স্বাস্থ্যৰ খুঁটি নাটি” (ডাঃ ভূপেন্দ্ৰ শ‍ইকীয়া)

“স্বাস্থ্যৰ খুঁটি নাটি” (ডাঃ ভূপেন্দ্ৰ শ‍ইকীয়া)

অস্ত্ৰেলিয়ান মি০ডেভিড এটা মাল্টিনেশ্বেল কোম্পানীৰ চাকৰিয়াল৷ বৰ্তমান কাটাৰৰ ড’হাত কৰ্মৰত৷ চাকৰিৰ বিভিন্ন কামত নানা দেশ ভ্ৰমণ কৰি থাকিব লাগে৷তেওঁৰ হাৰ্টৰ অপাৰেচন এটা কেইমাহ মানৰ আগতেহৈ যোৱাৰ পৰা নিয়মীয়াকৈ ‘ৱাৰফেৰিন’ নামৰ তেজ গোট নমৰা ঔষধ (এন্টিক’এগুলেন্ট) খাই আছে৷ স্বাস্থ্য সম্বন্ধে যথেষ্ট সচেতন ব্যক্তি ৷ দুসপ্তাহৰ বাবে তেওঁ  বাংলাদেশলৈ যাব লাগে৷ ফোন কৰি সাক্ষাৎতৰ সময়লৈ মোক চেম্বাৰত লগ ধৰিব আহিল৷মোক লগ ধৰাৰ উদ্দেশ্য আছিল – ঘাইকৈ মেলেৰিয়াৰ বাবে কি প্ৰতিৰোধক ঔষধ তেওঁ ব্যৱহাৰ কৰিব পাৰিব তাৰ সম্ভেদ লোৱা  আৰু অন্য কি কি ঔষধ লগত নিয়াতো ভাল হব তাৰ বুজ লোৱা৷ মই তেওঁক এইবাবেই ধন্যবাদ দিলো যে নিজে নিজে দৰব খোৱা নাই৷ Self medication কেতিয়াবা অতি বিপদজনক হব পাৰে, বিশেষকৈ যি সকলে অন্য অসুখৰ কাৰণে নিয়মীয়াকৈ কোনো ঔষধ খাই থাকে৷ মই মি০ ডেভিডক ‘মেফ্লকুইন’ নামৰ দৰব নিৰ্ভয়ে খাব পাৰিব বুলি কলো আৰু কোনো পৰিস্থিতিতেই যাতে কুইনাইনৰ ব্যৱহাৰ নহয় তাৰ বাবে সতৰ্ক কৰি দিলো৷

চিকিৎসকসকলে Drug interaction বুলি এটা অধ্যায় কেবল পঢ়াই নহয় – পদে পদে  তাৰ প্ৰয়োগ ব্যৱহাৰিক জীৱনত কৰিব লাগে৷যি কোনো নতুন দৰব এটা বজাৰলৈ আহিলেই প্ৰথমতে জানিবলগীয়া হয় – অন্য দৰবৰ লগত তাৰ প্ৰতিক্ৰিয়া কি৷ আজিকালি হৃদৰোগ, উচ্চৰক্তচাপ, বহুমূত্ৰ ৰোগ, বাতজনিত ৰোগ, কিডনিৰ অসুখ, নানান চৰ্মৰোগ, ৰক্তজনিত ৰোগ,কৰ্কট ৰোগ  আৰু বিভিন্ন জটিল অপাৰেচন হৈ যোৱাৰ পিছত কিছুমান ঔষধ চিকিৎসকৰ তত্বাবধানত দীৰ্ঘদিনলৈ সেৱন কৰি থাকিব লাগে৷যক্ষ্মা আৰু উদৰৰ অম্লজনিত ৰোগৰ ঔষধো ৬মাহ বা ততোধিক কাল খাই থাকিব লাগে৷দৰবৰ পাৰ্শক্ৰিয়াৰ (Side effect) কথাটোৰ বাদেও অন্য দৰবৰ একেলগে ব্যৱহাৰৰ ফলত চিকিৎসাৰ সুফল  নাপাব  পাৰে -যদিহে ৰোগী আৰু চিকিৎসক উভয়ে সেই  Drug interaction ৰ দিশটোলৈ চকু নিদিয়ে৷ এইটোও ধ্ৰুৱ সত্য যে বিজ্ঞানৰ নানান আবিস্কাৰৰ ফলত  আজিৰ যুগত  ৰোগত মানুহৰ মৃত্যুৰ হাৰ অনেক কমিছে৷কেঞ্চাৰ আৰু  এইডচৰ দৰে ৰোগকো  বিজ্ঞানে দীৰ্ঘজীৱন দিবলৈ সমৰ্থ হৈছে৷

