হিতেন শৰ্ম্মাৰ দিনলিপি – ধ্ৰুৱজ্যোতি শৰ্মা

তৃতীয় অধ্যায় (দ্বিতীয় খণ্ড)
~~~~~~~~~~~~~~~~~~~~
-হেৰা ডেকা ল’ৰা, ক’লৈ গৈছিলাহে? বহুদিন দেখাই নাছিলোঁ দেখোন?
-অ’ খুৰা, ঘৰলৈ হৈছিলোঁ৷
-ভালেই কৰিছা দিয়া৷ ভাৰাটো দিয়াৰ সময়ত ঘৰলৈকে যাব লাগে৷

ঘৰৰ মালিকৰ গতানুগতিক আব্দাৰ৷ মাহ ভৰাৰ আগে আগে হিচাপৰ খাটা লৈ বহি যোৱা মালিকৰ মুখত ভাৰাৰ টকাকেইটা মাৰি দিবৰ মন গ’ল যদিও ভাবি ৰৈ গ’লোঁ- এইবাৰ এই খাৰুচটোৰ লগত অলপ খেলায়েই যাওক৷

-হেৰি নহয় খুৰা, টকাকেইটা এতিয়াই লব জানো? মই ভাবিছিলোঁ মাহৰ শেষৰ ফালে টকাকেইটা ল’লে আপোনাৰেই ভাল হ’লহেঁতেন৷ অন্ততঃ গেলামালৰ বাকীকেইটা মাৰিব পাৰিলেহেঁতেন৷
-এৰা, কোনে ক’লেহে তোমাক মোৰ গেলামালৰ বাকী আছে বুলি?
– এহ, সকলোৱে কয় দেখোন৷ আপোনাৰ হেনো চাৰিওফালে বাকীয়েই বাকী৷ মই পিছে ওলোটাই ধৰিলোঁ দেই৷
-তুমি কিবা ক’লা মানে?
-ক’মতো৷ কেলেই নক’মহে? আপোনাৰ তাত ইমান দিন আছো, আপোনাক কিবা নাজানো নে? মই ক’লো, বোলো আপোনালোকেও আন দহজনৰ দৰে খুৰাক হিংসা কৰে যে মই নজনা নহয়৷ খুৰাৰ টকাৰ ইমান অভাৱ নহয় যে আপোনালোকৰ এই দুই-চাৰিশ টকাৰ বাকী ৰাখি ধাৰ খাব৷ মিছা ক’লো নেকি খুৰা?
-এৰা! মানুহবোৰ বৰ বেয়াহে৷ মই চাধা-চিধি কওঁ বাবে বেয়া পায়৷ বদনাম কৰে৷ পিছে কিডাল কৰিব? মাছে সাগৰৰ পানী খাই শেষ কৰিব পাৰিব জানো? কওঁক, কোনে খাতিৰ কৰে৷ পিছে সেই যে গেলামাল দোকানীজন, তাক ময়েই ইয়াতে আনি দোকান পাতি দিছিলোঁহি৷ গাঁৱৰ খাব নোপোৱা ল’ৰা৷ এতিয়া দুপইচা হৈছেতো, সেই বাবে এই অমুকাৰ বদনাম……..

আৰু এক শেষ নোহোৱা বক্তৃতা৷ মানুহজন এনেয়ে ভাল৷ আপোনভোলা৷ বন বিভাগত সৰু প’ষ্টত চাকৰি কৰিছিল৷ পিচে কিবা কেচত ফচি নিলম্বিত হৈ আছে৷ নিজৰ কথা কৈ ভাল পোৱা মানুহ৷ খংটো যদিও অলপতে উঠে, পিচত ধৰি থকা স্বভাৱটোও নাই৷ পইচাৰ ক্ষেত্ৰত অৱশ্যে অলপ টান৷ টান মানে ভাৰাঘৰৰ টকাকেইটাৰ ক্ষেত্ৰতহে টান৷ আৰু সেই টান স্বভাৱটোৰ বাবে আমি ল’ৰামখাই জ্বলাইয়ো ভাল পাওঁ৷ আজিও এই জ্বলনে কাম দিলে৷ এদিন ভাৰাটো নিদিয়াকৈ থাকিব পাৰিলো৷

-তা, অকণ আহাচোন৷ হেৰিলে যাব লাগে৷
দৰ্জাখন ফাক কৰি মালিকৰ ছোৱালীজনীয়ে দেউতাকক মাত লগোৱাতহে তেওঁৰ ভাষণ শেষ কৰিল৷

-হেৰৌ, কি হেৰি হেৰি থাকহে? তহঁতে ইমানেই ভাষা বিচাৰি নাপাৱনে?

