২০৩০ৰ পৃথিৱী (ধনজিৎ কুমাৰ শৰ্মা)

 

 

 

 

 

 

‘অ’ বাবা উঠ এ, দিপ্ৰা হলাকহি’ – মাৰ মাতত সাৰ পা‍ই উঠিলোঁ। ৰাতিপুৱা‍ই মতা অভ্যাসটো মাৰ সলনি নহ’ল।
‘সুপ্ৰভাত শৰ্ম্মা ডাঙৰীয়া, বৰ্ত্তমান ভিতৰৰ উষ্ণতা ২০’ আৰু বাহিৰৰ ২২’; পুৱতি নিশাৰে পৰা আপোনাৰ কাম কৰি জানমণি ভাগৰি পৰিছে; কাষৰ কোঠালিতে মা আছে আৰু আপোনাৰ দে‍উতা‍ই পিছপিনে কাম কৰি আছে….দুয়ো এ‍ইমাত্ৰ ব্ৰেকফাষ্ট কৰি উঠিছে; পিছে জানমনিয়ে আপুনি উঠালৈ অপেক্ষা কৰি আছে। আপোনাৰ পত্নী, আড্ৰিয়ানা বৰ্ত্তমান হেলছেংকিত ‘ইউৰেছিয়ান স্পেছ এজেণ্সি’ৰ ‘ৰব’ন’ট-১৩৫’ মিছন কন্ট্ৰ’ল ৰুমত ব্যস্ত… দিনটো আপোনাৰ শুভ হওঁক।’ -কৰ্ণিং ৱাল ডিছপ্লেবোৰত মোৰ ব্যক্ৰিগত ফট’বট ‘জীবনে’ ছবিসহ বৰ্ণনা কৰিব ধৰিলে।

দৌৰাদৌৰিকৈ উঠি মাৰ ওচৰলৈ গলো। কৰ্ণিং ৱাল ডিছপ্লেত মাৰ ফট’বট ‘বৰ্ণালী’য়ে আজিৰ হেল্থ ৰিপোৰ্টখিনি নৰ্মেল দেখুৱালে; তথাপিও ‘ন্যাৰ জ্য’ন হেল্থ নেটৱ’ৰ্ক’ত বৰ্ত্তমান অনলা‍ইন থকা ডাঃ আদিত্য ৰঞ্জন দত্তলৈ আজিৰ ৰিপোৰ্টখিনি পঠাবলৈ বৰ্ণালীক কলোঁ।

‘কি চাহ বনামে? গ্ৰীন না অ’ৰ্থোড’ক্স? নে আজি বেলেগ?’ – মা‍ই সুধিলে।

‘মা, তই জিৰ’ অলপ; আজি তাৰাতাৰি লা‍ইগছি।’

‘এহ, ৰবটসপা‍ই বনা খানা আপিটুই ভাল নাপে, মই বনাও ৰহ!’, মা‍ই ঠে‍হ পাতিলে।

৭৫ বছৰীয়া মাক মই কেনেকৈ ৰান্ধিব দিওঁ? উৰুকা বা বিহু হ’লে বেলগ কথা, আটায়ে মিলিজুলি ৰান্ধো।
‘আজি ক’বাত যাবি নেকি? দেউতা‍য়ো যাবো কবাত?’- এ‍ইবুলি ৰ’দালি চিষ্টেমত জান আৰু মোৰ বাবে ৰাতিপুৱাৰ মেন্যু নাৰিকল চুৰুকা মিহলি টেকেলি পিঠা আৰু সেউজীয়া চাহ পুট কৰিলোঁ। ‘ৰ’দালি কুকিং ৰবট কমপ্লেক্স’টো উদ্ধৱ ভৰালীৰ সৃষ্টি; ২০১৭ চনত প্ৰথমবাৰৰবাবে পৰীক্ষামূলকভাবে ব্যৱহৃত হৈছিল। পিছলৈ আ‍ই.আ‍ই.টি গুৱাহাটী আৰু ‘আৰ্ক উদ্যোগ’ৰ যুটীয়া প্ৰচেষ্টাত ইয়াক আৰু অধিক উন্নতকৰণ কৰা হয়। ‘ভাষা-সাহিত্য সন্মিলনী’য়ে আন বহু কাৰিকৰী ক্ষেত্ৰত অসমীয়া ভাষা প্ৰয়োগৰ এলগ’ৰিথম বনোৱাৰ লগতে ৰ’দালি কমপ্লেক্সটো বনাই – যাৰ বাবেই মা-দেউতাৰ দৰে হেজাৰ হেজাৰ অসমীয়া মানুহৰ বাবে চিষ্টেমটো সুবিধাজনক হৈ উঠিছে।

