হৰিভকত কৃষ্ণস্বামীৰ ফ্ৰি এডভাইছ আৰু প্ৰাথমিক চিকিৎসা (-ঈশ্বানজ্যোতি বৰা)

খণ্ড ১ – জ্যোতিষৰত্ন হৰিভকত কৃষ্ণস্বামীৰ ১২ ৰাশিৰ মানুহলৈ কেইটামান ফ্ৰি এডভাইছ

মেষ(অ,ল): সোনকালে খাই-বৈ শুই থাকিব ৷ ৰাতি ন’হলে পতি বা পত্নীৰ কামোৰ খাব ৷ কামোৰ মানে একেবাৰে লেতেৰা কামোৰ ৷ পুৰুষসকলে মানিবেগটো গাত খান্দি পুতি থলে লাভৱান হ’ব ৷ পুতি থোৱা মাটিখিনিৰ কাষতে ‘এইখিনিত একো নাই’ বুলি লিখি ৰাখিব ৷ ৰাতিপুৱা উঠাৰ আগত এনেকুৱাকৈ এটা কাঁহ মাৰিব যে আপোনাৰ মুখত এটা মাখি সোমায় ৷ সেই মাখিটোৱে আপোনাৰ দিনবোৰ সুখময় আৰু ৰাতিবোৰ ৰাজধানী এক্সপ্ৰেছৰ দৰে দ্ৰুতবেগী কৰি তুলিব ৷

বৃষ(ই,উ,ব): এইকেইদিন আপুনি ভাত খাই থাকোতে এটা পঁইতাচোৰা বা জেঠী আহি আপোনাৰ মধ্যমা আঙুলিত চুমা খাব পাৰে ৷ আপুনি কেয়াৰ নকৰিব ৷ কাৰন সেয়া আপোনাৰ পুৰ্বজন্মৰ প্ৰেমিক বা প্ৰেমিকা ৷ যোৱাটো জনমত আপোনাক ভাল পাই যি পাপ কৰিলে তাৰ ফল এইজনমত পঁইতাচোৰা বা জেঠী হৈ ভোগ কৰিবলগা হৈছে ৷ ফেচবুকত যাৰে-তাৰে লগত কথাৰ মহলা মাৰি থাকোতে আপুনি কাৰোবাৰ পৰা গোৰ-ঘোচা খাব পাৰে ৷ গতিকে লগত এখন মাৰ্ক ককাইদেউৰ ফটো ৰাখিব ৷

মিথুন (ক,ছ): আপোনাৰ বুধৰ পৰা আৰম্ভ কৰি নেপচুনলৈকে সকলো গ্ৰহ বৰ্তমান ছুটীত আছে ৷ ফলস্বৰূপে আপুনি পাব্লিক ধুলাই খোৱাটো খাটাং ৷ আপুনি এটা কাম কৰিব ৷ গোটেই শৰীৰটো ঢাক খোৱাকৈ এটা পাব্লিক-ধুলাইপ্ৰুফ ইনাৰ জেকেট পৰিধান কৰিব যাতে আপোনাক কোনোবাই গাধৰ দৰে কোবালেও আপোনাৰ পিঠি-পেট, হাত-ভৰিৰ কম ক্ষয়-ক্ষতি হয় ৷ পাৰিলে ৰঙা পানীবিধ কমকৈ গ্ৰহণ কৰিবচোন ৷ ফলাফল আপোনাৰ হাতত ৷

