২০১২ৰ বলীউডৰ বর্ষসফল নায়িকা : এটি আলোচনা (নীলিম অনুৰাগ)

(‘ইংলিছ ভিংলিছ’ ছবিখনেৰে বহুতদিনৰ পিছত অভিনয়লৈ উভতি আহি তেওঁ দুর্দান্ত অভিনয়েৰে আলোড়ন সৃষ্টি কৰিছে বুলি ক’ব পৰা যায় । উল্লেখযোগ্য যে ‘ইংলিছ ভিংলিছ’ত শ্রীদেৱীৰ বিপৰীতে অভিনয় কৰিছিল আমাৰ অসমৰেই আদিল হুছেইনে।)

 

২০১২ৰ বলীউডৰ বর্ষসফল নায়িকা : এটি আলোচনা

 

নীলিম অনুৰাগ

 

 

২০১২ চন শেষ হ’ল। বছৰটোৰ বলিউডী চিনেমাত অভিনয় কৰা নায়কসকলৰ সমানেই উজলিছিল নায়িকাসকল। দুর্দান্ত অভিনয়, গ্লেমাৰাছ পর্দা-উপস্থিতি,­ একচন, অভিনীত চৰিত্রক বিশ্বাসযোগ্য কৰি তোলাৰ ছিৰিয়াছ মনোভাৱ সকলোৱেই যেন আলোড়নৰ সৃষ্টি কৰিছিল দর্শকৰ হৃদয়ত । বহুকেইখন ছবিত আকর্ষণৰ কেন্দ্ৰ হৈ উঠিছিল নায়িকাৰ চৰিত্রত অভিনয় কৰা অভিনেত্রীগৰাকী । পুৰুষশাসিত বলীউডত এনে ঘটনা সচৰাচৰ ঘটা দেখা নাযায় । সমালোচকসকলেও এই বছৰ কোনো কোনো ছবিত নায়িকা চৰিত্রত অভিনয় কৰা অভিনেত্রীসকলৰ শক্তিশালী অভিনয় দেখি তেওঁলোকক ছবিখনৰ আচল নায়ক হিচাবে অভিহিত কৰিছে । এই বছৰৰ তেনে কেইগৰাকীমান সফল অভিনেত্রীক লৈ আলোচনাটো আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে।

