সেউজীয়া পাতৰ স্মৃতি (৩য় ভাগ) (দুলাল বৰুৱা)

সেউজীয়া পাতৰ স্মৃতি
৩য় ভাগ :
দুলাল বৰুৱা

আজি পৃথিৱীত কেঁচা সোণৰ দেশ বুলি অসমক এক সুকীয়া স্থানত বা আসনত অধিস্থিত কৰিছে চাহ- জনগোষ্ঠীয়ে । ভিন্ন ভিন্ন ঠাইৰ সাংস্কৃতিক পৰিবেশৰ পৰা অহা এই শ্ৰমিকখিনিয়ে একেধৰণৰ জীৱন নিৰ্ব্বাহ প্ৰণালীৰ মাজেৰে এক নতুন জনগোষ্ঠীৰ জন্ম দি অসমৰ চাহ জনগোষ্ঠী বা চাহ জনজাতি নামে পৰিচিত হয়গৈ । চাহ বাগিচাবোৰত মতা-মাইকীৰ কামৰ কোনো প্ৰভেদ নাই । যদিও পাত ছিঙা কাম কেৱল মহিলাৰহে, বৰ্তমান উভয়ে পাত ছিঙা কাম কৰে । ওখ শিৰীষৰ কোমল ছায়াতে বিকশিত হয় সেই চাহ গছবোৰ আৰু যেতিয়া চাহ পাত ছিঙাৰ সময় আহি পৰে, এটি কলি দুটি পাত(One Bud and Two Leave) নিয়মেৰে চাহ গছৰ পাত ছিঙাৰ পদ্ধতি । চাহ পাত ছিঙাৰ সময়ত মহিলা বা পুৰুষ উভয়ে পিঠিত মস্ত একোটা বাঁহৰ টুকুৰী ৰছীৰে বান্ধি মূৰত ওলোমাই লৈ এটি কলি, দুটি পাত প্ৰণালীৰে মাত্ৰ কুমলীয়া পাত ছিঙি , টুকুৰীবোৰ ভৰাই পেলায় । এঠাইত পাত ছিঙা শেষ হলে আন এঠাইত পাত ছিঙিবলৈ লয় । এনেদৰে চাহ বাগিছাত পাত ছিঙাৰ নিয়ম । এই দৰে ছিঙা পাতবোৰ ফেক্টৰীৰ ওচৰতে কেইবাখলপীয়া(Different Levels) কৈ সাজি থোৱা পাত ঘৰলৈ(Leaf House) আনি পাতবোৰ শুকাবলৈ সমানকৈ মেলি দিয়া হয় । এই ধৰণৰ পাত শুকুৱা নিয়মক Natural weathering system বোলা হয় । বৰ্ত্তমান Trough Weathering system(Mechanical weathering system) ৰ দ্বাৰাই চাহপাত শুকুৱাৰ ব্যৱস্থা কৰা হৈছে । Trough Withering system মানে কয়লা বা গেছ ব্যৱহাৰ কৰি গৰম বতাহেৰে কেঁচা পাতখিনিৰ আৰ্দ্ৰতা(Moisture) খিনি শুকুৱাই লোৱা হয় । এই নিয়মত আঠ-ন ঘন্টাৰ ভিতৰত চাহপাত তৈয়াৰ কৰিব পৰা হয় । Orthodox চাহৰ বাবে শুকাই লেৰেলি যোৱা পাতবোৰ কলঘৰৰ (Factory rolling machine)ত ভৰাই দি পাতবোৰ মোহাৰি পেলোৱা হয় । C.T.C চাহ প্ৰস্তুত কৰিবৰ কাৰণে তেনেকৈ C.T.C machine ত পাত বিলাক ভৰাই দিয়া হয় য’ত পাতখিনি কাটি গুড়া কৰি পেলায় । ইয়াৰ পাচত পাতৰ সেউজীয়া ৰঙৰ পৰা Copper ধৰনৰ ৰংটো অনাৰ বাবে Fermenting room বোলা কোঠালৈ চাহপাতখিনি অনা হয় । Fermenting room টো যথেষ্ট আহল-বহল ঠাণ্ডা, ৰ’দ নপৰা হয়, এই কোঠালীৰ পকাৰ মজিয়াত সেই চাহপাত Orthodox বা C.T.C য়ে হওক সমানকৈ মেলি দিয়া হয় । দুঘন্টাৰ পৰা আঢ়ৈ ঘন্টাৰ ভিতৰত Copper ৰংটো অহাৰ লগে লগে Dryer ত তাপ দি চাহপাত Orthodox বা C.T.C তৈয়াৰ কৰা হয় |

