হেঁপাহ: ইফটিখাৰ হুছেইন

” কি নাম তোৰ ?”
” আকবৰ !”
দিগন্তই ল’ৰাটোৰ মুখলৈ চালে৷
সৰু ল’ৰা, পোন্ধৰ বছৰ হোৱাই নাই চাগে’। মুখখন
মৰমলগা। অথচ তাৰ হাতত ৰেঞ্চ্!
” ঘৰত কোন কোন আছে ?”
” মা আৰু পাহি !”
” পাহি মানে ?”
” ভণ্টি !”
” বাবাই কি কৰে ?”
” বাবা নাই । কেতিয়াবাই মৰিল !”
“মৰিল? কেনেকৈ?”
আকবৰে ক’লে –
দেউতাকে ট্ৰাক চলাইছিল। এক্সিডেণ্ট হৈ ঢুকাল পাহি তেতিয়া একেবাৰে সৰু। সি চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল৷ মাকে মানুহৰ ঘৰত কাম কৰি সিহঁতক খুৱাইছিল। যোৱা বছৰৰ পৰা সি এই গেৰেজটোত কাম কৰিবলৈ লৈছে।
স্কুল?
এৰি দিলে।
এতিয়া পাহি স্কুললৈ যায়৷ তৃতীয় শ্ৰেণীত পঢ়ে। সি তাইক ভালকৈ পঢ়ুৱাব। সেয়ে সি কষ্ট কৰিছে। লগতে মাকৰ কষ্টও কমাব খোজে৷ মাহৰ মূৰত সি দৰমহা পায়। লগে লগে মাকক দিয়ে ।
” হৈ গ’ল দাদা!”
দিগন্তৰ বাইকৰ ষ্টেণ্ডডালৰ কাণখন চিঙি গৈছিল। মাটিত ষ্টেণ্ড কৰিলে সোমাই যায়, বাইকখন পৰি যাব খোজে৷ এইটো গেৰেজতে নতুন ষ্টেণ্ড এডাল কিনি লগাব দিলে। ষ্টেণ্ড ডালৰ দাম এশ টকা, ফিটিং ফ্ৰী! আকবৰে পুৰণি ষ্টেণ্ডডাল খুলি নতুনডাল লগাই থাকোঁতে দিগন্তই তাৰ লগত কথা পাতিলে। ষ্টেণ্ডডাল সি এবাৰ উঠা নমা কৰি চালে৷
থিকে আছে৷ আকবৰে কাম শিকিছে।
দিগন্তই ক’লে -” ভালকৈ কাম শিকি ল! তই এদিন ডাঙৰ মেকানিক হ’ব পাৰিবি। পিছত গুৱাহাটীলৈ গুচি যাবি।”
আকবৰৰ মুখখন হাঁহিৰে উজলি উঠিল।
দিগন্তৰ তালৈ মৰম লাগিল৷ সি পকেটৰ পৰা মাণিবেগটো উলিয়াই তাক টকা দহটা দিলে –
” হুঁ এইটো ল। মই এনেই দিছোঁ।”
আকবৰে হাত পাতি ল’লে৷ মুখত হাঁহি।
” গুটখা খাৱ নেকি? নাখাবি দেই!”
” নাখাওঁ দাদা। মই পাহিৰ বাবে চকলেট লৈ যাম৷ আজি তাইৰ জন্মদিন৷”
দিগন্তই তালৈ চাই ৰ’ল!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!