স্বগোক্ততি [ স্ব-আলাপ ] (প্রিয়ঙ্কু নাৰায়ণ বৰুৱা)

ক্রমশ: মই নির্জীৱ সত্ত্বাত পৰিণত
নিৰস নিস্তেজ প্রাণহীণ সংবেদনা
প্রাত্যাহিক প্রতিকূলতাৰ পৰীক্ষাগাৰত গিণিপিগত পৰিণত
বিধ্বস্ত মন, বেকাৰ আত্মকথন
মৃত মই|

“কোনেও থমকি নৰয়/এচপৰা মেঘ হ’বলৈ নিবিচাৰে, নিবিচাৰে ঢেকীয়াবোৰ। “The Moon sets a knife…but this night there will be/Red blood for my cheeks” [Ode to Walt whit man]
এইজনেই ফ্রেডৰিকো গর্থিয়া লৰকা, স্পেইনৰ সাহসী কন্ঠৰ শিল্পী সত্বা!যাৰ সৰল বিশ্বাসক তচনচ কৰি চোঁচৰাই নিয়া হ’ল বধ্যভূমিলৈ|

আমৃত্যু মই যুঁজি যাম [I will fighting until dying] শোষক শ্রেণীৰ প্রত্যাহ্বান স্বৰূপ কৃষ্ণাংগ আন্দোলনৰ আমেৰিকাৰ ৰূপকাৰ পল্‌ ৰব্‌ছনে গোৱা সেই গীত “We shall overcome/We shall overcome……….

কিবা যেন এক বিদ্রোহত কঁপি উঠে ষষ্ঠ ইন্দ্রীয়, প্রৱঞ্চনাৰ আতিশয্যত বিৰিঙি উঠা তেজ, শত্রুৰ মোক্ষম আঘাততকৈও যে দাৰুণ বিশ্বাসী সতীর্থৰ প্রতাৰণা! যুগে যুগে চলিত অধ্যায়ৰ পুন: পুন: অসহনীয় উপস্থাপন!

কি অসম, কি ভাৰত, কি চীন, কি ৰাছিয়া, কি ইৰাক, কি আফগানিস্থান, কি বৃটেইন, কি আমেৰিকা – ক্ষমতাৰ নামত চলিছে নীতি, অনীতি, দুর্নীতি, অর্থনীতি, ৰাজনীতি – মাথো ক্ষমতা আৰু ক্ষমতা! ৰক্ত পিপাসু মানুহৰ পিয়াহ নকমে, বাঢ়ি যায় তাৰ বঙহৰ তেজ খোৱাৰ প্রৱণতা। ধিক্ পাষাণ সভ্যতা! ““আকৌ প্রমাণ কৰ হেৰ’ অসমৰ অসমীয়া/তোৰ তেজৰ সোঁতত বীৰ বীৰাংগনাৰ লহৰ আজিও তুলি/অগ্রগামী যুঁজাৰু জাতিয়ে কেৱল জানে/কেনেকে বীৰত্ব প্রকাশ কৰে আৰু/বিজয় প্রতিজ্ঞা হুংকাৰে/ৰনাংগণত উৰুৱাই ধূঁলি।।” জাতিৰ স্খলনত বিবেক দংশিত হৈ ভূপেন দাই চিঞৰি চিঞৰি গোৱা সেই গীতে ৰসস্বাদন কৰে তথাকথিত জ্ঞানবিভূষিণী সুন্দৰী ৰমণীৰ বিলাসী শয়ন কোঠাত অথবা বৌদ্ধিক চর্চাৰে জনপ্রিয়তা অর্জন কৰা হাই-প্রফাইল বিদূষক সকলৰ সুৰাৰ আড্ডাত! ধিক্ এই নির্মম সত্য।

তাহানিৰ কুশল-কনকলতা, খর্গেশ্বৰ-ভোগেশ্বৰীৰ আত্মাই আস্ফালন কৰি সোধে মোৰ ভাষা অসমীয়া ক’ত হেৰাল? সাৰ পাই উঠে কবিৰঞ্জন-হীৰকজ্যোতিৰ আত্মা, অভিমান কৰি সোধে সতীর্থক একে উশাহতে- “স্বাধীনতা আজি কিয় পৰিত্যক্তা”/ “অসম ক’ত-অসমীয়া কোন? ”ছাংলট ফেনলাৰ” স্রষ্টা পৰি ৰ’ল নিৰৱে জাতিৰ সমাধিত!

