হিতেন শৰ্ম্মাৰ দিনলিপি-৯ (দ্বিতীয় অধ্যায়) (ধ্ৰুৱজ্যোতি শৰ্মা)

হিতেন শৰ্ম্মাৰ দিনলিপি-৯ (দ্বিতীয় অধ্যায়)

 

ৰূম নং ১০। প্ৰথম মহলা, নতুন বিজ্ঞান ভৱন। দোলক বেঞ্চ এখন আনি “বাৰ পেণ্ডুলামে”ৰে সজোৱা হৈছে অস্থায়ী মঞ্চ। পূজাৰ মঞ্চ। বিশ্বকৰ্মা পূজাৰ মঞ্চ। ৰাতিপুৱাৰেপৰা সংগ্ৰহ কৰা পূজাৰ যোগাৰেৰে আৰম্ভ হৈ গৈছে পুৰোহিতৰ পূজা। সকলোৰে পিন্ধনত উৎসৱমুখৰ আয়োজন। হ’বই। বিশ্বকৰ্মা পূজায়েতো আদৰে শাৰদী উৎসৱক।

পূৱালী ৰাতিপুৱাই আহিছে। আহিয়েই ৰূমত ঝাৰু দি মচাৰপৰা সকলোখিনি কৰিছে। কৰবীয়ে “আইতা”ৰ দৰেই মাহ-প্ৰসাদৰ ব্যৱস্থা কৰি প্ৰমাণ কৰি দিছে যে “আইতা” নামটো তাইৰ বাবে অযোগ্য নহয়। ৰুবুলো ৰাতিপুৱাই আহিছে। যিজন ল’ৰাই পলমকৈ শুই উঠাৰ বাবে প্ৰথম দুটা ক্লাছ কেতিয়াও ঢুকি নাপায়, সেইজন ল’ৰাক কলেজ চৌহদত সোমায়েই দেখিবলৈ পোৱাটো ভাগ্যৰ কথা বুলিয়েই ক’ব লাগিব আৰু সেই সৌভাগ্যকণো মোৰ হৈছিল।

