ৰঙালী বিহু আৰু চেৰীব্লজমৰ অনুভৱ (তিৰুজ্যোতি বৰা দাস)

অতিকৈ চেনেহৰ    মুগাৰে মহুৰা

তাতোকৈ চেনেহৰ মাকো

তাতোকৈ চেনেহৰ   ব’হাগৰ বিহুটি

নাপাতি কেনেকৈ থাকোঁ

 

সেউজীপাৰৰ কথাৰে:

বিহু বুলিলেই মনটো উৰা মাৰে  আমাৰ সৰু গাঁওখনৰ সেউজীয়া চুবুৰীটোলৈ- সেউজীপাৰ, নামেই যেন কৈ যায় কিমান ধুনীয়া সেই ঠাই! বিহুৰ এমাহমান আগৰ পৰাই উখল মাখল পৰিবেশ। কুলি কেতেকীৰ মাত, ৰাতি ৰাতি ঢোল, পেঁপা, গগনাৰ মাত। সেইয়া বিহুৰ আখৰা। স্কুলত পঢ়ি থাকোঁতে আমিও আবেলি আবেলি গৈছিলোঁ সেই আখৰালৈ। প্ৰতিঘৰৰ পৰা এজনকৈ সদস্য গাঁৱৰ বিহুদলত হুঁচৰি মাৰিবলৈ যোৱাটো বাধ্যতামূলক আছিল। কাৰ ঘৰত কপৌফুল ফুলিছে সেইয়া আছিল নখদর্পণত,  বিহু মাৰিবলৈ যাওঁতে খোপাত মৰা কপৌফুল পাহি ৰাতি  ঘৰত আহি  গিলাচত পানী ভৰাই তাতে গুড়িটো ডুবাই ৰাখিছিলোঁ। দিনৰ ৰ’দত খোপাৰ কপৌফুল শুকাই গ’লে মনত বেজাৰ লাগিছিল। মায়ে, বৌয়ে পাচিয়ে পাচিয়ে পিঠা পুৰিছিল। পিঠা পোৰাত সহায় কৰি দিছিল দেউতাইও। যোৰে যোৰে আহিছিল হুচৰিৰ দল। আগৰ ঘৰত হুচৰি মৰা শুনিলেই আমি চাহ তপতাইছিলোঁ, জলপান সাজু কৰি ৰাখিছিলো বিহু দলৰ বাবে। মায়ে বাকচৰ পৰা চেলেং চাদৰ, গামোচা,পান তামোল আৰু মাননিৰে সজাই ৰাখিছিল শৰাই। দাদাহঁত ভাগে ভাগে গৈছিল বিহু মাৰিবলৈ। সৰু বিহুদলৰ নাচনীবোৰে কেতিয়াবা আমাৰ তগৰজোপাৰ তগৰবোৰ চিঙি নেফা নেফ কৰিছিল। মন গধুৰ হৈ থাকিছিল সেইদিনা। উৰুকাৰ দিনা দেউতা,দাদাই কৰা বিহুৰ বজাৰৰ টোপোলা খুলিবলৈ বাউলী হৈ পৰিছিলোঁ। ভিনদেউ আহিলে মনে মনে বেগ খুচৰি  চাইছিলোঁ, কি কি বা আহিছে বাইদেউৰ ঘৰৰ পৰা। বিহু মানেই উলাহ, বিহু মানেই হাঁহি আৰু হাঁহি। বিহুৰ কেইদিনত গোটেই সেউজীপাৰখনেই  তগৰফুলৰ দৰে গোন্ধাইছিল। আজিও সাত সাগৰ তেৰ নদীৰ এইপাৰে আমেৰিকাত বিহু বুলিলেই মোৰ তগৰফুলৰ গোন্ধটো নাকত লাগি আহে।

বসন্ত উৎসৱ চেৰী ব্লজম:

