সৌন্দৰ্য চৰ্চা (মৃদুল কুমাৰ শৰ্মা)

১) উফি কিলাৰ

ঠাণ্ডাকালি উফিৰ উৎপাত অলপ বেছিয়েই হয়৷ পুৰুষ মহিলা সকলোৰে৷ সহজ উপায় এটা আছে ৰ’ব৷

দুই টেবুলচামুচ হোৱাইট ভিনেগাৰ আৰু সমপৰিমাণৰ গোলাপজল ভালদৰে মিহলাই লৈ কপাহেৰে চুলিত আৰু চুলিৰ তলৰ ছালত লগাওক৷ পোন্ধৰ বিছ মিনিটমান পিছত ভালদৰে শ্বেম্পু কৰি ধুই পেলাব৷ সেইদিনা পাৰিলে বিচনাচাদৰ আৰু গাৰুৰ গিলিপ দুটাও ধুই পেলাব৷

২) চিক্‌মিক্‌ চম্পি

শ্বেম্পু কৰাৰ আগত জেপজেপীয়াকৈ তেল সানি ল’লে চুলিখিনি শুকান হৈ নপৰে৷ এই তেল সনা কাৰবাৰটোক ’চম্পি’ কৰা বুলি কয় হিন্দীত৷
তিনি টেবুলচামুচ নাৰিকল বা তিল তেল, সমপৰিমাণৰ গোলাপজল একেলগে পাত্ৰ এটাত লৈ তাত Evion 400mg কেপচুল এটা ভাঙি ভিতৰৰ ঔষধখিনি ভালদৰে মিহলাই ল’ব৷ এতিয়া কপাহেৰে এই মিশ্ৰণটো ভালদৰে চুলিত আৰু চুলিৰ গুৰিত লগাই থৈ দিয়ক কেইঘণ্টামান (পাৰিলে গোটেই ৰাতি)৷ তাৰপিছত ভালদৰে শ্বেম্পু কৰি ধুই দিব৷ চাব, আপোনাৰ চুলি চিকমিকাই আছে৷

৩) চিক্ৰেট মাস্ক

শালমইনাৰ উপদ্ৰবত গালদুখন হালবোৱা পথাৰৰ দৰে হৈছে নেকি? এইটো লগাই চাবচোন৷

দুই মুঠি পুৰণি চাউল নাৰিকলৰ পানীত এৰাতি তিঁয়াই ৰাখিব৷ চাউলখিনি পানীৰে ধুব নালাগে৷ ৰাতিপুৱা চাউলখিনি নাৰিকলৰ পানীৰে সৈতে পটাত বা মিক্সিত দি ভালদৰে এটা পেষ্ট কৰি লওঁক৷ এতিয়া পেষ্টটোত বিছটোপাল গ্লিচাৰিণ, পাঁচটোপাল চন্দন তেল দি ভালদৰে মিহলাই লওক৷ চন্দন তেল নাপালে চন্দন পিহি দিলেও হ’ব৷

ভালদৰে মিহলি হোৱাৰ পিছত এই পেষ্টটো গোটেই গালত সমানকৈ লগাই দিয়ক৷ এঘণ্টামান পিছত মাস্কটো শুকাই গালদুখন যেতিয়া টানি ধৰিব তেতিয়া পানীৰে ঘঁহি ধুই দিয়ক৷ তাৰপিছত পাতলকৈ মইশ্বাৰাইজাৰ অলপ লগাই দিব৷mksএনেদৰে এসপ্তাহমান লগাই এমাহমান পিছত আকৌ এবাৰ লগাই চাব৷ শালমইনা চফা হৈ যাব৷

(এই পেষ্টটো লগোৱাৰ আগত এখন চেল্ফি আৰু এসপ্তাহমান পিছত এখন চেল্ফি ল’ব নাপাহৰিব৷)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!