‘এহ, দেউতাৰেৰ কথা নকবি আৰু…. পিছপিনে লা‍উপুলি কে‍ইটামান ৰু‍ইছলু, তাতে পানী দি আছে বোধহয়। …কবাক যাবা লাগা থা‍ইকলি তা‍ই সনকালে উ‍ইঠবা নৰা!?! এ‍ই জানটুয়ো তই নুঠাকে ভাত-পানী আকো নাখে!’, মা‍ই ক’লে।

জানমণি – মোৰ একমাত্ৰ ছোৱালী, পোন্ধৰ বছৰ বয়সতে তা‍ই দেউতাকৰ ইমান কাম চম্ভালিব পৰা হৈছে; এজন গোৰৱান্বিত পিতৃ মই। তা‍ই এজনী ভাস্কৰ্য্যবিদ। যোৱামাহত দুবাৰো বৃহস্পতিৰ উপগ্ৰহ, ‘ইউৰোপা’লৈ গৈছে- ভাৰত আৰু চীনৰ ‘আ‍ইছ মন্যুমেণ্ট’ যুতীয়া টুৰিজম প্ৰজেক্ট এটাৰ ‘জুনিয়ৰ এলাগেণ্স এডভা‍ইছ’ৰ’ তা‍ই; নিজৰ গৱেষণা স্বত্তেও তা‍ই মোৰ সহকৰী হিচাপে কাম কৰি ভাল পায়।

‘অ’ জান, কি ক’ৰি আছা অ’?’ – এ‍ইবুলি ব্ৰেকফাষ্টৰ সৈতে লেবত পাছৱ’ৰ্ড মাৰি সোমালোঁ।

‘অ’ দেউতা উ‍ইথলি?’ -মায়ে কিছু নলবেৰীয়া শিকা‍ইছে তা‍ইক; তাই মাক ‘আবু’ বুলি মাতিলে বৰ ভাল শুনি। তা‍ইৰ জন্মৰ এবছৰ পিছতে ছাৰ্ক চৰকাৰে মোক ‘ব্ৰহ্মন’ট’ হিচাপে ‘স্পেছ মা‍ইনিং’ মিছনত ‘ৰিয়ানাক্সি গ্ৰহাণুপুঞ্জ’লৈ পঠা‍ইছিল। ৰিয়ানাক্সিত মই তিনিবছৰ কটোৱা বাবে মাক আৰু মাহীয়েকৰ লগত ডাঙৰ হোৱা তা‍ইৰ মাতৃভাষা আ‍ইৰিছ হৈ পৰিছিল। ২০২০ চনৰ পৰা শিক্ষাৰ বাবে ‘এচপাৰেণ্ট’ক বিশ্বভাষাৰুপে মানি লোৱাৰ বাবে সমগ্ৰ মানৱজাতীয়ে শিক্ষা আৰু কৰ্মক্ষেত্ৰত প্ৰধানতঃ এচপাৰেণ্ট‍’ই ব্যৱহাৰ কৰিবলৈ লয়; তায়ো এচপাৰেণ্ট’তে শিক্ষিত। তথাপি আমি ঘৰত অসমীয়া, আইৰিছ, এচপাৰেণ্ট‍’ আৰু ইংৰাজী আটা‍ইবোৰ ব্যৱহাৰ কৰোঁ। মা-দেউতাৰ পৰা তা‍ই অসমীয়া শিকিছে, একেবাৰে খাটি নলবৰীয়া ঠাঁচত; আ‍ইৰিছ সুৰৰ নলবৰীয়া- শুনিলে শুনিয়ে‍ই থাকিবৰ মনি যায়।
ব্ৰেকফাষ্টখিনি টেবুলত থৈ তা‍ইক এবাৰ সাৱটি ধৰিলোঁ- ‘মোৰ জান কিয় ইমান দেৰীলৈ ব্ৰেকফাষ্ট কৰা না‍ই?’

‘তই নহকে খাবা ভাল নাপাওঁ মই, আতা-আবুৰ লগত অলপ খা‍ইছু তথাপিও’, নাৰিকল চুৰুকাৰে বনোৱা টেকেলী পিঠা খা‍ই খা‍ই তা‍ই ক’বলৈ ধৰিলে, ‘মিছনৰ প্ৰায় চ’ব বস্তু মই ৰেডি কৰি ঠৈছোঁ। গোটাইখিনি কথা জীবনক শিকে দিছু,… লিখেনষ্টা‍ইনৰ ডাৰ্ক এনাৰ্জি প্লেণ্টত কিছু সমস্যা হৈছি… তোক বিছৰি দুবাৰো ৩ডিঅ’ত মেছেজ আ‍ইছি…. মা‍য়ো ৰাতিপুৱা‍ই ৩ডিঅ’ত আইছিল….’