চাহপাত তৈয়াৰ হোৱাৰ পিচত Sorting বা Grading কৰা হয় । অৰ্থাৎ চাহপাত অনুযায়ী বেলেগ বেলেগ ভাগ কৰা হয় । ইয়াৰ পাচত Plywood ৰে সজোৱা সৰু, ডাঙৰ বাকচত, বৰ্তমান Jute Bag (মৰাপাটেৰে ত তৈয়াৰী মোনা) চাহপাতবোৰ ভৰাই ভালদৰে মোহৰ মাৰি নীলাম কেন্দ্ৰলৈ পঠিওৱা হয় । অসমত পোন প্ৰথমে Orthodox ৰ প্ৰচলন আৰু চাহিদাও যথেষ্ঠ আছিল, পিচলৈ C.T.C চাহৰ প্ৰচলন হয় । বৰ্তমান Green Tea আৰু লগতে মানুহৰ চখ অনুযায়ী অসমত অনেক সুগন্ধিযুক্ত চাহ তৈয়াৰ হ’ব লাগিছে । বৰ্তমান “আছাম টি” য়ে ভাৰতত নালাগে, বিদেশতো যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ চাহ খেতিয়ক সকলৰ অসীম চেষ্টা-প্ৰচেষ্টাতে অসমৰ চাহ শিল্পলৈ নিতৌ এক নতুনত্ব আহি আছে । চাহ গছৰ পাতেৰে তৈয়াৰ কৰা চাহ- ইংৰাজী ভাষাত “টি”(Tea), অসমীয়া ভাষাত “চাহ” বেংগলত “চা” উত্তৰ ভাৰতত “চাই”(Chai) কে ধৰি বিভিন্ন ঠাই অনুসৰি বেলেগ বেলেগ নামেৰে পৰিচিত |

চাহে অচল দেহাক যথেষ্ঠ পৰিমানে শক্তি দিয়ে । এপিয়লা চাহতেই যেন একোজনৰ জীৱন । যি কাৰণে চাহক সঞ্জীৱনী বুলিও কোৱা হয় । মানুহৰ দেহৰ হৃদপিণ্ড, মগজু সক্ৰিয় কৰাৰ লগতে মূৰৰ কামোৰণি, পানীলগা, ডিঙিৰ চেৰচেৰণি/ বিষ আদিতো বিশেষভাৱে সহায় কৰে । বৰ্তমান জনপ্ৰিয়তা লাভ কৰা সেউজীয়া চাহে(Green Tea) অনেক অসুখত ঔষধিৰূপেও কাম কৰে । বৰ্তমান কৰ্কট ৰোগ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত চাহক মহৌষধি বুলি কোৱা হৈছে । বিয়া-বাৰু, সকলোধৰণৰ উত্‍সৱ-পাৰ্বণত, সকাম-নিকাম, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত, দোকান-পোহাৰ, মেল-মিটিঙকে ধৰি প্ৰতি কথাতে চাহকাপৰ বিশেষ প্ৰয়োজন হয় । অতিথি আপ্যায়নৰ ক্ষেত্ৰতো চাহ কাপ যঁচাটো শিষ্টাচাৰৰ নিদৰ্শন বুলিয়েই ধৰা হয় । এইবোৰৰ বাদেও শীতৰ দিনত চাহকাপ খোৱাৰ আমেজেই বেলেগ । ই ঠেৰেঙা লগা শৰীৰলৈ অফুৰন্ত শক্তিৰ সঞ্চাৰ কৰে । দিনে দিনে চাহৰ চাহিদা বঢ়াৰ লগতে অসমত আজি যথেষ্ঠ লোকে চাহ উদ্যোগত মন-প্ৰাণ দি অসমৰ চাহৰ জনপ্ৰিয়তা আৰু হেজাৰ গুণে বঢ়োৱাৰ লগতে অসমৰ চাহ খেতিয়ে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে ।

( সমাপ্ত )

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!