ৰঙীন ৰসগোল্লা–কস্তুৰি শৰ্মা

উপকৰণঃ

গাখীৰ ১ লিটাৰ
ভিনেগাৰ ৪ চামুচ
চেনি ১কাপ
পানী ছয় কাপ
আঙুৰৰ স্কোৱাছ আধাকাপ
ময়দা 2চামুচ

প্ৰণালীঃ

গাখীৰখিনি গৰম কৰি ভিনেগাৰ দি চানা উলিয়াই ললোঁ। ভালদৰে কাপোৰ এখনত চানাখিনি বান্ধি একঘণ্টামানৰ পিছত চানা খিনিৰ লগত ময়দা মিলাই প্ৰায় ৭/৮ মিনিট মঠি ললোঁ। চানা মঠি থাকোঁতে তেল ওলালেই জানিব মঠা হৈছে বুলি।
আনফালে কুকাৰত এক কাপ চেনি আৰু পানী ছয় কাপ দি উতল আহিব দিলোঁ। চেনি পানীৰ লগত মিহলি হৈ ভালকৈ উতল অহাৰ লগে লগে চানাৰ সৰু সৰু বল বনাই কুকাৰত দি গ’লোঁ। আঙুৰৰ চৰবতখিনি দি কুকাৰৰ ঢাকনিৰ হুছেইলটো খুলি ঢাকনি দি বন্ধ কৰি ২০ মিনিট উতলাই দিয়াত হৈ গ’ল ৰঙা ৰসগোল্লা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!