ৰঙালী বিহু : এটি টোকা (বিশ্বজিৎ সূত্ৰধাৰ)

ৰঙালী বিহু : এটি টোকা

বিশ্বজিৎ সূত্ৰধাৰ

ৰঙালী বিহু অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ৷ এই উৎসৱটোৰ লগত অসমৰ অন্য প্ৰায়বোৰ উৎসৱৰ এটা মূল পাৰ্থক্য হ’ল, এই উৎসৱটোৰ মাজত থকা ধৰ্মনিৰপেক্ষ চৰিত্ৰ অন্য প্ৰায়বোৰ উৎসৱত দেখা নাযায়৷ যদিও ৰঙালী বিহুৰ আজিৰ ৰূপটোৰ উৎস মূলতঃ উজনি অসমৰ লোক পৰম্পৰা, তথাপিও আজি কিন্তু অসমৰ প্ৰায়খিনি অঞ্চলতে এই বিহুটি সাৰ্বজনীন ৰূপত পালন কৰাৰ প্ৰৱণতা এটি গঢ়ি উঠিছে৷
আগাৰি নামনি অসমৰ ব’হাগ বিহুৰ ৰূপ উজনি অসমতকৈ  বহুখিনি বেলেগধৰণৰ আছিল৷ নামনি অসমত কোনোকালে বিহুৰ নামত ডেকা-গাভৰুৱে যৌৱন-উদ্দীপক নাচ-গান কৰাৰ পৰম্পৰাটো নাছিল৷ তাৰ পৰিবৰ্তে নামনি অসমৰ অঞ্চল বিশেষে নিজ নিজ পৰম্পৰাৰে বিহু পালন কৰা হৈছিল৷ উদাহৰণ স্বৰূপে বৰপেটাৰ দৰে সত্ৰৰ প্ৰভাৱ থকা ঠাইত বিহু আছিল সত্ৰীয়া পৰম্পৰাত পালন কৰা এটি উৎসৱ৷  বৰপেটাত বিহু উপলক্ষ্যে যিবোৰ আচাৰ-ৰীতি পালন কৰা হৈছিল তাৰে যিখিনি লোকাচাৰ সেইখিনিক বাদ দি বাকী সকলোখিনিয়ে কিন্তু পৰিশীলিত ৰূপৰ সত্ৰীয়া পৰম্পৰাহে আছিল৷ আকৌ নামনি অসমৰ গোৱালপাৰা অঞ্চলত বিহুক বিষুৱা বুলিহে জনা গৈছিল৷  গোৱালপাৰা জিলাৰ এই বিষুৱা উৎসৱটোতো কিছু স্বকীয় বৈশিষ্ট্য আছিল আৰু এই উৎসৱটিতো উজনি অসমৰ বিহু-পৰম্পৰাৰ কোনো ছাপ নাছিল৷
যদিও উজনি অসমৰ বিহু পৰম্পৰাক আমি ধৰ্ম নিৰপেক্ষ বুলি ক’ব পাৰো, তথাপিও  কিন্তু এই বিহুৰ আচাৰ-নীতিৰ মাজত হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰভাৱ বহু পৰিমাণে আছিল৷ তাৰ অৰ্থ  কিন্তু এইটো নাছিল যে অসমীয়া মুছলমান সকলে বিহুত নিজস্ব ধৰণে কিছু নিয়ম-নীতি পালন কৰা নাছিল৷  অসমীয়া মুছলমানসকলৰ মাজতো বিহুৰ সময়ত পালনীয় কিছুমান আচাৰ-ব্যৱহাৰ আমি দেখিবলৈ পাওঁ৷ কিন্তু উজনি অসমৰ থলুৱা মুছলমানসকলে (যিসকল বাংলাদেশী মূলৰ মুছলমান নহয়) নৃত্য-গীতৰ পৰম্পৰাৰেই বিহু  পালন কৰে ৷  অৱশ্যে বাংলাদেশী মূলৰ মুছলমানসকলৰ মাজত বিহু পালনৰ পৰম্পৰা স্বাভাৱিকতে নাই৷  কাৰণ তেওঁলোকে অসমলৈ তেতিয়া আহিছে যেতিয়া বিহুৱে তাৰ স্বাভাৱিক ৰূপ হেৰুৱাই মঞ্চ বিহুলৈ ৰূপান্তৰিত হৈছে৷ স্বাভাৱিকতে লোক পৰম্পৰাই যিদৰে অন্য সংস্কৃতিৰ লগত সংষিত হয় সিদৰে অভিজাত সংস্কৃতি অথবা কৃত্ৰিম হৈ পৰা সংস্কৃতিয়ে অন্য এটা সংস্কৃতিৰ লগত সংষিত নহয়৷ গতিকে এক লোক