স্বাস্থ্য কথা : নানা ধৰণৰ বসন্ত ৰোগ (ডা০ ভূপেন্দ্ৰ শইকীয়া )

ডা০ ভূপেন্দ্ৰ শইকীয়া

 

 

 

 

 

 

 

 

বসন্ত ৰোগ হ’ল তিনিবিধ ৷

বৰ আই(Small Pox), মাজু আই(Chicken Pox), সৰু আই (Measles) -অসমীয়াত নামৰ বিভ্ৰাট হোৱা যেন লাগিলেও এয়ে প্ৰকৃত নামাকৰণ বুলি জনা লোকসকলে কয়৷

এই তিনিবিধৰ ভিতৰৰ আটাইতকৈ মাৰাত্মক বৰ আই বৰ্তমান পৃথিবীৰ পৰা বিলুপ্ত৷ আন দুবিধ আইৰ দ্বাৰাও সমাজৰ অনেক ক্ষতি, কামৰ সময়ৰ লোকচান আৰু আনকি জীৱন হানিও ঘটি আছে৷ সেয়ে এই চমু লেখাটো পাঠকসকললৈ আগবঢ়ালোঁ৷ ভৱিষ্যতলৈ ইয়াত আৰু নতুন নতুন তথ্য যোগ হোৱাৰ সম্ভাৱনা আছে৷

বৰ আই বা স্মল পক্স : ভেৰিঅ’লা ভাইৰাছে সৃষ্টি কৰা এই ৰোগে এটা সময়ত গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ৩৫ শতাংশলৈকে ৰোগীৰ মৃত্যু ঘটিছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ একাণপতীয়া প্ৰচেষ্টাত বিশ্বজুৰি এই ৰোগৰ ছিটা কেইবাদশক জুৰি প্ৰদান কৰা হৈছিল৷

১৯৭৯ চনত এই ৰোগ নিৰ্মূল হোৱা বুলি ঘোষণা কৰা হয় আৰু ১৯৮০ চনৰ পৰা ছিটাকৰণ বন্ধ কৰা হয়৷ ভেৰিঅ’লা মেজৰ আৰু ভেৰিঅ’লা মাইনৰ নামৰ দুই ভাইৰাছে ৰোগৰ উৎপত্তি কৰিছিল৷ ভেৰিঅ’লা এটা লেটিন শব্দ যাৰ অৰ্থ হ’ল ফোঁহা বা দাগ হোৱা৷ ৰোগাক্ৰান্ত ব্যক্তিৰ সৰ্বশৰীৰত এক বিশেষ ধৰণৰ ফোঁহা উঠিছিল আৰু শুকালে স্পষ্ট দাগ ঘাইকৈ মুখত ৰৈ গৈছিল৷

 

ৰোগী ব্যক্তিৰ সান্নিধ্যত আহিলে ঘাইকৈ থুই, খেকাৰ, লেলাৱতি, শেঙুন, ছালৰ তেজ-পূঁজ আদিৰ দ্বাৰা ড্ৰপলেট সংক্ৰমণৰ যোগেদি ৰোগ বিয়পিছিল ৷ শৰীৰত ৰোগৰ বীজাণুৱে প্ৰৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণসমূহ ফুটি উঠালৈকে এই সময়ছোৱাক ইনকিউবেছন পিৰিয়ড বোলে৷ বৰ আইৰ ক্ষেত্ৰত এই সময় ৭ৰ পৰা ১৭ দিনলৈ হয়৷ এই সময়ছোৱাত ৰোগ অইনলৈ নিবিয়পে৷ কিন্তু ছালত ফোঁহা ওলোৱাৰ পৰা ছালৰ অন্তিমটো শুকান নিকৰি সৰি পৰালৈকে ৰোগী আনক সংক্ৰমণ কৰিব পৰাকৈ বিপজ্জনক হৈ থাকে৷ পোনতে চৰ্দি, পানী-লগা, মূৰৰ বিষ, জ্বৰৰে আৰম্ভ হৈ গাৰ ছালত পানীজলা উঠিবলৈ ধৰে৷ ১৫-২০দিনৰ মূৰত ছালৰ ফোঁহা শুকাবলৈ ধৰে৷ বৰ আইৰ সংক্ৰমণৰ ফলত বহুলোক দৃষ্টি শক্তি হেৰুৱাই অন্ধ হৈছিল, নিউম’নিয়া বা এনকেফেলাইটিছ হৈ মৃত্যুবৰণ কৰিছিল৷ আজি এই ৰোগ অধ্যয়ন আৰু গৱেষণাৰ বিষয়।