‘ঠিক আছে মই চা‍ই আছোঁ। পিছে তুমি আজি ক’ত যাবা জান? যোৱা শুক্ৰবাৰে ‘ডবং-১৬’ ৰিলিজ হৈছে, জ্যোতিৰূপাহঁতৰ লগত এবাৰ চা‍ই আহিব পৰা।’, মই ক’লো।

‘দেউতা, ছলমান বুঢ়াৰ অভং নাচ ভাল নাপাওঁ মই! তালুকদাৰ বৰদে‍উতা‍ৰ তালৈ যাম বুলি ভাইবছু।’, জানে প্ৰায় চিঞৰি ক’লে।

এৰা, ঠিকে‍ই কৈছে তা‍ই; ডাঃ তালুকদাৰ আৰু তেওঁৰ গ্ৰুপটোক ‘হ্যুম্যেন থ’ট এনক্ৰিপশ্বন চিষ্টেম’ ইমপ্লেণ্টৰ বাবে এ‍ই বছৰৰ চিকিৎসা বিজ্ঞানৰ নবেল দিয়া হৈছে- অসমলৈ এয়া অষ্টম নবেল। সময়ৰ অভাৱৰ বাবে তেখেতক কেবামাহো বাস্তৱত লগ কৰা হোৱা না‍ই; তা‍য়ে এবাৰ যাওঁক। ‘অ’ই অ’ই জান, ঠিক আছে বাৰু; পিছে যোৱা এতিয়া অলপ জিৰণি লোৱা’।

জানৰ লগত দু‍ই এটা কথা পাতি মই T3DIO ত সোমালোঁ। ৰেটিনা স্কেন অথেণ্টিকেশ্বনৰ পিছত বাৰ্তাবোৰ এটা এটাকৈ স্ক্ৰীণত ভাঁহি উঠিল – ‘লিখেনষ্টা‍ইন ডাৰ্ক এনাৰ্জি প্লেণ্টত ইভেণ্ট কাৰ্ভেচাৰ সমস্যা’, ‘১৭:৫৬ বজাত মিছন ৰিমা‍ইণ্ডাৰ’, ‘৩১ জানুৱাৰীত আড্ৰিয়ানা আহি আছে’, ‘বিশ্ব ফট’কন এ‍ইবাৰ শ্বিলংত’ …. … ..

T3DIO (Teleported 3D Image Office) –ঠিক আমাৰ পূৰণি PCO টোৰ দৰে‍ই, পিছে ইয়াৰ ভিতৰত সম্পূৰ্ণ ভাৰ্ছুৱেল পাৰিপাৰ্শ্বিক; লগতে ই Solar System Hyper Teleportation Network ৰ দ্বাৰা গোটে‍ই সৌৰজগততে বিষ্টৃত। T3DIO (3ডিঅ’- থ্ৰিডিঅ’ বুলি কওঁ) আজিকালি প্ৰতিঘৰে ঘৰে। দূৰণিত থাকিও ইয়াৰ সহায়ত নিজৰ ‘লা‍ইভ 3D ইমেজ’ পঠিয়াই শিক্ষা, কৰ্মক্ষেত্ৰ, পৰিয়াল বা বন্ধুবৰ্গৰ পাৰ্টী সকলোতে অংশগ্ৰহণ কৰিব পাৰি।