কৰ্কট (ড,হ): ফেচবুকত বেছি সময় চাট কৰি থাকোতে আপোনাক কোনোবাই ‘চেনী’ বুলি ক’ব পাৰে ৷ কোৱাজন আপোনাৰ নিকটাত্মীয় ও হ’ব পাৰে ৷ চাহৰ লগত অলপ নিমখ বেছিকৈ খাবচোন ৷ ডাইবেটিছ হোৱাৰ পৰা ৰক্ষা পৰিব ৷ পাৰিলে গা ধুৱা সময়ত আকাশলৈ চাই থাকিব ৷ তাত আপুনি কিছুমান চৰাই দেখা পাব ৷ চৰাইবোৰলৈ চাই চাই এটা চকু টিপ মাৰি দিব ৷ তেনে কৰিলে সিঁহতে আপোনাৰ মূৰৰ ওপৰত বিষ্ঠাত্যাগ কৰিব ৷ সেয়া আপোনাৰ বাবে মহৌষধ ৷

সিংহ(ম,ট): আপুনি বাৰু গাৰ্লফ্ৰেণ্ডৰ সন্ধানত নেকি ? তেন্তে এটা কাম কৰক ৷ ফেচবুকৰ ষ্টেটাচত তলত দিয়া ধৰনে আপডেট দিয়ক ৷
‘মোক এজনী গাৰ্লফ্ৰেণ্ড লাগে ৷ মই দৰমহা বহুত পাওঁ ৷ খোৱা-বোৱাৰ সুবিধা আছে ৷ পইচাও মোৰ ধেৰ ৷ প্ৰথমতে যি মোৰ ষ্টেটাছত কমেন্ট দিয়ে তেওঁকে গাৰ্লফ্ৰেণ্ডৰ অস্থায়ী পোষ্টৰ বাবে নিৰ্বাচন কৰা হ’ব ৷’
এইদৰে কমেন্ট দিলে আপোনাৰ লাইফটাইমৰ বাবে চিন্তা নাই ৷ ভৰিৰ মোজাযোৰ সদায় ধুব ৷ কাৰন নাৰীয়ে মোজাৰ গেলা গোন্ধ সহিব নোৱাৰে ৷

কন্যা(প,ঠ): আপুনি বাৰু দ্বিতীয় বিবাহৰ বাবে যো-জা চলাইছে নেকি ? দৃঢ় পদক্ষেপ ! বুকুত অজস্ৰ কনফিদেন্স লৈ আগবাঢ়ি যাওক ৷ আপোনাক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে ৷ কেৱল এটা কাম কৰিব ৷ লগত এখন নাৰদৰ ফটো ৰাখিব ৷ ৰাতিপুৱাই উঠি যদি আপুনি যদি এটা ছাগলীৰ কণী ভক্ষন কৰিব পাৰে তেন্তে অহা বহাগলৈ আপোনাৰ ল’ৰাটো বা ছোৱালীজনীৰো দুই-এজন বয়ফ্ৰেণ্ড/গাৰ্লফ্ৰেণ্ড গোট খাব পাৰে যাক লৈ আপুনি গৌৰৱ কৰিব পাৰিব ৷

তুলা (ৰ,ত): ব্যৱসায়ত ফ্লপ ৷ চাকৰিত ফ্লপ ৷ পদোন্নতিতো ফ্লপ ৷ আপুনি যদি ইয়াৰ পৰা মুক্তি লভিব বিচাৰিছে তেন্তে দিনটোত ১০০ বাৰ ‘মই বাংলাদেশী’ বুলি জপ কৰিব ৷ জপ কৰি থাকোতে চকুকেইটা মেলি ৰাখিব ৷ আৰু ঘুটুক ঘুটুককে ৰঙাপানীকন পি থাকিব ৷ আপুনি সাহসী মানুহ ৷ আপুনি পাৰিব, মই জানো ৷ আপোনাৰ শুভৰত্ন হৈছে এটা ১ গ্ৰাম ওজনৰ শিলগুটি, যিটো আপুনি ফ্ৰিতে ৰাস্তাৰপৰা বুটলি ল’ব পাৰিব ৷