ভেৰিঅ’লা ভাইৰাছে কৰা বৰ আইয়ে বিশ্বত সময়ে সময়ে মহামাৰীৰ সৃষ্টি কৰিছিল৷ ১৭০০চনত আমেৰিকাত হোৱা মহামাৰীৰ কথা বিভিন্ন ঠাইত লিপিবদ্ধ হৈ আছে৷ ১৭৯৬চনত এডৱাৰ্ড জেনাৰ নামৰ ব্ৰিটিছ চিকিৎসক এজনৰ প্ৰচেষ্টাত এই ৰোগৰ ছিটা উদ্ভাৱন হয়৷ ছিটাৰ আবিষ্কাৰৰ ফলত এক আমূল পৰিৱৰ্তনৰ সূচনা হয়৷ ছিটা লোৱা লোকে কমেও ৫ বছৰলৈ সুৰক্ষা পায় আৰু কেনেবাকৈ ৰোগাক্ৰান্ত হ’লেও অসুখ গুৰুতৰ নহয়৷ আমেৰিকাত ১৯৪৯ চনৰ পিছত এজনো ব্যক্তিৰ বৰ আই নোহোৱাত ১৯৭২ চনত আমেৰিকা চৰকাৰে ছিটা দিয়াও বন্ধ কৰি দিয়ে৷ বৰ আইৰ অন্তিমটো ঘটনা ধৰা পৰিছিল আফ্ৰিকা মহাদেশৰ চ’মালিয়াত ১৯৭৭চনত ৷ ১৯৮০ চনত বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ পৰা বৰ আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে৷

গৱেষণাৰ বাবে বৰ আইৰ ভেৰিঅ’লা ভাইৰাছ আমেৰিকা আৰু ৰাছিয়াৰ গৱেষণাগাৰত এতিয়াও সংৰক্ষিত কৰি থোৱা আছে৷ এই সংৰক্ষণ প্ৰক্ৰিয়াটো এক বিপদজনক আৰু চিন্তনীয় বিষয়৷ এনে বিপদজনক ভাইৰাছ কোনো সন্ত্ৰাসবাদীৰ হাতত পৰিলে তাৰ অপব্যৱহাৰে অনেক নৰসংহাৰ কৰিব পাৰে৷ যিকোনো বতৰতে বা পৰিবেশতে এইবিধ ভাইৰাচ সোঁচৰিব পাৰে৷ ইয়াক বায়লজিকেল ৱেপন বা জৈৱিক যুদ্ধাস্ত্ৰ বুলিবপাৰি৷ ইৰাকৰ চাদ্দাম হুছেইনে এনে জৈৱিক যুদ্ধাস্ত্ৰ ৰখা বুলি আমেৰিকাৰ বুশ্ব প্ৰশাসনে সন্দেহ কৰিছিল৷

 

মাজু আই বা চিকেন পক্স : ভেৰিচেলা ভাইৰাচে সৃষ্টি কৰা এই ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপ্ত৷ খজুৱতি আৰু ছালত পানীজোলা বন্ধা এই ৰোগ সাধাৰণতে কম বয়সীয়া লোকৰ হয় যদিও যি কোনো বয়সৰ লোক ৰোগাক্ৰান্ত হব পাৰে৷ আজিকালি মাজু আইৰ ছিটাৰ বহুল প্ৰয়োগৰ ফলত ৰোগৰ তীব্ৰতা হ্ৰাস পাবলৈ ধৰিছে৷ এই ৰোগ কৰা ভেৰিচেলা জ’ষ্টাৰ ভাইৰাছেই ডাঙৰ মানুহৰ দেহাত হাৰপিছ জ’ষ্টাৰ ৰোগ কৰে৷ ইও বৰ আইৰ নিচিনা এবিধ অতি সংক্ৰামক ৰোগ৷ সৰু আই ৰোগত ভোগা ৰোগীৰ ছালৰ পানীৰ স্পৰ্শলৈ আহিলে নাইবা ৰোগীৰ হাঁচি, থুই, খেকাৰৰ ড্ৰপলেট সংক্ৰমণৰ মাধ্যমেৰে ৰোগ বিয়পে৷ জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, খজুৱতিৰ উপৰিও ছালৰ ভিন্ন ভিন্ন আকাৰৰ পানীজোলা ৭-১০ বা বেছি দিনলৈ থাকে৷ পানীজোলা ব্যক্তিভেদে কম বেছিকৈ ওলায়৷ সাধাৰণতে শুকালে দাগ নাথাকে৷ অৱশ্যে খজুৱতিৰ ফলত ঘাঁত বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে কথা সুকীয়া৷ ৰোগ চিনাক্তকৰণ লক্ষণসমূহৰ পৰাই কৰিব পাৰি৷ উন্নত চিকিৎসা কেন্দ্ৰত ছালৰ লেবৰেটৰী পৰীক্ষাৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ বৰ আই আৰু মাজু আইৰ ফোঁহা (Rash) বিলাকৰ পাৰ্থক্য হ’ল: বৰ আইৰ ফোঁহা সাধাৰণ আৰম্ভণিতে মুখমণ্ডল, বাহু আৰু হাতত ওলোৱাৰ পিছতহে শৰীৰৰ অন্য অংশত ওলায়৷ হাতৰ আৰু ভৰিৰ তলুৱাত বৰ আইহে দেখা দিয়ে৷ বৰ আই মুখৰ ভিতৰৰ কোমল ছাল (Mucus membrane) আৰু যৌনাংগৰ কোমল অংশত ওলাব পাৰে৷ বৰ আইৰ ফোঁহাৰ তুলনাত মাজু আইৰ ফোঁহা অগভীৰ৷