২০১৯ চনত ছাৰ্ণত ‘কোৱাণ্টাম মহাকৰ্ষণ’ সূত্ৰৰ আৱিষ্কাৰে যেন সমগ্ৰ মানৱ সভ্যতাকে সলনি কৰি পেলালে। আৰু তাৰ ভিত্তিত গঢ়ি উঠা বিভিন্ন প্ৰযুক্তি যেনে: মহাকাশৰ পৰা ‘কৃষ্ণ শক্তি’ৰ আমাদানি আৰু ‘কৃত্তিম কৃষ্ণ গহ্বৰ’ৰ সৃষ্টিৰ ক্ষমতা‍ই বিশ্বৰ শক্তিখণ্ডক ন-ৰূপ দিলে। তাৰে‍ই অৱদান ‘ডাৰ্ক এনাৰ্জি প্লেণ্ট’ – বিশ্বৰ প্ৰায় ৭০% শক্তি আজি ডাৰ্ক এনাৰ্জি প্লেণ্টসমূহে যোগান ধৰি আছে। সুলভ মূল্যৰ ইন্ধণৰ প্ৰাচুৰ্য্যতা, স্পেছ ডা‍ইমণ্ড আৰু হিলিয়াম-৩ মা‍ইনিং, স্পেছ টুৰিজম আদিয়ে বিশ্ব অৰ্থনীতিৰ ৩৬০’ পৰিবৰ্ত্তন আনিলে – যিটো হয়টো শতিকাৰ আৰাম্ভনিৰ মহান অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনৰো কল্পনাৰ বাহিৰত আছিল। কথাবোৰ ভাবিলে সপোনৰ গ্ৰহত থকা যেন লাগে – সৌ সিদিনা একাঠু বোকা খঁচি আহি এম.জি ৰেলত উঠি জেঠীমাহঁতৰ ঘৰলৈ গৈছিলোঁ, আজি একে‍ই ৰাস্তাৰেই ‘মেগ-লেভ’ ৰেলত ভতীজীজনী আহি আছে। সঁচাকৈয়ে আমাৰ এ‍ই দ্ৰুত উন্নয়ন ‘প্ৰকৃতিৰ সঠিক জ্ঞান’, ‘সত্য সন্ধান’ আৰু ‘সুপৰিকল্পনা’ৰ বাবেহে সম্ভৱ হৈছে।
.
.
.
.
‘লিখেনষ্টা‍ইন ডাৰ্ক এনাৰ্জি প্লেণ্ট’ৰ লগত যোগাযোগ স্থাপন কৰিলোঁ- দায়ীত্বত থকা ডঃ আকিতা টাকাহাছিয়ে মোক স্বাগতম জনালে। প্লেণ্টৰ ‘Extra-Dimensional Virtual Schematic Room’ ত সোমালোঁ। যোৱাৰাতিৰ ছিমুলেশ্ব্যনবোৰ চা‍ই বুজিলো: অষ্টম মাত্ৰাৰে অহা 1D কৃত্তিম ষ্টীং কিছুমানৰ লগত ‘এণ্ড্ৰ’মেডা তাৰকাপুঞ্জ’ৰ ‘কেন্দ্ৰীয় কৃষ্ণ গহ্বৰ’টোৰ ‘গ্ৰেভিটনে’ বক্ৰৰ সৃষ্টি কৰিছে; সমস্যাটো বুজি পালোঁ – পিছে বহুমাত্ৰাৰ গাণিতিক বিশ্লেষণ মোৰ সাধ্যৰ বাহিৰত। প্ৰখ্যাত গণিতজ্ঞ বন্ধুবৰ পজ্যোমলৈ বাৰ্তা পঠালোঁ, তেখেত বৰ্ত্তমান কা‍ইষ্ট (KAIST)ৰ প্ৰেফেচ’ৰ।
.
.
.
.
৩ডিঅ’ত আগন্তুকৰ সংকেট বাজি উঠিল, পজ্যোম আহিছে… আমাৰ (আচলতে মোৰ) লেকচাৰ আৰাম্ভ হ’ল। আজি ষোল্ল বছৰে আমি বিভিন্ন কাম একেলগে কৰি আহিছোঁ, ইমান শান্ত মানুহজনে মই মুখফটাটোৰ লেকচাৰবোৰ কেনেকৈ সহি থাকে বাৰু?!

‘কুনি আইছি এ বাবা? ৰহ, চাহ নখাকে যাবা নে‍ইদবি।’ – মা‍ই সুধিলে।

ওফফ, এ‍ই জানটোয়ো দৰ্জাখন আধা খোলাকৈ গৈছে…. মই মাক কিবা ক’বলৈ খোজতে‍ই জানমণিয়ে মাত দিলে – ‘কুনিও নহয় দে আবু; ৩ডিঅ’ত দেউতা‍ই কথা পাতি আছে…..’

…পজ্যোমৰ সহায়ত গাণিতিক সমস্যাখিনি সমাধানৰ পিছত আলোচনা সামৰি কৰিবলগীয়া ‘ইভেণ্ট কাৰ্ভেচাৰ ৰিট্ৰেন্সফৰ্মেশ্বন মডেলিং’ এটা বনা‍ই ডাৰ্ক মেটাৰ প্লেণ্টৰ উপদেষ্টা সমিতিত আপলোড কৰিলোঁ।

ইমানখিনি কৰালৈ দুপৰিয়া এক বাজিল। জীবনক সোধতে দেউতা বাৰাণ্ডাতে বহি থকা বুলি ক’লে। সকলোবোৰ সামৰি থৈ দেউতাৰ ওচৰলৈ গলোঁ।
‘অ’ তই ঘৰতে আছ বাবা?’ – দেউতা‍ই সুধিলে।

‘ভাঠিবেলা গৈ আছো দেউতা, মালদ্বীপলৈ; তাৰ পিছত ছ্য়টা বাজাত ‘মহাকাশ লিফ্টে’ৰে ‘প্লেটফ’ম-৭’ ক লগি যাম; মিছন আছে আমাৰ।’

‘এক জানুৱাৰীক লগি আহি পাবি না? মায়েৰে মহাভৈৰৱক যাওঁ যাওঁ কে আছে…’, দেউতা‍ই সুধিলে।

‘তাৰ আগতে আহিম দেউতা, আড্ৰিয়ানাও ৩১ তাৰিখে আ‍ইহবো।’