বসন্তত আমাৰ অসমত ৰঙালী বিহু পালন কৰাৰ দৰেই এই দেশতো উদযাপন কৰা হয় চেৰী ব্লজম। ঠিক মানুহে সৃষ্টি কৰা উৎসৱ নহয়, প্ৰকৃতিয়ে নিজ হাতেৰে গঢ় দিয়ে এই উৎসৱ। চাৰি পাঁচমাহ বৰফেৰে ঢাকি ৰখা বননিৰ সেউজখিনি আকৌ পোহৰ হৈ উঠে বসন্ততেই। বসন্ত অহাৰ লগে লগেই গছবোৰত কুঁহিপাতে দেখা দিয়ে। মেগনলিয়া, এজেলীয়া, হাইড্ৰজিয়া, টিউলিপ, চেৰীফুলেৰে জাতিষ্কাৰ হৈ উঠে চৌদিশ। চেৰীফুলৰ গছবোৰত প্ৰথমে থোপা থোপিকৈ চেৰীফুলবোৰে ভিৰ কৰেহি, দুই তিনিসপ্তাহমান থকাৰ পিছত ফুলবোৰ সৰি পৰে আৰু তাত পাতবোৰে ভূমুকি মাৰেহি। চেৰীফুলবোৰ সাধাৰনতে বগা আৰু কোমল গোলাপী ৰঙৰ হয়। থোপাথোপিকৈ ফুলা এই চেৰীফুলবোৰ দেখিলে আমাৰ কপৌফুল পাহিলৈ মনত পৰে।  আমাৰ কপৌফুলৰ পাতল গোলাপী ৰং আৰু বগা ৰঙৰ ক’ৰবাত যেন মিল আছে চেৰীফুলপাহৰ। মেগনলীয়া যেন মোৰ উশাহৰ ফুল। ইমানযে ধুনীয়া গোন্ধ এই ফুলৰ! প্ৰথমবাৰ এই ফুলৰ গোন্ধ পাঁওতে অনুভৱ কৰিছিলোঁ ক’ৰবাত যেন মিল আছে এই গোন্ধৰ। হয়তো আমাৰ তগৰজোপাৰ লগত নহ’লেবা গুলঞ্চ ফুলৰ সুগন্ধিৰ লগত। গুলঞ্চ ফুলৰ পাহিৰ লগত মিল আছে মেগনলিয়াৰ পাহিৰ, খুউব কোমল মেগনলিয়াৰ পাপৰিবোৰ। দেখাত আমাৰ জবাফুলপাহৰ সমান ডাঙৰ। মেগনলীয়াৰ গোন্ধ বহু দূৰৰ পৰাই পোৱা যায়।

চেৰীফুলৰ গছবোৰ জোপোহা আকৃতিৰ হয়। ডালবোৰত ফুলবোৰ ইমান বেছিকৈ ফুলে যে ফুলৰ ভৰত দোঁ খাই ডালবোৰে মাটি চোৱেগৈ। দূৰৰ পৰা চেৰীফুলৰ গছবোৰ দেখিলে বগা বা গোলাপী ৰঙৰ ছাটি এটা মেলি থোৱাৰ দৰে লাগে। চেৰীফুলৰ গছবোৰ শাৰী শাৰীকৈ ৰোৱা হয়। ভৰি ভৰি ফুলি থকা চেৰীফুলবোৰে ৰাস্তাৰ দুয়োকাষে থাকি তোৰণৰ দৰে সৃষ্টি কৰে। সপোনত দেখাৰ দৰে ফুলৰ পাপৰিবোৰ ৰাস্তাত পৰি থাকে। অনুভৱ হয় কোনোবাই যেন শুভ্ৰ দলিচা এখনহে পাৰি থৈছে।

ৱাচিংটন ডি চি আৰু ব্ৰাঞ্চ ব্ৰক পার্কৰ চেৰী ব্লজম:

