সৌন্দৰ্য চৰ্চা আৰু পুৰুষ – প্রদীপ কুমাৰ শইকীয়া

আমি সাধাৰণতেই সৌন্দৰ্য চৰ্চা শব্দটো শুনিলেই এগৰাকী নাৰীৰ কথা মনলৈ আনো
। সৌন্দৰ্য চৰ্চা মানেই যেন নাৰীৰ বিষয় !
আচলতে কথাষাৰ কিমান শুদ্ধ ? পুৰুষে সৌন্দৰ্য চৰ্চা নকৰে জানো ? সভ্যতাৰ
প্ৰাৰম্ভনিৰ পৰাই আচলতে নাৰীৰ লগতেই পুৰুষেও সৌন্দৰ্য চৰ্চা কৰি আহিছে ।
পাৰ্থক্য হ’ল নাৰীৰ সৌন্দৰ্য ৰ লগত ৰং ৰহন, প্ৰসাধন জৰিত থাকে বাবে
সকলোৰে চকুত পৰে আৰু পুৰুষৰ সৌন্দৰ্য চৰ্চা বিশেষকৈ শৰীৰৰ গঠনৰ লগত জৰিত
থাকে সেয়ে চকুত নপৰে ।

এজন কিশোৰ, এজন যুৱক আৰু আজি এজন অৰ্ধশতক পাৰকৰা মোৰ ব্যক্তিগত জীৱনকেই
উদাহৰণ হিচাপে লৈ এই কথাখিনি কিছু বহলাই চাওঁ আহকচোন ।

প্ৰায় সাত আঠ বছৰ মান বয়স মান হোৱাৰ আগলৈকে মা আৰু বাইদেওহঁতৰ ইচ্ছামতে
সাজপোচাক কৰিব লগা হৈছিল যদিও যিমানদুৰ মনত পৰে চতুৰ্থ শ্ৰেনী মানৰ পৰা
নিজৰ চেহেৰাটো, নিজৰ চোলা, পেন্ট আদি চাই বা পিন্ধি এক আনন্দ অনুভৱ
কৰিছিলো । এইয়াই হয়তু সৌন্দৰ্য চৰ্চাৰ আৰম্ভনি বুলিব পাৰি ।

এতিয়াও এটা কথা ভালকৈ মনত আছে যে মই সাধাৰণতেই হাফপেন্ট বোৰ দীঘল হ’লে
ভাল নাপাইছিলো । মই দোকানৰ পৰা কিনি অনা ধিলা ধিলা
হাফপেন্ট বোৰ মেচিনত চিলাই নিজেই সৰু কৰি লৈছিলোঁ ।

এই স্বভাবটোৰ বাবেই লাহে লাহে চোলাবোৰো দোকানৰ পৰা আনি নিজৰ হিচাপত হাত
দ্খন সৰু কৰি লৈছিলো যাতে হাতৰ বিভিন্ন মাংসপেশি বোৰ চকুত পৰে । যদিও
তেতিয়ালৈকে প্ৰেম ভালপোৱা আদিৰ অৰ্থ বুজি পোৱা নাছিলো তথাপিও লগৰ
ল’ৰাবোৰতকে ডাঙৰ বাহু আদি প্ৰদৰ্শন কৰি কিবা এটা অবুজ আনন্দ পাইছিলো
। এজাক ছোৱালীৰ সৰু বাহুৰ  লগৰ
ল’ৰাবোৰৰ লগত পাৰহৈ যাওঁতে কিবা নিজকে হিৰ’ হিৰ’ যেন লাগিছিল ।

মই ভাবো মোৰ ভিতৰত লহপহকৈ বাঢ়ি অহা পুৰুষৰ মনটোৰ সৌন্দৰ্য প্ৰেমৰ এয়া
আছিৰ উকমুকনি ।

অষ্টম মানত পঢ়ি থাকোতে জীৱনৰ এক নতুন সংযোজন হ’ল । এপাদেওৰ ডাঙৰ ল’ৰা জনৰ
পৰা শৰীৰ চৰ্চাৰ পাঠ ললো । মোতকৈ 5 বছৰ মান ডাঙৰ ককাইদেওৰ পৰা আসন ,
পাঞ্জা আদি শিকিবলৈ সুবিধা পালো । শৰীৰটোৰ ওপৰত বেচিকৈ চকু দিবলৈ আৰম্ভ
কৰিলো । বাহু,বুকু আদিৰ মাংস পেশী বোৰ কেনেকৈ ডাঙৰ কৰিব
পাৰোঁ আৰু কেনেকৈ আনৰ চকুত পৰাকৈ ভদ্ৰতাৰ পৰিধিৰ ভিতৰত থাকি প্ৰদৰ্শন
কৰিব পাৰো সেই কথাটো মনত প্ৰতি ক্ষনতে আমনি কৰিবলৈ ধৰিলে ।

