ৰঙীণ নাৰিকলৰ লাড়ু (প্রাণজ্যোতি নাথ)

narikol1

 

বিহুৰ বতৰ। উলহ-মালহ যআৰম্ভ হ’লেই। আপোনাসৱো সাজু হৈছে নিশ্চয় নতুন কাপোৰসাজ  পিন্ধি বিবিধ ব্যঞ্জণেৰে অভ্যাগতক আদৰিবৰ বাবে। বিহুৰ পিঠা-পনাৰে সজোৱা প্লেটখনত মোক খা, মোক খা কৈ থকা বগা নাৰিকল লাড়ুটো আমাৰ সকলোৰে চিনাকী আৰু প্ৰিয়। এইবাৰ বিহুত ৰঙীণ নাৰিকলৰ লাড়ুৰ স্বাদ লওঁ আহকচোন।

সামগ্ৰীঃ
নাৰিকল– ১ টা
চেনী– দেৰ কাপ
বিট– ডাঙৰ ১টা

প্ৰণালীঃ
নাৰিকলটো বাকলি গুচাই মিহিকৈ ৰুকি লওঁক। বিটটোৰ আধাকাপ মান ৰস উলিয়াই লওঁক। কেৰাহীত ৰোকা নাৰিকলখিনি লৈ কিছুসময় লৰাই লৰাই ভাজক। একেৰাহে চেনী মিলাই লৰাওঁক। অলপ গোট খাই তেল ওলাবলৈ ধৰিলে হাতেৰে অকনমাণ লৈ টিপ লৈছে নে চাওঁক। টিপ লোৱা যেন দেখিলে নমাই বাচন এটাত লৈ তাত বিটৰ ৰস ৰং অহাকৈ মিলাওঁক। চাব যাতে মাত্ৰ ৰং হে আহে, পনীয়া হৈ নাযায়। এতিয়া হাতেৰে টিপি ঠাণ্ডা হৈ যোৱাৰ আগে আগে গৰমে গৰমে নাৰিকলৰ লাড়ুৰ আকাৰ দিয়ক আৰু বিহুৰ বতৰত আনন্দৰে সজাই আলহীক পৰিৱেশন কৰক। বিটৰ ঠাইত আপুনি গাজৰৰ ৰস, পালেং পাতৰ ৰস আদি প্ৰয়োগ কৰি পাৰ্থক্য মন কৰিবচোন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!