পৰম্পৰা হিচাপে বিহুৱে এটা সময়ত  নতুনকৈ অসমলৈ অহা কোনো এটা  জনগোষ্ঠীৰ  শিপাডাল স্পৰ্শ কৰিব পাৰিছিল, তাৰ বিপৰীতে আধুনিক ৰূপৰ মঞ্চ বিহুৱে সেই গুণটো হেৰুৱাই পেলাইছে৷ এতিয়া অসমৰ বাংলাদেশী মূলৰ মুছলমানসকলে ছেগাচোৰোকাকৈ ক’ৰবাত মঞ্চ বিহু পাতিলেও সেই মঞ্চ বিহু ৰং-ধেমালি কৰাৰ উদ্দেশ্যে পতা বিহুৰ  বাহিৰে সেই সম্প্ৰদায়ৰ মূলক স্পৰ্শ কৰিব পৰা বিধৰ সংস্কৃতি হ’ব নোৱাৰে৷
অসমৰ বাংলাদেশী মূলৰ মুছলমানসকলৰ বাহিৰে প্ৰায় সকলো জনগোষ্ঠীৰ মাজতেই বিহুৰ পৰম্পৰা আছে  বুলি ক’ব পাৰো৷ অৱশ্যে বিহু পালনৰ জনগোষ্ঠীয় পৰম্পৰাবোৰৰ মাজত বহুখিনি অমিল দেখা যায়৷ কিন্তু ৰঙালী বিহুত পৰস্পৰে পৰস্পৰক শ্ৰদ্ধা নিবেদন কৰা, পাৰিলে নিজৰ আপোনজনক এদুখুৰি ন-কাপোৰ দিয়া, কিছু ৰং-ধেমালি কৰা, ভালদৰে এসাজ খোৱাৰ পৰম্পৰা অসমৰ প্ৰায় সকলো সম্প্ৰদায়ৰ মাজতেই আছে৷
কোনো এখন ঠাইৰ ঋতুকালীন উৎসৱবোৰ সাধাৰণতে সকলো সম্প্ৰদায়ৰে সমভাবাপন্ন উৎসৱ হৈ পৰে৷ উদাহৰণ হিচাপে অসমৰ প্ৰায়বোৰ সম্প্ৰদায়ৰ মাজতেই কিছু ভিন্ন ভিন্ন ধৰণে  বসন্ত উৎসৱ পালন কৰা হয়৷ তাৰভিতৰত উজনি অসমৰ মূলত অসমীয়া ভাষী নাইবা মূল অসমীয়া ভাষীৰ দ্বাৰা প্ৰভাবাতি জনগোষ্ঠীসমূহ যেনে দেউৰী, মিছিং, সোণোৱাল কছাৰি, মৰান, মটক, দেউৰী আদিৰ মাজত সমৰূপৰ বিহু উৎসৱ পালনৰ পৰম্পৰা আছিল৷ এই বিহুৰ ৰূপটি মূলত আছিল ডেকা-গাভৰুৰ নাচ-গানেৰে চঞ্চল, হাঁহি-আনন্দৰ বতৰা বিলোৱাৰ হাবিয়াসেৰে মূখৰিত৷ ব’হাগ মাহত যেতিয়া প্ৰকৃতি ভৰযৌৱনা হৈ পৰে, কুলি-কেতেকীৰ মাতে আকাশ কঁপাই তোলে, বৰদৈচিলাজনীয়ে হিলদল ভাঙি পাৰ হৈ যায়- আপোন মাটিৰ এই উদ্বীপক পৰিৱেশে অসমৰ মানুহৰ মনবোৰো ভৰাই তোলে৷ তেনে পৰিৱেশত ডেকা-গাভৰুৰ মনত যৌৱনৰ ধুমুহা নবলাৰ কোনো কাৰণেই থাকিব নোৱাৰে৷ নিজান পথাৰত চফল ডেকাৰ পেঁপাৰ মাত শুনি ঘৰৰ গাভৰুজনীৰ মন চঞ্চল হৈ পৰাটো স্বাভাৱিক৷ সেই আনন্দতে ডেকাটিৰ লগত  পথৰুৱা পৰিৱেশত এপাক নাচ-গান কৰাৰ বাবে তাই ব্যাকুল হৈ পৰে৷ বিহুৰ এই ৰূপটো এসময়ত বৰ পৰিচিত আছিল অসমত, বিশেষকৈ উজনি অসমত৷ কিন্তু মূলত লোক-সমাজতহে, তথাকথিত শিষ্ট সমাজত নহয়৷