চেৰীফুলৰ গছ জাপানৰ পৰা প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিছিল ১৯১২ চনত। বন্ধুত্বৰ চিনস্বৰূপে  আমেৰিকা যুক্তৰাষ্ট্ৰক জাপানে উপহাৰ দিছিল ৩০২০ জোপা চেৰী ফুলৰ পুলি। ১৯১২ চনৰ মার্চৰ ২৭ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি প্ৰেচিডেন্ট  উইলিয়াম টেফ্টৰ পত্নী লেডী হেলেন টেফ্ট (Helen Taft)  আৰু ভিচকনটেচ চিনডা (The Viscountess Chinda)  ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাচিংটন ডি চিৰ পট’মেক নদীৰ (Potomac River)  উত্তৰ পাৰৰ টাইডেল বেচিনৰ পাৰত প্ৰথম দুটি চেৰীফুলৰ পুলি ৰুইছিল। আজিও এই দুটি পুলি সগৌৰৱে সেই ঠাইত উজলি আছে। ভিচকনটেচ চিনডা আছিল সেইসময়ৰ জাপানীজ এম্বেচাদৰৰ পত্নী।

ৱাচিংটন ডি চি ৰ চেৰী ব্লজম চাবলৈ আমিও গৈছিলোঁ তিনিবাৰ মান। সাধাৰণতে পট’মেক পার্কৰ পূব আৰু পশ্চিম অংশত আৰু ৱাচিংটন মনুমেণ্টৰ কাষৰ ঘাঁহনিত চেৰীফুলৰ গছবোৰ বেছিকৈ ফুলে। টাইডেল বেচিনৰ ফালে হাউলি পৰা চেৰীফুলৰ সেই বর্ণময় শোভা কিযে মোহনীয় সেইয়া নেদেখিলে বুজা নাযায়। আমি যাওঁতে গছৰ পৰা সৰি, কোমল কোমল চেৰীফুলৰ পাহিবোৰ পানীত ওপঙি  আছিল। ফুলৰ পাপৰিবোৰে নদীৰ পানীৰ নীলা ৰঙৰ চাদৰখনত যেন বুটাহে বাচি দিছিল। বহুলোকে পানীত নৌকাবিহাৰ কৰি আছিল। আকৌ আবেলিৰ তেজৰঙা বেলি প্ৰতিফলিত হৈছিল সেই পানীত আৰু তেজৰঙী পানীৰ মাজত শাৰী শাৰীকৈ প্ৰতিফলিত হৈছিল চেৰীফুলৰ গছবোৰ। এতিয়াও দুচকু মুদিলেই সেই দৃশ্য মোৰ চকুৰ আগত ভাঁহি উঠে। চেৰী ব্লজম চাবৰ বাবে আগতীয়াকৈ প্লেনিং কৰি যাব লাগে।  ইণ্টাৰনেটত বছৰৰ কোনটো সময়ত সকলোতকৈ বেছি ফুল ফুলে সেইয়া চাই লব লাগে। ফোন কৰিও খবৰ লব পাৰি। সঠিক সময়ত নগ’লে হতাশ হোৱাৰ সম্ভাৱনাই অধিক। চেৰী ব্লজমৰ লগত সংগতি ৰাখি ৱাচিংটন ডি চি ত ঠায়ে ঠায়ে গীত বা নৃত্যৰ অনুষ্ঠানো হয়। সেইয়া বৰ আকর্ষণীয় হয়।