‘হ’ব দে নতুন বছৰত গটাগেটা আকালগে যাম… আৰু শুন তই সাৱধানে যাবি।’, দেউতা‍ই ক’লে।

‘হ’ব দেউতা।’, নিতৌ পৰ্য্যাপ্ত পৰিশ্ৰম কৰা দেউতাৰ কোনো শাৰীৰিক সমস্যা না‍ই, তথাপিও দেউতাৰ ফট’বট ‘ৰনজিতে’ তথ্যবোৰ মাজে মাজে দেখুৱা‍ই।

দুপৰিয়াৰ আহাৰ প্ৰস্তুত হোৱা বুলি জীৱনে জনালে। সময়ো কম আছে, দোৰাদৌৰিকৈ গৈ গাটো ধূ‍ই আহিলোঁ। ঘৰৰ পানীৰ নলী, বিজুলী, ‘হা‍ইপাৰ-টেলি নেটৱাৰ্ক’ আৰু চাৰিওপিনৰ সুৰক্ষাজনিত যন্ত্ৰপাতিবোৰৰ ছিকিউৰিটি স্কেন এটা কৰিবলৈ জীবনক নিৰ্দ্দেশ দি আটায়েৰ লগত দুপৰিয়াৰ আহাৰ খাবলৈ বহিলোঁ।

খোৱা শেষ কৰি সম্মুখৰ ঘাহনিদৰাত দু‍ই মিনিট খোজ কঢ়া হ’লত- জীবনে আহি ছিকিউৰিটি স্কেন ৰিপোৰ্টটো দেখুৱালে: …বাৰিৰ পিছপিনৰ ‘টাকিয়ন ৱেভ ডিটেক্টৰ-এফ’ টোৰ ফ্যুৱেল চেলত কিছু সমস্যা হৈছে…ভালদৰে‍ই কাম কৰি আছে যদিও যিকোনো সময়তে বিকল হ’ব পাৰে। বাকী সকলো ঠিক ঠাক।
সময়ৰ অভাৱৰ বাবে মই চাব নোৱাৰিম, জানকে সময় সুবিধা মিলা‍ই নিউক্লিয়াৰ ইঞ্জিনিয়াৰ এজনক খবৰ কৰিবলৈ ক’লো। স্কেন ৰিপোৰ্টখিনি জানে তা‍ইৰ ফট’বট ‘দ্য ভিন্সি’ক জীবনৰ পৰা কপি কৰি ল’বলৈ ক’লে।

নবৌৱে দি থৈ যোৱা চুঙা পিঠা কে‍ইডোখোৰমান মা‍ই বান্ধি দিলে। আজিকালি মিছনলৈ গ’লে কোনেও ভয় নকৰে… উন্নয়ন আৰু মহাকাশ অভিযানক সকলোৱে হাঁহিমুখে আকোঁৱালি লৈছে।
লেবলৈ গৈ মই শেষ প্ৰস্তুতি কৰিলোঁ, মহাকাশত কৰিবলগীয়া দুটামান সৰু পৰীক্ষাৰ লগতে পেছিফিক চৰকাৰৰ গুৰু দায়ীত্বখিনি আকৌ এবাৰ বুজি ললোঁ। জানমণিয়ে জীবনক দিয়া সকলো তথ্য পৰীক্ষা কৰিলোঁ- এয়া তা‍ই মোৰ ছটা মিছনৰ প্ৰস্তুতি কৰিলে, ইমান কম বয়সতে তা‍ই ইমান গধূৰ দায়িত্ব ল’ব পৰা হ’ল; তা‍ইৰ বযসত মই বাঁহী বা‍ই, চৰা‍ই বিচাৰি ঘুৰি ফুৰিছিলোঁ।

সকলো সুন্দৰ, তথাপিও জীবনক প্ৰতি-মহাকৰ্ষণ সম্পৰ্কীয় কে‍ইটিমান টান প্ৰশ্ন কৰিলোঁ। বঢ়িয়া, সি প্ৰস্তুত। তাক গাড়ীখন উলিয়াব ইংগিত দি মই লেবৰ পৰা ওলালোঁ। ‘গগন’ (ভাৰতীয জি.পি.এছ) অট’পা‍ইলট ত চলিত ‘টেছলা-এক্স২০’ ইলেক্ট্ৰিক কাৰখন যথা সময়ত সম্মুখত ৰ’লহি। মা দেউতাক সেৱা কৰি বেগটো লৈ গাড়ীত উঠিলোঁ, জানমণিও যাব বৰঝাৰ বিমান বন্দৰলৈ।

আবেলি ৩:৩০ বজাত মালদ্বীপলৈ মোৰ ভা‍ইপাৰ বিমান আছে। মালদ্বীপৰ পৰা ‘স্পেছ লিফ্টে’ৰে ‘আন্তঃৰাষ্ট্ৰীয় মহাকাশ প্লেটফৰ্ম নং-৭’লৈ গৈ তাত নিউজিলেণ্ড, মাডাগাস্কাৰ, কোষ্টা ৰিকা আৰু পেৰুৰ আন মহাকাশচাৰী সকলক লগ ধৰিম।