বিহুৰ এনে ৰূপৰ মাজত যদিও কিছু আপত্তিজনক বস্তু আছে বুলি কোৱাৰ অৱকাশ আছে আৰু উনৈশ শতিকাৰ অসমৰ বিদ্বৎ সমাজৰ একাংশই বিহুৰ এনে দিশক লৈ অতি বেয়াকৈ মন্তব্য দিছিল, তথাপিও কিন্তু আদিম কৃষ্টি হিচাপে বিহুৰ এনে ৰূপত কোনো অস্বাভাৱিকতা নাছিল৷  কাৰণ কৃষিৰ লগত সম্পৃক্ত উৎসৱ এটিত কিছু এনে কথা থাকেই;  তাক আমি অস্বাভাৱিকতা বুলি ক’ব নোৱাৰো৷ প্ৰাচীন উৰ্বৰতামূলক যাদু অনুষ্ঠানত এনে ধৰণৰ যৌন জীৱনৰ লগত সম্পৰ্ক থকা আচাৰ-আচৰণ থকাটো এশ শতাংশই স্বভাৱিক আছিল৷ এষাৰতেই বিহুক আমি তেনে এটি আদিম উৰ্বৰতামূলক অনুষ্ঠানৰ অৱশিষ্ট বুলি ক’ব পাৰো৷ গতিকে বিহুৰ মাজত থকা এনে ধৰণৰ যৌৱনৰ উচ্ছাসপূৰ্ণ নাচ-গানক আমি বহুক্ষেত্ৰত কিছু আপত্তিজনক বুলি ক’ব খুজিলেও তাৰ স্বাভাৱিকতাক মানি ল’বলৈ বাধ্য৷
বিহু মূলতঃ কৃষি উৎসৱ৷ কৃষি উৎসৱ হিচাপে বিহুৱে মানুহৰ মৌলিক প্ৰয়োজনৰ লগত যুক্ত হৈ আছিল৷ গতেকে বিহুত মানুহৰ লোক ধৰ্মৰ প্ৰভাৱ যিমানখিনি আছিল, পৰিশীলীত ধৰ্মমতৰ প্ৰভাৱ সিমানখিনি নাছিল৷  ফলস্বৰূপে বিহুৱে অসমৰ মানুহক ধৰ্মীয় সংকীৰ্ণতাৰ বন্ধনৰ পৰা মুক্ত কৰি এটা সাৰ্বজনীন ভাবাদৰ্শন দিয়াত এটা সময়লৈ সহায়তা কৰিছিল৷ মই এটা সময়লৈ  বুলিহে কৈছো৷  কাৰণ বৰ্তমান সেই ভাবাদৰ্শন সৃষ্টিৰ পৰিৱেশ আমি হেৰুৱাই পেলাইছো৷ তথাপিও এটা কথা ক’ব পাৰি যে তেনে পৰিৱেশ সৃষ্টিৰ বাবে আমি আমাৰ মানসিকতালৈ কিছু পৰিবৰ্তন আনিব লাগিব৷ তেনেদৰে বিহুক সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত আমি অকল উজনীয়া বিহুৰ ৰূপটোকে খামোছ মাৰি ধৰিলে নহ’ব৷ অসমৰ অন্য জনগোষ্ঠীৰ বিহু সম্পৰ্কীয় আচাৰ-নীতিকো কিছু পৰিবৰ্তিত ৰূপত বিহু পালনৰ লগত যুক্ত কৰাৰ চিন্তা কৰিব লাগিব৷ উদাহৰণ হিচাপে আমি যেতিয়া বৰকৈ জাতীয় সাজ-পাৰ, জাতীয় সাহিত্য, জাতীয় সংগীত আদিৰ কথা কওঁ তেতিয়া এটা কেৰোণ আহি পৰে৷ উদাহৰণ হিাচপে অসমৰ মহিলাৰ জাতীয় সাজ-পাৰ কি বুলি সুধিলে আমি চাদৰ-মেখেলাৰ কথাকেই কওঁ৷ কিন্তু কথাটো আমি যদি এষাৰতে মানি ল’ব লাগে তেন্তে বড়োসকলৰ দখনা নামৰ মহিলাৰ সাজযোৰকো আমি চাদৰ-মেখেলা বুলিয়েই ক’ম নেকি? আমি মনত ৰখাৰ প্ৰয়োজন যে অসমৰ জনগোষ্ঠীবোৰৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ভাব দৃঢ় কৰাৰ বাবে জাতীয় সাজ-পাৰৰ দৰে কথাবোৰত  অলপ কম গুৰুত্ব দিয়াটোৱে সমীচিন হ’ব নেকি? জেং বিহুৰ বাকৰিত ৰংবং টেৰাঙক তেওঁ পিন্ধি যোৱা সাজযোৰেৰেই বক্তৃতা দিবলৈ দিয়া হ’লে অসমৰ জাতীয় জীৱনৰ বৰ বেছি ক্ষতি হয়তো নহ’লহেঁতেন৷ ৰংবং টেৰাং মূল সূঁতিৰ অসমীয়া ভাষী নহয়৷ আমি মূল সূঁতিৰ অসমীয়া ভাষীসকলে যিমানেই সকলো জনগোষ্ঠীক ধৰি বৃহৎ অসমীয়া জাতি গঠনৰ কথা নকওঁ কিয় আমাৰ মনস্তত্বত কিন্তু সদায়ে অসমীয়া ভাষী মানেই অসমীয়া ধাৰণাটো ৰৈ আছে৷ তাক সহজে মচি পেলাবও নোৱাৰি৷ গতিকে আমি মূল সুঁতিৰ অসমীয়া ভাষীসকলে যিমানেই নিচিঞৰো কিয় ৰং বং টেৰাঙক কিন্তু আমি এষাৰতে অসমীয়া বুলি নকওঁ বা ক’ব নেখোজো৷ মই ভাবো মই কোৱা এই কথাটো আমি আনুষ্ঠানিকভাৱে ক’বলৈ নোখোজা এটা সঁচা কথা৷ অৰ্থাৎ অসমৰ প্ৰায় সকলোবোৰ মূল সুঁতিৰ অসমীয়া ছাত্ৰনেতা, ৰাজনৈতিক নেতা নাইবা বুদ্ধিজীৱীয়ে বৃহৎ অসমীয়া জাতিৰ কথা কৈ টেঁটু ফালি থাকে, কিন্তু এতিয়াও অসমত এটা সুস্থ, সৱল, সৃষ্টিশীল জাতিগোট (মই জাতি বুলি কোৱা নাই) গঠন কৰাৰ মানসিকতা আমাৰ মাজত গঢ় লৈ উঠা নাই, যিটো জাতি গোটত সকলোবোৰ জনগোষ্ঠীয়ে নিজৰ ভাষা-সংস্কৃতি-সাহিত্যৰ উপযুক্ত স্বীকৃতিৰে জীয়াই থাকিবলৈ সক্ষম হ’ব, সামগ্ৰিকভাৱে পশ্চিমীয়া সম্প্ৰসাৰণবাদ, হিন্দী সম্প্ৰসাৰণবাদ (যিটো এতিয়া আমাৰ বাবে আটাইতকৈ বিপদজনক বস্তু)ৰ বিপদে যিটো জাতি গোটক টেঁটুত চেপি নধৰিব৷ পূৰ্ৱতে হোৱাৰ দৰে নাইবা মই এতিয়া ব্যক্তিগতভাৱে আশা কৰাৰ দৰে নেফামিজ, নাগামিজৰ দৰে অসমীয়া ভাষা সম্ভূত সংযোগী ভাষা(ুন্ধব্ভ ন্দ্ৰব্জুন্তু)ই সকলোবোৰ জনগোষ্ঠীকেই ভাব আদান প্ৰদানৰ সুযোগ প্ৰদান কৰিব৷  এনে ক্ষেত্ৰত কিন্তু মূল অসমীয়া ভাষাটোক অন্য জনগোষ্ঠীবোৰে সম্প্ৰসাৰণবাদী বুলি ক’ব নালাগিব৷
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ অসমৰ জনগোষ্ঠীবোৰৰ অৱদান অপৰিসীম৷  মেদিনী মোহন চৌধুৰী, সীতানাথ ব্ৰহ্মচৌধুৰী, ভৱেন নাৰ্জী, ৰং বং টেৰাঙ, লুম্বেৰ ডাই, নাহেন্দ্ৰ পাদুন, জীৱন নৰহ, উজ্বল পামেগাম, সনন্ত তাঁতী, সমীৰ তাঁতী, কমল কুমাৰ তাঁতী, চিৰঞ্জীৱ জৈন, উপেন ৰাভা হাকাচাম আদিসকলক আমি সকলোৱে ভালকৈ জানো৷ বিষু-জ্যোতিৰ কথা বাৰু নকলোৱেইবা৷ এইসকল লোকে অসমীয়া ভাষালৈ যিখিনি অৱদান দিছে তাক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব লাগিব (এতিয়ালৈ ক’ম সোঁৱৰণ কৰি আছো কিন্তু)৷
ওপৰৰ কথাখিনিৰে মই কি ক’ব খুজিছো পাঠকসকলে নিশ্চয় বুজি পাইছে৷ হয় বিহু উৎসৱটিক আমি এনে চিন্তাৰ বাহক কৰি তোলাৰ সময় সমাগত৷ অৱশ্যে মই মোৰ চিন্তাক এতিয়াও এক ফেণ্টাছি বুলিহে ভাবি ৰলোঁ৷

One thought on “ৰঙালী বিহু : এটি টোকা (বিশ্বজিৎ সূত্ৰধাৰ)

  • March 30, 2015 at 4:49 pm
    Permalink

    পহি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!