ঠিক পাঁচ বজাতেই ওলাইছিলোঁ ঘৰৰপৰা। ১২ কিঃমিঃ দূৰ। এঘণ্টাৰ ৰাস্তা। বাটত সোমাব লগীয়া দুঘৰৰপৰা ওলাই কলেজ পাওঁতে ৭ বাজো বাজো হৈছিল। সোমায়েই ৰুবুলক লগ পাই চাহ একাপ খাই ডিপাৰ্টমেণ্টত সোমাওঁতে ৭ বাজি গৈছিল। ডিপাৰ্টমেণ্টত তেতিয়া ৰিংকু আৰু অনিমেষৰ বাহিৰে আন কোনো আহি পোৱা নাই। অথচ হাজাৰ কাম পৰি আছে । পূজাথলী ঠিক কৰিবলৈ আছে, মণ্ডপ সজাবলৈ আছে, অভ্যৰ্থনাথলী ঠিক কৰিবলৈ আছে, ৰান্ধনিঘৰৰ কাম আছে। অৱশ্যে আগদিনাখনেই টেণ্ট হাউচৰপৰা বাচন-বৰ্তনখিনি আনি থোৱা হৈছে। তথাপি হাজাৰটা কাম। আমি চাৰিজনহে মানুহ। আমি দৌৰাদৌৰিকৈ কামত লাগিলোঁ। ৰুবুল আৰু অনিমেষক ৰান্ধনিঘৰৰ কাম চম্ভালিবলৈ দি ৰিংকু আৰু মই লাগি গলোঁ পূজাথলী সাজু কৰাত। ঠিক কৰা হ’ল ১০নং ৰূম হ’ব আমাৰ পূজাথলী, ৯নং ৰূমত সকলোৱে বহিব, চূড়ান্ত বৰ্ষৰ শ্ৰেণীকোঠা তথা ১নং পৰীক্ষাগাৰ হ’ব অভ্যৰ্থনাথলী তথা নৱাগত আদৰণিৰ থল। লেব-৩-ত ৰান্ধনিঘৰ সজোৱা হ’ব। ভবামতেই কাম। ইতিমধ্যে কনক খুৰা আহি পাইছিলহি। ৰান্ধনিও হাতত খন্তি-জেজৰা লৈ হাজিৰ হৈছিলহি। যদিও আমি চাৰিওজন কামত লাগি আছিলোঁ, ৰান্ধনিও তেওঁৰ স্থান সুবিধাজনক কৰাত লাগি গ’ল। আমি যেতিয়া ১০নং ৰূমৰ পৰা ডেক্স বেঞ্চবোৰ উলিয়াইছিলোঁ, হাতত এটোপোলা ফুল-তুলসী লৈ উচ্চও আহি পাইছিলহি। ডেক্স-বেঞ্চবোৰ উলিয়াই কাঠৰ প্লেটফৰ্মখন ভালকৈ পাৰি তাৰ ওপৰত পেণ্ডুলাম বেঞ্চেৰে পূজাৰ মঞ্চ সজা হোৱালৈকে হাতত ঝাৰু লৈ পূৱালী আৰু কৰবীও আহি পাইছিল। পংকজ আৰু সমৰ পূজাৰ যোগাৰ লৈ আহি পাইছিলহি। মুঠতে ১০-১৫ মিনিটৰ ভিতৰতে কৰ্মী মৌৰে ভৰি পৰিছিল আমি নিজে পতা মৌচাক। জোৱাৰ উঠিছিল হাঁহিৰ, সমানে চলিছিল আড্ডা। তথাপি ৰৈ থকা নাছিল কোনো কাম। কোনোবাই যদি বজাৰৰ পৰা আনিবলৈ বাকী থকা বস্তুকেইপদ অনাৰ বাবে দৌৰিছিল, কোনোবাই আকৌ ৰং-বিৰঙী কাগজেৰে নৱাগত আদৰণি তথা মত বিনিময়ৰ মঞ্চ সজোৱাত লাগিছিল। কোনোবাই আকৌ ৰান্ধনিশালত ৰান্ধনিৰ সহযোগী হৈ পৰিছিল। কনক খুৰাই সকলোকে সুন্দৰভাৱে দিহা পৰামৰ্শ দি গৈছিল। পি.কে চাৰো আহি পাইছিল। তদাৰক কৰিছিলহি আমাৰ কাম আৰু পূজাৰ কাম।

সুন্দৰভাৱে চলি গৈছে পূজাৰ আয়োজন। পদাৰ্থ বিজ্ঞান বিভাগত প্ৰতিবছৰে পতা বিশ্বকৰ্মা পূজাভাগৰ কামৰ পৰা একেবাৰে চিনিয়ৰসকলক যদিও আমি বিৰতি দিছিলোঁ, তেওঁলোকো কিন্তু সময়মতেই আহি পাইছিলহি। সকলো একে সময়তে ব্যস্ত হৈ পৰিছে। কোন চিনিয়ৰ, কোন জুনিয়ৰ তাৰ বাচ-বিচাৰ কোনেও ৰখা নাই। পূৱালী-কৰবীয়ে এফালৰ পৰা ঠাইবোৰ সাৰি-মচি চিকচিকীয়া কৰি গৈছে। যেন ঘৰত পতা কিবা অনুষ্ঠানহে। এটা পৰিয়াল যেন লাগিছিল আমাৰ।

