সেউজীয়া সুৰ (অগস্ত্য বৰুৱা)

সেউজীয়া সুৰ এটা হৈ

বিভোৰ হৈ আছে গাঁওখন

নুসুধিবা কি ৰাগ

ফুটফুটীয়া ফুলবোৰ

লিপিট খাই আছে

খিলখিলিয়া পাটগাভৰুৰ হাঁহিত


প্ৰকৃতিয়ে ৰঙীন কৰা

লাৱনী হাত

বতাহত দুলি আছে

বতাহৰ গতি মোহনীয়া কৰি

পেঁপাৰ মাতে টানি নিয়ে

মুকলি পথাৰলৈ

ৰাই-জাই ৰাই-জাই দেহ মন

 

পেৰাত ভৰাই দুখবোৰ

সেউজীয়া সুৰ এটা

বাজি থাকে অহৰহ

 

কি নাম কি নাম

কি ৰাগ কি ৰাগ

 

এমোকোৰা হাঁহিৰে ক’লে

তেওঁৰ নাম হেনো ব’হাগ।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!