সৌমিত্ৰদাৰ সান্নিধ্যৰ স্মৃতি কাহিনীও পাহৰিব নোৱাৰোঁ — বিদ্যুৎ কুমাৰ ভূঞা

অৱশেষত ‘অপৰাজিত’ সৌমিত্ৰদা কালৰ ওচৰত পৰাজিত হ’ল। অৱশেষত আজি দুপৰীয়া তেওঁ পৃথিৱীৰপৰা বিদায় মাগিলে। খবৰ পালোঁ, সৌমিত্ৰদাৰ জীয়ৰীৰ প’ষ্ট এটাৰপৰা। তেওঁ শেষত লিখিছে- ‘please please don’t contact me now’! বাংলা চিনেমাৰ খ্যাতিমান অভিনেতা তথা সত্যজিৎ ৰায়ৰ ‘অপু’খ্যাত সৌমিত্ৰ চট্টোপাধ্যায়ৰ সংকটজনক অৱস্থাৰ খবৰ পাই আজি চল্লিছটা দিনে ম্ৰিয়মান হৈ আছিলোঁ৷ তেওঁৰ স্বাস্থ্যৰ খবৰ বিচাৰি social media আৰু বাংলা নিউজ চেনেলকেইটাত চকু নিৱদ্ধ ৰাখিছিলোঁ। আজি তেওঁৰ শেষ খবৰটো পাই দুচকুৰে অশ্ৰু নিগৰি আহিছে।
বৰেণ্য চলচ্চিত্ৰ অভিনেতা, বাংলা চিনেমাৰ ICON, বিশিষ্ট মঞ্চ-অভিনেতা, নাট্যকাৰ, নাট পৰিচালক, কবি (মোৰ সৈতে হোৱা কথোপকথনৰ সময়ত তেওঁ নিজৰ তিনিখন কবিতা সংকলনৰ নাম কৈছিল- ‘শ্ৰেষ্ঠ কবিতা’, ‘স্বগত’ আৰু ‘হায় চিৰাজুল’) তথা কুশলী আবৃত্তিকাৰ সৌমিত্ৰদাক আজিৰ পৰা কুৰি বছৰৰ আগেয়ে প্ৰথম লগ পাইছিলোঁ। সেইদিনা আছিল ২০০০ চনৰ ২৩ আগষ্ট। তেওঁ পাঠশালাৰ ‘কহিনুৰ থিয়েটাৰ’ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত ভাগ ল’বলৈ আহিছিল। সেইদিনা মই তেওঁৰ কেইবাখনো ফটো তুলিছিলোঁ‌। সেইদিনাই ম‌ই লোৱা তেওঁৰ অন্তৰংগ সাক্ষাৎকাৰটি (’আজি’ত প্ৰকাশিত) পাৰিলে কোনোবা কাকত-আলোচনীত পুনৰ প্ৰকাশৰ চেষ্টা কৰিম। সেইদিনা নিজৰ বাবে তেওঁৰ অট’গ্ৰাফ লোৱাৰ পৰিবৰ্তে এগৰাকী সাংবাদিক হিচাপে নিজে কাম কৰা ‘আজি’ নামৰ দৈনিক কাকতখনৰ বাবেহে তেওঁৰ শুভেচ্ছা বাণী এটি লিখাই লৈছিলোঁ। তেওঁ লিখিছিল- “আসামেৰ ‘আজি’ পত্ৰিকাকে জানাই অনেক শুভেচ্ছা।”
কেইবছৰমান আগেয়ে তেওঁ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত ভাগ ল’বলৈ আহোঁতেই খবৰ পাইছিলোঁ যে তেওঁ প্ৰষ্টেট কৰ্কট ৰোগত ভুগি আছে। অৱশ্যে প্ৰথমে তেওঁৰ অৱস্থা সংকটজনক হৈ পৰিছিল যদিও চিকিৎসকে অহৰ্নিশে কৰা আশাশুধীয়া চেষ্টাত সেয়া নিয়ন্ত্ৰণাধীন হৈ উঠিছিল।
পিচে কেইদিনমানৰ আগেয়ে খবৰ পাইছিলোঁ যে অভিনেতাগৰাকী হঠাতে Covid-19-ত আক্ৰান্ত হৈ পুনৰ সংকটজনক অৱস্থাত যোৱা ছয় অক্টোবৰত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। তাৰ পিছতে তেওঁৰ অৱস্থা পুনৰ সংকটজনক বুলি খবৰ এটা পাইছিলোঁ। অৱস্থা অতিকে উদ্বেগজনক বুলি চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰিছিল যদিও চিকিৎসকৰ চেষ্টাত পুনৰ অভিনেতাগৰাকীৰ অৱস্থা ‘আপাতত স্থিতিশীল’ বুলি বাতৰি পাইছিলোঁ। তৎসত্ত্বেও সৌমিত্ৰদাৰ শাৰীৰিক অৱস্থা উদ্বেগজনক হৈ আছিল আৰু তেওঁক Intensive Care Unit-ত ‘ভেণ্টিলেচন’ত ৰখাৰ বিষয়েও চিকিৎসালয় কৰ্তৃপক্ষই চিন্তা কৰা বুলি শুনিবলৈ পাইছিলোঁ। বিশেষকৈ তেওঁৰ প্ৰ’ষ্টেট কৰ্কট ৰোগটো পুনৰ বৃদ্ধি পাইছিল আৰু ই ফুচফুচ আৰু মস্তিষ্ক পৰ্যন্ত বিয়পি পৰিছিল। তদুপৰি ৰোগটো তেওঁৰ মূত্ৰাশয় পৰ্যন্ত সংক্ৰমিত হোৱা বুলিও চিকিৎসকে প্ৰকাশ কৰিছিল। সমান্তৰালভাবে অভিনেতাগৰাকীৰ শৰীৰত ছ’ডিয়াম আৰু পটাচিয়ামৰ পৰিমাণো এতিয়া স্বাভাৱিক অৱস্থাত নাই বুলি চিকিৎসকে কৈছিল।
উল্লেখযোগ্য যে চিকিৎসালয় কৰ্তৃপক্ষই এই সময়ছোৱাত বৰেণ্য অভিনেতাগৰাকীৰ দৈনিক medical bulletin প্ৰকাশ কৰি আহিছিল। সমস্ত চিকিৎসাৰ উপৰি শেষৰফালে চিকিৎসালয়ত সৌমিত্ৰদাক ‘মিউজিক থেৰাপী’ দিয়াৰ উপৰি তেওঁৰ প্ৰিয় গল্পকাৰৰ গল্পৰ পাঠো শুনোৱা হৈছিল।
তেওঁ চিকিৎসাধীন হৈ আছিল কলকাতাৰ অত্যাধুনিক চিকিৎসা-ব্যৱস্থাৰে সজ্জিত ‘বেলভিউ হাচপতালত’। পশ্চিম বংগৰ প্ৰখ্যাত চলচ্চিত্ৰ, সংগীত, নাট্য-ব্যক্তিত্বৰপৰা ৰাজনৈতিক নেতালৈ সকলোৰে চিকিৎসা এইখন চিকিৎসালয়তে হোৱাৰ খবৰ পাওঁ। ম‌ই ১৯৮৬ চনতে ভূপেন হাজৰিকা এইখন চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ খবৰ পাইছিলোঁ আৰু সেইবাৰ আৰোগ্য হৈ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা চাবলৈ অহা ভূপেনদাৰ সৈতে তেওঁৰ অসুখৰ বিষয়ে আলোচনা কৰা মনত পৰে। অৱশ্যে তেতিয়া নাম আছিল- “বেলভিউ নাৰ্ছিং হ’ম।”
ভূপেন হাজৰিকাৰ সংগীতেৰে নাৰায়ণ সান্যালৰ বিখ্যাত কাহিনীৰ আধাৰত নিৰ্মিত অজিত লাহিড়ীৰ ‘গজমুক্তা’ নামৰ চিনেমাখনত অভিনয় কৰিবলৈ আহি গৌৰীপুৰৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ ‘হাৱাখানা’ৰো আলহী হৈছিল তেওঁ আৰু মুনমুন সেন আদি। পৰৱৰ্তী সময়ত বিশিষ্ট অভিনেতাগৰাকীয়ে পুনৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘সোপান’ নামৰ বাংলা চিনেমা এখনতো অভিনয় কৰিছিল।
সৌমিত্ৰ চট্টোপাধ্যায়ে আবৃত্তি কৰা ৰবীন্দ্ৰনাথৰ ‘শেষেৰ কবিতা’ ম‌ই এতিয়াও মাজে মাজে শুনি থাকোঁ।