বৃশ্চিক(ন,য): নতুনকৈ চাকৰিত সোমোৱাসকলৰ বাবে এটা কুহুমীয়া খবৰ ৷ মানে খবৰটো ইমান গৰমো নহয় ঠাণ্ডাও নহয় ৷ আপুনি যদি ভাবি আছে যে চাকৰিৰ প্ৰথম দৰমহাৰে কিবা তামাম পাৰ্টি কৰিব তেন্তে সেই আশা ঘৰৰ ধোঁৱাচাঙত তুলি থওক ৷ কাৰন মাহটোৰ শেষৰফালে আপোনাৰ সপোনকণ্যা আহিব ৷ মানে ড্ৰিম গাৰ্ল ৷ গতিকে দৰমহাৰ গোটেইকেইটা পইচা তেওঁৰ লগতেই শেষ হোৱাটো প্ৰায় খেটাং ৷ বাকী ৰৈ যোৱা খুচুৰা পইচাকেইটাৰে আপুনি কন কন ল’ৰা-ছোৱালীৰ মাজত ল’জেন্স বিলাব পাৰে ৷ তেনে কৰিলে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লোভটো কমিব ৷ ছোৱালীসকলৰ বাবে কৰিবলগীয়া কাম একো নাই ৷ ১০ পেকেট টাইগাৰ বিস্কুট খাই ঘৰৰ চুক এটাত পৰি থাকক ৷

ধনু (ভ,ধ,ফ): ফেচবুকৰ ছোৱালীৰ হৃদয়লৈ ধনু চলাই চলাই আপোনাৰ হাত বিষাব পাৰে ৷ তথাপিও থমকি ন’ৰব ৷ নিজৰ কাম কৰি যাওক ৷ গেলামাল দোকানৰ পৰা কেইটামান গেলা আলু বেচিকৈ কিনিব ৷ সেইকেইটা ৰাতিলৈ পুৰি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব ৷ খাই ভাল পাব ৷ পত্নীয়েও আপোনৰ ৰন্ধনশৈলীৰ প্ৰশংসা কৰিব ৷ ৰাতিপুৱা সদায় ফিকাচাহ খাব ৷ লগত ১কেজি কচুৰ চাটনি ৷ পেটটো তেতিয়াহে টেকেলীটোৰ সমান হ’ব ৷

মকৰ (খ,জ): যিবোৰ ছোৱালীয়ে পৰীক্ষাৰ কাৰণে দিনে-ৰাতিয়ে পঢ়ি আছে সিহঁতৰ মাথা বিষাব পাৰে ৷ পঢ়ি থাকোতে আপোনাক মহ-ডাঁহেও কামুৰিব পাৰে ৷ অতিমাত্ৰা পঢ়াৰ ফলত পাগল হোৱাৰ আশাও নুই কৰিব নোৱাৰি ৷ কিন্তু যদিহে আপুনি এটা ব্ৰয়লাৰ শুকান বালিৰ লগত সিজাই খাব পাৰে তেন্তে মাথাৰ বিষ কমিব পাৰে ৷ আৰু আপোনাৰ কনচেনট্ৰেচন পাৱাৰৰো বিকাশ ঘটিব ৷ পৰীক্ষা যিসকলে দি উঠিছে তেওঁলোকে মাহী-পেহীৰ ঘৰলৈ নোযোৱাই ভাল ৷ গ’লেও নিৰামিষ হে খাবলৈ পাব ৷ মাছ-মাংসৰ দাম বেছি ৷ গতিকে ইমান আশা নকৰাই ভাল ৷