বুঢ়াই ঘৰৰ ফালে গৈ গৈ কৈ থাকিল

-হব দিয়া, ইমাননু কেলেই কব লাগে৷ -জীয়েকেও ভোৰভোৰালে৷

এখন সুখৰ সংসাৰ৷ সুখৰ বুলিয়েই কব লাগিব৷ আবেলি মাক-জীয়েক, বাপেক-পুতেক আটায়ে ৰাস্তাৰে ফুৰিবলৈ ওলায় যায়, হয়তো কেতিয়াবা বজাৰলৈ বা অইন কৰবালৈ৷ আজিৰ যান্ত্ৰিকতাত প্ৰাপ্তিৰ শেষ সীমনা বিচাৰি হাবাথুৰি খোৱাৰ সময়তো যিখিনি পালোঁ সেইখিনি ভাল বুলি লব পৰা ঘৰখনক সুখী বুলিয়েই কব লাগিব৷ তেওঁলোকেই জানে প্ৰাপ্তিৰ মাদকতা৷ আৰু প্ৰাপ্যবোৰ তেওঁলোকে উদযাপন কৰে৷ বেচ আন্তৰিকতাৰে৷ ল’ৰা-ছোৱালীহাল স্কুল-কলেজত পঢ়ে৷ অৱশ্যে কোন ক্লাছত পঢ়ে, মই ভালকৈ নাজানো৷ নাজানো মানে জানিবলৈ আজিলৈকে আগ্ৰহো কৰা নাই৷ মাজে মাজে বুঢ়া-বুঢ়ীৰ লগতেই যিখিনি কথা পাতোঁ৷ ভাল লাগে৷ খোলোচাকৈ কথা পতা মানুহ বাবেই চাগৈ বৰ ভাল লাগে বুঢ়া-বুঢ়ীহালক৷ কেৱল ঘৰভাৰা খোজা ষ্টাইলটোৰ বাহিৰে৷

-অ’ই, তই আহিলিয়ে যি? –জুনিয়ৰে পিছৰ পৰা মাত লগাওতেহে তত ঘূৰি আহিল৷
-কিয়ো? আইভা নালগিছিল নেকি?
-আৰো কেইদিনমান থাকপা লাগছিল৷
-চাকৰি পাইছু ৰহ৷ সিকাৰণে আইহলু৷
-হাহাহাহা…… কি ক’লি? জুনিয়ৰে হাঁহিত থাকিবই নোৱাৰা হৈ পৰিল
-ইমান হাইভা লাগা কি হোল তোৰ?
-তই ইতাকলগিন কিমানটা চাকৰি ক’ল্লি ক’চুন?
-ধেই৷ ইবাৰৰটু ৰিয়েল৷ কালি জইন কৰবা লাগবো৷
-কিহোৰ চাকৰি?
-কম্পেনী
-তোৰ কাৰণে কুনিনো আৰু কম্পেনী খুললাক?
-আছে ৰহ সেনেহেন মালো৷ লগ পালিহে গম পাবো৷

হাঁহি ধেমালিৰে পাৰ হৈ গ’ল দুটা সন্ধ্যা৷ এক যুদ্ধ জয়ৰ পিছৰ পৰিৱেশৰ অনুভৱত ডুবি আছোঁ মই৷ বহুকেইটা চাকৰিৰ কথা ক’লোঁ আজিলৈকে ভাইটিক৷ আৰু কৈ যোৱাৰ ঠিক পিছ মুহূৰ্ততে কাউৰীটোৱে কা-কা কৰি যায়৷ এইবাৰ পিছে কাউৰীও নিমাতে থাকিল৷ হয়তো সিও গম পাইছিল, এইবাৰ মই মিছা নহয়৷ এখন যুদ্ধ জয়ৰ পিছৰ এটা অপ্ৰত্যাশিত ফোন কল পাইছিলো৷ এটা ক’ম্পেনীৰ পৰা৷ এটা নতুন কামৰ সন্ধান পাইছিলো৷ জীৱনটো থান-থিত লগাবলৈ বৰ প্ৰয়োজন আছিল চাকৰিটো৷ পালো৷ এতিয়া যুদ্ধ জয়ী সৈনিকৰ নিচিনা বুকু ফুলায়ো এটা কঁপনি অনুভৱ কৰিছো৷ পাৰিমতো! নতুন কামত মই মন লগাব পাৰিমতো! তেওঁলোকৰ প্ৰত্যাশা পূৰাব পাৰিমতো! নাই, পাৰিবই লাগিব৷ এই সাঁকোখন পাৰ হবই লাগিব৷ কেণাবোৰ এইবাৰৰ পৰাই গুচাব লাগিব৷ বহুত কাম আছে৷ অলপ ষ্টেবিলিটি লাগিবই৷ বিশ্বাস-অবিশ্বাসৰ এই সাঁকোখন এইবাৰ পাৰ হৈ দেউতাৰ ওচৰত প্ৰমাণ কৰিবই লাগিব যে ময়ো কিবা কৰিব পাৰো৷