যথা সময়ত পুৰোহিত আহি পূজাত বহিছিল। লাহে লাহে কমি আহিছে কামবোৰ। সময়ো আগবাঢ়িছে। ৰাতিপুৱাই অহা ল’ৰা-ছোৱালীবোৰ, যিসকলৰ থকা ঠাই কলেজৰ ওচৰতে, তেওঁলোক গা-পা ধুই আহোঁ বুলি ওলাই গৈছিল। ৰান্ধনিশাল তেতিয়া ব্যস্ত আছিল সুস্বাদু ব্যঞ্জন সাজু কৰাত। অভ্যৰ্থনাথলীৰ কাম শেষ কৰি তাতে লাগি থকা কেইজন অলপ ওলাই গৈছিল। যিমান হ’লেও ডেকা-গাভৰুৰ বাবে বিশ্বকৰ্মা পূজাৰ দিনাখন পূজাৰ বাহিৰেও আন এক গুৰুত্বও আছিল। যদিও সৰস্বতী পূজাতকৈ কম আছিল এই গুৰুত্ব, তথাপি বহুতে এই দিনটোলৈ আশাৰে বাট চাই ৰৈছিল। কোনোবাই যদি কৰিছিল প্ৰেম প্ৰস্তাৱৰ আশা, কোনোবাই আকৌ নতুনকৈ কাৰোবাক নতুন দৃষ্টিৰে চোৱাৰ আশাত ৰৈ আছিল। মুঠতে এই দিনটোত ৰূমৰ ভিতৰতে কোনোবা ডেকা-গাভৰু সোমাই থাকিব বুলি ভবাটো আছিল ভুল। কামবোৰ শেষ কৰি আমাৰবোৰো ওলাই গৈছিল। হয়তো কিবা কামত, অথবা শাৰদী বতাহ ল’বলৈ। উদ্ভাসিত মনেৰে, শাৰদী সাজেৰে সকলোৱে উৎসৱৰ বতৰত আনন্দেৰে জাহ যাবলৈ সাজু হৈছিল। ৰৈ গৈছিলোঁ মাথোঁ মই।