কুম্ভ (গ,শ,স):কিতাপৰ মাজত যদি আপুনি আপোনাৰ সপোনকোঁৱৰ/ সপোনকোঁৱৰীৰ ফটো লুকুৱাই থৈছে তেন্তে সেইখন সলাই তেখেতৰ এখন থ্ৰি-ডি ফটো ৰাখিবৰ সময় উপস্থিত ৷ ন’হলে টেবুলৰ তলফালে টিঘিল-ঘিলাই ফুৰা দালশলীয়া কেইটাই আপোনাৰ পুৰণা ফটোখনত থকা মানুহজনক বা মানুহজনীক লাইন মৰাটো খাটাং ৷ সয়ম্বৰ পতাৰ আশাও আছে ৷ এনেই বৃহস্পতিৰ মন বেয়া ৷ গতিকে আপুনিও সাৱধান হৈ থকাটো ভাল ৷ পাৰিলে চকলেট খালে ১০টকীয়াটো খাব ৷ পইচা বচাবলৈ গৈ নিজৰ সন্মান হানি নকৰিব ৷ দিনৰ দিনটো কাম কৰি থকা সকলে চান্স পালেই টোপনি মাৰিবলৈ নাপাহৰিব ৷ অলপ টোপনিও লাগে দিয়কচোন ৷

মীন (দ,চ): ফটোগ্ৰাফাৰসকলৰ বাবে সুন্দৰ বতৰ ৷ ফেন্সীবাজাৰৰ পৰা দুটামান ডুপ্লীকেট প্লাষ্টিকৰ ফুল আনি ফটো তুলিব আৰু ফেচবুকত তাৰ ৰঙটো সলাই সলাই ঘনে ঘনে দি থাকিব ৷ দেখিব আপোনাই পপুলাৰিটি গ্ৰাফদাল ছেকেণ্ডৰ ভিতৰতে কোনোবা ধুবুৰী পাবগৈ ৷ যিহেতু গৰম বেছি, সেয়ে মাজে মাজে নেমুটেঙাৰ ৰস খাই থাকিলে আপোনাৰ শৰীৰে আৰাম পাব ৷ বেছি কাম কৰি এনেই মানুহক দেখুৱাই লাভ নাই ৷ বেছিকৈ দাঁত নিকটাই থকাসকলে সদায় ৰাতিপুৱা এপোৱা কলগেটেৰে দন্তমঞ্জন কৰিব ৷ দাঁতবোৰ গাখীৰৰ দৰে জিলিকি উঠিব ৷

[হেৰি এইফালে অলপ মন কৰিব : যদি আপুনি মোৰ কথাবোৰ একো বুজি পোৱা নাই তেন্তে ৪২০৪২০৪২০৪২০ নম্বৰত ফোন কৰি ডিষ্টাৰ্ব নিদিব ৷ মোৰ হাতত একো উত্তৰ নাই ৷ চব তেৰাৰ মহিমা ৷————-আপোনাসৱৰ শুভচিন্তক হৰিভকত কৃষ্ণস্বামী ]

খণ্ড ২ – চিকিৎসাৰত্ন হৰিভকত কৃষ্ণস্বামীৰ বিনামূলীয়া প্ৰাথমিক চিকিৎসা -১
(উচৰ্গা : অকবৰ চিকিৎসক সকলৰ হাতত ক্ষমা-প্ৰাৰ্থনাৰে )

প্ৰথমে প্ৰনামো ব্ৰহ্ম ভিন ভিন বেমাৰক
দ্বিতীয়ে প্ৰণামো প্ৰতিকাৰ
কৃষ্ণস্বামীৰ এডভাইছ নিজৰ জীৱনত এপ্লাই কৰি
ফলে-ফুলে হোৱা জাতিস্কাৰ ৷৷ কৃষ্ণ ৷৷

কৃষ্ণ ৷৷ আজি আমি কেন্সাৰ, মেলেৰিয়া আৰু বদ্‌হজমী নামৰ তিনিটা অতিশয় গুৰুত্বপূৰ্ণ বেমাৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো ৷ যদি আপুনি এই তিনিটাৰ কোনোবা এটাত ভুগি আছে তেন্তে পলম নকৰি তলত দিয়া প্ৰতিকাৰসমূহ গ্ৰহন কৰক ৷ প্ৰতিটো বেমাৰৰ বাবে একো একোটা স্মাৰ্ট প্ৰতিকাৰো দিয়া আছে ৷ সেইটো প্ৰতিকাৰ ব্যৱহাৰ কৰিলে আনবোৰ প্ৰতিকাৰ ব্যৱহাৰ নকৰিলেও হ’ব ৷ আপোনাক আমি গ্যাৰান্তি দিছো ১ বছৰৰ ভিতৰত নহ’লেও আপুনি সিপূৰীলৈ যোৱাৰ আগমুহুৰ্তত আপোনাৰ বেমাৰ ভাল হ’ব ৷

১) কেন্সাৰ : মাৰাত্মক বেমাৰ ৷ বিশেষকৈ ভেন্সাৰ স্কুলত চাকৰি কৰিও দা-দৰমহা নাপাই নাকেৰে টেঁটুফলা চিঞৰ দিয়াটোৱেই এই বেমাৰ হোৱাৰ মূল কাৰণ ৷

লক্ষণসমূহ : বেমাৰীসকলে খুব জৰ্দাপান খায় ৷ বেমাৰীসকলৰ গাৰ পৰা গেলা গেলা গোন্ধ ওলায় ৷ ভৰি আৰু হাতত থকা নখৰ ছালত বিহা ওকনীয়ে কণী পাৰে ৷ ৰাতি ১২ বজাত উঠি জগিং কৰিবলৈ যায় ৷ বিয়া-বাৰু পাতিবৰ মন নকৰে ৷

প্ৰতিকাৰ : গা ধুৱাৰ সময়ত পুখুৰীৰ পানী ব্যৱহাৰ কৰিব ৷পাৰিলে ভৰলু নৈৰ পানী অলপ মিহলাই ল’লে ভাল ৷ মাদাৰ বাংলাদেশী বিড়িটো ভক্ষণ কৰিবচোন দিনে পাঁচটাকৈ ৷ খালীপেটে হুঁপিব পাৰিলে ভাল হয় ৷ গৰুৰ ছালত ছিকৰা বুলি এবিধ বস্তু থাকে ৷ সেইটো আনি নিজৰ ভৰি আৰু হাতৰ নখৰ ভিতৰত ভৰাই থ’ব ৷ চিকৰা আৰু বিহা ওকনীৰ মাজত মুখামুখি সংঘৰ্ষ হৈ নিশ্চয় বহু বিহা ওকনী নিহত হ’ব ৷ ফলত আপোনাৰ টেনছনো কমিব ৷ পচা-শুকান গোবৰৰ ৰসটো লাক্স চাবোনৰ লগত সানি গাত লেপি ৰ’দত ১০দিনমান বহি থাকিব ৷ দেখিব গাৰ সেই আগৰ দুৰ্গন্ধ আঁতৰি গৈছে ৷ বিয়া পাতিলে চাপৰ চাই ছোৱালী বিয়া পাতিব ৷ কাৰন সমস্যা যিমান সৰু হয় সিমানেই আপোনাৰ ভৱিষ্যত ভাল হ’ব ৷ নহ’লে আপোনাৰ জীৱনৰ লাইটটো জ্বলিবলৈ ধৰোতেই ফিউজ যাব ৷

স্মাৰ্ট প্ৰতিকাৰ : ভেন্সাৰ স্কুলত চাকৰি কৰাতকৈ ঘৰতে গেলামালৰ দোকান এখন দি ৰাস্তাৰে যোৱা ছোৱালী দৰ্শন কৰক ৷ পাৰিলে চকু টিপ এটা মাৰক ৷ কিন্তু তেনে কৰাৰ আগত নিজৰ গাল দুখন পলিথিনিৰে ভালকৈ মেৰিয়াই ল’ব ৷ এই গেলামালৰ দোকান দিয়া পদ্ধতিটোৰ দ্বাৰা আপোনাৰ দুটা লাভ হ’ব ৷ বিয়াৰ বাবে ছোৱালী চোৱাও হ’ল আৰু চাঞ্চ পালে দুই-এপদ বস্তু বিক্ৰী কৰাও হ’ল ৷ দেখিলে আপোনাৰ লাভেই লাভ !! কৃষ্ণ ৷