২০১১ চন শেষ হৈছিল ‘দ্য ডার্টি পিকচাৰ’ত বিদ্যা বালানৰ অসাধাৰণ পর্দা-উপস্থিতিৰে। নাছিৰউদ্দিন শ্বাহ, ইমৰাণ হাশমী, তুষাৰ কাপুৰে তিনিটা উল্লেখযোগ্য চৰিত্রত অভিনয় কৰা স্বত্বেও ‘দ্য ডার্টি পিকচাৰ’ আছিল সম্পূৰ্ণৰূপে বিদ্যা বালানৰ ‘ৱান ওমেন শ্ব’ । ২০১২তো আকৌ যেন তেনে পৰিকল্পনাৰে বিদ্যা বালানে পর্দাত উপস্থিত হৈছিল। ‘কাহানী’ক লৈ বহুত জল্পনা-কল্পনা কৰা হৈছিল। ‘কাহানী’ মুক্তি লাভ কৰাৰ পিছত দেখা গ’ল বিদ্যাই এই ছবিৰ ‘নায়ক’। এই ছবিখনত বিদ্যা অভিনীত চৰিত্রটো আছিল নিখোজ স্বামীৰ সন্ধানত ব্যস্ত এগৰাকী অসহায় অন্তঃসত্বা নাৰীৰ । এই ছবিত নিজৰ অভিনীত চৰিত্রটোক বিশ্বাসযোগ্য কৰি তুলিবলৈ বিদ্যাই অক্লান্ত পৰিশ্রম কৰিছিল আৰু ক’বলৈ গ’লে এই কামত এশ শতাংশই সফল হৈছিল বিদ্যা । ‘কাহানী’ ছবিখনে জনপ্রিয়তাৰ লাভ কৰাৰ মূল কাৰণটোৱেই হ’ল বিদ্যা বালানৰ দুর্দান্ত অভিনয় । বর্তমান সময়ৰ হিন্দী চিনেমাৰ এক অসাধাৰণ নাৰী চৰিত্র হৈ উঠিল ‘কাহানী’ৰ বিদ্যা বালান অভিনীত বিদ্যা বাগচী চৰিত্রটো । এই বছৰৰ শ্রেষ্ঠ অভিনেত্রীৰ পুৰস্কাৰৰ অন্যতম দাবীদাৰ বুলি ক’ব পাৰি বিদ্যাক ।
২০১২ বছৰটো সুন্দৰ আছিল সোণাক্ষী সিনহাৰ বাবেও । বছৰটোত সোণাক্ষীৰ মুক্তিপ্রাপ্ত ছবিকেইখন আছিল ‘ৰাৱড়ী ৰাঠোড়, ‘জোকাৰ’, ‘ছন অব ছর্দাৰ’ আৰু ‘দাবাং-২’। জোকাৰক বাদ দি বাকী তিনিওখন ছবিয়েই এই বছৰৰ বক্স অফিচৰ অন্যতম হিট ছবি । ‘ৰাৱড়ী ৰাঠোড়’, ‘ছন অব ছর্দাৰ’ৰ দৰে ‘দাবাং-২’ও ইতিমধ্যে এশ কৌটিৰ ক্লাবত প্রবেশ কৰিছে ।
প্রিয়ঙ্কা চোপ্ৰা অভিনীত ‘অগ্নিপথ’, ‘বৰফি’, ‘তেৰি মেৰি কাহানী’—তিনিখন ছবি মুক্তি পাইছিল এই বছৰ। ইয়াৰ ভিতৰৰ ‘অগ্নিপথ’ আৰু ‘বৰফি’ আছিল ব্লকবাষ্টাৰ । ‘অগ্নিপথ’ ছবিত প্রিয়ঙ্কাক দেখা গৈছিল এগৰাকী বস্তিত বাস কৰা সাধাৰণ তৰুণী কালীৰ চৰিত্রত । নায়কপ্রধান ছবি হ’লেও ‘অগ্নিপথ’ ছবিত প্রিয়ঙ্কাৰ অভিনয়ৰ প্রশংসা কৰিছে সমালোচকসকলে । ‘তেৰি মেৰি কাহানী’ ফ্লপ হ’লেও ছবিখনত তিনিটা ভিন্ন চৰিত্রত অভিনয় কৰা দেখা গৈছিল প্রিয়ঙ্কাক । আকৌ ‘বৰফি’ত অসাধাৰণ অভিনয়ৰ স্বাক্ষৰ বহন কৰিছে এইগৰাকী অভিনেত্রীয়ে । মাথোঁ গ্লেমাৰাছ চৰিত্রতেই নহয়, ব্যতিক্রমধর্মী চৰিত্রতো দুর্দান্ত অভিনয়ৰে শ্রেষ্ঠত্বৰ প্রমাণ দিব পাৰে প্রিয়ঙ্কাই । ইয়াৰ আগতেও ‘ফেশন’, ‘সাত খুন মাফ’, ‘এতৰাজ’ প্রভৃতি ছবিত প্রিয়ঙ্কাৰ অভিনয় দক্ষতাৰ প্রমাণ পোৱা গৈছে। ‘বৰফি’ত এগৰাকী আৰ্টিষ্টিক তৰুণীৰ চৰিত্রত প্রিয়ঙ্কাৰ হৃদয়স্পর্শী অভিনয়ে সকলোকে আলোড়িত কৰিছে । ছবিখনৰ কেন্দ্রীয় চৰিত্রত অভিনয় কৰিছে ৰণবীৰ কাপুৰে । প্রিয়ঙ্কাই অভিনয় কৰিছিল মূকবধিৰ বৰফিৰূপী ৰণবীৰৰ সংগিনী আৰ্টিষ্টিক তৰুণী ঝিলমিলৰ চৰিত্রত । এনে ধৰণৰ চৰিত্রত বলীউডৰ গ্লেমাৰাছ সুন্দৰী নায়িকাসকলক সচৰাচৰ দেখা নাযায় । ‘বৰফি’ত কৰা অভিনয়ৰ বাবে প্রিয়ঙ্কাই শ্রেষ্ঠ অভিনেত্রীৰ পুৰস্কাৰ পোৱাৰো সম্ভাৱনা আছে ।
