ত হোলীত মানুহ মৃত্যুমুখত পৰাও দেখা যায়। ইয়াৰ উপৰিও মহিলাৰ সৈতে ফকুৱা খেলোতে বহু সময়ত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হৈ থানা পৰ্যন্ত যাব লগা হয়। সেয়েহে এনে পৰিৱেশ সৃষ্টি নোহোৱাৰ বাবে সুৰা, ভাং আদি ৰাগিয়াল বস্তু পৰিহাৰ কৰা আৰু অন্য ধৰ্মালম্বী লোক, নাৰী আৰু শিশুক ৰং দিওঁতে সাৱধান হোৱা উচিত। অনাহকতে তৰ্ক কৰি কাজিয়া কৰিব নালাগে। ৰং ল’ব নোখোজা ব্যক্তিক জোৰকৈ ৰং দিব নালাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!