স্বপ্নালী (ৰসানন্দ গগৈ)

স্বপ্নালী (ৰসানন্দ গগৈ)
বৈ পৰা দীঘল চুলি
কেতিয়াবা মেলা
কেতিয়াবা খোপা
আৰু কেতিয়াবা-
খৰিকাজাঁই গুজি লোৱা
দীঘল বেণী,
মৃদু হাঁহি
আদৰ ভৰা মাত
চাদৰ-মেখেলাই আৱৰা শুৱনি,
সুখ কিম্বা দুখ
সহজে ভগাই ল’ব পৰা
আদৰভৰা মন,
সজাবহি ঘৰখন
যেন আঘোণৰ পথাৰখন… !!
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!