কৰিণা কাপুৰক এই বছৰ দেখা গৈছে ‘এক মে অউৰ এক তু’, ‘এজেন্ট বিনোদ’, ‘হিৰোইন’, ‘তালাশ’, ‘দাবাঙ টু’ ছবিকেইখনত । ইয়াৰ ভিতৰত ‘দাবাঙ টু’ত এটা আইটেম ছঙত হে পাৰফর্ম কৰিছে কৰিণাই । কৰিণা অভিনীত ‘এক মে অউৰ এক তু’ আৰু ‘এজেন্ট বিনোদ’এ দর্শকক অলপো প্রভাৱিত কৰা দেখা নগ’ল । ‘হিৰোইন’ ছবিখন আছিল কৰিণাৰ অভিনয় জীৱনৰ এক উল্লেখযোগ্য ঘটনা । ঐশ্বর্য ৰাইয়ে যিটো চৰিত্র ৰূপায়ণ কৰাৰ কথা আছিল পিছলৈ সেই মাহী অৰোৰা নামৰ চৰিত্রটো ৰূপায়ণ কৰাৰ সুযোগ লাভ কৰে কৰিণাই । এগৰাকী জনপ্রিয় শীর্ষ অভিনেত্রীৰ কেৰীয়াৰ আৰু ব্যক্তিগত জীৱনলৈ ধ্বংস নামি অহাৰ ঘটনা তুলি ধৰা হৈছিল ‘হিৰোইন’ ছবিখনত । কৰিণাৰ অভিনয়ে দর্শক-সমালোচকস­কলৰ প্রশংসা অর্জন কৰিলেও বক্স অফিচত প্রত্যাশিত ভাল ফলাফল দেখুৱাব নোৱাৰিলে ছবিখনে । কিন্ত অসম-জীয়ৰী ৰীমা কাগতি পৰিচালিত ‘তালাশ’ নামৰ ছবিখনত এগৰাকী পতিতাৰ চৰিত্রত কৰিণাই বহুত ভাল অভিনয় কৰিছে । ৰোজি নামৰ চৰিত্রটো পর্দাত জীৱন্ত হৈ উঠিছে কৰিণাৰ অনবদ্য অভিনয়ৰে ।
‘তালাশ’ ছবিখনত আন এগৰাকী নাৰী চৰিত্রত ৰাণী মুখার্জীয়েও সুন্দৰ অভিনয় কৰিছে । ইয়াত অভিনয়ক গুৰুত্ব দিয়া দেখা গৈছে ৰাণীক । এই বছৰ ৰাণী অভিনীত আন এখন ছবি ‘আইয়া’ৰে দর্শকসকলক নতুনভাবে আকৃষ্ট কৰিব বিচাৰিলেও ছবিখনৰ বক্স-অফিচ ব্যর্থতাই ৰাণীৰ সকলো পৰিশ্রমকেই যেন মাটি কৰি পেলাইছিল ।
কেটৰিনা কাইফে বছৰৰ আৰম্ভণিতেই ‘অগ্নিপথ’ ছবিত ‘চিকনি চামেলী’ আইটেম ছঙৰে আলোড়ন সৃষ্টি কৰিছিল বলীউডত । এই বছৰ চলমান খান আৰু শ্বাহৰুখ খানৰ বিপৰীতে দুখন দুখনকৈ ব্লকবাষ্টাৰ ছবি ‘এক থা টাইগাৰ’ আৰু ‘জব তক হ্যে জান’ত নায়িকাৰ চৰিত্রত অভিনয় কৰিছে কেটৰিনা কাইফে । একচনপ্রধান ছবিত সাধাৰণতে নায়কসকলকে সকলো একচনৰ কেন্দ্রবিন্দুত থকা দেখা যায়, কিন্ত ‘এক থা টাইগাৰ’ ছবিখনত কেটৰিনাকো বহুকেইটা একচনৰ দৃশ্যত অংশ লোৱা দেখা গৈছিল । হিন্দী চিনেমাৰ ‘কিং অব ৰোমান্স’ হিচাবে খ্যাত প্রয়াত চিত্রনির্মাতা যশ চোপ্ৰাৰ জীৱনৰ শেষ ছবি ‘জব তক হ্যে জান’ত শ্বাহৰুখ খানৰ বিপৰীতে প্রথমবাৰৰ বাবে অভিনয় কৰিছিল কেটৰিনাই । ইয়াত মীৰা নামৰ চৰিত্রটোত নিজেকে উজাৰি দিছিল বলীউডৰ এইগৰাকী জনপ্রিয় অভিনেত্রীয়ে ।
দীর্ঘদিন অভিনয়ৰ পৰা আঁতৰি থকাৰ পিছত এই বছৰেই ‘ইংলিছ ভিংলিছ’ ছবিৰে আকৌ ৰূপালি পর্দালৈ উভতি আহে শ্রীদেৱী । ছবিখনত নিউয়র্ক প্রবাসী এগৰাকী আদহীয়া ভাৰতীয় গৃহিণীৰ চৰিত্রত দেখা গৈছিল শ্রীদেৱীক । যিয়ে ইংৰাজী ভাষা শিক্ষাৰ বিদ্যালয়ত ভর্তি হৈ পৰিয়ালসহ ওচৰৰ সকলোকে আচৰিত কৰি তোলে । ‘ইংলিছ ভিংলিছ’ ছবিখনেৰে বহুতদিনৰ পিছত অভিনয়লৈ উভতি আহি তেওঁ দুর্দান্ত অভিনয়েৰে আলোড়ন সৃষ্টি কৰিছে বুলি ক’ব পৰা যায় । উল্লেখযোগ্য যে ‘ইংলিছ ভিংলিছ’ত শ্রীদেৱীৰ বিপৰীতে অভিনয় কৰিছিল আমাৰ অসমৰেই আদিল হুছেইনে|
‘ককটেইল’ ছবিৰে বহুদিনৰ পিছত সুন্দৰ অভিনয়ৰ প্রদর্শন কৰিছে দীপিকা পাড়ুকনে । এই ছবিখনত কেয়াৰ-ফ্রী স্বভাৱৰ এগৰাকী উচ্ছ্বল তৰুণী হিচাবে নিজৰ অভিনীত চৰিত্রটোক দর্শকৰ কাষলৈ লৈ যাবলৈ সক্ষম হৈছে দীপিকাই । এই ছবিখনৰ যোগেদিয়েই অভিষেক ঘটোৱা আন এগৰাকী নবাগত নায়িকা ডায়েনা পেন্টিৰ অভিনয়েও মুগ্ধ কৰিছিল দর্শকসকলক ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!