‘অচিনা দেশতে আছিলা তুমি…দূৰণিত আছিলে কোনোবা যে ৰৈ….’ জানে জুবিনৰ বহু পুৰণি গীত এটাকে লগা‍ই দিলে। হাঃ হাঃ একেটা গানকে ৰিপিটা‍ই শুনা জীনটো তা‍ই মোৰে‍ই পা‍ইছে। গানটো শুনি আনা (অড্ৰিয়ানা)লৈ মনত পৰি গ’ল – বৰঝাৰ বিমান বন্দৰলৈ তা‍ইক নিবলৈ আহোতে গোটে‍ই ৰাস্তাতে কম শুনিছিলোঁনে এ‍ই গানটো! আহ, নিজে ড্ৰা‍ইভিং কৰি তেনে গান শুনাৰ মজা‍ই বেলেগ আছিল!! এতিয়া অট’পা‍ইলটৰ যুগত তেনে অনুভৱ কেনেকৈ আহিব; সকলোবোৰ যে উপগ্ৰহৰদ্বাৰা নিয়ন্ত্ৰিত (আকৌ দুৰ্ঘটনাও না‍ই পিছে)। ৰন্ধ্ৰে ৰন্ধ্ৰে উপলব্ধি কৰিছিলো গানটোৰ অৰ্থ! সঁচাকৈয়ে প্ৰযুক্তিয়ে মানুহৰ মাজত দুৰত্ব কমা‍ই আনিলে। আজি হেলছেংকিত আছে তা‍ই, তথাপি পুৱা-গধূলি ৩ডিঅ’ ৰে আহিবই, নাহিলে‍ই যে মা‍ই হাহাকাৰ লগা‍ই; মানে আজিও ‘আ‍ইৰিছ বৰী’ৰ নামত পাগল। তায়ো সকলো সময়তে ইয়াতে‍ই থাকিব বিচাৰে, মা-দেউতা আৰু জানৰ লগত। বহু প্ৰতিভাবান তা‍ই- যোৱাবাৰ ‘পিকো-কণ্ট্ৰ’লাৰ’ৰ সফল পৰীক্ষাৰ বাবে বহুকে‍ইটা বটা পা‍ইছে। এতিয়া ৰবন’টবোৰক প্লাংক দৈৰ্ঘ্য (১০^-৩৪ মিটাৰ)ৰ ‘একমাত্ৰিক সূক্ষ্মাতিসূক্ষ্ম সূতা’লৈ ৰূপান্তৰ (ফা‍ইন-ষ্ট্ৰীং এনালা‍ইছিছ) কৰি আছে; ইউৰেছিয়ান স্পেছ এজেন্সিয়ে ‘অতিৰিক্ত-মাত্ৰাৰ পথে’ৰে ‘লাৰ্জ মেগেলাণ্টিক ক্লাউড’ তাৰপাকুঞ্জলৈ ৰবন’ট মিছনৰ বাবে যো যা চলা‍ই আছে।

‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ’ পালোহি। জানক এৰি যাবলৈ বৰ বেয়া লাগে; কেতিয়াবা তা‍ই আকৌ অকমাণি জনী হৈ পৰে। চকু চলচলীয়া হোৱাৰ আগতে তা‍ইক বিদায় দি মই টাৰ্মিনেল-২৫ ত সোমালোঁ। ছেঞ্জিং ৰূমলৈ গৈ ‘ফ্লা‍ইট চ্যুট’ পিন্ধি আহি প্ৰয়োজনীয় সুৰক্ষাৰ কামখিনি সমাপ্ত কৰিলোঁ; এতিয়াও পাচমিনিটমান বাকী আছে। মোৰ ব্যক্তিগত বিমান ‘ভা‍ইপাৰ-z’ খন যথাস্থানত থকা দেখিলোঁ। ‘স্পেছ ডে‍ইলি’ কাকতখন পঢ়িব ললোঁ: ‘ইৰাণৰ কৃষ্ণ গহ্বৰ দখলৰ ওপৰত আমেৰিকাৰ হস্তক্ষেপ’, ‘উত্তৰ কোৰিয়া‍ই ফোবছত এন্টি-মেটাৰ বোমা পৰীক্ষাৰ প্ৰস্তুতি চলা‍ইছে’, ‘ইউৰোপাত মাছ ধৰাটো বে আ‍ইনী ঘোষনা কৰিছে বিশ্বসংঘই’… লিখেনষ্টা‍ইনৰ খবৰটো‍ও আহিছে…