যিহেতু সকলো ধৰণৰ কাম নিজে কৰি লোৱাৰ মোৰ এক চৰিত্ৰ আছিল , নিজৰ শৰীৰৰ
তথা মনৰ প্ৰয়োজন অনুসৰি হাফপেন্ট, লং পেন্ট , চোলা আদি বজাৰৰ পৰা কিনি
আনি ঘৰতে মেচিনত চিলাই ল’বলৈ ভালপোৱা হ’লো ।

এনেকৈ দশম মান পালোগৈ । যৌবনৰ দুৱাৰদুলিত ভৰি থলো । সময় বেলবটময়ববি কলাৰ
, হিপ্পীৰ । বতাহত ওৰিফুৰা 20/22 ইঞ্চিৰ বেলবটম পেন্ট । যিহেতু
তেতিয়ালৈকে নিজেই লংপেন্ট চিলাই ল’ব পৰা হৈছিলো । বচ , কোনে পায় । চিলাই
ললো লালুকৰ আটাইটকৈ বহল বেলবটম লংপেন্ট । ডাঠ মেজেন্টা ৰঙৰ কটনৰ বেলবটম
পেন্টটো আজিও মনত আছে ।

সেই সময়তেই পাইছিলো সুঠাম এটা দেহা । পিন্ধি লৈ কিমান সময় ঘৰৰ ফুলচাইজ দাপোনৰ সন্মুখত কটাইছিলো ভাবিলে
আজি আচৰিত লাগে । তেতিয়ালৈকে যিহেতু পঢ়াৰ ভুত টো গাত লম্ভা নাছিল , কাজেই
স্কুল নথকা সময় খিনিৰ 70/80 % খৰছ কৰিছিলো শৰীৰ চৰ্চাত , আৰু নিজৰ ভাল
লগাকৈ চোলা পেন্ট বনাই লৈ পিন্ধি আৰু দাপোনৰ সমুখত নিজৰ চেহেৰাটো চাই
আনন্দ লাভ কৰিছিলো ।

চুলিখিনি যেন আছিল এই সৌন্দৰ্য চৰ্চাৰ বাটত বাধা । সম্পুৰ্ন কেঁকোৰা আৰু
ঘন চুলি খিনিক মনৰ পচন্দ মতে সজোৱাটো কঠিন হৈ পৰিচিল । সেই সময়তে আহিছিল
অতি ভাল লগা হিন্দী চীনেমা “ নদিয়া কে পাৰ। “ হিৰ’ শচিনৰ মোৰদৰেই কেঁকোৰা
চুলি খিনিৰ বিভিন্ন ষ্টাইল দেখি মনত সাহস পালো । আৰম্ভ কৰিলো শচিনৰ দৰেই
এক নতুন ষ্টাইল । নিজকে যেন নতুনকৈ আবিস্কাৰ কৰিলো ।

বেলবটম পেন্ট, এভাৰেস্টৰ স্টাইলত চুলি খিনি, আটিলকৈ বাহু তথা হাতৰ
পেশীবোৰ সকলোৰে চকুত পৰাকৈ নিজেই চিলাই লোৱা চোলাবোৰ , এইবোৰৰ মাজত যেন
যৌৱনৰ এক নতুন মাদকতা লাভ কৰিলো ।

নিজকে সুথাম আৰু সুন্দৰ কৈ সজোৱাত ইমানেই বিভোৰ হৈ পৰিলো যে তাৰ মাজতেই
কোন কোন ছোৱালীয়ে মোৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল তাক চাবলৈ সময়েই নহ’ল । ফলত
বহু ছোৱালীৰ বাবে মই এটা অহংকাৰী ল’ৰা হৈ পৰিলো । পিছে তাৰ সুফল পিছলৈ
পালো ।

যাই কি নহওক এনেদৰেই আহি মহাবিদ্যালয়ত ভৰি দিলো । কাহানিও বিজুলিবাতিৰ
পোহৰ নেদেখা এখন গাঁৱৰ পৰা আহি লখিমপুৰ চহৰত থাকিবলৈ পাই যেন দিল্লী
মোম্বাই হাততে পালো । বছৰত দুখন মান চিনেমাৰ পৰা প্ৰতি শুক্ৰবাৰে দুখন
চিনেমা চাবলৈ সুবিধা পালো । মোৰ সৌন্দৰ্য প্ৰিয় মনটোৱে প্ৰতিখন চিনেমাৰ
নতুন নতুন আৰু মই ঘৰতেই বনাব পৰা ষ্টাইলবোৰৰ অনুকৰন কৰিবলৈ আৰম্ভ কৰিলো ।
এক পাহোৱাল শৰিৰ আৰু সৌন্দৰ্য প্ৰিয় এক মন । মন প্ৰাণ
সপি দিবৰ মন গ’ল এই সৌন্দৰ্য চৰ্চাত ।

পিচে সেই সময়তেই বিজ্ঞানৰ প্ৰতি থকা দুৰ্বলাতাই মুৰ ডাঙি উঠিল । হঠাৎ
জীৱনৰ গতি পৰিবৰ্তন হ’ল ।পঢ়াৰ পোকটোৱে সৌন্দৰ্য  চৰ্চাৰ
বাবে সময় নিদিয়া হ’ল । এই নিৰস জীৱন প্ৰায় 10 বছৰ মান চলিল । সৌন্দৰ্য
চৰ্চা যেন ধোঁৱাচাঙত উথিল ।