২) মেলেৰিয়া : অতিপাত কেলেংকাৰীযুক্ত বেমাৰ ৷ পৃথিৱীত বিশেষকৈ অসমত আটাইতকৈ দুৰ্নীতিপৰায়ন বেমাৰ এইটোৱেই ৷ কেইজনমান সদাশয় লোকে এইটো বছেৰেকীয়া মহোৎসৱ হিচাবে প্ৰতিবছৰে উলহ-মালহেৰে পালন কৰি আহিছে ৷ ঘৰৰ ভিতৰত থকা নিমাখিত ম’হবোৰ মাৰিবলৈ বজাৰৰ পৰা মেক্স’, অল আউট আৰু বেডমিন্টনৰ দৰে মাৰনাস্ত্ৰ কিনি অনা মানুহবোৰ এইবিধ বেমাৰত ভোগাৰ তীব্ৰ আশংকা থাকে ৷

লক্ষণ: এই বেমাৰত ভোগা মানুহবোৰ ৰাতিটোৰ ভিতৰতে দেখিবলৈ মাইকী এনুফিলিছ মহটোৰ দৰে হৈ পৰে ৷ ম’হৰ শুংৰ দৰে বেমাৰীৰ মুখতো শুং গজিবলৈ আৰম্ভ কৰে ৷ মহৰ দৰে গুনগুনাই থাকে ৷ তেওঁলোকে সেইসময়ত ‘লক্ষ্য’ চিনেমাৰ ‘মেই এইচা কিউ হো’গানটো মিঠাসুৰেৰে পৰিৱেশন কৰি ৰাইজক চেনীৰ যোগান ধৰে ৷ খুব তিতা খাব বিচাৰে ৷ ৰাস্তালৈ ওলাই গৈ বাৰে বাৰে ‘মই কামুৰিম মই কামুৰিম’ বুলি চিঞৰি গগণ ফালে ৷

প্ৰতিকাৰ : ভেচেলিন বডি লোচন বুলি বজাৰত এটা মলম পায় ৷ ৫টকাত পোৱা তেনে মলম এটা আনি যদি আপুনি বেমাৰীক ভোট জলকীয়াৰ সৈতে চৰবত বনাই খুৱাব পাৰে তেন্তে এই বেমাৰৰ পৰা কিছুমানে হ’লেও সকাহ পাব ৷ হলৌ বান্দৰৰ নেজত ধৰি মাৰাথান দৌৰত অংশগ্ৰহন কৰিলে শৰীৰৰ হেৰোৱা বল-শক্তি ঘুৰাই পাব ৷ গাৰ নোমবোৰ বগাচূনৰ দৰে চিকমিকাই উঠিব ৷ ৰাতিপুৱাই উঠি দাতঁবোৰ ক’লা এঙাৰেৰে ১২০কি.মি. প্ৰতি মিনিট বেগেৰে ঘহিঁবচোন ৷ কিন্তু মন কৰিব এঙাৰৰ ৰং ক’লা হোৱাতো বাধ্যতামূলক ৷ ৰাতি শুৱাৰ সময়ত আঠুৱাত ডাঙৰ ডাঙৰ কেইটামান ফুটা কৰি লব ৷ ম’হবোৰে আহি তেতিয়া আপোনাৰ পৰা নিয়া তেজবোৰ ঘুৰাই দিব ৷