মই প্ৰায় অকলশৰে ৰৈ গৈছিলোঁ ডিপাৰ্টমেণ্টত। উপেনহঁতে লগ ধৰিছিল বাহিৰলৈ যাবলৈ, মইহে কিবা অজুহাত দেখুৱাই যোৱা নাছিলোঁ। মন যোৱা নাছিল ওলাই যাবলৈ। সকলোবোৰ আহি যেতিয়া ডিপাৰ্টমেণ্ট উখল-মাখল কৰি ৰাখিছিল ব্যস্ততাৰ বাবে ক’লৈকো চাবলৈ আহৰি পোৱা নাছিলোঁ। আৰু ব্যস্ততা কমি অহাৰ লগে লগে আৱৰি ধৰিছিলহি চিন্তাবোৰে। মই এনেয়ে আহি কমন ৰূমৰ কাষৰ বাৰান্দাৰ ৰেলিঙত আওজি ক’ৰিডৰৰ ফালে মুখ কৰি থিয় হৈ আছিলোঁ। তেতিয়া মনটো জুমুৰি ৰাখিছিল খেলিমেলি কিছুমান চিন্তাই। ক’ৰিডৰেৰে পাতল পাতল খোজেৰে পুৰন্দৰ দা আহিছিল। বজালী কলেজৰ আজন্ম প্ৰেমিক পুৰন্দৰদা। ক্লাছত চাৰ সোমোৱাৰ আগৰ সময়খিনিত শ্ৰেণীকোঠাত সোমাই নিজৰ ধৰণেৰে ব্লেকব’ৰ্ডত ৰসায়ন বুজোৱা পুৰন্দৰদা। মানসিকভাৱে ভাৰসাম্যহীন ৰসায়নবিদ পুৰন্দৰদা। ইফালে-সিফালে চাই আয়োজনৰ বুজ লোৱাৰ ভংগীমাৰে পুৰন্দৰদাই মোৰ ফালে চাই ১০নং ৰূমৰ ফালে গৈছিল। এৰা, কি যে জীৱন। অথচ নাই কোনো টেন্শ্যন। কোনো চাপ নাই, চিন্তা নাই। তেওঁৰো মোৰ নিচিনাই হৈছিল নেকি? অযথা দায়িত্ব ল’বৰ বাবেই তেওঁকো ঘৰৰ পৰা চাপ দিছিল নেকি? নে কি হৈছিল ! ইমান চাপ দিয়াৰ প্ৰয়োজন জানো আছে? নে খৰচ বহন কৰাটোৱেই আছিল ঘৰবোৰৰ একমাত্ৰ চিন্তাৰ কাৰণ? দেউতাইতো মোক বহুত মৰম কৰিছিল…. মাছ মাৰিবলৈ যাওঁতেও কান্ধত তুলি নি নৈৰ পাৰত বহুৱাই থৈছিল! তেন্তে এই পট পৰিৱৰ্তন কিয়! ইফালে সিফালে চাই পুৰন্দৰদা যোৱা বাটেৰে উভতি আহিছিল। হয়তো নিজে বিচৰা ধৰণৰ একো পোৱা নাছিল….. হয়তো কেৱল বুজ ল’বলৈহে আহিছিল। হয়তো দেউতায়ো কিবা বুজ ল’বলৈকে সেইখন নাটক কৰিছিল…… হয়তো কিবা ভুল ভাবিছিল মোৰ বিষয়ে…কিজানিবা তেওঁৰ মৰমৰ সন্তানে কিবা বেয়া পথেই লৈছে….। কিন্তু মোৰ ওপৰত তেওঁৰ ইমানখিনিও বিশ্বাস নাছিলনে? ইমানখিনিও ভৰসা নাছিলনে, যে কোনোবাই যদি কিবা কৈছেও তাকেই মানি ল’ব। তেওঁ এবাৰো ভাবিছিলনে মই কোনো লাইন পঢ়িবলৈ নোযোৱাৰ কাৰণবোৰ। চব খেলিমেলি হৈ গৈছিল। সুন্দৰভাৱে আগবাঢ়িবলৈ ধৰা মোৰ দিনসূচীত আউল লগাই দিছিল এটা গধূলিয়ে। দেউতা আছিল সেই গধূলিৰ নায়ক। নায়ক নে খলনায়ক? যিয়েই নহওক তেঁৱেই আছিল মূল চৰিত্ৰ। আৰু মই হৈ পৰিছিলোঁ মাথোঁ এটি মাধ্যম। আৰু সেই গধূলিটোৰ পিছৰ প্ৰতিটো ক্ষণ মোৰ বাবে হৈ পৰিছিল একো একোটা পৰীক্ষা। প্ৰতি খোজতে মই পৰীক্ষা দিব লগা হৈছিল। ১০নং ৰূমৰ পৰা শংখধধনি বাজি আহিছিল। ঘণ্টাৰ শব্দৰ মাজে মাজে ভাঁহি আহিছিল উচ্চাৰিত মন্ত্ৰবোৰ। শংখধ্বনিৰ শব্দও যেন মোৰ বাবে হৈ পৰিছিল যুদ্ধৰ শংধধ্বনি। কাৰ লগত আছিল এই যুদ্ধ? কোনে বজাইছিল শংখ? কথাবোৰ এটা এটাকৈ মনত পৰিবলৈ আৰম্ভ কৰিছিল। প্ৰতিটো কথা যেন মোৰ বাবে হৈ পৰিছিল একো একোটা শংখধ্বনি। দেউতাৰ মাতটো যেন হৈ পৰিছিল এক শংখধ্বনি। জীৱনৰ যুঁজৰ আখৰাত ননমাকৈয়ে মই নামি গৈছিলোঁ যুদ্ধক্ষেত্ৰত। সেই যুঁজৰ প্ৰথম সিদ্ধান্ত আছিল ঘৰৰ পৰা এটকাও নোলোৱা। সেই সিদ্ধান্তমৰ্মেই এযোৰ পুৰণি পোচাকেৰে মই আহিছিলোঁ পূজা পাতিবলৈ। হাতত এটকাও নথকাকৈ লোৱা সিদ্ধান্ত ৰূপায়ণ কৰোঁতে মই ভুগিব লগা হৈছিল যমৰ যাতনা। কোনেও গম পোৱা নাছিল সেই যাতনাবোৰৰ কথা। পূৱালীয়েও, আলোছায়ায়ো। গম দিয়া নাছিলোঁ কাকো। বাদ দিব লগা হৈছিল ইমন ৰেষ্টুৰেণ্টত পতা আমাৰ আড্ডাবোৰ। কোনোবাই লগ ধৰিলেও ক’ব লগা হৈছিল গেষ্ট্ৰিকৰ বাবে চাহ বাদ দিলোঁ বুলি। চিন্তাৰ চাকনৈয়াতে এটা দীঘল হুমুনিয়াহ ওলাই গ’ল……

– হ’লনে? আচ্চা, তই ক’চুন…. এই ভাৱ চিন্তাবোৰ কৰি কি পা ? –পূৱালীৰ মাতত মই থতমত খাই উঠিলোঁ। কেতিয়াযে ৯নং ৰূমৰ ফালৰ পৰা আহি তাই মোৰ কাষ পাইছিলহি গমেই পোৱা নাছিলোঁ।

– নাই, এনেয়ে অলপ……..

