১৫ আগষ্টৰ চিঠি (-মনোহৰ দত্ত)

১৫ আগষ্টৰ চিঠি :-মনোহৰ দত্ত
সু-প্ৰভাত বন্ধু সকল|
১৫ আগষ্ট ২০১২, আজিৰএই দিনটোৱে আমালৈ কঢ়িয়াই আনিছে বিগত ৬৫ বছৰৰ স্বাধীনতা দিৱসৰ অনুভৱ| অগণিতবীৰ-শ্বহীদৰ আত্ম-বলিদানেৰে আমাৰ দেশ ভাৰতবৰ্ষই অৰ্জন কৰা স্বাধীনতাৰ গৌৰৱ-উজ্বল ইতিহাসে, আমাক আজিৰ এই দিনটোত নিজকে বিচাৰি চাবলৈ এটি সুযোগদিয়ে| আৰু আমি অনুভৱ কৰিবলৈ প্ৰয়াস কৰো স্বাধীনতা আন্দোলনৰ বৰ্ণিল ঐতিহ্য| শোষকৰ সৈৰাচাৰী শাসনৰ অৱসানৰ হেতু আমাৰ অগ্ৰজ সকলে দেশ-মাতৃৰ চৰণ সেৱী, নিজৰ তেজেৰে শতৰু বিনাশী, আমাক উপহাৰ দিছিল স্বাধীনতা| সেই অফুৰন্ত ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আজিৰ দিনটোৱে আমাক উদ্বুদ্ধ কৰে| সেয়ে এনে এক পৱিত্ৰক্ষণত দেশৰ সমগ্ৰ স্বাধীনতা সেনানী, বীৰ-শ্বহীদলৈ জনালোঁ শ্ৰদ্ধাঞ্জলি|
আনপিনে স্বাধীনতাৰ ৬৬তম দিৱসত অনুভৱ হৈছে আমি যেন এতিয়াত প্ৰকৃত অৰ্থত স্বাধীন হ’ব পৰা নাই| এতিয়াও দেশত বিৰাজমান হত্যা, হিংসা, দুৰ্নীতিৰ পয়োভৰ| আত্মকেন্দ্ৰিক ধ্যান-ধাৰণাত বিভোৰ আমি| আমি যেন হেৰুৱাই পেলাইছো দেশাত্মবোধ| প্ৰশ্ন হয়- এনে কিয় হৈছে?
এই অৱস্থাৰ অৱসান কেতিয়া? এনে বহু প্ৰশ্নই মনৰ মাজত অগাদেৱা কৰিবলৈ লৈছে| কেনেকৈ পাম বাৰু এখন আত্মনিৰৰশীল, সু-সামাজিক পৰিৱেশেৰে সমুজ্বল সুন্দৰ ভাৰতবৰ্ষ| এনেকুৱাপ্ৰশ্নৰ উত্তৰ বিচাৰি আমি আত্ম-নিয়োগ কৰিব লাগিব যাতে আগন্তুক সময়ে আমাক সু-নাগৰিক হিচাপে জীৱন নিৰ্বাহ কৰাৰ সুযোগ দিয়ে, স্বাধীনতাৰ বিশালতা বুজিবলৈ আমাক সক্ষম কৰি তোলে| আজিৰ এই পৱিত্ৰ ক্ষণত সেই কামনা কৰিলোঁ|
সুন্দৰ হওঁক আমাৰ নৱ-প্ৰজন্মৰ ভৱিষ্যৎ|
ইতি
ভাৰতবৰ্ষৰ এজন নাগৰিক|”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!