কিছুসময়ৰ পিছতে জীৱনলৈ ক্লিয়াৰেন্স ন’টিফিকেশ্বন আহিল।যথাসময়ত ককপিটত উঠিলোঁ, ”ব’নফেনন ছিনিয়’ৰো… হেভু ব’নান ফ্লুটো…” ভা‍ইপাৰ-z এ এচপাৰেণ্ট‍’ত মোক স্বাগতম জনালে লগতে নিয়মবোৰ ক’বলৈ ধৰিলে। (ফ্লা‍ইটৰ নিয়ম বৰ্ণনাবোৰে আমুৱা‍ই আৰু দেই!) ভৰি, কঁকাল আৰু কান্ধৰ (চীট) গ্ৰীপবোৰ লাহেকৈ লাগি ধৰিল। এক মিনিট সময় চকু মুদি নিজকে শান্ত কৰিলোঁ।

‘ডাংকোন… লি ফ্লুটাছ’ – ধন্যবাদ দি উৰণ আৰাম্ভ কৰিবলৈ অনুমতি দিলোঁ।
কিছুসময়ৰ ভিতৰতে ভা‍ইপাৰে উলম্ব উৰণ (ভাৰ্টিকেল টেক অফ) আৰাম্ভ কৰিলে।
মেক-৪ বা শব্দৰ চাৰিগুণ বেগ (প্ৰায় ৪৯০০ কিঃমিঃ প্ৰতি ঘণ্টা)ত যোৱা মোৰ ভা‍ইপাৰ বিমানখনে এঘণ্টা নহৌতে‍ই ‘গ্ৰাউণ্ড ষ্টেছন-৭’ পোৱালে।… মালদ্বীপৰ হুভাধু আট’ল আৰু আদ্দু আট’ল দ্বীপদুটাৰ মাজৰ লাক্ষাদ্বীপ সাগৰত ‘গ্ৰাউণ্ড ষ্টেছন-৭’ অৱস্থিত – সাধাৰণ ভাষাত সাগৰত ওপঙি থকা ই এখন ‘প্ৰকাণ্ড স্থবিৰ জাহাজ’, য’ত ‘মহাকাশ লিফ্ট কমপ্লেক্স’, ‘শূণ্য-মহাকৰ্ষণ প্ৰশিক্ষন আৰু স্বাস্থ্য পৰীক্ষণ ব্যৱস্থা’ আৰু ব্যক্তিগত বিমান উৰণ-অবতৰনৰ বাবে ‘এয়াৰ-ফিল্ড’ এখন আছে।

মোৰ ‘মহাকাশ লিফ্ট’ নম্বৰ E২৩৭ (ইতিহাসৰ ৰকেট উৎক্ষেপনৰ লগত ভুল নকৰিব ৰাইজ; ই তীব্ৰবেগী মহাকাশ লিফ্টহে, যিখন কৰ্বন-নেন’টিউবৰ কেব’লেৰে ওপৰলৈ উঠে)। আমি আগতে মহাকাশলৈ যোৱা যাত্ৰীসকলে যাত্ৰাৰ এঘণ্টা আগতে গ্ৰাউণ্ড ষ্টেছন পাবই লাগিব। নূণ্যতম ১৫ মিনিটৰ বাবে আমাক ‘শূণ্য-মহাকৰ্ষণ পাৰিপাৰ্শ্বিক’ত ৰখা হয়; পিছে নতুন মহাকাশ যাত্ৰীসকলৰ বাবে এনে প্ৰশিক্ষন দীঘলীয়া, যিটো মিছনৰ উদ্দেশ্য আৰু তাৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ পূৰ্বৰ ‘মহাকাশ কাল’ ৩৪,০২০ ঘণ্টা আৰু শেহৰটো যাত্ৰা যোৱা ৭১ দিনৰ ভিতৰতে আছিল, গতিকে নূণ্যতম ১৫ মিনিট মোৰ প্ৰশিক্ষন সময়।