– হোবো, তই ক’বা নালগে। মই তোৰ কথা নাজনু নিকি ? চক্ৰেটিচ…..

– নহেএ, পুৰন্দৰদা আইছিল, তাৰ কথায়ে চিন্তা কৰি আছলু।

– হোবো আৰু। তোৰ কথা জানবা ইটাও বাকী আছেনা মোৰ !

– হোবো যদি হোবো আৰু। বিশ্বাস নকৰা নাই, মই কি কৰবা লাগে।

– হিতু, এই ভাৱ-চিন্তাবোৰ বৰ বেয়াও। বাদ দে এইবোৰ….. এইবাৰ কোমল সুৰত লাহে লাহে তলৰ ফালে চাই পূৱালীয়ে ক’লে।

– তোৰ আৰো কি হ’ল?

– নাই হ একো। কিছুমান কথা ভাববা গেলি পাগল হৈ যাউং…..

– ক’বা পাৰা কথানা?

– কি কৰবিনু জানি? মই যিখেন অথাই সাগৰত সাউথ্ৰি আছু, তুহাৰ কাৰণে সেটু একেবাৰে তুচ্ছ কথা…..

– ……

– বোয়া নাপবি। তোক ক’ম। ক’বা লাগবোয়ে। তোক নক’লি ঘটনাটুৱে আউধৰা হৈ ৰোবো।

– কি কথা….

– প্লীজ, আজি নুসুধবি….যিত্তে ক’বা লাগে ময়ে তোক ক’ম।

– …

– বুলনা, চাহ এক কাপ খাই আহুং। এতে আহোঁতে হোষ্টেলোৰ চাহো নাপলু আজি। পুৱাৰ পৰা একো খাৱ নাই।

– নাযং নেকি !

– নাযং মানে? কুনবাটু চুক বুক কচ্চা নিকি?

– নাই। সেলাখেন কাৰবাৰ নাই।

– গম পাম নহে ডাৰ্কনাইট আইহলি।

– ডাৰ্কনাইট? সেটু আৰো কি বস্তু?

– আইহলি গম পাবি দে।

– এহ বুল। বৰ কামাৰ দিয়া তই…

– কামাৰ দিয়া নহে। এটা ইনফৰমেচন দিবা আছে।

– কি ইনফৰমেচন ?

– ইমনত ক’ম।

কৈ কৈ পূৱালীয়ে মোৰ হাতত ধৰি টানি লৈ গ’ল। অগত্যা ময়ো একান্ত বাধ্য ছাত্ৰৰ দৰে তাইৰ লগে লগে খোজ দিলোঁ।

– তোৰ বাপেৰ এই কাপুৰযুৰ কিত্তে এৰবি ক’চুন।

– তই একযুৰ দিবি, তিত্তে এৰিমযা। তোক কিন্তু আজি টাম্মাম লাগছি দে।

– কি টাম্মাম লাগছি?

– কাপুৰযুৰ।

– অ’, ইবাৰ ঘৰৰ পোৰা আনছু।

– বঢ়িয়া লাগছি। একদম চাইট্টা চলিৰ মায়েক মায়েক লাগছি…

ঘৰত বোৱা নবাজী ৰঙৰ কাপোৰযোৰেৰে পূৱালীক সঁচাকৈয়ে ধুনীয়া লাগিছিল যদিও তাইৰ খং উঠাম বুলিয়েই কথাষাৰ ক’লোঁ আৰু পলালোঁ। মই জানো যে এই ঠাট্টাৰ উত্তৰত কেইটামান হটঙা বাহুৰ ঘোচাই মোৰ দেহা কিয়া কৰিব।