 

মাজু আইৰ ছিটা সকলো বয়সৰ লোকেই লোৱাটো ভাল৷ দুটা ছিটা ৪ৰ পৰা ৮ সপ্তাহৰ ব্যৱধানত সাধাৰণতে দিয়া হয়৷ ছিটা ল’লে ব্যক্তিজন সুৰক্ষিত হ’ব, বা ৰোগাক্ৰান্ত হ’লেও লক্ষণসমূহ গুৰুতৰ নহ’ব৷ ৰোগীক অইনৰ পৰা আঁতৰাই পৰিষ্কাৰ পৰিচ্ছন্ন পৰিবেশত ৰাখিব লাগে৷ এচাইক্ল’ভিৰ নামৰ এন্টিভাইৰেল ঔষধ খালে ৰোগ কিছু সোনকালে উপশম হয়৷ পাতল কপাহী কাপোৰ পিন্ধা ভাল৷ দৈনিক মহা নিমপাত সিজোৱা পানীৰে গা ধুব পাৰিলে ভাল৷ কোমল চাবোনো ব্যৱহাৰ কৰাত বাধা নাই৷ খজুৱতি কমাবলৈ এলাৰ্জিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে খাব পাৰিব৷ ছালত কেলামিন লোচন লগাব পাৰিব৷

ছেকেণ্ডেৰী বেক্টেৰিয়াজনিত সংক্ৰমণ দেখিলে কেতিয়াবা এন্টিবায়’টিকৰ প্ৰয়োজন হব পাৰে৷ সহজে হজম হোৱা খাদ্য,শাক-পাচলি,ফল-মূল ৰোগীক দিব লাগে৷ মাংস বা আন গৰম মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে৷

সৰু আই বা মিজ’লচ্: ই হ’ল ৰুবিঅ’লা নামৰ ভাইৰাচে কৰা এবিধ সংক্ৰামক ৰোগ৷

এংলো অসমীয়া অভিধানত এবিধ সামান্য পৰিমাণৰ আই বুলি “মিজ’লচ্”ক উল্লেখ কৰা হৈছে৷ একেই ড্ৰপলেট সংক্ৰমণৰ যোগেদি ৰোগ বিয়পে৷ সাধাৰণতে ই এবিধ বাল্যকালত হোৱা ৰোগ৷ ছিটাৰ ব্যৱহাৰৰ ফলত এইৰোগৰ প্ৰাদুৰ্ভাৱ কমিব বুলি আশা কৰা হৈছে৷ দৰিদ্ৰ লোকৰ অনেক সন্তান এই ভাইৰাছজনিত ৰোগৰ ফলত আজিও নিউম’নিয়া হৈ মৃত্যুমুখত পৰে -ঘাইকৈ যদি লগত শিশুটিৰ ভিটামিন-‘এ’ৰো অভাৱ থাকে৷ অসুখ হলে কাঁহ, জ্বৰ, চৰ্দি, খজুৱতি,চকু ৰঙা পৰা, চকুৱে পোহৰ সহ্য কৰিব নোৱাৰা হোৱা, শৰীৰৰ বেথা আৰু ছালত মিহি চেপেটা বা সামান্য উঠা ৰঙচুৱা ক্ষুদ্ৰ ফোঁহা ওলোৱা আদি লক্ষণে দেখা দিয়ে৷ ‘কপ্‌লিক স্পট’ নামৰ মুখৰ

ভিতৰৰ দেখা দিয়া বগা দাগ সাধাৰণতে ৰোগ চিনাক্ত কৰাত সহায়ক হয়৷ উন্নত চিকিৎসা কেন্দ্ৰত ৰোগীৰ শৰীৰত ভাইৰাছ চিনাক্তকৰণ কৰিব পাৰি৷

চিকিৎসা লক্ষণ অনুযায়ী কৰা হয়৷ দুৰ্বল স্বাস্থ্যৰ শিশুৰ ব্ৰংকাইটিছ, নিউম’নিয়া, এনকেফেলাইটিছ (মগজুৰ সংক্ৰমণ), অ’টাইটিছ মিডিয়া (কাণৰ সংক্ৰমণ) আদি জটিলতাই দেখা দিয়াৰ সম্ভাৱনা থাকে৷ প্ৰতি হাজাৰ ৰোগীৰ ভিতৰত এজন শিশুৰ এনকেফেলাইটিছ হোৱা দেখা যায়৷ কিছু সম্ভাব্য শিশুক ৰোগাক্ৰান্ত হোৱাৰ আগতে ইমিউন’গ্লবিন দি সুৰক্ষা দিব পাৰি৷

উন্নয়নশীল দেশসমূহত শিশুক ৬মাহত আৰু ৯ মাহত মিজলচৰ প্ৰতিৰোধক ছিটা দিয়াৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!