হাঁহ মাংস কোমোৰাৰ লগত – মানস প্ৰতিম বৰা

প্ৰথমে মাংসখিনিত কটা পিয়াঁজ, আদা নহৰু পেষ্ট, অলপ নিমখ, হালধি, তেল দি সানি ল’ব৷
এতিয়া কেৰাহীত তেল গৰম হ’ব দি তাত কটা পিয়াঁজ, অলপ চেনি, আদা নহৰু পেষ্ট দি দিব৷ স্বাদ অনুসাৰে মচলা দি দিব(গৰম মচলা, জিৰা আৰু ধনিয়া গুৰি, জলকীয়া গুৰি)৷ ভালদৰে ভজা হলে তাত সানি থোৱা মাংসখিনি আৰু নিমখ দি ভালদৰে ভাজিব লাগিব৷ প্ৰায় ১৫মিনিট মান সময় ভাজিব যাতে ভালদৰে ফ্ৰাই হয়৷ ফ্ৰাই হলে তাত কোমোৰাখিনি দি দিব৷ আৰু ভালদৰে লৰাই দিব আৰু কম জুইত ঢাকি থব৷ যেতিয়া কোমোৰাখিনি সিজি যাব নৰসিংহ আৰু মান ধনিয়া আৰু জালুক গুৰি দিব৷ তাৰ পিছত অলপ গৰম পানী দি ঢাকি দিব৷ প্ৰায় ১৫ মিনিটৰ পিছত জুইৰ পৰা নমাই পৰিবেশন কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!