হিতেন শৰ্ম্মাৰ দিনলিপি-১০ (দ্বিতীয় অধ্যায়)

 

 

যেতিয়া কলেজৰ সন্মুখত পাইছিলোঁগৈ, তেতিয়ালৈকে স্বাভাৱিকতা ঘূৰাই পাইছিলোঁ। পূৱালী এনেয়ে সহজ হৈ যাব পাৰিছিল। বন্দনা ফটোষ্টেটৰ সন্মুখত নোটবুক এখন লৈ তেতিয়া ৰৈ আছিল আলোছায়া। পূৱালীৰ ডাৰ্কনাইট।

বগা চাদৰ, খয়েৰী মেখেলাৰে গুণাৰ কাম কৰা চাদৰ মেখেলা এযোৰ পিন্ধিছিল তাই। চাদৰখনৰ গাত ফুলি আছিল অজস্ৰ তৰালেখীয়া ফুল, মেখেলাখনো আছিল ভোমোকাফুলীয়া। উদ্ভাসিত হৈ আছিল তাইৰ মুখমণ্ডল। কিবা যেন এক আভাই আৱৰি ৰাখিছিল তাইৰ মুখমণ্ডল। চাদৰখনৰ গাত থকা খয়েৰী ৰঙৰ সৰু সৰু ফুলবোৰ জোনাকী নিশা জ্বলি থকা তৰাবোৰৰ নিচিনা দেখাইছিল। মই তাইৰ এই অপৰূপ উদ্ভাসনাত মুগ্ধ হৈ পৰিছিলোঁ। গম নোপোৱাকৈয়ে তাইৰ ফালে মই চাই ৰৈছিলোঁ। মোৰ ফালে চাই তাই ৰৈ গৈছিল। পাছে মোৰ উদ্ভাসনাত নহয়, বৰং আচৰিত হ’ব লগাকৈ মই পিন্ধি থকা পোচাকযোৰ চাইহে তভক মাৰিছিল তাই। হয়তো তাই বিচাৰিছিল ময়ো অলপ শাৰদী বতাহ গাত মেৰিয়াই মতলীয়া হ’মহি। কিন্তু মোৰ বুকুৰ ধুমুহাৰ উমানতো তাই পোৱা নাছিল ! তাই স্বাভাৱিক হোৱাৰ দৰে মোৰ ফালে চাই মিচিকিয়া হাঁহি এটা মাৰি আমাৰ ফালে আগুৱাই আহিল।

– টু মিলে দিল খিলে… জীনেকো ক্যা চাহিয়ে…..ইমনৰ টেবুলত মুখামুখিকৈ বহি আলোছায়া আৰু মই ইজনে সিজনৰ মুখলৈ চাই থকা দেখি পূৱালীয়ে গীত জুৰিলে। লাজ পাই মই পানীৰ গ্লাছ হাতত তুলি ল’লোঁ।

– হোবো দে, ইমান লাজনা ?

– লাজ? কিয় পূৱা? – এইবাৰ আলোছায়াই মাত লগালে।

– নহয় মানে কিবা কাৰণ থাকিবও পাৰেতো

– ধেই, তেনেকুৱা একো নহয় দে।

– হয়নে নহয় জানো নহয়….. পাচে অ’ই চক্ৰেটিছ কি খাবি ক’

– খালী চাহ

– পুচকি, চাহ তিনটা দি – অৰ্ডাৰ দি পূৱালীয়ে মোৰ ফালে চাই আৰম্ভ কৰিলে

– আজি বুলে আমাৰ সন্মিলনীৰ মূল বিষয় হোবো কবিতা। চবে কবিতা মাতপা লাগবো

– কি কৱ?

