স্থাপত্যবিদ্যা আৰু অসম প্ৰসংগ: ১ (-ঋষীৰাজ শৰ্মা)

স্থাপত্যবিদ্যা আৰু অসম প্ৰসংগ: ১ (-ঋষীৰাজ শৰ্মা)

স্থাপত্যবিদ্যাৰ ছাত্ৰ হৈ থকা কালছোৱাত ভাৰতৰ বহু ঠাই, বিশেষকৈ যিবোৰ ঠাইৰ স্থাপত্য বিদ্যাৰ বুৰঞ্জী অতি প্ৰশংসনীয় প্ৰায় সেই সকলোবোৰ ঠাই ঘূৰিছিলোঁ| পিছৰ সময়ছোৱাত কৰ্মৰ খাতিৰত উত্তৰ ভাৰতত আবদ্ধ হ’লোঁ। নতুন দিল্লী  মোগল শাসনৰ সময়ছোৱাত যিধৰণে স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত স্ব-গৰিমাৰে উদ্ভাসিত হৈছিল, তেনেকুৱা ঠাই হয়তো আমাৰ দেশত দ্বিতীয়খন বিচাৰি পোৱা টান। পুৰণি দিল্লীৰ ৰাজপথেৰে খোজ কাঢ়ি যোৱাৰ সময়ত পথৰ দাঁতিত লাল কিলাৰ ঐতিহ্য দেখিলে এবাৰলৈ হ’লেও মন পুলকিত হৈ উঠে। INTACHৰ আজীৱন সদস্য হিচাপে যেতিয়া সংৰক্ষণৰ কামত দেশৰ প্ৰান্তে প্ৰান্তে ঘূৰিব লগীয়া হয়, তেতিয়া প্ৰথমে শিৱসাগৰলৈ মনত পৰে। কাৰেংঘৰৰ পয়ালগা অৱস্থাৰ কথা ভাবি মনটো সেৰেঙা লাগে। যুক্তিৰ খাতিৰত হয়তো আমি বহুত কথা‍ই কৈ পেলাব পাৰোঁ, কিন্তু প্ৰকৃতাৰ্থত অসমীয়া ৰাইজ স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত কিমান সজাগ? ভাৰতবৰ্ষৰ সকলো আগশাৰীৰ architecture collegeতে দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক স্থাপত্যবিদ্যাৰ বুৰঞ্জীৰ শিক্ষা দিয়া হয়। কম বেছি পৰিমানে আমাৰ দেশৰ সকলো ৰাজবংশ আৰু সে‍ই ৰাজবংশৰ স্থাপত্যবিদ্যালৈ আগবঢ়োৱা বৰঙণি সমূহৰ জ্ঞান দিয়া হয়। দুঃখজনক ভাৱে ভাৰতৰ স্থাপত্যবিদ্যাৰ বুৰঞ্জীত অসমৰ নাম অনুপস্থিত। আহোম ৰাজবংশ, কামৰূপৰ ৰাজবংশ নতুবা কোচ শাসনৰ সময়চোৱাত বৃহত্তৰ অসমৰ ইমূৰ সিমূৰে যিবোৰ স্থাপত্যবিদ্যাৰ পয়োভৰ ঘটিছিল, সে‍ইবোৰৰ ছিটিকণি এটাও সৰ্বভাৰতীয় পৰ্য্যায়ত নপৰাতো অসমৰ বাবে আক্ষেপৰ কথা। ভাৰতৰ কোনো এজন স্থপতিবিদে অসম সম্বন্ধীয় কোনো জ্ঞান নাপায় নতুবা পালেও সি কেৱল অসম আৰু অৰুণাচলৰ সমীপৰ tree house-বিলাকতে সীমাব্দ্ধ, যি শিক্ষা‍ই আজিকোপতি সৰ্বভাৰতীয় স্থাপত্য বিদ্যা শিক্ষা বিভাগক অসমৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰিলে। যোৱা জুন মাহত সংৰক্ষণৰ কামত শিৱসাগৰলৈ যাওতে আহোম অট্টালিকা সমূহৰ পুতৌজনক অৱস্থা আৰু তাৰ আশ-পাশৰ ডেকা-গাভৰু সকলৰ প্ৰণয়ৰ সুলভ দৃশ্যই আকৌ এবাৰ আমাৰ মনটোক আঘাত কৰি গ’ল। শাসনাধিস্থিত চৰকাৰখনে বিদেশী প্ৰব্ৰজনকাৰী সকলৰ সুবিধাৰ্থে বিহুগীতৰ ভি.চি.ডি.ৰ নামাকৰণেৰে বহুতো স্বাস্থ্য সম্বন্ধীয় আঁচনি আৰু বীমা সুৰক্ষা আঁচনি ইত্যাদি গ্ৰহন কৰাৰ বিপৰীতে অসমৰ আপুৰুগীয়া স্থাপত্যবিদ্যাৰ সংৰক্ষণ তথা পৰ্য্যটনৰ আকৰ্ষণৰ বাবে কি কি ব্যৱস্থা দৰাচলতে গ্ৰহন কৰিছে আৰু সে‍ই সকলোবোৰ কাৰ্য্যকাৰী কৰিব পাৰিছেনে সেয়া সন্দেহৰ আৱৰ্তত। অসমত ভাল architecture college এখন  আজিকোপতি স্থাপন নোহোৱা বিষয়টোৱে স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত উদাসীনতা সূচাইছে। অসমীয়া ৰাইজৰ মাজলৈ স্থাপত্যবিদ্যা বিষয়টো গুৰুত্ব সহকাৰে আগবঢ়াই দিবলৈ আমাক এ‍ই বিষয়টোৰ এক সুস্থিৰ চিন্তাসন্মত পৰিৱেশৰ দৰকাৰ। যেতিয়া ৰাইজে নিজে‍ই উক্ত বিষয়ৰ গুৰুত্ব বুজি উঠিব, তেতিয়াহে আমাৰ স্থাপত্যবিদ্যা‍ই প্ৰকৃত মৰ্য্যাদা লাভ কৰিব। আপোনালোকে নিজৰ নিজৰ ল’ৰা-ছোৱালীক ডাক্তৰ, ইঞ্জিনিয়াৰ নতুবা এম্.বি.এ হ’বলৈ উত্্সাবহ দিয়াৰ লগতে অসমক প্ৰতিনিধিত্ব কৰিব পৰা এজন ভাল স্থপতিবিদ হ’বলৈও উত্্সাৰহ প্ৰদান  কৰিব পাৰে। উক্ত বিষয়ত জনমত গঠন হ’লেহে আমাৰ সংস্কৃতি সংৰক্ষিত হ’ব, কাৰণ স্থাপত্য বিদ্যাক বাদ দি সংস্কৃতি আধৰুৱা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!