‘মহাকাশ প্লেটফৰ্ম’ কে‍ইখন ভূপৃষ্ঠৰ পৰা ৩৬,০০০ কিঃমিঃ ৰ পৰা ১২৭,০০০ কিঃমিঃ উচ্চতাত অৱস্থিত। ২০২১ চনত ‘মা‍ইক্ৰ’নেছিয়া’ত প্ৰথমটো ‘মহাকাশ লিফ্ট’ প্ৰজেক্ট কাৰ্য্যক্ষম হয়। অতি উচ্চ শক্তিসম্পন্ন মূল কেব’লডাল ‘কৰ্বন-নেন’টিউবে’ৰে নিৰ্মিত – যাক আবৰি আছে চিৰ ঘূৰ্ণীয়মান ‘মাৰ্কিউৰি থেলিয়াম বেৰিয়াম কেলছিয়াম কপাৰ অক্সা‍ইড’ আৰু ‘ছুপাৰ-ফেৰ ফ্লুইড’ৰ প্ৰলেপ, যিয়ে সৃষ্টি কৰা ‘প্ৰতি-মহাকৰ্ষণ পৰিঘটনা‍’ই কেব’লডালৰ ওজনক প্ৰশমিত কৰে। পিছৰ দুবছৰত আৰু আঠটা মহাকাশ লিফ্ট প্ৰজেক্ট ক্ৰমে মালদ্বীপ, সুমত্ৰা, হাৱলেণ্ড দ্বীপ, জাৰ্ভিয়াছ দ্বীপ, গালাপাগ’জ দ্বীপ, বেল্য’ম, চ্যাও’ পেড্ৰ’ আৰু চ্যাও’ ট’মেত সম্পূৰ্ণ হৈ উঠে।
.
.
.
আস, দুমাহৰ মুৰত শূণ্য-মহাকৰ্ষণত আহিছো! জীৱনত প্ৰথমবাৰ শূণ্য-মহাকৰ্ষণৰ পাৰিপাৰ্শ্বিকত আহিছিলো মস্কোত- ‘ৰুছকছমোছ’ৰ ব্যৱস্থাত একেৰাহে এঘাৰ মাহ ‘শূণ্য-মহাকৰ্ষণ’ত প্ৰশিক্ষন লৈছিলোঁ; পিছলৈ ‘আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান’ত, বাংগালোৰত, বে‍ইজিংত, ৰিয়ানাক্সি মিছনত… আৰু কত ঠা‍ইত… একে‍ই অনুভৱ, শূণ্য-মহাকৰ্ষণত মই যেন নিজৰ অস্তিত্ব বিচাৰি পাওঁ, আচলতে ই মোৰ বাবে ‘অন্য এক পৃথিৱী’… এনেবোৰ ভাবি থাকোতে ১৫ মিনিট কেনেকৈ পাৰ হ’ল মনে‍ই নকৰিলোঁ।

স্বাস্থ্য পৰীক্ষাৰ পিছত যথাসময়ত লিফ্ট কমপ্লেক্সলৈ মোক লৈ যোৱা হ’ল। ওৱা, মোৰ কাষৰ আসনত এহাল যুবক-যুবতী। কথা পাতি গম পালোঁ, তেওঁলোক নববিবাহিত আৰু হানিমুনত আহিছে ‘ভ্যাৰ্জিন স্পেছ হোটেল’লৈ। দুয়োকে শুভেচ্ছা জনা‍ই মই প্ৰস্তুত হ’লো মোৰ ৩৭ নং মহাকাশ যাত্ৰাত…

—————-০০০—————–

বি: দ্ৰ: ‘ভৌতিক ভৰ’ৰ টা‍ইম ট্ৰেভেল এতিয়ালৈ সম্ভৱ হৈ উঠা নাই (বা তাত্বিকভাবে অসম্ভৱ) যদিও কেতিয়াবা কিছুমান ‘ইন্টাৰ-গেলাক্টিক ক্লাউড কম্পুটিং অৰ্কা‍ইভ’ৰ ষ্ট্ৰীং বহুমাত্ৰাত বক্ৰ হোৱা বাবে তথ্য কিছুমান অতীতৰ কোনো মাত্ৰালৈ লীক হ’ব পাৰে, গতিকে অতীতৰ পঢ়ুৱৈ সকলৰ বাবে দুটামান টোকা দিলোঃ

ফট’বট: বা ফ’ট’নিক ৰবট – যিকোনো আকাৰৰ ই এক দ্বীমাত্ৰিক বা ত্ৰিমাত্ৰিক ‘ইন্ফ’ ফ’ট’নিক্স ভাৰ্চ্যুৱেল ৰ’বট’। ২০২৩ চনত প্ৰথমে ‘আপেলে’ উলিয়া‍ইছিল। এতিয়া মিটচ্যুবুছি, হ’ণ্ডা, ইনফ’ছিছ আৰু আন বহু কোম্পানীয়ে বনা‍ই।

মহাকাশ লিফ্ট: ইয়াক পুৰণি স্পেছ লিফ্ট বা স্পেছ এলিভেটৰ ধাৰণাৰ ওপৰতে বনোৱা হৈছে যদিও ‘প্ৰতি মহাকৰ্ষণে’ (এণ্টি গ্ৰেভিটি)হে ইয়াক বস্তৱত ৰূপায়িত কৰে।

মাৰ্কিউৰি থেলিয়াম বেৰিয়াম কেলছিয়াম কপাৰ অক্সা‍ইড: Hg12Tl3Ba30Ca30Cu45O125

কিছুমান নলবেৰীয়া শব্দ: দিপ্ৰা – দুপৰিয়া, আবু- আ‍ইতা, আতা- ককা , বৰী – বোৱাৰী, আপি- ছোৱালী

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!