এক নিদ্ৰাহীন ৰাতি৷ এক অবুজ ভাৱে আৱৰি ধৰি আছে মনটো৷ বুজা-নুবুজা এক আৱেশে মনটো হেন্দোলনি তুলি আছে৷ কাইলৈৰ পৰা আৰম্ভ হব এক নতুন যাত্ৰা৷ এক নতুন পথত ধাৱমান হব মোৰ জীৱন৷ পাহৰণিত জাহ যোৱা কিছু দুঃস্বপ্নৰ পৰা আতঁৰি আৱহমান হব সুখৰ সংজ্ঞা৷ শেষবাৰৰ বাবে এবাৰ মনতে পঢ়ি গ’লো নিজৰ জীৱনৰ ইতিহাসখন৷ পাৰ হৈ যোৱা ধুমুহাবোৰ৷ আৰু আলোছায়াক৷ কিমানযে সপোন আছিল জীৱনটোক লৈ৷ আৰু? কৰ পৰা যে কি হৈ গ’ল৷ সুখৰ সংজ্ঞা বিচাৰি কেতিয়া যে দুখৰ সাগৰত ভৰি দিলো, গমেই নাপালো৷ আৰু যেতিয়া অনুভৱ কৰিলো বিশ্বাস-অবিশ্বাসৰ এখন সাঁকো সজাৰ কথা, তেতিয়া পাৰেই বিচাৰি নোপোৱা হৈ থাকিলো৷ এতিয়া পাইছো৷ এটা সৰু চাকৰি যদিও এই চাকৰিটোৱে মোৰ বাবে এডাল প্ৰশ্ৰয় হৈ ধৰা দিছেহি৷ তাক লৈয়েই পাৰ হৈ যাব লাগিব সময়বোৰ, পাৰলৈ৷ অবিশ্বাসৰ এখন দুনীয়াৰ পৰা বিশ্বাসৰ ভেঁটিলৈ৷ এনেকৈয়ে পাৰ হৈ যাব লাগিব আন কাকো প্ৰকাশ কৰিব নোৱাৰা বেদনাবোৰ৷ আৰু সেই বাবেই আজিয়েই শেষ কৰিব লাগিব সেই স্মৃতিবোৰ৷ কাইলৈৰ পৰা পাহৰণিয়ে আৰু মনত ঢৌ খেলাব নোৱাৰিব৷ পাহৰণিতেই থাকিব ইতিহাসৰ পাতবোৰ৷

কাহিলীপুৱাতেই বিছনাৰ পৰা উঠি আহিলো৷ বহুদিন আকাশখন চোৱা নাই৷ মোৰ প্ৰিয় আকাশ৷ পূবফালৰ আকাশত তেতিয়া বেলিফুলে কলি মেলিছেহি৷ পশ্চিম আকাশত জোনালী তেতিয়াও হাঁহিয়েই আছে৷ বৰ ধুনীয়া লাগিছে আকাশখন৷ বৰ বিশাল যেন লাগিছে৷ সেই বিশালতাত গাঢ় নীলা ৰংটোৱে বৰকৈয়ে ৰিজনি খাইছে৷ এই নীলাখিনিৰ বাবেইতো আকাশৰ এই বিশালতা৷ আৰু বিশাল বাবেই হাজাৰ ধুমুহা-বৰষুণ, ডাৱৰ-গাজনিকো হেলাৰঙে নেওঁচিব পাৰে আকাশে৷ বাঁওফালে কেইটামান শালিকী উৰি গৈ ওচৰৰে ঘৰৰ তামোলজোপাত পৰিলহি৷ চহৰৰ মাজমজিয়াত সিহঁতেও বিচাৰি উলিয়াইছে সিহঁতৰ প্ৰিয় আশ্ৰয়৷ তামোলজোপাৰ পাতবোৰ ফিৰ্ফিৰীয়া বতাহত কঁপিছে৷ দুই এটাকৈ চৰাই চিৰিকটিয়ে মাত মাতিব ধৰিছে৷ কিমান সময় তেনেকৈ থাকিলোঁ, গমেই নাপালো৷ পূব আকাশৰ ৰঙাফুলপাহ ইতিমধ্যে পকি উঠিছে৷ হঠাতে এসোঁতা ৰঙচুৱা ৰশ্মি আহি মোৰ মুখমণ্ডলত পৰিলহি৷ আকাশেও যেন মোক নতুন কামলৈ শুভকামনা যাঁচিলে, বেলিফুলৰ ৰশ্মিৰে৷ মোক যেন আগবঢ়াই দিছে আগলৈ… বহু আগলৈ….
[ক্ৰমশঃ]
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!