– অ। দেবীকা বাই কৈছি।

– মোৰ দেখুন তিত্তেহ’লি পাবলিক ইনচাল্ট হোবো আজি।

– কিয়ো হোবো। মন ৰোমাণ্টিক কৰ, ভাৱ ছন্দময় কৰ, সিদ্ধান্ত সাৱলীল কৰ, দেখিবি তোৰ কথাবোৰেই কবিতা হৈ পৰিছে।

– বাহ, তই দেখুন কবিতাৰ মাষ্টেন্নী হৈ প’চ্চাএ। মই হ’লি এলা কবিতা-চবিতা মাতপা নৰু দে।

– ন’ল্লি হোবো নিকি? মাতপায়ে লাগবো

– পলাম মই।

– কিয় পলাব লাগে? পূৱাই ঠিকেই কৈছে। কবিতা হৃদয়ত থাকে। হৃদয়ৰ ভিতৰৰ পৰা তাক পৰিৱেশন কৰিলেই হ’ল। জান পূৱা, কোনোৱাই কোৱা শুনিছিলোঁ, কবিতাৰ হেনো ঘৰ নাই..নাই কোনো নিজস্ব ভাষা। কবিতা মুখেৰে প্ৰকাশ কৰা কথাও নহয়, ই হৃদয়ৰ নিজস্ব চেতনা। সেই বাবেই চাগে কবিতাৰ বাহ হৃদয়ত।

– কিয়, হীৰুদাইতো তাকেই কৈছে। কবিতা লিখোঁ বুলি লিখিব নোৱাৰি। নাজানো বুলিলেও ভাল কবিতা লিখিব পাৰি। তাৰ বাবে লাগে এখন বহল হৃদয়, য’ত কবিতাই বিচৰণ কৰিব পাৰে। ল’ব পাৰে এটা সুন্দৰ ৰূপ। স্বাধীনতাই কবিতাৰ একমাত্ৰ অলংকাৰ নহয় জানো?

– এখন নাটকত এটা চৰিত্ৰ আছিল যি খোনা। কিন্তু চৰিত্ৰটো কবিতাৰ বাবে ইমানেই পগলা আছিল যে কবিতা এটা আবৃত্তি কৰাৰ সময়ত তেওঁৰ অলপো কথা লাগি ধৰা নাছিল। কবিতাই প্ৰতিবন্ধকতাও নেওচিব পাৰে।

 

আৰম্ভ হৈ গৈছিল এক ৰসাল আলোচনা। বিষয় আছিল কবিতা। আলোচনাৰ সুৰ আছিল কাব্যিক। দুজনী পাট গাভৰুৰ সুৰত আলোচনাই ছন্দ লৈছিল। উদাহৰণেৰে ভৰি পৰিছিল। আমি তিনিও পাহৰি গৈছিলোঁ যে আমি এখন ৰেষ্টুৰেণ্টত বহি আছোঁ। কবিতাৰ বিষয়ে যদিও সকলোবোৰ দৰ্শন বুজি পোৱা নাছিলোঁ তথাপিও ভাল লাগিছিল কথাবোৰ। কথাবোৰ পাতি গৈছিল পূৱালী আৰু আলোছায়াই আৰু তেওঁলোকৰ আলোচনাৰ একমাত্ৰ শ্ৰোতা হৈ ৰৈছিলোঁ মই । কবিতাৰ আও-ভাও বুজি নোপোৱা এক কবিতাৰ প্ৰেমিক।

 

আলোছায়াই টেবুলত ৰখা নোটবুকখন আনি কেতিয়া মেলি লৈ আঁক-বাঁক কৰাত লাগিছিলোঁ গমেই পোৱা নাছিলোঁ।

আড্ডা লাহে লাহে গভীৰ হৈ পৰিছিল। আড্ডাৰ গভীৰতাৰ লগে লগে গভীৰ হৈ পৰিছিল মোৰ আঁক-বাঁকবোৰো। ৰেখাবোৰেও যেন কিবা এটা গঠন ল’ব খুজিছিল। অদূৰত তেতিয়া তৰ্জাৰ বেৰৰ ফাঁকেৰে সোমাই অহা ৰ’দৰ ৰেখাবোৰে মজিয়াত তৰা আঁকিছিল। পূৱালী-আলোছায়াৰ আলোচনাত সন্নিবিষ্ট হৈছিল দুই-এফাঁকি কবিতা। নোটবুকত ৰেখাবোৰে লাহে লাহে শব্দৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। সন্মুখত বহি থকা আলোছায়াৰ চাদৰৰ পৰা তৰাবোৰ যেন তাইৰ পিছপিনে থকা মজিয়াত নৃত্য কৰাত লাগি গৈছিল। তেতিয়া চলি আছিল মিলিজুলি কবিতাৰ শ্বো’।