স্মাৰ্ট প্ৰতিকাৰ : যদি ইমানতো বেমাৰীয়ে ভাল নাপায় তেন্তে নলা-নৰ্দমাৰ পৰা ১০০০টা পেটুৱা ম’হক নিমন্ত্ৰন দি মুক্তমনে আপোনাৰ ৰক্তপান কৰিবলৈ দিলে আপুনি তাৎক্ষনিক সুফল লাভ কৰিব ৷ মন কৰিব : সেইকন সময়ত আপুনি নিজৰ হাত-ভৰিদুখন বান্ধি থ’ব লাগিব ৷ কৃষ্ণ ৷

৩)বদহজমী : “লোভেই পাপ পাপেই মৃত্যু” কথাষাৰ যিসকলে মানি নচলে, তেওঁলোক এইবিধ বেমাৰত ভোগে ৷ ৪০ কেজিতকৈ বেছি ওজন থকা মানুহৰ সাধাৰনতে এই বেমাৰ হোৱা দেখা যায় ৷
মন কৰিব : এইবেমাৰী সকল বহুত কৃপন হয় ৷ মানে সহজ ভাষাত কনজুছ ৷

লক্ষণ : ২৪ ঘন্টাই কেৱল খাঁও-খাঁওকৈ থাকে ৷ এইসকল বিশেষ প্ৰজাতিৰ বেমাৰীক কলিযুগৰ বকাসুৰ বুলি ক’লেও ভুল কোৱা ন’হব ৷ ভাত খাই থাকোতে কেতিয়াবা পকেটত দালি-ভাজি ভৰাই লোৱা দেখা যায় ৷ যাতে পাছত আজৰি সময়ত আকৌ তাকে গৰুৰ দৰে পাগুলিব পাৰে ৷ তামোলগছৰ ওপৰত উঠি আকৌ নামি আহে ৷ যদি আপুনি সোধে কি হ’ল তেন্তে তেওঁ ক’ব যে –“আকাশখনক নীলা কেক বুলি ভাবি খাবলৈ গৈছিলো ৷ কিন্তু জখলা নাপায় নামি আহিলো ৷” এইখিনি সময়ত দৃষ্টিশক্তিৰ বিলোপ হৈ কুকুৰীকণা হৈ পৰে ৷ একেলগে দুটা বেমাৰে দেখা দিয়া বাবে এই বেমাৰক “মাল্টিটেলেন্টেড্‌ বেমাৰ” বুলিও কোৱা হয় ৷

প্ৰতিকাৰ : ইউৰিয়া সাৰ কিনি আনি সৰিয়হৰ চাটনিৰ লগত পিচি খাব ৷ হেৰুৱা দৃষ্টিশক্তি ঘুৰাই পাব ৷ ভীমকল এক আখি কিনি আনি কেঁচাই কেঁচাই খাব চোন ৷ মম এদাল জ্বলাই লৈ তাৰ ৰসবোৰ পানী এগিলাচৰ লগত শুদাপেটত পান কৰিলে বদহজমী অলপ হ’লেও কমিব ৷ মাজে মাজে গৈ পানবজাৰ-ফেন্সীবজাৰ –পল্টনবজাৰৰ সেই লেতেৰা দুৰ্গন্ধময় জাবৰ-জোঁথৰখিনিৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিলে বেমাৰীৰ খোৱাৰ প্ৰতি থকা লোভটো কমিব ৷

স্মাৰ্ট প্ৰতিকাৰ : যদি ইমানতো ভাল নাপায় তেন্তে দিনটোত ৫ বাল্টি ফটা গাখীৰ, ১২ টা ক’লা কুহুমৰ কণী, ১৩ টা এঠেঙীয়া মুৰ্গী আৰু ১৪ টা শুকান শিঙি মাছৰ ঠেং পুৰি খাব ৷ শিঙি মাছৰ কাঁইটকেইদাল আপুনি যদি টুথব্ৰাছ হিচাপে ব্যৱহাৰ কৰিব পাৰে তেন্তেটো গাখীৰতে মহৰ খুঁটি ৷ ৷৷কৃষ্ণ ৷৷

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!