ৱাচিংটন ডি চি ৰ চেৰী ব্লজম এবাৰ আমি ৰাতিও চাইছিলোঁ। সেইদিনা আকাশৰ জোনটো টাইডেল বেচিনৰ পানীত ডুবি আছিল। কোমল পোহৰত ফুলৰ পাপৰিবোৰ জিলিকি আছিল। মনত পৰে এটা কথা,  খুউব বয়সীয়া এহাল দম্পতী বহি আছিল পট’মেক পার্কৰ বেঞ্চত। তেওঁলোকৰ কাষত আছিল চেৰীফুলৰ গছ। তেওঁলোকৰ সমুখত, টাইডেল বেচিনৰ সিটো পাৰে জোনাকৰ পোহৰত মুকুটাৰ দৰে জিলমিলাই আছিল লিংকন মেমৰিয়েল। হয়তো দুয়ো কথা পাতিছিল পাৰ হৈ যোৱা দিনবোৰৰ নহ’লেবা আহিবলগা সময়ৰ। হয়তো দুয়ো প্ৰকৃতিৰ সেই অনুপম সৌন্দৰ্য্যৰ মাজত নিজকে বিলীন কৰি দিছিল। সেই জোনাক ৰাতি মোৰ দুচকুত  কোনোবাই যেন এখন পেইণ্টিংহে আঁকি দিছিল। সঁচাই পৃথিৱীখন যে ইমান সুন্দৰ!

নিউজার্চিৰ ব্ৰাঞ্চ ব্ৰক(Branch Brook) পার্কতো খুউব ধুনীয়া চেৰী ব্লজম দেখা যায়। আমি থকা ঠাইৰ পৰা বেছি দূৰ নহয় বাবে আমি প্ৰতিবছৰেই এই পার্কখনলৈ যাও।পার্কত গীত মাতৰ অনুষ্ঠানো হয়।  আমাৰ অসমত পূজাত মেলা বহাৰ দৰে চেৰী ব্লজমটো মেলা বহে। বিভিন্ন ধৰনৰ খাদ্য সম্ভাৰ আৰু অন্যান্য সামগ্ৰীৰে উপচি থাকে এই মেলা।  আনন্দত আত্মহাৰা হৈ সকলোৱে উপভোগ কৰে চেৰী ব্লজম। এই পার্কখনৰ এটি ৰাস্তা আছে যিটো মোৰ খুউব প্ৰিয়। সেই বিশেষ ৰাস্তাটোত ৰাস্তাৰ দুয়োকাষে থকা চেৰীফুলবোৰে দোঁ খাই খাই তোৰণৰ দৰে সৃষ্টি কৰে আৰু পোন হৈ থকা ৰাস্তাটো হঠাত বেঁকা হৈ শেষ হৈ পৰে। গোটেই ৰাস্তাটোতেই চেৰীফুলৰ পাপৰিবোৰে দলিচা পাৰি ৰাখে। ৰাস্তাৰ দাঁতিত পাৰি থোৱা লোহাৰ বেঞ্চত বহি পৰ্য্যটকে  উপভোগ কৰে চেৰী ফুলৰ সৌন্দৰ্য্য।  আকৌ ব্ৰাঞ্চ ব্ৰকটোৰ ওপৰত থকা সৰু দলংখন চেৰীফুলবোৰে আগুৰি ধৰি কেনে যে মোহনীয় দৃশ্য সৃষ্টি কৰে! কেৱল চেৰী ফুলেই নহয়, পার্কৰ সমুখ অংশৰ ডেফ’ডেল, লিলি, ডেইজী, পপিফুলবোৰো খুউব আকর্ষণীয়।

সঁচাই বসন্ত খুবেই সুন্দৰ। পৃথিৱীৰ প্ৰতিটো কোণেই বসন্তত প্ৰাণ পাই উঠে। জী উঠে মানুহৰ মন। জী উঠে জীৱন। জীপাল হৈ পৰা সেউজী ধৰাত, আমোলমোলাই ফুলি থকা ফুলবোৰ দেখিলে মোৰ খুউব মনত পৰে বৈকুন্ঠ নাথ গগৈদেৱৰ এটি গীতলৈ

ফুল ফুলক ৰ’দৰে ফুল হৃদয় সেউজী ধৰা

ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত

নাহৰ পাতত মেঘৰ ছাঁয়াই নাচক আজি

মন আকাশত ডাৱৰৰে ফুল ফুলক আজি

প্ৰজাপতি মেলা পোহৰ পাখি মুগ্ধ হিয়াত

ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত…

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!