ভৰিত চেন্ডেল, গাত এড়ী চাদৰ, দাদাইদেউৰ পুৰনা চোলাবোৰৰ এইবোৰৰ মাজত সোমাই
বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ হৈ ওলাই আহিছিলো । ধুনিয়া কাপোৰ কানি
বোৰ ক’ৰবাতে এৰি ধুনিয়া মাৰ্কচিট খনৰ পিচত পৰিলো ।

পিচে সৌন্দৰ্যপ্ৰিয় পৰিবাৰে যেন এই শুই থকা সৌন্দৰ্য প্ৰিয় মনটোক আকৌ
সাৰ পোৱাই দিলে । আৰম্ভ হ’ল আন এক নতুন সৌন্দৰ্য চৰ্চা । ব্ৰেণ্ডেড চোলা
পেন্ট । নিজেই চিলাই লোৱা কপোৰেৰে সৌন্দৰ্য চৰ্চা কৰি ভালপোৱা মনটোৱে
প্ৰথমতে কিছু অসুবিধা পাইছিল যদিও লাহে লাহে এই ব্ৰেণ্ডেড কাপোৰ কানি ভাল
লগা হৈ আহিল ।

Peter England .. হয় এইটোৱেই আছিল প্ৰথম ভালপোৱা ব্ৰেণ্ড । তাৰ পৰাই যেন
আৰম্ভ হ’ল দেশী বিদেশী নামি দামি ব্ৰেণ্ডৰ প্ৰতি এক দুৰ্বলতা । লুই
ভঁ’টে, লুই ফিলিপ, ভেন হুচেন আদি ব্ৰেণডৰ কাপোৰে অধিকাৰ কৰিলে অসমৰ দৰ্জি
কেইটাৰ হাতৰ মৰমৰ ডিজাইনবোৰ । এক নতুন সৌন্দৰ্য চৰ্চাৰ দৌৰ আৰম্ভ হ’ল ।
তথাপিও মাজে মাজে বিজ্ঞানৰ জটিল সময়বোৰে মনটোক সৌন্দৰ্য চৰ্চাৰ পৰা আতৰাই
আনিবলৈ যত্ন কৰিছিল ।

পিছে এই সময়তেই একমাত্ৰ সন্তান ছোৱালী জনীয়ে London College of Fashion ত
পঢ়িবলৈ গ’ল । তাইৰ বিভিন্ন প্ৰজেক্টবোৰত সহায় কৰিবলৈ গৈ আবিস্কাৰ কৰিলো
সৌন্দৰ্য্ চৰ্চাৰ এখন নতুন পৃথিবী ।

লাখ লাখ কোটি টকাৰ এই ফেশ্বন জগত খনৰ 30/40 অধিকাৰ কৰি আছে পুৰুষৰ
সৌন্দৰ্য্য চৰ্চা সম্বন্ধীয় বজাৰ খনে । অসমত বা ভাৰতত এই হিচাপ হয়তো নাৰী
পুৰুষৰ অনুপাত 70 -30 % হ’ব । কিন্তু ইউৰোপৰ সমাজ খনত নাৰী আৰু পুৰুষৰ
সৌন্দৰ্য চৰ্চাৰ এই বজাৰ খনৰ অনুপাত 50_50 % হ’ব বুলি ন দি কব পাৰিম ।

সাধাৰণতেই নাৰীৰ সৌন্দৰ্য চর্চা চুকত পৰে কিন্তু পুৰুষৰ সৌন্দৰ্য
চৰ্চা চকুত নপৰে যদিও মোৰ ব্যক্তিগত অভিজ্ঞতাৰে এই কথা ন দি কব পাৰিম যে
পুৰুষ সকল নাৰীৰ সমানেই সৌন্দৰ্য সচেতন । পাৰ্থক্য ইমানেই যে নাৰীৰ
সৌন্দৰ্য চৰ্চা অধিকতৰ বাহ্যিক তথা সাজপোচাক সমন্ধীয় , তাৰ বিপৰিতে
পুৰুষৰ সৌন্দৰ্য চৰ্চা অধিকতৰ শৰীৰৰ গঠন সম্বন্ধীয় আৰু সময়ৰ লগে লগে ই
সাজপোচাক সম্বন্ধিত হৈ পৰে ।

পিচে সময় সলনি হৈছে । হৈছে যুগৰ পৰিবৰ্তন । বহু ক্ষেত্ৰত আজি কালি
নাৰীতকৈ পুৰুষ সকল অধিক সৌন্দৰ্য্য সচেতন যেন দেখা গৈছে । সৌন্দৰ্য চৰ্চা
নাৰীৰ সমানেই পুৰুষৰ অধিকাৰ ক্ষেত্ৰ হৈ পৰিছে ।

প্রদীপ কুমাৰ শইকীয়া
প্ৰমুখ্য তৈল পদাৰ্থবিজ্ঞানী
শ্লামবাৰ্জাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!