সৰিয়হেৰে ইলিছ মাছ (মনীষা বড়া হালৈ)

সৰিয়হেৰে ইলিছ মাছ

চাওঁতে চাওঁতে হেঁপাহৰ বিহুটি পালেহিয়েই। ৰঙালীয়েই হওঁক বা  ভোগালিয়েই হওঁক অসমীয়াৰ বাপোতি সাহোন বিহুৰ উৰুকাৰ দিনা সকলোৱেই এসাঁজ মাছ-মঙহেৰে খায় ভাল পায়। এইবাৰ সৰিয়হেৰে ইলিছ মাছৰ জুতি লৈ চাওঁকচোন। ইলিছ মাছৰ ৰন্ধন প্ৰণালী এটা আগবঢ়ালোঁ।

উপকৰণঃ

১) মাছ ৪টুকুৰা

২) পিঁয়াজ ২টা

৩) বিলাহী ২টা

৪) কেঁচা জলকীয়া ৩টা

৫) বগা সৰিয়হ ২মুঠি(তিয়াই থব)

৬) মিঠাতেল ৩চামুচ

৭) হালধি আধা চামুচ

৮) জিৰা গুৰি আধা চামুচ

৯) নিমখ সোৱাদ অনুযায়ী

 

প্ৰণালীঃ

প্ৰথমতে মাছ কেইটুকুৰাত নিমখ-হালধি সানি ল’ব। পিঁয়াজ দুটা আৰু বিলাহী দুটা পেষ্ট বনাই ল’ব। সৰিয়হখিনি পটা বা গ্ৰাইণ্ডাৰত পিচি ল’ব। কেৰাহীত তেল গৰম কৰি মাছ কেইটুকুৰা আধা ভজা কৰি ল’ব। সেই তেলতে পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি বিলাহীৰ পেষ্টখিনি দি ভাজিব। তাতে হালধি, জিৰা গুৰি, নিমখ আৰু কেঁচা জলকীয়া দি ভালকৈ লৰাই কম জুইত ঢাকোন দি ৫ মিনিট ৰাখিব। ঢাকোন খুলি পিচি থোৱা সৰিয়হখিনি দি ভালকৈ ভাজিব। ভজা হ’লে একাপ পানী দি ভালকৈ উতল আহিলে মাছ কেইটুকুৰা দি দিব। ৫মিনিট কম জুইত ৰাখি নমাই পৰিবেশন কৰিব।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!