সমাজবাদ, পুজিঁবাদ, সাম্যবাদৰ বিৰাট সমীকৰণ হয়, উদাৰ আমেৰিকাৰ প্রশংসাত পঞ্চমুখ ৰাজদণ্ডধাৰী তেৰাসৱৰ বিৰাট চুক্তি, চীন-ভাৰত মৈত্রী, ব্রিকছ, জি-৮, ভাৰত-বাংলা, ভাৰত-পাকিস্থান দ্বিপাক্ষিক/ত্রিপাক্ষিক নানা তৰহৰ সন্মিলন আৰু নানা কুটনীতি, হৰেক ৰকমৰ আভুৱা ভৰা পদ্ধতি, অথচ সীমান্তত অসূয়া আঁতৰ নহয়| কার্গিল, তিব্বত, নেফাৰ কথা ওলালেই গৰজি উঠে বৰহিলৈ……গুৰুম গুৰুম! একেই ভাৰত, একেই অসম – সামন্তবাদী চৰিত্রৰ বিৰাট সাদৃশ্য। নগাই নিয়ে, অৰুণাচলীয়ে নিয়ে, থকাখিনিক লৈ ভাই ভাই মৰে। কুটিল পাশা কৰি অদৃশ্যই হাঁহে, ফোপোলা জাতীয় চৰিত্র? সাধাৰণ জনতাই নুবুজে ইমান দর্শন? ভোগবাদ পুষ্ট “এলিট”শ্রেণীৰ উচ্চিষ্ট পৰম হেপাহেৰে বুটলি লোৱা তেওঁলোকক জানো কোৱা হয় “দেশৰ অর্থনীতিৰ চালক-প্রকৃত মেৰুদন্ড কোন?” নাই নকয়, ক’বই নোৱাৰে! অন্ধকাৰ চৌপাশ/ এন্ধাৰ কুঁঠৰিটোত উশাহ ল’বলৈ কষ্ট হয়, ভীষণ কষ্ট। তথাপিও কি এক অদ্ভূত মোহ/জীয়াই থকাৰ! কিন্তু এনেকৈয়েই নে?জ্যোতিষীয়ে কঢ়িয়ায় পৃথিৱী ধ্বংসৰ খবৰ”২০১২”/কংগ্রেছ শাসনত থাকিব পিছে সম্পূর্ণ কাৰ্য্যকাল, ক’ত আছা প্রভু? ভোগবাদৰ চলনাত দিশহাৰা নেকি প্রভু? দালানবাসীৰ অট্টালিকা সুশোভিত চিত্রপটত বন্দী নেকি প্রভু? ক’ত আছা প্রভু?

তথাপিও কৰবাত আশা হয় মধ্যপ্রাচ্য জাগিছে, ইজিপ্ত, টিউনিছিয়া, ছুডানৰ জনতাৰ ৰায়দান, দাঁতিকাষৰীয়া নেপালত গণতন্ত্র, বৃটেইনত জাগৰণ, আমেৰিকাত ৱাল ষ্ট্রীটৰ লেখীয়াবোৰ দেখি শুনি কিজানি সাৰ পাই উঠিব পাৰোৱেই আমিবোৰ|

অখিল- আন্না—India against corruption…… Assam against corruption……. উশাহ ল’ব ধৰিছে নেকি বঞ্চিত সকলৰ পুঞ্জীভূত ক্ষোভবোৰে, হ’ব নেকি পৰিৱর্তনমুখী এক ঐতিহাসিক পৰিক্রমা? নে আন এক অসম আন্দোলন| নাই নালাগে অসম আন্দোলন। অসম উদ্ধাৰৰ নামত আঁভূৱা ভৰা কাম নকৰিবা বুকুৰ কুটুম হঁত, কাবৌ কৰিছো ।।

অন্যার্থত আমিও সপোন দেখো “প্রেয়সীৰ জৰায়ুৰে নির্গত এটি সম্ভাৱনাময় পুৱাৰ”………………
“I hunger for your sleek laugh and your hands the color of a furious harvest. I want to eat the sunbeams flaring in your beauty.” – Pablo Neruda
(তোমাৰ মদালসা হাহিঁ আৰু শইচ সোণালী দুহাতৰ বাবে মই আকুল/তোমাৰ সৌর্ন্দযৰ জেউতি প্রৱাহী সূর্য্যৰশ্মি গ্রাস কৰিব পৰা হ’লে!)

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!