সৌৰ বিদ্যুৎ, ব্যৱহাৰিক দিশ আৰু আমি (বিৰিঞ্চি বৰা)

সৌৰ বিদ্যুৎ, ব্যৱহাৰিক দিশ আৰু আমি

 

বিৰিঞ্চি বৰা

মানৱ জগত আৰু শক্তিৰ এৰাব নোৱাৰা ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌ওতঃপ্ৰোত সম্পর্ক। কিন্তু সাধাৰণতে ব্যৱহৃত পৰপম্পৰাগত শক্তিৰ উৎসৰ পৰা নির্গতিত কার্বন ডাই অক্সাইদ, কার্বন মন’ অক্সাইদ আদি গেছৰ পৰা সৃস্টি হব পৰা পৰিণতি আৰু উৎসৰ সীমাবদ্ধতা মানৱ জাতিৰ বাবে অভিশাপ হব পাৰে। অ-পাৰম্পৰিক শক্তি ব্যৱহাৰ কৰি এই অসুবিধা সমুহ আতৰাব চেষ্টা কৰি থকা হৈছে। বিভিন্ন অ-পাৰম্পৰিক শক্তিৰ উৎসৰ ভিতৰত সৌৰ শক্তি, জলবিদ্যুৎ, বায়ু শক্তি, জৈবিক শক্তিৰ উৎস অন্যতম। এইবোৰৰ ভিতৰত সৌৰ শক্তি অন্যতম, কিয়নো প্ৰতি ছেকেন্ডত সূর্য্যৰ পৰা পৃথিৱীলৈ অহা মুঠ শক্তি ১.৮ × ১০ ১১মেগা ৱাট। এই শক্তিৰ পৰিমান এতিয়ালৈকে যিমান বিলাক শক্তিৰ উৎস ব্যৱহৃত হৈ আছে তাতকৈ হাজাৰ গুণ বেছি।
সৌৰ শক্তিৰ ব্যৱহাৰ দুই ধৰণৰে কৰা হয়: সৌৰ বিদ্যুৎ প্ৰযুক্তি আৰু সৌৰ তাপীয় প্ৰযুক্তি । সৌৰ বিদ্যুৎ প্ৰযুক্তিত পোহৰৰ শক্তি আৰু সৌৰ তাপীয় প্ৰযুক্তিত সূর্য্যৰ তাপ ব্যৱহাৰ কৰা হয়। ইয়াত আমি সৌৰ বিদ্যুৎ প্ৰযুক্তিৰ বিষয়েহে আলোচনা কৰিম। ভাৰতে জৱাহৰলাল নেহৰু নেশ্যনেল চ’লাৰ মিচন (২০০৯) ৰ অধীনত ২০২০ চনৰ ভিতৰত ২০,০০০ মেগা ৱাট শক্তি সৌৰ শক্তিৰ পৰা আহৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে। তাৰ অধীনত ভাৰতে ২০১২ চনৰ মার্চ মাহলৈকে ২০০ মেগা ৱাট বিদ্যুৎ আহৰণ কৰিব পৰাকৈ সৌৰ বিদ্যুৎ পেনেল স্হাপিত কৰিছে। কিন্তু ইয়াৰ বিপৰীতে গুজৰাট ৰাজ্যই অকলেই ৬০৪ মেগা ৱাট সৌৰ বিদ্যুৎ পেনেল স্হাপিত কৰিছে।

সৌৰ বিদ্যুৎ প্ৰযুক্তিৰ ব্যৱহাৰ তিনি ধৰণে কৰা হয়: অকলশৰীয়া চিষ্টেম (Standalone system), গ্ৰীড সংযোগী চিষ্টেম(Grid connected system) আৰু হাইব্ৰিড চিষ্টেম(Hybrid system)। অকলশৰীয়া চিষ্টেম সেইবোৰ যিবোৰ গ্ৰীড সংযোগী নহয় আৰু যদিহে চিষ্টেমটো গ্ৰীড সংযোগী আৰু অকলশৰীয়া দুয়োটা হয় তেন্তে ইয়াক হাইব্ৰিড চিষ্টেম বোলা হয়। সাধাৰণতে ঘৰুৱা ভাবে যদি সৌৰ বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ অকলশৰীয়া চিষ্টেমহে ব্যৱহাৰ কৰা হয়। অকলশৰীয়া চিষ্টেম আৰু হাইব্ৰিড চিষ্টেম বিলাকত বেটাৰী ব্যৱহাৰ কৰা হয়, কিন্তু গ্ৰীড সংযোগী চিষ্টেম বিলাকত সাধাৰণতে বেটাৰী ব্যৱহাৰ কৰা নহয়।
সাম্প্ৰতিকভাৱে ব্যৱহাৰ হোৱা সৌৰ পেনেলৰ কার্য্যদক্ষতা প্ৰযুক্তি পেনেলৰ কার্য্যদক্ষতা মন্তব্য:

Single crystal silicon ১৩-১৫% কার্য্যদক্ষতা বেছি কিন্তু দাম বেছি।
Poly crystalline silicon ১২-১৪% কার্য্যদক্ষতা অলপ কম কিন্তু দাম কম।
Amorphous silicon ৬-৭% কার্য্যদক্ষতা কম কিন্তু দাম কম।
Thin films ৮-১১% কার্য্যদক্ষতা কম কিন্তু দাম কম, সম্প্ৰতি বজাৰত সুলভ নহয়।

ওপৰৰ টেবুলৰ পৰা এটা কথা ঠিক কৰিব পাৰি যে বর্তমান সময়ত Poly crystalline silicon পেনেল ব্যৱহাৰ কৰাই উপযুক্ত, দাম আৰু কাম দুয়োটা চাই। বর্তমান বজাৰ দৰৰ হিচাপত ১০০ ৱাট চিষ্টেম বেটাৰীৰ সৈতে লগাবলৈ ৮,০০০ -১০,০০০ টকাৰ প্ৰয়োজন। যদিহে এখন ঘৰৰ সকলোবোৰ বৈদ্যুতিক সামগ্ৰী সৌৰ বিদ্যুত ব্যৱহাৰ কৰি চলাব বিছাৰে, তেন্তে ১.০ কিলো ৱাট চিষ্টেম লগাব পাৰে। আৰু তাৰ বাবে খৰছ হব আনুমানিক ১.৫ লাখ। আপুনি যদি ঘৰত সৌৰ বিদ্যুৎ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব বিছাৰে তেন্তে সৌৰ পেনেল কিনাৰ আগতে কিছুমান প্ৰযুক্তিগত কথা মন দিয়াটো খুবেই প্ৰয়োজন।
প্ৰযুক্তিগত বিৱৰণে কি বুজাই, কি হ’লে ভাল:

অপেন চার্কিট বিভৱ ভেদ (Open circuit voltage), আটাইতকৈ বেছি সাম্ভাৱ্য বিভৱ ভেদ, যিমানে বেছি সিমানে ভাল।
পেনেলৰ ক্ষমতা(Maximum power @ standard test condition), সৌৰ পেনেল খনৰ ক্ষমতা কিমান ৱাট শক্তি উৎপন্ন কৰিব পাৰিব, যিমানে বেছি সিমানে ভাল।
অপাৰেটিং বিভৱ ভেদ(Optimum operating voltage ), প্ৰকৃততে কিমান বিভৱ ভেদত কাম কৰে, যিমানে বেছি সিমানে ভাল।
চর্ট চার্কিট কাৰেন্ট(Short circuit current), আটাইতকৈ বেছি সাম্ভাৱ্য কাৰেন্ট, যিমানে বেছি সিমানে ভাল।
সৌৰ কোষৰ কার্যদক্ষতা(Solar cell efficiency), সৌৰ কোষবোৰে কিমান পৰিমাণৰ বিদ্যুৎ উৎপন্ন কৰিব পাৰিব, যিমানে বেছি সিমানে ভাল।
সৌৰ পেনেলৰ কার্যদক্ষতা(Module efficiency), সৌৰ পেনেল খনে কিমান পৰিমাণৰ বিদ্যুৎ উৎপন্ন কৰিব পাৰিব, সৌৰ কোষৰ কার্যদক্ষতাৰ ওচৰা ওচৰি হ’লে ভাল।

সৌৰ শক্তিৰ ব্যৱহাৰৰ দ্বাৰা অকল প্ৰকৃতি সংৰক্ষণত সহায় আগবঢ়োৱাই নহয়, ই এটা লাভজনক ব্যৱসায়ো। তদুপৰি ঘৰুৱা ভাবে লগালে যিমান খৰছ হয় তাৰ দাম দুই তিনি বছৰৰ ভিতৰত ঘূৰাই পোৱা যাব। কিয়নো মাহেকীয়া কাৰেন্টৰ বিলৰ পৰিমাণ বহুত কম হৈ যাব। ইয়াৰোপৰি মাহেকীয়া কাৰেন্টৰ বিলৰ পৰিমাণ কম কৰিবলৈ টাংষ্টেন বাল্ব(Tungsten bulb)ৰ ঠাইত কম ৱাটৰ CFL বাল্ব নতুবা LED বাল্ব লগাব পাৰে।

 

One thought on “সৌৰ বিদ্যুৎ, ব্যৱহাৰিক দিশ আৰু আমি (বিৰিঞ্চি বৰা)

  • May 1, 2013 at 1:23 am
    Permalink

    Respected Birinchi Bora, This is a fine article. I want to publish this article in a monthly megazine. Can I do it? You may call me in this number 8876069220. Regards_ B. Bezbaruah, Ajir Dainik Batori, A D Tower, Lalmati, Ghy-29, Assam (email: [email protected])

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!