দুটা দৰবৰ সন্মিলিত ক্ৰিয়াৰ ফলত মূল চিকিৎসাধীন ৰোগৰ দৰববিধ কিছু নিস্প্ৰভ হব পাৰে, শৰীৰ পৰা ঔষধবিধ নিৰ্গত হবলৈ বেচি সময় লব পাৰে নাইবা তাৰ পাৰ্শক্ৰিয়াও বাঢ়ি যাব পাৰে৷ আকৌ Drug interaction ৰ সুযোগো বিজ্ঞানীয়ে লৈছে ৷ ইয়াৰ এক উদাহৰণ হ’ল – পেনিচিলিন আৰু প্ৰবেনেচিড একেলগে

ব্যৱহাৰৰ ফলত পোৱা যোগাত্মক ফল৷

 

এটা কথা এইখিনিতে উল্লেখ কৰা ভাল হব – কেবল দুবিধ এলোপেথিক দৰবৰহে  Drug interaction  হব তেনে নহয়৷ এলোপেথিক দৰবৰ অন্য বনৌষধি নাইবা খাদ্যৰ লগতো প্ৰতৰক্ৰিয়া হব পাৰে৷ সেয়ে ৰোগীয়ে চিকিৎসকৰ লগত নিজে সেৱন কৰা সকলো ঔষধি আৰু খাদ্য সম্বন্ধে খৰচি মাৰি আলোচনা কৰা অত্যন্তই আৱশ্যক৷ আয়ৰন আৰু ভিটামিনৰ সেৱনৰ কথাও চিকিৎসকক জনোৱাটো লাগতিয়াল৷ বহুতো এন্টিবায়িক দৰবৰ সৈতে লৌহ পদাৰ্থই এক যৌগিক সংমিশ্ৰণৰ (Chelating  substance) সৃষ্টি কৰে- ফলত এন্টিবায়িকৰ উপকৰিতা বিনষ্ট  হব পাৰে ৷

 

এতিয়া অইন এটা জৰুৰী বিষয়লৈ আহোঁ৷বহুতো ৰোগীয়ে এবাৰ চিকিৎসকৰ পৰামৰ্শলৈ ভাল পোৱাৰ পিছত সেই একে প্ৰেচক্ৰিপচনকে বাৰে বাৰে ব্যৱহাৰ কৰে৷ই এক বিপদজনক কথা৷প্ৰেচক্ৰিপচন, ৰিপৰ্ট আদি ভালকৈ থোৱাতো লাগতিয়াল কথা, সেইখিনি তথ্যই পৰৱৰ্তী  অসুখৰ সময়ত অনেক সম্ভেদ চিকিৎসকক দিব পাৰে৷ কিন্তু ৰোগীয়ে নিজে নিজৰ ৰোগৰ অনুমান কৰি দৰব খোৱাতো অতি বিপদজনক৷প্ৰেচক্ৰিপচনত চিকিৎসকে কেতিয়াবা প্ৰয়োজন সাপেক্ষে হৰমন, ষ্টেৰইড, বিষ নিবাৰণকাৰী নাইবা ট্ৰেন্কুইলাইজাৰ ঔষধ লিখে৷ সেইবিলাক ঔষধ সদায় চিকিৎসকৰ তত্বাবধানত সীমিত সময়ৰ বাবেহে ব্যৱহাৰ কৰাটো বাঞ্চনীয়৷ইয়াৰ অন্যথাই পাৰ্শক্ৰিয়াৰ ফলত নানান ৰোগে দেখা দিব পাৰে৷

ইয়াৰ বাহিৰেও চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ গৰ্ভনিৰোধক পিল খাই বহুতো মহিলাৰ উচ্চ ৰক্তচাপৰ আৰম্ভণী হয়৷মূৰৰ বিষৰ বাবে সঘনাই এচপ্ৰিন জাতীয় ঔষধ খাই এচিডিটি আনকি কলা পাইখানা হোৱা মেলিনা ৰোগো দেখা যায়৷থায়ৰয়দ হৰমোন কম হোৱা বাবে  নিৰ্দিষ্ট দিনৰ বাবে দিয়া ঔষধ দীৰ্ঘদিনৰ বাবে খাই পাৰ্শক্ৰিয়ালৈ অহা ৰোগীও নোহোৱা নহয়৷ অৱশ্যে   কেতিয়াবা চিকিৎসক আৰু ৰোগীৰ মাজত  যোগাযোগ ভালদৰে নোহোৱাৰ ফলতো এনে হব পাৰে৷

 

স্বাস্থ্যৰ খুটিনাটি কথা আজিলৈ সামৰিছোঁ৷ পাঠকৰ ভাল লাগিলে চিকিৎসা বিষয়ৰ নানা কথাৰ আলোচনা কৰাৰ লগতে আপোনাসবৰ স্বাস্থ্য সম্পৰ্কীয় মনৰ খুদুৱনি নিবাৰণ কৰিবলৈ চেষ্টা কৰিম৷

 

 

ডা০ভূপেন শইকীয়া – ফোন নং : ০৯৭৪ ৩৩৭৩৮৭২২

১৩ – ২ – ২০১২   ড’হা, কাটাৰৰ পৰা

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!