: স্বাধীন নে পৰাধীন: (-ইন্দ্ৰনীল গায়ন)

: স্বাধীন নে পৰাধীন:
-ইন্দ্ৰনীল গায়ন৷
indepe
অদ্বিতীয়ভাৱে মোৰ মনলৈও বহুবাৰ স্বাধীন হোৱাৰ কথাটো আহিছিল৷ যিহেতু আমি এতিয়াও পৰাধীনতাৰ গ্লানিত ককবকাই থকা এজাক স্বপ্নাতুৰ কলৰৱ৷
পুঁজিবাদী সমাজ ব্যৱস্থাই গ্ৰাস কৰি থকা দেশখনত ভাল- বেয়াৰ দোষ -গুণ খুচৰি ফুৰোঁতেই আমাৰ দিন যায়?
বিশেষকৈ আমাৰ দৰে ৰাজ্যবোৰত বাদ, বিবাদ, প্ৰতিবাদৰ বিৰুদ্ধে প্ৰচাৰত ৰাজপথত শ্লোগান দিয়া আন্দোলনকাৰীৰ ছবিবোৰ এতিয়া টি ভি ৰ পৰ্দাৰ সমুখত সুলভ মূল্যত বিক্ৰী হয়৷
টি, আৰ পি
পথভ্ৰষ্ট কৰা নে? আগৰণুৱাৰ ভূমিকা লোৱা?
এই যে অহৰহ এটা শংকা!
আমাৰ মনবোৰত…
নিতৌ বিবেকৰ সৈতে হোৱা যুক্তি -তৰ্কৰ যুদ্ধ৷ আৰু আমি একো একোজন পৰাজিত সৈনিক?
কিয় এনে হয়?
হয়তো ক’ৰবাত কিবা এটা ৰৈ গৈছিল
আৰু সেই ৰৈ যোৱাৰ সময়খিনিত আমিবোৰ ৰৈ আছো৷
ইতিহাসে মিছা নকয়৷ নেলী আৰু ৰজাবাৰীৰ পংকাৰ সেই বীভৎস হত্যাকাণ্ড৷ সেয়া কি আছিল৷ দেশ স্বাধীন হোৱাৰ উদাহৰণ?
নে চুক্তিৰ প্ৰতিশ্ৰুতি!
উত্তৰ ক’ত?
ইতিহাসৰ ক’লা অধ্যায়!
পাহৰি যাম?
সহজ নহয় কথাবোৰ, ভাবিবলৈও, চিন্তা কৰিবলৈও৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!