পূৰ্বতে উল্লেখ কৰিছোঁ যে ২০০০ চনত সৌমিত্ৰদাৰ ম‌ই কেইখনমান ফটো তুলিছিলোঁ আৰু এটা দীঘলীয়া আছুতীয়া সাক্ষাৎকাৰ লৈছিলোঁ। তাৰ ভিতৰত কেইখনমান ফটোত সৌমিত্ৰদাৰ সৈতে আদ্য শৰ্মা, কুলদা কুমাৰ ভট্টাচাৰ্য, ৰতন লহকৰো আছিল। এই কথাখিনিৰ সৈতে সংলগ্ন ফটোখনো ম‌ই সেইদিনাই তোলা আৰু সাক্ষাৎকাৰটো দুটা খণ্ডত প্ৰকাশ পাইছিল সেই সময়ত ম‌ই কাৰ্যনিৰ্বাহ কৰি থকা ‘আজি’ নামৰ অধুনালুপ্ত দৈনিক কাকতখনত ম‌ই সম্পাদনা কৰা বিশেষ দেওবৰীয়া পৰিপূৰিকাখনৰ দুটা সংখ্যাত। প্ৰথম খণ্ডৰ শিৰোনাম দিছিলোঁ- “সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই মোক আকৰ্ষণ কৰে” আৰু দ্বিতীয় খণ্ডৰ শিৰোনাম দিছিলোঁ- “মোৰ বাবে চৰকাৰী বঁটা-বাহনৰ কোনো মূল্য নাই।”
ভাৰতীয় চিনেমাৰ ছয় দশকৰ বৰ্ণাঢ্য অভিনয়-পৰিক্ৰমা সামৰি বিদায় ল’লে সৌমিত্ৰদাই, য’ত প্ৰথম চিনেমা ‘অপুৰ সংসাৰ’ (১৯৫৯)-সহ কেৱল সত্যজিৎ ৰায়ৰে চিনেমা আছিল চৈধ্যখন। আজি তেওঁৰ শৱদেহ চিকিৎসালয়ৰপৰা টালিগঞ্জৰ ‘গ’ল্ফ গ্ৰীণ’ৰ নিজ গৃহলৈ অনা হয়। তাৰপিছত তেওঁৰ মৃতদেহ লৈ যোৱা হয় বিখ্যাত ‘টেকনিচিয়ান ষ্টুডিঅ’ৰপৰা ‘ৰবীন্দ্ৰ সদন’লৈ আৰু তাৰপৰাই শেষ যাত্ৰা আৰম্ভ কৰাৰ কথা কেওড়াতলা মহাশ্মশানলৈ।
সৌমিত্ৰদালৈ মোৰ শেষ শ্ৰদ্ধাঞ্জলি জনালোঁ। বিদায় সৌমিত্ৰদা, বিদায় অপু, বিদায় ফেলুদা।
ইটো সিটো কথা
””””’”’””””””””””””””””’”
● জন্মঃ ১৯ জানুৱাৰী ১৯৩৫। কৃষ্ণ নগৰ, বেংগল প্ৰেছিডেন্সি, বৃটিছ ভাৰত।
● পিতৃঃ মোহিত কুমাৰ চট্টোপাধ্যায়। মাতৃঃ আশালতা। পুত্ৰঃ সৌগত। কন্যাঃ পৌলমী।
● শিক্ষাঃ চেণ্ট জ’নচ স্কুল, ‘কলকাতা চিটি কলেজ’ৰপৰা আই এছ চি আৰু বাংলা সাহিত্যত অনাৰ্চ-সহ বি এ পাছ কৰে। তাৰ পিছত Post Graduate College of Arts-ত দুবছৰ পঢ়ে আৰু তাৰ পিছত ‘কলকাতা বিশ্ববিদ্যালয়’ত এম এ পঢ়ে।
● অল ইণ্ডিয়া ৰেডিঅ’ৰ ঘোষক হিচাপে কৰ্মজীৱনৰ পাতনি।
● ১৯৫৬ চনত সত্যজিৎ ৰায়ে ‘অপৰাজিতা’ৰ ‘অপু’ৰ বাবে নতুন মুখ বিচাৰি বিজ্ঞাপন দিছিল। সৌমিত্ৰ-সত্যজিত প্ৰথম সংস্পৰ্শ তেতিয়াই, পিচে ‘অপু’তকৈ বয়স বেছি হোৱাত সৌমিত্ৰ বাদ পৰে আৰু ১৯৫৯ চনত আত্মপ্ৰকাশ ঘটে ‘অপুৰ সংসাৰ’ত।
● ষাঠি বছৰ ধৰি চিনেমাত অভিনয়। অভিনীত চিনেমা আঢ়ৈশৰো অধিক। তাৰ ভিতৰত ‘চাৰুলতা’, ‘অশনি সংকেত’, ‘ঘৰে বাইৰে’, ‘শাখা প্ৰশাখা’কে আদি কৰি সত্যজিৎ ৰায়ৰ চিনেমাই চৈধ্যখন। ফেলুদা ছিৰিজৰ চিনেমা তিনিখন।
● চিনেমাৰ উপৰি মঞ্চ নাটক, যাত্ৰা আৰু বহু টিভি ছিৰিয়েলত অভিনয়। বহুকেইখন নাটকৰ ৰচনা আৰু পৰিচালনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!