-“ইমানো ভাল নাপাবা তুমি

ভাল পোৱাৰ প্ৰতিদানত।”

পূৱালীয়ে লাহে লাহে সুৰ আৰু ছন্দৰ মিশ্ৰণত মাতি গৈছিল এটা কবিতাৰ শাৰী

“তুমিতো এটি জোনাক আছিলা

তিতি গৈছিলা সপোন বৰষুণত

অভিমানৰ মৰুভূমিখন তেতিয়া শুকান আছিল।”

আলোছায়াই যোগ দিছিল সেই কবিতাত।

-“জোনাকক লৈ গাইছিলা তুমি গান

তোমাৰো প্ৰেমিক হৈ পৰিছিল সপোন।”

 

-“তোমাৰ ভালপোৱাৰ মৰুদ্যানখন শেষত পালোঁ

তাতেই তিতিলোঁ প্ৰেমৰ বৰষুণত

শব্দবোৰে জাকি পাতি

পেখন ধৰিলেহি।”

 

-“তাতেইযে ৰৈ গ’ল অভিমানৰ নদী

কাৰোবাৰ জোনাক

কাৰোবাৰ প্ৰেমৰ অভিলাষ

……..”

 

তৰাবোৰে তেতিয়া তিৰবিৰাইছিল। শুভ্ৰৰঙী চাদৰখনে তেতিয়া মোৰ হৃদয়ত আঁকি পেলাইছিল এখন জোনাকী আকাশ। ফুলবোৰে তৰাৰ ৰূপ লৈ তাত জিলিকিছিল। চন্দ্ৰমাই কবিতাৰ নৈ বোৱাইছিল। অদূৰত সিঁচৰতি হৈ পৰি ৰৈছিল সাজলি-কাঁচলি একাঁচলি ৰ’দ। আলোছায়াৰ নোটবুকত মই অঁকা আঁক-বাঁকবোৰে এটা তৰাৰ গঠন ধৰিছিল। তাত ডাঙৰ ডাঙৰকৈ লিখা গৈছিল “তৰা”। সেই তৰা শব্দৰে বৈ আহিছিল। তললৈ…গভীৰৰ পৰা বামলৈ…হৃদয়ৰ পৰা বাস্তৱলৈ।

 

– বাইদু, চাহ গৰম হ’ল নিকি? – পুচকাৰ মাতত আমি ঘূৰি চাই দেখোঁ চাহ তিনিকাপ টেবুলত পৰি আছে। চেঁচা হৈ গৈছে চাহ। মই নোটবুকখন জপাই আলোছায়াৰ ফালে চাই ক’লোঁ-

– ছেঃ, তুমাৰ নোটবুকখন লেতৰা কল্লু দে…বোয়া নাপোবা।

– পাম। পাছে বহী লেতেৰা কৰা বাবে নহয়, মোক পূজালৈ নামাতা বাবেহে।

– ইস…. দেখচানা। আইভা

– নামাতিলেও আহিলোঁহেঁতেন। এতিয়া মাতিছা যেতিয়া যামেই আৰু৷

 

মুকলি মুকলি লাগি গৈছিল মনটো। আজি এক অবুজ পৃথিৱীৰ লগত মোক চিনাকি কৰাই দিছিল পূৱালী-আলোছায়াই। সপোনপুৰীত বিচৰণ কৰা যেন লাগিছিল তেতিয়া। কবিতা এনেয়ে ভাল পাইছিলোঁ, এতিয়াৰ পৰা কবিতাক বুকুত বান্ধি ৰাখিবলৈ ঠিৰাং কৰিছিলোঁ। পূৱালী তেতিয়া চাহৰ কাপ হাতত লৈ ভাৱনাত মত্ত।

 

(ক্ৰমশঃ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!